নিজৰা ৰাজকুমাৰী
নাটক এখন মঞ্চস্থ কৰাৰ ঠিক আগমুহূর্তত দর্শকক কেনেদৰে স্বাগতম জনাব লাগে এই প্রশ্নৰ উত্তৰ অনেক যুক্তি, অনেক সম্ভাৱনাৰ কথা কৈ অনেক ধৰণে দিব পাৰি ৷ ব্যক্তিগতভাৱে মোৰ ভাল লাগে নাটক এখন আৰম্ভ হোৱাৰ পূর্বে প্রেক্ষাগৃহত নিম্ন স্বৰত বাজি থকা কোমল সংগীত ৷ কেতিয়াবা নাটকৰ আগত কোনো ধৰণৰ মিউজিক বজাই ৰখা নহয়, কিন্তু বহু সময়ত দেখা যায় নাটকৰ পৰিৱেশৰ লগত খাপ নোখোৱা অদ্ভুত এক হুলস্থূলীয়া সংগীত প্রেক্ষাগৃহত বজাই ৰখা হয় ৷ ক্ষন্তেক পিছতে নাটকখন আৰম্ভ হয় আৰু দর্শকে তৎক্ষণাৎ সেই পৰিৱেশত মনঃসংযোগ কৰিবলগীয়া হয়৷ মহ ভাবোঁ পৰিৱেশ অনুযায়ী ছিৰিয়াছ নাটকৰ সংগীত নাটকখন আৰম্ভৰ কিছুমুহূর্তৰ আগৰ পৰাই আৰম্ভ হোৱা উচিত অর্থাৎ প্রেক্ষাগৃহত নাট মঞ্চায়নৰ কিছুসময়ৰ আগৰ সময়খিনিকো নাটকৰ ভিতৰুৱা সময় বুলি গণ্য কৰা উচিত ৷ ইয়াৰ পিছতহে মঞ্চৰ কথা আহে ৷ নাটকৰ সংগীতক লৈ নানা মুনিৰ নানা মত৷ অথচ সংগীত নথকা নাটক এখনৰ কথা ক ল্পনা কৰিবলৈকে বেয়া পাম৷ চৰিত্রসমূহৰ বিকাশ, কাহিনীৰ অগ্রগতিত মনোযোগ দি থাকোঁতে প্রায়ে আমি নাটকৰ সংগীতত কমকৈ গুৰুত্ব দিওঁ৷
নাটক চাহ প্রেক্ষাগৃহৰ পৰা ওলাহ অহাৰ পিছত কোন দৃশ্যত কেনে সংগীত ব্যৱহাৰ কৰিছিল, সেয়া সাধাৰণ দর্শকে সাধাৰণতে মনত নাৰাখে৷ কিন্তু কব নোৱাৰাকৈ সংগীতে এনে পৰিৱেশ ৰচনা কৰে বা দর্শকৰ অৱচেতনত ক্রিয়া কৰে যে নাটকৰ সংগীতৰ প্রতি অসচেতন এজন দর্শকেও সংগীতবিহীন নাটক এখনক গ্রহণ কৰিবলৈ টান পাব বা চিধাহ নাটকখন বেয়া হল বুলি অসন্তুষ্টি জাহিৰ কৰিব৷ সেয়ে কোৱা হয় নাটকত সংগীতৰ গুৰুত্ব অসীম৷ কোনো পৰিচালকে যদি সংগীত অবিহনে নাটকক মঞ্চত তুলিব খোজে, সেয়া হব লাগিব পৰিচালকৰ অতি উচ্চখাপৰ সৃষ্টিশীলতা, অভিনয় শিল্পীৰ চূডান্ত দক্ষতাৰ সমন্বয়৷ কাহিনীক, অন্তর্দ্বন্দ্ব–বহির্দ্ব্ গুৰুত্বক সংগীতে অতিশয় চাতুর্যৰে নিজ কান্ধত বৈ নিয়ে৷
কিন্তু নাটক চাহ উঠি নাটকখনৰ সংগীতৰ বিষয়ে আলোচনা কৰা দর্শক খুব কমেহ লগ পাহছেছা৷ সংগীত পৰিচালকৰ দক্ষতা তথা নাট পৰিচালকৰ পছন্দ অনুযায়ীহে কোনো এখন নাটকৰ সংগীতৰ কাম হৈ উঠে ৷ সেয়ে একেখন নাটকৰ পৰিচালক বা সংগীত পৰিচালক বেলেগ বেলেগ হলে সংগীতো বেলেগ বেলেগ হয় ৷ এই কথাটো সঁচাকৈয়ে আমোদজনক ৷ একেটা কাহিনীকে কবলৈ বা একেখিনি চৰিত্রৰ আৱেগ–নুভূতি, পৰিস্থিতিক উজ্জ্বলকৈ দেখুৱাবলৈ কেনেকৈ ভিন ভিন সংগীত ব্যৱহাৰ কৰিব পাৰি, সেয়া এখন নাটকৰ পৰিচালক বেলেগ বেলেগ হলেই সুন্দৰকৈ বুজিব পাৰি ৷ অসম আৰু বহিঃৰাজ্যৰ এনেকুৱা বহু নাটকো চাইছোঁ, যত নাটকখনৰ সংগীত পৰিৱেশনকাৰী দলটো মঞ্চৰ একাষে থাকে আৰু দর্শকে তেওঁলোককো দেখা পায় ৷ কোনো কোনোৱে আনকি নাটকৰ কাহিনীৰ মাজে মাজে মঞ্চত এনেকুৱা পোনপটীয়া সংগীতৰ ব্যৱস্থা কৰে, যত অভিনেতা বা অভিনেত্রীগৰাকীও মাজে মাজে বাদক হৈ পৰে ৷
আচলতে নাটকৰ সফল সংগীত মানেই অনন্য সৃষ্টিশীলতা ৷ নাটকৰ দর্শকৰ কল্পনাশক্তি প্রবল আৰু তেওঁলোক সঁচাকৈয়ে বুদ্ধিমান ৷ পৰিচালকে মঞ্চত ৰথৰ মাত্র চকা এটিৰ আভাসেৰে কুৰুক্ষেত্র এখন দর্শনৰ অভিজ্ঞতা দর্শকক এই কাৰণেই দি দিব পাৰে, কাৰণ দৃশ্যৰ সামান্য ইংগিতকেই দর্শকৰ মনঃচক্ষুৱে পৰিপূর্ণ কৰি তোলে ৷ ইয়াত সংগীতৰ অৱদান জানো ক ! সংগীতে দৃশ্য এটিক বা চৰিত্র এটিৰ নান্দনিক ব্যাখ্যাক শক্তিশালী কৰি তোলে ৷ অৱশ্যে সম্প্রতি নাটকত বিশুদ্ধ সংগীতৰ স্থান নাই ৷ আগৰ কালত হয়তো আছিল, কাৰণ দর্শকে বিচাৰিছিল বা বিশুদ্ধ সংগীতক নাটকখনৰ অংশ হিচাপে দর্শকে গ্রহণ কৰিছিল ৷ কিন্তু সময়ৰ লগে লগে প্রায়েই দর্শকে বিচাৰিবলৈ লৈছে কম সময়ত এটা শক্তিশালী কাহিনী, শক্তিশালী পৰিচালনা শৈলী আৰু প্রতীকৰো শক্তিশালী প্রয়োগ ৷
বিশুদ্ধ সংগীতে নাটক এখনত দর্শকৰ মনঃসংযোগত ব্যাঘাত জন্মায় বুলি বিশ্বাস কৰোঁ ৷ যেনেদৰে নাটকৰ জগতখনলৈ পৰিৱর্তনৰ ঢৌ আহিছে, দর্শকৰ মানসিক জগত সলনি হৈছে, মূল্যবোধৰ পৰিৱর্তন, সময়ৰ নাটনি, অর্থকডিৰ সমস্যা আদিয়ে প্রভাৱ পেলাইছে, তেনেদৰে পৰিৱর্তিত সংগীতেও নাটকক বৈচিত্র্য দিছে ৷ নাট্যকর্মীৰ, সংগীতশিল্পীৰ সৃষ্টিশীলতা বাঢ়িছে নে কমিছে, সেয়া কেৱল বিতর্কৰ বিষয়েই নহয়, গৱেষণাৰ বিষয়তো হব পাৰে ৷
ৰূপকোঁৱৰৰ নাটকৰ কিছু গীত হয়তো আমি আজৰি সময়ত ঘৰত বহি দুচকু মুদি শুনি ভাল পাম বা দীঘলীয়া সংলাপক পঢ়া মেজত বহি পঢ়ি আপ্লুত হম, কিন্তু নাটক চাবলৈ প্রেক্ষাগৃহত বহি আমি তেনে গীত বা সংলাপ শুনিবলৈ নাৰাজ নহমে! সংক্ষিপ্তকৰণ, ৰূপান্তৰ, আধুনিকীকৰণ, প্রতীক, সময়ৰ লগত খাপ খোৱা নতুন ব্যাখ্যা আদি শব্দক যিহেতু আমি নাটকলৈ আনিছোঁৱেই, গতিকে নাটকৰ সংগীত এই পৰিৱর্তনৰ বাহিৰত ৰৈ যোৱাটো সম্ভৱ নহয়৷ কৰবাত পঢ়িছিলোঁ শব্দই কথা কবলৈ অপাৰগ হোৱা স্থানতো হেনো সংগীতে শব্দতকৈ অনেক শক্তিশালী ভাষাৰে সকলো কৈ পেলাব পাৰে ৷ সংগীতৰ এই চাতুর্যক বুদ্ধিদীপ্ততাৰে ব্যৱহাৰ কৰিবলৈ নাটক জানো উপযুক্ত স্থান নহয় ! মঞ্চত মানুহৰ শৰীৰটো দেখুৱাবলৈ সহজ, কিন্তু মনটোক দেখুৱাবলৈ কঠিন ৷ এই কামটোৰ বাবে আমি সংগীতৰ সহায় লওঁ ৷ নাটকৰ আৰম্ভণিৰ পৰাই ইয়াত সংগীতৰ প্রকাশিকা শক্তিৰ ব্যৱহাৰ হৈ আহিছে ৷ প্লেটোৰ ভাষাৰেMusic gives a soul to the universe, wings to the mind, flight to the imagination, and life to everything নাটককো প্রাণময় কৰি তোলে সংগীতে ৷
Comments are closed, but trackbacks and pingbacks are open.