এটি উপন্যাসোপম জীৱনৰ অধিকাৰী জয়মতীৰ লৰা ৰজা

উজ্জ্বল জ্যোতি দাস

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ অমৰ সৃষ্টি, অসমৰ প্রথমখন বোলছবি জয়মতীত লৰাৰজা চৰিত্র ৰূপায়েণেৰে কাললৈ খ্যাতি লভা এজন অভিনেতা আছিল নগাঁও নিৱাসী প্রয়াত নৰেন বৰদলৈ প্রকৃত নাম কিন্তু নৰেন্দ্র নাথ বৰদলৈহে ৷ নিজৰ ৰঙা–বগা ৰং আৰু চুটি–চাপৰ চেহেৰাৰে জ্যোতিপ্রসাদক  সহজে সেই গুৰুত্বপূর্ণ চৰিত্রটিৰ বাবে তেওঁ আকর্ষিত কৰিব পাৰিছিল ৷ আৰু জ্যোতিপ্রসাদেও যেন তেওঁৰ দৰেই লোক এজন চৰিত্রটিৰ বাবে বিচাৰি আছিল ৷ হাতত পৰা ১৪৩খন আবেদনৰ পৰা ৭জনক পৰীক্ষা কৰি নৰেন বৰদলৈকে সেই বিশেষ চৰিত্রটিৰ বাবে জ্যোতিপ্রসাদে অৱশেষত নির্বাচিত কৰিছিল ৷ উত্তম আৰু চৰিত্রৰে সংগতি থকা চেহেৰা এটি কাষতে পাই জ্যোতি পৰম আনন্দিতও হল ৷ বোলছবিখনত সেই চৰিত্রটিত তেওঁক অভিনয় কৰোৱালে ৷

আচলতে সেই সময়ত জ্যোতিপ্রসাদে কাকতত জয়মতীত অভিনয়ৰ বাবে মানুহ বিচাৰি বিজ্ঞাপন দিছিল ৷ আৰু কেনেবাকৈ নৰেন বৰদলৈৰ চকুত সেই বিজ্ঞাপনটি পৰিছিল ৷ সুন্দৰ আখৰেৰে দর্খাস্ত এখন লিখি এদিন চিত্রলেখা মুভিটোনত গৈ জ্যোতিপ্রসাদক তেওঁ লগ ধৰিছিল ৷

অভিনেতা নৰেন বৰদলৈ সঁচা অর্থতে এজন বহুমুখী প্রতিভাৰ লোক আছিল ৷ ১৯১২ চনৰ ১৭ আগষ্টত নগাঁৱৰ হয়বৰগাঁৱত জন্ম গ্রহণ কৰা প্রয়াত বৰদলৈ একেধাৰে আছিল এজন সফল অভিনেতা, সংগীত–নৃত্যশিল্পী, নাট্যকাৰ, সাহিত্যিক আৰু চিত্র সাংবাদিক ৷ প্রজা ছচিয়েলিষ্ট পার্টীৰ লগতো পিছলৈ তেওঁ জডিত হৈছিল ৷ প্রয়াত দেৱনাথ বৰদলৈৰ তেওঁ দ্বিতীয় পুত্র আছিল ৷ নাট্যকাৰ দেৱনাথ বৰদলৈ সম্পর্কত অসমৰ  বিশিষ্ট নাট্যকাৰ প্রয়াত ৰুদ্রৰাম বৰদলৈৰ প্রথম অসমীয়া সামাজিক নাটক বঙাল–বঙালনীৰ স্রষ্টা নাতি ৷

এক উপন্যাসোপম জীৱনৰ অধিকাৰী এইগৰাকী বৰেণ্য লোকৰ জীৱনগাথাই আজিও সকলো শ্রেণীৰ লোককে সহজে আকর্ষিত কৰে ৷ নগাঁৱৰ এটি আঢ্যৱন্ত সংসৃক্তিৱান পৰিয়ালত জন্মগ্রহণ কৰা নৰেন বৰদলৈয়ে বোলছবিৰে জড়িত হোৱাৰ বহুদিনলৈকে এক আড়ম্বৰপূর্ণ জীৱন–যাপনেৰে দিন কটাইছিল ৷ শ্বিলঙত তেওঁ চাউলৰ পাইকাৰী ব্যৱসায়ো কৰিছিল বুলিও জনা যায় ৷ তাত তেওঁ বিবাহপাশতো আবদ্ধ হৈছিল পৰিবাৰৰ নাম আছিল স্বর্ণলতা বৰদলৈ, তেওঁৰ ঘাই ঘৰ আছিল যোৰহাটত ৷ পৰিবাৰৰ অকাল বিয়োগৰ পিছত আৰু ব্যৱসায়তো লাভৰ মুখ নেদেখি নগাঁৱলৈ পুনৰ তেওঁ উলটি আহিল ৷ ইয়াৰ পিছৰখিনি অন্য জীৱন তেওঁ কটালে ৷ পুনৰ বিবাহপাশত আবদ্ধ হৈ নগাঁৱৰ ভেৰভেৰীত তেওঁ এইবাৰ থাকিব ললে ৷  লিখা–মেলা, ৰাজনৈতিক কাম–কাজ আদিৰে অতিকৈ সৰল জীৱন তেওঁ যাপন কৰিলে ৷ পূর্বৰ লাহ–বিলাহ, আমোদ–প্রমোদৰ পৰা এইবাৰ কিন্তু সমূলি তেওঁ আঁতৰি থকাৰ দৰে হল ৷

আমি অলপতে গুৱাহাটীত থকা তেওঁৰ ডাঙৰ ছোৱালীক লগ পাইছিলোঁ ৷ বহুতো কথাই তেওঁলোকৰ মুখৰ পৰা আমি শিল্পীগৰাকীৰ বিষয়ে জানিবলৈ সক্ষম হলোঁ ৷  জয়মতীত অভিনয় কৰা নৰেন বৰদলৈ আৰু মোহিনী ৰাজকুমাৰীৰ পিছৰ জীৱনটোহে বৰ দুখৰ হলগৈ ৷ এক কথাত দুয়োজনেই অৱহেলিত হৈ ৰল ৷ এটি সাক্ষাৎকাৰত সাংবাদিকক নৰেন বৰদলৈয়ে কৈছিল এতিয়া যদি কোনো অনুষ্ঠানে মোক মাতে মই মাত্র এজন বোবা শিল্পী হৈহে তালৈ যাম আৰু মোক চিৰিয়াখানাৰ জন্তু দেখুওৱা দি তেওঁলোকে ৰাইজক দেখুৱাব পাৰিব আৰু কব পাৰিব যে এইজনেই তাহানিৰ জ্যোতিপ্রসাদৰ জয়মতীৰ লৰাৰজা ৷ ইমানেই সমাজত তেওঁ অৱহেলিত হৈ ৰৈছিল ৷ যিজনৰ লগত এটা সময়ত গৱর্নৰ, ৰাজ্যৰ  মুখ্য সচিব, মেজৰ জেনেৰেলৰ দৰে উচ্চপদস্থ লোকৰ সুসম্পর্ক আছিল, তেনে এজন প্রতিভাশালী লোকে জীৱনৰ শেষৰ ফালে আর্থিক সংকটৰ মাজত দিন নিয়াব লগা হোৱাটো অতিকে পৰিতাপৰ কথা ৷

গুৱাহাটীৰ এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলত অধ্যয়ন কৰাৰ পিছত কলিকতালৈ তেওঁ পঢ়িবলৈ গৈছিল ৷ কলিকতাৰ পার্কচার্কাচৰ মডেল স্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত প্রখ্যাত ৰিপন কলেজত নাম লগাইছিল ৷ কিন্তু সেই শিক্ষা তেওঁৰ আধৰুৱা হল ৷ লোকসেৱক হলধৰ ভূঞাৰ আহ্বানত নগাঁৱলৈ আহি অসহযোগ আন্দোলনত ইয়াৰ পিছত তেওঁ জড়িত হৈ পৰে ৷ আন্দোলনত চন্দ্র ফুকন, গোলোক বৰুৱা আদি ব্যক্তিক তেতিয়া তেওঁ বিশেষভাৱে লগ পায় ৷

অসমত চিত্র সাংবাদিকতাৰ বাটকটীয়া বুলি কব পৰা চিত্রকুমাৰ নৰেন বৰদলৈয়ে জ্যোতিপ্রসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱাকে প্রমুখ্য কৰি বহু গুণী–জ্ঞানী লোকৰ সাক্ষাৎকাৰ লৈছে আৰু এই সাক্ষাৎকাৰবোৰ সেইসকল ব্যক্তিক ভালকৈ জনাত প্রভূত সহায়ক হৈছে ৷ লেখাৰ ষ্টাইলো তেওঁৰ অতি সুন্দৰ আছিল ৷ আহকচোন তেনে এটি ৰচনাৰ সোৱাদ লওঁ ভাৰতবর্ষত আজি আৰু সেই নিভাঁজ ভাৰতীয় সভ্যতা নাই ৷  পশ্চিমৰ বৈজ্ঞানিক ক্রিয়া–কলাপৰ আলোড়নত ভাৰতে আজি ন–পুৰণি সন্ধিক্ষণ পৰীক্ষা কৰিছে ৷ পশ্চিমৰ নিতে ন ন বৈজ্ঞানিক আৱিষ্কাৰ এটি দুটিকৈ আহি ভাৰতবর্ষত সোমালহি ৷ এদিন দেখা গল নাটঘৰৰ ৰূপোৱালী পর্দাত ছবিয়ে হাঁহিছে, ছবিয়ে কান্দিছে, ছবিয়ে নৃত্য কৰিছে ৷ চাওঁতে চাওঁতে সেই ছবিয়ে এদিন কথাও কৈ পেলালে ৷ পাহৰণিৰ সোঁতত উটি যোৱা ৰজা, ৰাজ্য, ৰাজকাৰেং সজীৱ হৈ পর্দাত জিলিকি উঠিবলৈ ধৰিলে ৷ ভাৰতৰ প্রত্যেক প্রদেশেই এই ফিল্ম চলচিচত্র শিল্পৰ মাজত সোমাই নিজৰ নিজক কলা–কৌশল, গীত বাদ্য, মূর্তিমন্ত কৰি তুলিলে, লগে লগে অন্ন সংস্থানৰো যোগাৰ হৈ গল ৷ কিন্তু অসমে তেতিয়াও তালৈ কাণ নিদিলে ৷ নৃত্য, কলা, গীতবাদ্য, বুৰঞ্জীহীন, সভ্যতাৰ মুখ নেদেখা জাতিয়ে ফিল্মৰ ছবি চাই ভেবা লাগি চাই থকা দি বিফল গর্বী অসমীয়াই লোকৰ মুখলৈ চাই বহি থাকিল ৷ এনেকুৱা নিৰাশাৰ ঘোৰ অন্ধকাৰৰ মাজতো কিন্তু এজন অসমীয়াই সজাগে সপোন দেখি আছিল ৷ তেওঁ যৌৱনৰ ৰাগ ৰঞ্জিত বিশ্বাসী বুকুৰ পৰা বজ্রধবনিৰে আহ্বান কৰিলে অসমীয়া উঠা–জাগা – সেইজনেই স্বদেশ প্রেমিক ৰূপশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা ৷ সকলো নৈৰাশ্যৰ মূৰত পদাঘাত কৰি বীৰৰ দৰে ওলাই আহি সাধক শিল্পী আগৰৱালাই চিত্রবনৰ সপোন দিঠকত পৰিণত কৰিলে ৷

জয়মতী আৰু জ্যোতিপ্রসাদ সম্পর্কত তেখেতে লেখা এই মূল্যৱান লেখাটি নগাঁৱৰ পৰা প্রকাশিত প্রখ্যাত গণতন্ত্র কাকতত ১৯৬৫ চনৰ ২৬ জানুৱাৰীত প্রকাশ পাইছিল ৷

দেউতাকৰ বিষয়ে জনাই জীয়ৰী দীপ্তি দত্তই বৰদলৈ সিদিনা আমাক প্রসংগক্রমে কৈছিল দেউতাই জ্যোতিপ্রসাদৰ অনুপ্রেৰণা লৈয়ে ১৯৩৬ চনত জোনাকী আমোল অনুষ্ঠানৰ যোগেদি নগাঁও নাট্য মন্দিৰত জ্যোতিপ্রসাদৰ কাৰেঙৰ লিগিৰীত সহঃ অভিনয় কৰিবলৈ সক্ষম হৈছিল ৷  ১৯৩৫ চনত বাগ্মীবৰ নীলমণি ফুকনৰ আশিস লৈ কমলানন্দ ভট্টাচার্য, বৃন্দাবন গোস্বামী আদিৰে লগ লাগি নগাঁও নাট্য মন্দিৰত জোনাকী আমোল নামৰ সাংসৃক্তিক অনুষ্ঠানটি তেওঁ জন্ম দিছিল ৷ বীণাপাণি নাট্য মন্দিৰত এই নাটকখন সফলতাৰে মঞ্চস্থ হওঁতে জ্যোতিপ্রসাদে অভিনন্দন জনাই দেউতালৈ এখন চিঠিও প্রেৰণ কৰিছিল৷ এই কথাই দেউতাক পৰম উৎসাহিত কৰিছিল ।

জীয়ৰী দীপ্তি দত্তয়ো এতিয়া তেওঁ ভাল লিখা–মেলা কৰে একালত অভিনয়–নৃত্যৰে জড়িত হৈছিল বিভিন্ন অনুষ্ঠানৰ লগত ৷ নগাঁও নাট্য মন্দিৰত মঞ্চস্থ হোৱা কাৰেঙৰ লিগিৰীত তেওঁ নগা–লৰাৰ ভাও লৈছিল ৷

জ্যোতিপ্রসাদ আগৰৱালাক ৰূপকোঁৱৰ উপাধি প্রদান কৰিবলৈ লিখা–মেলা কৰা অসমৰ প্রথম লোকজনো আছিল নৰেন বৰদলৈয়ে ৷ জ্যোতিপ্রসাদেও এইগৰাকী বহুমুখী প্রতিভাৰ লোকক চিত্রকুমাৰ উপাধি প্রদান কৰিছিল ৷ নিজৰ বোলছবি প্রতিষ্ঠানৰ প্রচাৰৰ দায়িত্বও নৰেন বৰদলৈক জ্যোতিয়ে দিছিল আৰু তাক সুন্দৰকৈ তেওঁ পালনো কৰিছিল ৷

জীৱনৰ শেষৰ ফালেও মনঃপূত চৰিত্রত অভিনয় কৰাৰ হেঁপাহ পুহি ৰখা বৰদলৈলৈ জ্যোতিপ্রসাদৰ দ্বিতীয়খন বোলছবি ইন্দ্রমালতীৰ বাবেও অভিনয়ৰ প্রস্তাৱ তেওঁলৈ আহিছিল ৷ প্রস্তাৱ আগববাইছিল ডঃ ভূপেন হাজৰিকায়ো ৷ ব্যক্তিগত অসুবিধাৰ বাবেই তেওঁ জড়িত হব নোৱাৰিলে ৷

১৯৯৪ চনত এইগৰাকী বহুমুখী প্রতিভাই সকলোকে কন্দুৱাই ইহসংসাৰৰ পৰা চিৰদিনলৈ মেলানি মাগে ৷

ফোনঃ  ৯৮৬৪৪-৩৪২৭৪

You might also like
Leave A Reply

Your email address will not be published.