প্রণতি দেৱী শর্মা
মা এটা সৰু শব্দ ৷ অথচ এই শব্দটোৰ বুকুতেই মানৱ সভ্যতাৰ এক অনির্বচনীয় অনুভুতি লুকাই আছে ৷ পৃথিৱীৰ সকলো মা একেই অনুভৱেৰেই তিক্ত, ৰিক্ত আৰু মমতাময়ী৷ বনৰ পক্ষীয়ে যিদৰে জীৱনক তুচ্ছ কৰি বাহৰ পোৱালিলৈ ঠোঁটত আহাৰ লৈ আহে, সেহদৰেই এগৰাকী মাতৃও প্রতিক্ষণে সন্তানৰ ভোক–পিয়াহৰ প্রতি সজাগ আৰু সচেতন হৈ থাকে ৷ বুকুৰ দুগ্ধৰে সন্তানক অমৃতময় কৰি তুলিব খোজে ৷ এই স্নেহময়ী জননী, মাতৃয়েই হৈছে মানুহ গঢ়াৰ খনিকৰস্বৰূপা ৷ এখন সমাজ আৰু এখন দেশৰ ভেটি গঁঢ়োতা ৷ সেই কাৰণেই মাতৃসকলে সমাজৰ প্রতি আগবঢ়োৱা অৱদানৰ স্বীকৃতি দি প্রতিবছৰৰ মে মাহৰ দ্বিতীয় দেওবাৰে আন্তর্জাতিক মাতৃ দিৱস পালন কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ এই মহান দিৱস উদ্যাপনৰ মূল লক্ষ্য হৈছে মাতৃসকলক শ্রদ্ধা, কৃতজ্ঞতা আৰু সন্মান প্রদর্শন কৰা ৷ কেৱল ভাৰততেই নহয় আমেৰিকা, ইটালী, গ্রেট ব্রিটেহন আদি দেশত মাদার্ছ ডে এক জনপ্রিয় উৎসৱত পৰিণত হৈছে ৷ অৱশ্যে আন দেশবিলাকৰ তুলনাত আমাৰ দেশ ভাৰতবর্ষত মাতৃ দিৱসৰ জনপ্রিয়তা যেন এতিয়াও কৰবাত সীমিত হৈ থাকিলেও ভাৰতীয় বিশাল পৰিমণ্ডলত নাৰী ভিন্ন ৰূপত বন্দিত আৰু মহিমামণ্ডিত ৷ এহ ভাৰতবর্ষত নাৰীক, জননীক যুগে যুগে দেৱী ৰূপত বন্দনা কৰি অহা হৈছে ৷
এখন ঘৰ, এখন সমাজ বা এখন দেশৰ উন্নয়ন আৰু প্রগতি নির্ভৰ কৰে এগৰাকী মাতৃৰ ওপৰতেই ৷ সেহ কাৰণেই কোৱা হয় সন্তানৰ ভৱিষ্যৎ মাতৃৰ হাতৰ মুঠিত ৷ মাতৃসকলে সমাজলৈ আগবেোৱা অৱদানৰ কথা সুঁৱৰি মাতৃসকলৰ সন্মানার্থে সমগ্র বিশ্বতে মাতৃ দিৱস পালন কৰা হয় ৷ এই দিৱস পালনৰ পৰম্পৰা প্রাৰম্ভতে গ্রীচতে সূচনা হৈছিল বুলি কোৱা হয় ৷ প্রাচীন গ্রীচত গ্রীক দেৱতাসকলৰ মহান মাতৃ বুলি মানি সকলোৱে গ্রহণ কৰা চাইবেলা নামৰ মাতৃ এগৰাকীৰ উপাসনাৰ নিয়ম প্রচলিত আছিল ৷
আৰু সেই মাতৃ উপাসনাই কালক্রমত এছিয়া আৰু ৰোমৰ কিছু অঞ্চললৈ সম্প্রসাৰিত হৈছিল বুলি জনা যায় ৷ আনকি আমেৰিকা যুক্তৰাষ্ট্রতো মাতৃ দিৱস উদ্যাপনৰ বাবে ১৮৭০ চনতে জুলীয়া ৱার্ড ইৱে নামৰ মহিলাগৰাকীয়ে জনসাধাৰণক আহ্বান জনাইছিল বুলি ইতিহাসত উল্লেখ আছে৷ আমেৰিকাত ১৮৭০ চনতেই মাতৃ দিৱসৰ কথা উপস্থাপন হৈছিল যদিও ১৯০৯ চনৰ ২৮ ফেব্রুৱাৰীতহে মাতৃ দিৱস আন্তর্জাতিক মাতৃ দিৱস হিচাপে পালন কৰা হৈছিল ৷ তাৰ পিছত আন্না জার্ভিজ নামৰ মার্কিন যুক্তৰাষ্ট্রৰ সমাজকর্মী তথা নাৰীবাদী মহিলাগৰাকীৰ উদ্যোগত প্রতিবছৰৰ মে মাহৰ দ্বিতীয়টো দেওবাৰে মাদার্ছ ডে পালনৰ আনুষ্ঠানিক পৰম্পৰাৰ সূচনা হৈছিল ৷
মাতৃ দিৱস কিয় উদ্যাপন কৰিব লাগে, ইয়াৰ তাৎপর্যইবা কি হয়াৰ উত্তৰত এটা কথাই মনলৈ আহিছে যে মাতৃগৰাকীয়েই হল সৃষ্টিৰ মূলাধাৰ৷ এটা পৰিয়ালৰ অবিচ্ছেদ্য অংগ, যাৰ অবিহনে পৰিয়ালটো অসম্পূর্ণ হৈ ৰব বা এটা পৰিয়ালৰ সূচনাই নহব ৷ মাতৃগর্ভত ভ্রূণ এটা স্থিতি লোৱাৰ পাছৰে পৰা ভূমিষ্ঠ হোৱালৈকে এই ন মহীয়া দীর্ঘ সময়ছোৱাত এটি শিশুৰ সর্বাংগীণ বিকাশ যেনে– শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক ইত্যাদি দিশৰ বিকাশত মাতৃৰ অৰিহণা অতুলনীয়৷ মাতৃৰ আচৰণ সদায় শিশুৰ ওপৰত পৰে ৷ মাতৃৰ গর্ভতেই শিশুটিয়ে জীৱনৰ সন্ধান লাভ কৰে ৷ সেই কথা আমি অভিমন্যুৰ জীৱন– জিজ্ঞাসাৰ পৰা আপাতঃ দৃষ্টিত পাব পাৰোঁ ৷ গতিকে সকলো মাতৃয়েই শিশুক সাধাৰণ জ্ঞান দিয়াৰ উপৰি সদায় নৈতিক শিক্ষা প্রদানত অগ্রাধিকাৰ দিব লাগে ৷ এগৰাকী মাতৃয়েহে সন্তানৰ মনত মানৱীয়তাৰ বীজ ৰোপণ কৰি সেই মানৱীয়তা বিকাশ আৰু প্রয়োগ কৰি সমাজ আৰু দেশৰ প্রতি অভাৱনীয় অৱদান আগবঢ়াব পাৰে ৷ যিহেতু শিশু এটা প্রকৃত মানুহ হোৱালৈকে মাতৃগৰাকীয়েই হল প্রথম গুৰু ৷ সেয়েহে হয়তো কোৱা হয় এগৰাকী মাতৃ এশগৰাকী শিক্ষকৰ সমান ৷ Howard Johnson-এ মাতৃৰ প্রতিশব্দ Motherক বিশ্লেষণ কৰিছে এনেধৰণে
M- Million things she gave me.
O- She’s is growing gold.
T- The tears she shed to save me.
H- Her Heart of purest gold.
E- Her eyes with love light shining.
R-Right, and right she will always be put them all . together, they spell ‘Mother’.
মাতৃসকলৰ অর্থে উদ্যাপিত হোৱা মাতৃ দিৱস পালনৰ মূল উদ্দেশ্য হৈছে বছৰৰ অন্ততঃ এটা দিনত হলেও পৰিয়াল তথা সমাজত মাতৃসকলৰ ভূমিকা কিমান গুৰুত্বপূর্ণ, সেই কথা সকলোকে জনাই মাতৃক সর্বোচ্চ স্বীকৃতি দিয়া ৷ তদুপৰি মাতৃসকলৰ আত্মত্যাগৰ প্রতি শ্রদ্ধা নিবেদন আৰু সন্মান প্রদর্শন কৰিবৰ কাৰণেই এহ দিৱস পালন কৰা হয় ৷ যিহেতু সৃষ্টিৰ মূলতেই নাৰী আৰু এহ নাৰী শক্তি এক মহান শক্তি ৷ নাৰীসকল অৱহেলিত, উপেক্ষিত আৰু অসন্মানিত হৈ থাকিলে এটা জাতি উপেক্ষিত হৈ ৰয় ৷
সাম্প্রতিক পৰিস্থিতিত আমি দেখিছোঁ ভোগবাদী সমাজ ব্যৱস্থাৰ বস্তুকেন্দ্রিক মানসিকতাই সন্তান আৰু মাতৃৰ মাজত কিছু কিছু ঠাইত যথেষ্ট ব্যৱধানো আনিছে ৷ আজিৰ বহুত সন্তানে নিজ জন্মদাত্রী মমতাময়ী মাতৃক পিতৃৰ মৃত্যুৰ পিছতেই হওক বা বৃদ্ধাৱস্থাতেই হওক ভৰণ–পোষণ, লালন–পালন কৰিবলৈ অনিচ্ছুক হয় ৷ মানসিক অশান্তিত ভোগে ৷ নিজ পিতৃ–মাতৃক আনকি বৃদ্ধাশ্রমত থবলৈও কুণ্ঠাবোধ নকৰে ৷ সেই হেতুকেহ মাতৃ দিৱস উদ্যাপন কৰাৰ প্রাসংগিকতা তেতিয়াহে ফলপ্রসূ হব, যেতিয়া সকলো সন্তানে জন্মদাত্রী মাতৃক মর্যাদা দিবলৈ শিকিব ৷ মাতৃৰ ত্যাগ আৰু অপত্য চেনেহৰ উমান লৈ মাতৃসকলক শ্রদ্ধাৰ আধাৰ পাত্র হিচাপে হূদয়ত স্থান দিব ৷
বহুতেই বহু সময়ত কয়, মাতৃৰ বাবে লাগে জানো আছুতীয়া দিন কিয় লাগে মাতৃ দিৱস কথাষাৰৰ তাৎপর্য বিচাৰ কৰি চালে দেখোঁ নিজেই নাখাই সন্তানক খুওৱা নিজৰ সপোনবোৰ সন্তানৰ চকুৰে চাব বিচৰা, সন্তানৰ সুখতেই সুখ আৰু দুখত সকলো হেৰুৱাই পেলোৱা মাতৃগৰাকীৰ প্রতি কিয় দিৱসৰ প্রয়োজন হল ভোগবাদী, পৰিৱর্তনশীল সমাজ ব্যৱস্থাই যিমানেই মানুহৰ জীৱন ধাৰণ প্রণালীৰ উন্নতি ঘটাইছে, সিমানেই যেন এটা সংকীর্ণ মানসিকতাৰ মাজলৈ লৈ গৈছে ৷ নিজৰ স্বার্থ সিদ্ধিৰ ঊধর্বত কাৰোৰে যেন স্থান নাই ৷ লাগে সেয়া মাতৃয়েই হওক বা পিতৃয়েই হওক কাৰো কথা ভাবিবলৈ সময় নাই ৷ সেই পৰিপ্রেক্ষিতত মাতৃ দিৱস উদ্যাপনৰ প্রয়োজনীয়তা অতি প্রাসংগিক ৷ কি কাৰণেনো মাতৃ দিৱস উদ্যাপন কৰিব লাগে, সেই বিষয়ে নুন্যতম আভাস নিদিলে হয়তো এই লেখা আধৰুৱা হৈ ৰব ৷
মাতৃ দিৱসৰ বিশিষ্ট দিনটোত হয়তো প্রতিজন সন্তানেই নিজ মাতৃৰ ত্যাগ আৰু অৱদান এবাৰলৈ হলেও মনত পেলাব ৷ এই দিনটোতেই নহয় সকলো সময়তে সন্তানে মাতৃক সন্মান, ভালপোৱা পার্যমানে প্রদর্শন কৰা উচিত ৷ নিজ মাতৃৰ সন্তান হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱা উচিত ৷ এই কথা আমি সকলোৱে ভাবিব লাগে যে কোনো উপহাৰে এগৰাকী মাতৃক বুকু ভৰাই সন্তুষ্টি দিব নোৱাৰে যদিহে মৰম আৰু শ্রদ্ধা–ভক্তি নাথাকে ৷ কিন্তু এটা কথা পুনৰ কওঁ যে কেৱল মাতৃ দিৱসৰ দিনাই নহয় প্রতিদিনেই আচলতে নিজ মাতৃক সন্মান, মৰম আৰু প্রাপ্য দিব লাগে ৷
প্রতিগৰাকী মাতৃৰ প্রকৃত কল্যাণৰ বাবে মাতৃগৰাকী যাতে এটা সুস্থ স্বাস্থ্যৰ উপৰি এটা সুস্থ মনৰ অধিকাৰী হৈ থাকিব পাৰে, সেই কথা মাতৃ দিৱসৰ দিনটোত আলোচ্য বিষয় হোৱা উচিত, যাতে সন্তানে ভাবিবলৈ বাধ্য হয় তেওঁৰ মাতৃৰ সুস্থ স্বাস্থ্য কিমান গুৰুত্বপূর্ণ ৷ এইক্ষেত্রত বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, মহিলা সংগঠনৰ কর্মীসকলে বিভিন্ন কর্মশালা, আলোচনা–চক্র, স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ, শাৰীৰিক ব্যায়াম, যোগাভ্যাস আদিৰ প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগে ৷ তদুপৰি বিভিন্ন স্ত্রীৰোগৰ বিষয়েও অৱগত কৰালে মহিলাসকল যথেষ্ট উপকৃত হব বুলি মনে ধৰে ৷
মাতৃ দিৱসৰ দিনটোতে নাৰী শিক্ষাৰ প্রসাৰ আৰু প্রচাৰৰ কথাটো বিশেষভাৱে গুৰুত্ব দিয়াৰ প্রয়োজনীয়তা আছে ৷ শিক্ষা এটা জাতিৰ উন্নয়নৰ মাপকাঠী ৷ সকলো নাৰী শিক্ষিত হৈ উঠিলে সমাজ আৰু দেশ প্রগতিৰ পথত অগ্রসৰ হব ৷ মাতৃগৰাকী যদি সকলো ফালৰ পৰাহ উপযুক্ত হয় তেনেহলে ঘৰখন সুকলমে পৰিচালনা কৰাটো সহজ হৈ উঠিব ৷ এগৰাকী মাতৃয়ে যেনেকৈ পৰিয়ালৰ সকলো সদস্যৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ যতন লয়, তেতিয়া সমগ্র পৰিয়ালটো স্বাস্থ্যৱান পৰিয়াল হিচাপে গঢ় লৈ উঠিব বুলি মনে ধৰে ৷
মাতৃ দিৱসৰ পৱিত্র দিনটোতেই সকলো সন্তানে ভাবিব লাগিব যে যিগৰাকী মাতৃয়ে নিজৰ সর্বোচ্চ অর্থাৎ সুখ–দুখ সমাধিস্থ কৰি সন্তানক আদর্শ হিচাপে গঢ়ি তোলাৰ দৰে শ্রেষ্ঠতম দায়িত্ব পালন কৰিছে, সেহগৰাকী জন্মদাত্রী মাতৃৰ বাবে জীৱনৰ প্রতিটো দিনেই উছর্গিত কৰিম ৷ মোৰ জন্মদাত্রীক যিমান পাৰোঁ মনোকষ্ট নিদিয়াকৈ থাকিম আৰু পৰাপক্ষত মৰম–চেনেহৰ অভাৱ হবলৈ নিদিওঁ ৷ প্রতিটো সময়তে সকলোৱে এই কথা মনত ৰাখিবলৈ যত্নপৰ হব লাগে যে মাতৃ সমাজে ভোগ কৰি থকা শোষণ, যন্ত্রণাৰ অৱসানৰ বাবে সদা সৰৱ ভূমিকা লম আৰু সকলো মাতৃ অর্থাৎ নাৰীসকলে যাতে এটা সন্মানীয় জীৱন যাপন কৰিব পাৰে, তাৰ বাবে দায়বদ্ধ হবলৈ যত্ন কৰিম ৷
শেষত এটা কথাই কওঁ, প্রতিজন সন্তানেই যদি নিজৰ পিতৃ–মাতৃৰ সন্মান, মর্যাদা ৰক্ষা আৰু তেওঁলোকৰ দুখ মোচনৰ বাবে যদি সচেতন হয়, তেনেহলে তেন্তে বিশ্বৰ মাতৃ সমাজৰ উৎকর্ষ সাধন হব আৰু নিষ্চিতভাৱে আঁতৰিব মাতৃ সমাজৰ দুর্বোধ্য অধ্যায় ৷ কেৱল নিজ মাতৃকেই নহয়, বিশ্বৰ মাতৃ সমাজৰ বাবে প্রতিজন সন্তানে দায়বদ্ধ হৈ থকাৰ সংকল্প লৈ মাতৃ দিৱস সার্থক কৰিবলৈ চেষ্টা কৰিব লাগিব ৷ আমি একেস্বৰে কওঁ আহক, হে আহ মাতৃ, তোমাৰ বাবেহ আমাৰ এহ জীৱন ধন্য হৈছে, তোমাৰ সন্তান হৈ সার্থক হৈছোঁ, সেয়েহে তোমাৰ ত্যাগক জীৱনৰ প্রতিটো মুহূর্তত স্মৰণ কৰি আমাৰ দায়বদ্ধতাৰে তোমাৰ সুখৰ বাবে অহোপুৰুষার্থ চেষ্টা কৰি যাম ৷ ঠিক একেই সময়তে মাতৃসকলেও সন্তানক নৈতিক শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ সংকল্পবদ্ধ হব লাগিব আৰু দায়বদ্ধও হব লাগিব ৷ আন্না জার্ভিজৰ এটা মন্তব্যৰে এহ নিবন্ধৰ সামৰণি মাৰিছোঁ ৷ তেওঁ কৈছিল,“Mother’s should be singular possesive for each family to honour its mother, not a plural possesive commemorating all mothers of the world.’’
ফোনঃ ৯৯৫৪৩-৭৪৮৯৮