কাকলি বৰা
ধূলিময় ফাগুনৰ সময়ছোৱাত পালিত হয় ফাকুৱা ৷ যাৰ বাবে সকলো ব্যগ্র হৈ থাকে ৷ শীতৰ কুঁৱলী ফালি ধূলিকনাই সকলোকে কোবাই যায় ৷ এই সময়ত সকলোৰে আৱেগ ফাকুৱা ৷ যত ৰঙত মত্ত হৈ সকলোৰে কুশল কামনা কৰা হয় ৷ ইজনে সিজনক ৰঙেৰে ৰঙিয়াল কৰি তোলে ৷ যত সমন্বয়–সম্প্রীতিৰ এক বার্তা প্রেৰণ কৰা হয়, প্রতিফলিত একতাৰ এনাজৰী আৰু বান্ধোন ৷
শীত পাৰ হৈ বসন্তৰ দুৱাৰমুখত এক ন–উদ্যম প্রদানৰ কাৰক হৈ আহে হোলী বা ফাকুৱা ৷ ফাগুন মানেই মদাৰ, পলাশ, শিমলু আদি ৰং ৰঙা ফুলবোৰৰ কথা মনলৈ আহে ৷ এই ফুলবোৰ ফাগুনৰ আকাশত যেন অগ্নিহে বর্ষাই ৷ গছৰ পাতবোৰ সৰি লঠঙা হয় ৷ কেৱল তেজৰঙা ফুলবোৰে নিজৰ অস্তিত্ব জিলিকাই ৰাখে আকাশত ৷ ফাগুনৰ এই শুকান শুকান পৰিৱেশে মানুহৰ মন কৰি তোলে উদাস ৷ ফাগুন হেনো লঠঙা ৷ সৰাপাত গচকি আহে ফাগুন ৷ কিন্তু ফাগুন জানো সঁচাই লঠঙা ৰঙৰ আবিৰ গাত সানি আহে ফাগুন ৷ সকলোৰে জীৱনলৈ কঢ়িয়াই আনে এমোকোৰা হাঁহি আৰু আনন্দ ৷ ধৰাৰ বুকুত উখল–মাখল লগায় মন ৷ চৌদিশে কেৱল আশাৰ সঞ্চাৰ ৷ এনে সময়তে ধূলি ওৰণি ঠেলি নামি আহে এজাক বৰষুণ ৷ ধৰাৰ বুকুৱে যেন প্রাণ পাই উঠে ৷ গছে কুঁহিপাত মেলে ৷ চাৰিওদিশ হৈ পৰিছে চিৰসেউজীয়া ৷ এনে সময়তে ফাকুৱা বা হোলী উৎসৱে সকলোলৈকে কঢ়িয়াই আনে ৰঙৰ সম্ভাৰ ৷ সকলোৰে মনবোৰ কৰি তোলে ৰঙীন, উন্মনা ৷
হিন্দুসকলৰ বাবে ফাকুৱা বা হোলী এটি লেখত লবলগীয়া উৎসৱ ৷ এই ফাকুৱা অঞ্চলবিশেষে ভিন্ন নামেৰে জনা যায় ৷ ফাকুৱা বা হোলীক মদনোৎসৱ, দৌলোৎসৱ, ফল্গুৎসৱ আদি নামেৰেও প্রচলিত ৷ হিন্দু শাস্ত্রৰ মতে এই ফাকুৱা উৎসৱৰ আঁৰত বিভিন্ন তত্ত্বকথা জডিত হৈ আছে ৷ পৌৰাণিক আখ্যান মতে হিৰণ্যকশিপুৱে পুত্র প্রাদক হত্যাৰ বাবে ভগ্নী হোলিকাক নির্দেশ দিছিল ৷ কিন্তু হোলিকাই যেতিয়া নিজৰ গাত জুই লগাই প্রাদক হত্যাৰ চেষ্টা চলায়, তেতিয়া নিজেই মৃত্যুক আঁকোৱালি লব লগা হয় ৷ মৃত্যুৰ পূর্বে হোলিকাই নিজৰ ভুল বুজি পাই ভগৱান বিষ্ণুৰ মহিমা বুজিব পাৰি প্রাদৰ ওচৰত ক্ষমা প্রার্থনা বিচাৰে ৷ প্রাদে তেতিয়া হোলিকাৰ মূৰ চুই বছৰত অন্ততঃ সকলোৱে এবাৰ হোলিকাক মনত পেলাব বুলি বৰদান দিয়ে ৷ আখ্যান অনুসৰি হোলিকাৰ এই নামৰ পৰাই হোলীৰ উৎপত্তি হৈছে আৰু সেই কাৰণে ফাগুন মাহৰ পূর্ণিমা তিথিত এই উৎসৱ পালন কৰা হয় ৷ এই ফাকুৱা বা হোলীৰ মূল উদ্দেশ্য হৈছে সত্যৰ জয় আৰু অসত্যৰ পৰাজয় ৷ ৰঙৰ আবিৰে সকলোকে ৰঙীন কৰি সকলোৰে মনৰ পৰা কলুষতা আঁতৰাই এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰাই ইয়াৰ মূল উদ্দেশ্য ৷
অসমত প্রথমে ফাকুৱা পালন কৰে শ্রীমন্ত শংকৰদেৱে ৷ তেওঁ একৈশ বছৰ বয়সতে ভাৰতৰ বিভিন্ন ঠাই ঘূৰি আহি বৰদোৱাত প্রথমবাৰৰ বাবে ফাকুৱা উৎসৱ পালন কৰে ৷ অসমত নৱবৈষৱ ধর্ম প্রচাৰৰ কালছোৱাত মহাপুৰুষজনাই এই উৎসৱৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোকক একত্রিত কৰাৰ চেষ্টা কৰিছিল ৷ অসমৰ ভিন্ন সত্রসমূহত এতিয়াও অতি আনন্দ–উল্লাসেৰে এই উৎসৱ আয়োজন কৰা দেখা যায় ৷ লোককৃষ্টিৰ সমন্বয়েৰে বৰপেটাত তিনিদিনীয়া আৰু পাঁচদিনীয়াকৈ এই দৌলোৎসৱ পালন কৰে ৷ পূর্ণিমাৰ আগদিনা মেষ দাহ পর্বৰে দৌলোৎসৱ আৰম্ভ কৰা হয় আৰু শেষৰ দিনা দৌলগোবিন্দক সিংহাসনত তুলি ভক্তিপ্রাণ ৰাইজে হর্ষোল্লাসেৰে শোভাযাত্রা কৰে ৷
দৌলোৎসৱৰ লগত ফাকুৱাৰ এক নিবিড় সম্পর্ক আছে ৷ বৈষৱ বিশ্বাস অনুসৰি ফাগুন মাহৰ পূর্ণিমা তিথিত শ্রীকৃষ্ণই গোপীসকলৰ সৈতে বৃন্দাবনত ৰঙৰ খেলা খেলিছিল আৰু তাৰ পৰাই দৌলোৎসৱৰ উৎপত্তি হয় ৷ আনহাতে ফাগুন মাহৰ পূর্ণিমা তিথিত শ্রীকৃষই গোপীসকলৰ সৈতে কৰা ৰঙৰ খেলাৰ বাবেই সেই পূর্ণিমা তিথিটোক দৌল পূর্ণিমা বা ফল্গু পূর্ণিমা বুলিও জনা যায় ৷
এই ফাকুৱা বা হোলী উৎসৱৰ আবিৰে যিদৰে সকলোৰে জীৱনলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনে, ঠিক সেইদৰে এই উৎসৱৰ লগত জড়িত বিভিন্ন গীত–মাতে জনগণৰ মন আনন্দ মতলীয়া কৰি তোলে ৷
ৰংগে ফাগু খেলে চৈতন্য বনমালা
দুই হাতে ফাগুৰ গুন্দা সিঞ্চন্ত মূৰাৰী ৷ কীর্তন ঘোষা
কেৱল ব্রজাৱলী ভাষাতে নহয়, বিভিন্ন ভাষাত ফাকুৱা বা হোলীৰ গীত জনমানসৰ মাজত প্রচলিত হৈ থকা দেখা যায় ৷ এই ফাকুৱা বা হোলীৰ পৰম্পৰা আজিও একেদৰে অক্ষুণ্ণ হৈ আছে ৷
সময় গতিশীল ৷ সময়ৰ পৰিৱর্তনৰ লগে লগে এই উৎসৱৰ ইতিবাচক দিশৰ লগতে কিছু কিছু নেতিবাচক দিশো দেখিবলৈ পোৱা গৈছে ৷ আগৰ দিনত ফাকুৱাত ব্যৱহাৰ কৰা আবিৰসমূহ গছৰ পাত, ফল, ফুল, গুটি, শিপা আদিৰ পৰা তৈয়াৰ কৰা হৈছিল ৷ তাৰ বাবে বিশেষকৈ অপৰাজিতা ফুল, জেতুকা, জবা ফুল অতি প্রয়োজনীয় আছিল ৷ সেই আবিৰবোৰ ঔষধি গুণসম্পন্ন হোৱাৰ বাবে ছালৰ ৰোগ থাকিলেও নিৰাময় কৰিছিল ৷ কিন্তু আজিকালি ফাকুৱাত ব্যৱহাৰ কৰা ৰং বা আবিৰসমূহ ৰাসায়নিকভাৱে প্রস্তুত কৰাৰ বাবে বিভিন্ন ধৰণৰ পদার্থ মিহলি কৰা দেখা যায়, যিবোৰ মানুহৰ শৰীৰৰ বাবে উপকাৰী নহয় ৷ বৰঞ্চ ই মানুহৰ বহু পৰিমাণে ক্ষতি কৰিব পাৰে ৷ ই ছালৰ সহায়ত মানুহৰ দেহত প্রৱেশ কৰি মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে ৷ সেয়েহে ফাকুৱা খেলোতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে ৷ পৰাপক্ষত মুকলিকৈ বিক্রী হোৱা ফাকুৱা গুড়ি ব্যৱহাৰ নকৰাই ভাল ৷ আৰু এনে কিছুমান লোক থাকে যিয়ে এই ফাকুৱাত ৰং বা আবিৰ সানিবলৈ ইচ্ছুক নহয় ৷ সেয়া বিভিন্ন কাৰণত হব পাৰে ৷ সেয়ে বলপূর্বকভাৱে কাকো ৰং সানিবলৈ বাধ্য কৰাব নালাগে ৷
পৰিৱর্তনশীল উৎসৱৰ ধামখুমিয়াত ফাকুৱাৰো আধ্যাত্মিক দিশৰ তুলনাত বাহ্যিক দিশত বেছি গুৰুত্ব আৰোপ কৰা যেন অনুভৱ হয় ৷ যি লক্ষ্য–উদ্দেশ্য আগত ৰাখি অতীজৰে পৰা ফাকুৱা পালন কৰি অহা হৈছে, তাৰ ওপৰত প্রভাৱ নপৰাকৈ আধুনিক ৰূপ ললে ফাকুৱাৰ আধ্যাত্মিক দিশৰ হীন–ডেঢ়ি নহব ৷ সেইখিনি আমাৰ কৰণীয় ৷ ফাকুৱা ৰঙৰ উৎসৱ ৷ ফাকুৱা আমাৰ সকলোৰে জীৱনলৈ আনন্দ–স্ফূর্তি কঢ়িয়াই আনক ৷ বর্তমান কভিডৰ যি ভয়াৱহ পৰিস্থিতি, ইয়াৰ ফলত চাৰিওফালে মানুহৰ মনত কেৱল ভয়–শংকা আৰু নেতিবাচক চিন্তাবোৰেই মনলৈ আহে ৷ তথাপি আমি আশাবাদী ৷ ফাগুনৰ এই সময়খিনিয়ে যাতে আমাৰ সকলোৰে জীৱনলৈ সুখ–শান্তি আনন্দ ঘূৰাই আনে ৷ সকলোৱে সাৱধানতা অৱলম্বন কৰি ৰঙৰ উৎসৱ হোলী বা ফাকুৱা আনন্দ মনেৰে উদ্যাপন কৰক ৷ আৰু ফাকুৱাৰ এই সময়ছোৱাৰ পৰাই আমাৰ মনত থকা ভয়–শংকা–চিন্তা আদিবোৰ আঁতৰ হওক ৷ আহক ফাকুৱাৰ ৰংবোৰে ৰঙীন কৰি এক ভাল দিন আৰু ভাল সময়ৰ কামনা কৰোঁ ৷ সকলোৰে মনত নতুন আশাৰ সঞ্চাৰ হওক ৷ ফাকুৱা বা হোলীৰ এই আবিৰবোৰে সকলোৰে জীৱন ৰঙীন আৰু মধুৰ কৰি তোলক ৷
ফোন : ৮৪৮৬৫-৪২৭৪০