সিদ্ধার্থ

মাণিক পাল

প্রাচীন চীনা দার্শনিক লাওৎসেই কৈছিল যি মানুহে আনক জানে, তেওঁ বুদ্ধিমান, যি মানুহে নিজক জানে তেওঁ প্রজ্ঞাৱান ৷ লাওৎসেৰ এই কথাষাৰ হুবহুভাৱে প্রতিফলিত হৈছে প্রসিদ্ধ জার্মান লেখক হাৰমান হেছৰ জনপ্রিয় উপন্যাস সিদ্ধার্থৰ মূল চৰিত্র সিদ্ধার্থৰ জীৱনত ৷ যাৰ বাবে তেওঁ নিজেই নিজৰ জীৱন জীয়াৰ পদ্ধতি বাৰে বাৰে সলনি কৰিছে ৷

হাৰমান হেছই এই উপন্যাসখন গৌতম বুদ্ধৰ প্রাৰম্ভিক জীৱনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰিছিল ৷ এই উপন্যাসখন তেওঁ প্রথম বিশ্বযুদ্ধৰ আগতে কৰা শ্রীলংকা আৰু ইণ্ডোনেছিয়াৰ ভ্রমণৰ পৰা অনুপ্রাণিত হৈ লিখিছিল ৷ আচলতে তেওঁ দক্ষিণ এছিয়াৰ আধ্যাত্মিক আৰু ধর্মীয় পৰম্পৰাৰ দ্বাৰা ইমানেই প্রভাৱিত হয় যে উপন্যাসখন ৰচনা কৰি সেই আধ্যাত্মিকতাক হূদয়ংগম কৰিবলৈ চেষ্টা কৰে ৷ এই উপন্যাসখনৰ মূল চৰিত্র সিদ্ধার্থৰ জৰিয়তে লেখকে মানুহৰ জীৱনৰ প্রতিটো দৃষ্টিকোণক চালি–জাৰি চোৱাৰ সুযোগ কৰি দিছে ৷ অর্থাৎ সিদ্ধার্থৰ জৰিয়তে আপুনি আপোনাৰ জীৱনক আধ্যাত্মিক, সাংসাৰিক, ব্যৱসায়িক, সাধাৰণ আৰু সাত্ত্বিক দৃষ্টিকোণেৰে বিচাৰ কৰি আত্ম–উপলব্ধি কৰিব পাৰিব ৷ সিদ্ধার্থ শব্দটোৱে সৃষ্টি হৈছে সংসৃক্ত শব্দ সিদ্ধ আৰু অর্থ লগলাগি ৷ সিদ্ধ শব্দৰ অর্থ হল অর্জিত আৰু অর্থ শব্দৰ অর্থ হল যি অর্থ আপুনি বিচাৰি পাইছে ৷ অর্থাৎ সিদ্ধার্থ মানেহ হল যিজন ব্যক্তিয়ে জীৱনৰ অর্থ বিচাৰি পাইছে ৷ গতিকে এই উপন্যাসখনে আপোনাক আত্ম–উপলব্ধিৰ জৰিয়তে জীৱনৰ অর্থৰ সন্ধান কৰাত সহায় কৰিব ৷

হাৰমান হেছ হল কুৰি শতিকাৰ বিশ্বপ্রসিদ্ধ জার্মান লেখক ৷ তেওঁৰ জন্ম হৈছিল ১৮৭৭ চনৰ ২ জুলাইত জার্মানীৰ কালফৰ ব্লেক ফৰেষ্ট চহৰত ৷ তেওঁৰ দেউতাক আৰু ককাদেউতাক আছিল প্রটেষ্টাণ্ট মিছনেৰী ৷ সেয়ে তেওঁৰ শিশু আৰু কিশোৰ বয়সৰ পঢ়া –শুনা ধর্মীয় বিদ্যালয়ত সম্পন্ন হৈছিল ৷ ওঠৰ বছৰ বয়সত লিখা–পঢ়া সামৰি, কিতাপ–বিক্রেতা ৰূপে নিযুক্ত হৈ ছুইজাৰলেণ্ডৰ বেছেললৈ গুচি আহে আৰু জীৱনৰ বাকীছোৱা কাল ছুহজাৰলেণ্ডতে বসবাস কৰে ৷ তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল কবিতাৰ জৰিয়তে ৷ তেওঁৰ প্রথম প্রকাশিত গ্রন্থখন আছিল এখন স্ব–ৰচিত কবিতাৰ সংকলন ৷ ইয়াৰ পিছত তেওঁ উপন্যাস লিখিবলৈ আৰম্ভ কৰে ৷  তেওঁৰ জনপ্রিয় উপন্যাসবোৰ হল Beneath the Wheel (1906), Gertrud (1910), Steppenwolf (1927) আৰু Narcissus and Goldmund (1930) ৷  ১৯৪৬ চনত তেওঁ সাহিত্যৰ সর্বোচ্চ সন্মান নবেল বঁটা লাভ কৰিছিল ৷ তেওঁ ১৯৬২ চনৰ আগষ্ট মাহত ছুইজাৰলেণ্ডত শেষ নিশ্বাস ত্যাগ কৰে ৷

সিদ্ধার্থ আছিল এজন বুদ্ধিমান আৰু জ্ঞানপিপাসু ব্রাহ্মণ তনয় ৷ এদিন হঠাৎ সিদ্ধার্থই বাস্তৱতা আৰু তাক শিকাই থকা বস্তুবোৰৰ মাজত দ্বন্দ্ব উপলব্ধি কৰে ৷ তাৰ মনক কিছুমান প্রশ্নই বিহ্বল কৰি তোলে ৷ সেই প্রশ্নবোৰ হল স্নান কৰিলে জানো সকলো পাপ পানীত ধোৱা যায় পানীতো পানীয়েই ৷ পানীয়ে কেনেকৈ অশান্ত হূদয়ত পৰিৱর্তন আনিব দেৱতাসকলৰ উদ্দেশ্য আহুতি দিয়া বা প্রার্থনা কৰা খুবেই ভাল কিন্তু সেয়াই জানো শেষ কথা দেৱতাসকলক কিবা উছর্গা কৰিলেই জানো মানুহ সুখী হব পাৰে দেৱতাসকলৰ পৰিচয়েই বা কি প্রজাপতি ব্রহ্মা জানো সঁচাকৈয়ে এই বিশ্বসংসাৰৰ সৃষ্টিকর্তা, নে আত্মা যাক দেৱতা বুলি কওঁ তেওঁলোকৰ চেহেৰাও জানো আমাৰ দৰে, মানে মৰণশীলসকলৰ দৰে ক্ষণস্থায়ী যদি সেয়াই হয় তেন্তে তেওঁলোকৰ উদ্দেশ্যে আমি যি উছর্গা কৰোঁ সেয়া জানো যুক্তিসংগত, নে মংগলদায়ক, নে উচিত সেয়া যদি সঠিক নহয়, তেন্তে জানো মানুহে আত্মাৰ উদ্দেশ্যে আহুতি দিব, আৰু তাৰেই ধ্যান কৰিব আত্মাৰ দর্শন কেনেদৰে পোৱা যাব, সি থাকেইবা কত, আৰু তাক কেনেদৰে অনুভৱ কৰা যায় পণ্ডিতসকলে কৈছে নিজৰ বুকুৰ মাজত, হূদয়ৰ স্পন্দনৰ মাজত, অন্তৰৰ গভীৰত, নিজৰ চিৰন্তন সত্তাৰ মাজত হেনো তাক পোৱা যায় ৷ এই সত্তা, কিম্বা অন্তৰৰ গভীৰত প্রদেশ ঠিক কত সি কি মজ্জা, হাড়, চিন্তা, নে চেতনা তেনেহলে কি তাক বিচৰাৰ কোনো বিকল্প পথ আছে কোনেও সেই পথ দেখুওৱা নাই, সেই পথৰ কথা কোনেও নাজানে ৷ তেওঁৰ দেউতাক, তেওঁৰ শিক্ষকসকল, প্রাজ্ঞ ব্যক্তিসকল, আনকি, পৱিত্র ওঁ আৰু সংগীতেও সেই পথৰ ইংগিত তেওঁক দিয়া নাই ৷ ব্রাহ্মণ সম্প্রদায়ে আত্মাৰ কথা জানে বুলিয়েই তেওঁলোকৰ পৱিত্র পুথিসমূহত আত্মাৰ উল্লেখ আছে ৷ বিশ্ব সংসাৰৰ সৃষ্টি, ভাব প্রকাশৰ উৎপত্তি, খাদ্য, শ্বাস–প্রশ্বাস, মানৱ শৰীৰত অনুভূতিৰ বিন্যাস আৰু দেৱতাসকলৰ কার্যাৱলী সম্বন্ধে যদি জ্ঞান নাথাকে, তেনেহলে লঘু বিষয়ৰ জ্ঞানৰ পৰা কি লাভ

উপৰিউক্ত প্রশ্নবোৰৰ উত্তৰ বিচাৰি সিদ্ধার্থই এদিন হঠাৎ নিজৰ প্রিয় বন্ধু  গোবিন্দৰ সৈতে সন্ন্যাসীৰ জীৱন গ্রহণ কৰে আৰু এহ সন্ন্যাসীৰ জীৱনৰ পৰাই তেওঁ চিন্তা কৰিব পৰা, উপবাস কৰিব পৰা আৰু অপেক্ষা কৰিব পৰা, ধ্যান কৰিব পৰা গুণ আয়ত্ত কৰে ৷ তাৰ পিছত দুই বন্ধুৱে মহর্ষি গৌতমৰ বাণীৰ অর্থ বোধগম্য হয়৷ বন্ধু গোবিন্দ যদিও গৌতমৰ বাণীৰ দ্বাৰা প্রভাৱিত হৈ তেওঁৰ শিষ্যতা গ্রহণ কৰে ৷ কিন্তু গৌতমৰ বাণীয়ে সিদ্ধার্থৰ জ্ঞানৰ পিপাসুক সন্তুষ্ট কৰিব নোৱাৰে ৷ সেয়ে তেওঁ সাংসাৰিক জীৱনত প্রৱেশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ জ্ঞান আৰু মহাবিশ্বৰ একতাক অভিন্ন বুলি ভাবি মহর্ষি গৌতমে প্রদর্শিত পথ আৰু সম্যক জ্ঞান ত্যাগ কৰি ৰমণী কমলাৰ প্রেমত পৰে আৰু ভালপোৱাৰ পাঠ শিকে ৷ কমলাৰ লগত সাংসাৰিক জীৱনৰ বিলাসিতা ভোগ কৰাৰ বাবে সিদ্ধার্থহ কামস্বামী নামৰ সদাগৰৰ পৰা টকা উপার্জনৰ কৌশল শিকে আৰু টকা উপার্জন কৰি বিভিন্ন ধৰণৰ পাপজর্জৰ কাম যেনে জুৱা খেলা, মদ খোৱা আদি কামত লিপ্ত হয় ৷ বছৰৰ পিছত বছৰ ধৰি সাংসাৰিক জীৱনৰ মায়াজালত বন্দী হৈ থকাৰ পিছত সিদ্ধার্থৰ হন্দ্রিয় সজাগ হল আৰু চিন্তাৰ জগতৰ পৰা তেওঁ লাহে লাহে আঁতৰি আহে ৷

সাংসাৰিক জীৱনত আবদ্ধ হৈ সিদ্ধার্থহ ধ্যান কৰাৰ ক্ষমতা হেৰুৱাহ পেলায় আৰু সমস্ত বস্তুৰ অভিন্নতাত বিস্মৃত হয়৷ সঠিক পথৰ পৰা ধীৰ গতিত আঁতৰি আহি তেওঁ বয়স্ক্ মানুহৰ পৰা শিশু, চিন্তাশীল ব্যক্তিৰ পৰা সাধাৰণ এজন হন্দ্রিয়–সর্বস্ব মানুহ ৷ পিছে এই পথেৰে খোজ কাঢ়োতে কাঢ়োতে তেওঁৰ মনৰ ভিতৰৰ চৰাইটি একেবাৰে মৰি যোৱা নাছিল ৷ কি নাছিল এই সাংসাৰিক জীৱনত নির্বুদ্ধিতা, দুর্বলতা, বিচ্যুতি, হতাশ, দুখ সকলো আছিল ৷ এই জীৱন পথত তেওঁ হতাশাৰ স্বাদ পাইছে, আৱেগৰ গভীৰতম তলদেশত ডুব মাৰিছে, আত্মহননৰ কথা চিন্তা কৰিছে ৷ তাৰ পিছত তেওঁ নদীৰ সান্নিধ্যত অনুভৱ কৰিছে ওমৰ মহত্ত্ব আৰু উপভোগ কৰিছে নাৱৰীয়াৰ এক সৰল আৰু সাধাৰণ জীৱন ৷ যি সাধাৰণ জীৱনৰ দ্বাৰা তেওঁ সাংসাৰিক জীৱনৰ বিধবংসী, ঘৃণনীয় আৰু অন্তঃসাৰশূন্যৰ অৱসান ঘটাব পাৰিছে ৷ ইয়াৰ পিছতো তেওঁ আকৌ এবাৰ পুত্র স্নেহত পৰি সাংসাৰিক জীৱনত প্রৱেশ কৰিব বিচাৰে যদিও নদী আৰু তেওঁৰ নাৱৰীয়া বন্ধু বাসুদেৱৰ সান্নিধ্যত পুনৰ উভতি আহে সাধাৰণ নাৱৰীয়া জীৱনলৈ ৷ অৱশেষত তেওঁ নদীৰ সান্নিধ্যতে লাভ কৰে জীৱনৰ আটাহতকৈ মূল্যৱান বস্তুটো , যিটো বস্তুৰ সন্ধান তেওঁ বাল্যকালৰ পৰাই কৰিছিল ৷

নদীয়ে যে কাৰোবাৰ জীৱনক প্রভাৱিত কৰিব পাৰে, সেই  কথা আমাৰ দৰে সাধাৰণ মানুহবোৰে নুবুজিয়েও হাৰমান হেছৰ সিদ্ধার্থই কিন্তু বাৰুকৈয়ে বুজিছিল ৷ নদীয়ে কেৱল সিদ্ধার্থৰ জীৱনকে প্রভাৱিত কৰা নাছিল বৰং জীৱনৰ প্রাৰম্ভিক অৱস্থাত মনৰ ভিতৰত উদয় হোৱা সকলো প্রশ্নৰ উত্তৰো প্রদান কৰিছিল ৷ সিদ্ধার্থৰ জীৱনত নদীৰ ভূমিকাক বর্ণনা কৰি লেখকে লিখিছে তুলাক পানীৰ মাজত ডুবাই দিলে যেনেকৈ চাৰিওফালৰ পৰা পানী শুহি লয়, তেনেদৰেই সংসাৰৰ জালত সোমাই পৰি চাৰিওপাশৰ পৰা তেওঁ যি শুহি লৈছিল সেয়া হল বিতৃষা আৰু বিৰক্তি ৷ এতিয়া তেওঁৰ জীৱনত আছে কষ্ট আৰু দুর্দশা ৷ তেওঁক সাত্ব্ন্না দিব পাৰে, আনন্দ দিব পাৰে এনেকুৱা একো আৰু এই পৃথিৱীত নাই ৷ সিদ্ধার্থই এতিয়া যি বিচাৰে সেয়া হল বিস্মৃতি ৷ সেয়ে তেওঁ বনৰ মাজৰ পথেৰে আহি আহি নদীৰ ঘাট পালেহি ৷ মুখ কোঁচাই তেওঁ নদীৰ পানীৰ পিনে আৰু এবাৰ চোৱাত নিজৰ প্রতিবিম্ব দেখিবলৈ পালে ৷ ঘৃণাত তেওঁ নিজৰ ছায়াৰ ওপৰত থুই পেলালে আৰু গছৰ গুৰিৰ পৰা হাত আঁতৰাই আনি এনেদৰে থিয় হৈ থাকিল যে পানীত পৰিলেও চিধাহ নদীৰ তলি পাবগৈ ৷ এইবাৰ তেওঁ চকু বন্ধ কৰি সামান্য হাওলি দিলে মৃত্যুৰ শীতলতাৰ পিনে ৷

ঠিক সেই সময়তে আত্মাৰ এক গভীৰ কোণৰ পৰা তেওঁ এষাৰ কথা শুনিবলৈ পালে ৷ কথাষাৰ কাণলৈ যাওঁতেই বিনাপ্রচেষ্টাৰে তেওঁ সেই কথা নিম্ন স্বৰত উচ্চাৰণ কৰিলে ৷ কথাষাৰ হল সমস্ত প্রার্থনাৰ আৰম্ভণি আৰু শেষ পৱিত্র ওম ৷ ইয়াৰ অর্থ হল, পূর্ণতা কিম্বা পূর্ণসত্তা ৷ কথাষাৰ কাণত পৰোঁতেহ তেওঁৰ হতাশাগ্রস্ত মন যেন টোপনিৰ পৰা সাৰ পাই উঠিল আৰু নিজৰ ভুল তেওঁ বুজিব পাৰিলে ৷

নদী আৰু নাৱৰীয়া বন্ধু  বাসুদেৱৰ সান্নিধ্যত সিদ্ধার্থই অনুভৱ কৰিলে যিদিনাখন ব্রাহ্মণ কিম্বা সন্ন্যাসী আছিল সিদিনাখনে তেওঁ বৃথাহ নিজৰ বিৰুদ্ধে যুঁজ কৰিছিল ৷ অগাধ জ্ঞান, পুণ্যশ্লোক, আৰাধনাৰ নিয়মাৱলী, আত্মনিগ্রহ, নিৰলস কর্ম আৰু কর্মপ্রচেষ্টাই তেওঁৰ পথৰ অন্তৰায় হিচাপেহ কাম কৰিছিল ৷ সকলোতকৈ বুদ্ধিমান আৰু আনতকৈ বেছি বিদ্বান আৰু খাঁটি সন্ন্যাসী বুলি তেওঁৰ মনত এটা ঔদ্ধত্য জন্মিছিল ৷ এই ঔদ্ধত্যই তেওঁৰ সন্ন্যাসী সত্তা, চিন্তাশীলতা আৰু আত্মাক গ্রাস কৰিছিল ৷ উপবাস কৰি কিম্বা প্রায়ষ্চিত্ত কৰিও তেওঁ এহ ঔদ্ধত্যক টলাব পৰা নাই ৷ এটা সময়ত তেওঁৰ মনে ঠিক কথাই কৈছিল যে কোনো গুৰুৱে তেওঁৰ মুক্তিৰ ব্যৱস্থা কৰিব নোৱাৰিব৷ সেই কাৰণেই তেওঁ সংসাৰত প্রৱেশ কৰিব লগ হৈছিল, ক্ষমতা আৰু ধন–সম্পত্তিৰ সোৱাদ গ্রহণ কৰিব লগা হৈছিল ৷  যিমান দিন পর্যন্ত তেওঁৰ মাজত শ্রমণ আৰু পুৰোহিত সত্তাৰ অস্তিত্ব আছিল সিমান দিনলৈ তেওঁ বিভিন্ন ভূমিকাত অৱতীর্ণ হব লগা হৈছিল কেতিয়াবা বণিক, কেতিয়াবা জুৱাৰী, কেতিয়াবা মদাপী, কেতিয়াবা ধনী৷ এই কাৰণে তেওঁ ভয়াৱহ সময়ৰ মাজেৰে, বিৰক্ত আৰু হতাশাৰ মাজেৰে, শূন্যতা আৰু ব্যর্থতাৰ মাজেৰে খোজকাঢ়িব লগা হৈছে যাতে বিলাসপ্রিয়, বিষয়ী সিদ্ধার্থৰ অৱলুপ্তি ঘটে ৷ জীৱনৰ সকলো পৰিৱর্তনশীল ৷ আজি তেওঁ নতুন সিদ্ধার্থ,  নবীন সিদ্ধার্থ, আজি তেওঁ সুখী ৷

অসমীয়া পাঠকৰ বাবে আটাহতকৈ আনন্দৰ কথাটো হল হাৰমান হেছৰ এই উপন্যাসখনৰ অসমীয়া অনুবাদো উপলব্ধ আছে ৷ গ্রন্থখন অসমীয়াত অনুবাদ কৰিছে ষ্টুডেণ্টচ্ ষ্টৰচৰ স্বত্বাধিকাৰ আৰু লেখক মৃত্যুঞ্জয় কুমাৰ দত্তই ৷

ফোনঃ  ৯৮৬৪২-৬৯৬৪০

You might also like

Comments are closed, but trackbacks and pingbacks are open.