শিশুক স্মার্ট কেনেকৈ বনাব

এজন ডাঙৰ মানুহতকৈ এটি শিশুৰ অনুকৰণ তথা অবজার্ভ কৰিব পৰা ক্ষমতা বহুগুণে বেছি ৷ কাৰণ শিশু এটি ডাঙৰ–দীঘল হওঁতে আমি বহু সালসলনি তথা বিভিন্ন ধৰণৰ আচৰণবোৰ দেখিবলৈ পাওঁ ৷ পঢ়া–শুনা নকৰা দম্পতীৰ সন্তানেও ভৱিষ্যতে বহুত ডাঙৰ মানুহ হোৱা দেখা যায় ৷ গতিকে মাক–দেউতাকে স্মার্ট হলেহে যে সন্তানটোক স্মার্ট হব তেনেও নহয় ৷ কিন্তু গর্ভাৱস্থাত যেতিয়া এগৰাকী মাতৃৰ মগজু তথা দেহটো কাম–বন কৰি সুখী হব পৰাকৈ সুস্থ থাকে, তেতিয়া শিশুটিও ভৱিষ্যতলৈ স্মার্ট তথা জ্ঞানী হোৱা দেখা যায় ৷

  • শিশুটিক কেতিয়াও জোখতকৈ বেছি আলপৈচান ধৰি নাথাকিব ৷ প্রায় এবছৰ মানৰ পিছৰে পৰাই তাক মুকলি মনেৰে খেলিবলৈ, খাবলৈ, কৰিবলৈ দিব ৷ যিমান পাৰে সি সুখী হোৱা কামবোৰ কৰিবলৈ দিব, কিন্তু মন কৰিব হাতত মুখত যাতে এনে বস্তু নিদিয়ে, যাৰ পৰা কিবা অঘটন হব পাৰে ৷
  • বস্তুবোৰ সৰুৰে পৰা চুই চাবলৈ দিব লাগে, অলপ ৰিস্ক্ লোৱাটো জৰুৰী ৷ কটাৰীখন যদিও বেয়া কিন্তু তাৰ দ্বাৰা আমি কি কি কাম কৰিব পাৰোঁ, সেয়াও চুই জনাই দিব লাগে আৰু চুব যে নালাগে তাক মৰমেৰে কৈ সি নিজেই দিয়াকৈ লব লাগে ৷ মাৰপিট নহয় ৷
  • শিশুটিক এটা সুস্থ নির্ভয়ে থাকিব পৰা পৰিৱেশ দিব লাগে ৷ সৰুতে ঘৰৰ বহুত বস্তু সিহঁতে চুলে কেতিয়াবা পৰি ভাগি যায়, তাৰে বাবে তেনে পৰিৱেশত তাক মাৰপিট কৰি ভয় খুৱাই পৰিৱেশটো বেয়া কৰিব নালাগে ৷ গালি এটা দি মৰমেৰে বুজালে সৰুৰে পৰাই শিশুৱে বহুত কথাই বুজিবলৈ ধৰে ৷
  • কেতিয়াবা কাপোৰে–কানিয়ে স্মার্ট দেখা শিশু কিন্তু মানসিকভাৱে স্মার্ট নাথাকে ৷ গতিকে কাপোৰ–কানি পিন্ধোৱা সময়ত বুটাম পৰা চেইন মৰা, চেণ্ডেল যোৰত ভৰিটো ভৰাই দিয়া এইবোৰ মগজুৰ বিকাশ হোৱা কাম কৰিব দিব লাগে ৷
  • ঘৰৰ পোহনীয়া জন্তু ৰাখিব লাগে, পোহনীয়া জন্তু থকাৰ ঘৰত সন্তানৰ মানসিক আৰু দৈহিক যথেষ্ট সুস্থ থাকে বহুত প্রমাণো পাইছোঁ ৷ ঘৰৰ জন্তুটোৰ মৰম–আদৰৰ পৰাই শিশুটিয়ে অন্য জীৱ–জন্তুকো চিনিব পাৰে আৰু মৰম কৰিবলৈ শিকিব পাৰে ৷
  • খোৱা–বোৱাও নিজে কৰিবলৈ এৰি দিব লাগে ৷ পেলাব কাম বাঢ়িব এনেকৈ ভাবি থাকোঁতেই বহু শিশুৱে ভাত, ফল মূল গিলিব নাজানে, চামুচখনকে ধৰিব নজনা হৈ থাকে ৷
  • আলহী ঘৰলৈ আহিলে খেলিবলৈ কথা পাতিবলৈ সৰুৰে পৰাই জোৰ দিব লাগে তথা শিকাব লাগে ৷ হাঁহি এটা মাৰি নমস্কাৰ দিয়া অভ্যাস সৰুৰে পৰাই শিকাব লাগে ৷ সেই শিশুৰ পিছলৈ মানুহৰ লগত কথা–বতৰা খুব সলসলীয়াকৈ পাতিব পাৰে ৷
  • পৰিলেই উধাতু খাই চিঞৰ মাৰি উঠাব যোৱাতকৈ নিজে উঠিব পৰা শিকাব লাগে ৷ তেনে শিশুৰ স্বাস্থ্য, মগজু, হাড় যথেষ্ট শক্তিশালী হয় ৷
  • পেকেটিং ফুডতকৈ থলুৱা, লোকেল পাচলি, ফলমূল, ভাত, শাক, মাছ খুৱাব লাগে ৷ তেতিয়া মগজুৰ বিকাশ সোনকালে হয় শিশু এটি যথেষ্টখিনি স্মার্ট হয় ৷
  • শেষত এটায়ে কওঁ পৃথিৱীলৈ আহিছে যেতিয়া প্রভু ভগৱন্তই আনিছে, গতিকে তেওঁৰ আশীর্বাদ সদায়ে যে শিশুটিৰ ওপৰত আছে বিশ্বাস ৰাখিব লাগে আৰু সৰুৰে পৰাই ভগৱান কি হয় জনাব লাগে ৷ তেওঁৰ মাহাত্ম্য, তেওঁৰ লীলা, তেওঁৰ শক্তিৰ বিষয়ে জনাব লাগে ৷ ভাগৱত গীতা নিজেয়ো পঢ়ি জ্ঞান লৈ শিশুক সদায়ে অলপ অলপকৈ কৈ থাকিব লাগে ৷
You might also like
Leave A Reply

Your email address will not be published.