বালিঘৰ

চন্দামিতা শর্মা

চচপেনটোত উতলি থকা ডাঠ গাখীৰখিনিত দুচামুচ চাহপাত দি, ক্রমাৎ ৰং সলনি হবলৈ ধৰা মিশ্রণখিনিলৈ একেথৰে চাই ৰল তাই ৷ ওফন্দি অহা মিশ্রণখিনিত সৰু চামুচ এখনেৰ আগেৰে অকণমান হলাচিগুডি দি পুনৰ উতলিব দিলে ৷

মলমলীয়া গোন্ধটো বুকুলৈকে উজাই অনাৰ লগে সন্তুষ্টিৰ হাঁহি এটাও তাহৰ ওঁঠত ঢৌ খেলি গল ৷

প্রীতমদাই নিশ্চয় ভাল পাব কথাখিনি মনতে ভাবি মগটোত গৰমে গৰমে চাহকাপ বাকিলে ৷ সুগন্ধি ওলাই থকা চাহকাপ, ট্ৰে এখনত উঠাই লৈ এখন প্লেটত কেক দুটুকুৰা আৰু কেইটামান ভজা কাজুৰে সজাই খৰখোজেৰে প্রীত থকা ৰুমটোলৈ আগবাঢ়িল ৷

আস্, একেবাৰে স্পেচিয়ে ! ও নহয় ছুপাৰ স্পেচিয়ে ! লাজৱা ! ৷ চাহকাপত এশোহা মাৰিয়েই লেপটপৰ স্ক্রীনৰ পৰা চকু আঁতৰাই তাইৰ ফালে চাহ কোৱা কথাত এক অবুজ শিহৰণ মূৰৰ পৰা ভৰিলৈকে পাৰ হৈ গল ৷

কি হৈছে তাইৰ কিয় এনে অনুভৱ কিয় মনটো হমান উগুল–থূগুল

কি অ ৷ কি হল থৰ লাগিলা যে প্রীতম ওৰফে প্রীতৰ কথাত তাই উচাপ খাই উঠিল ৷

নাই নাই একো হোৱা নাই ! মানে দুপৰীয়াৰ সাঁজৰ কথা ভাবি আছেছা, কি ৰান্ধিম ৷ তাই কোনোমতে সেপঢুকি উত্তৰ দিলে ৷

ছিঃ অনবৰতে যে কি ভাবি থাকোঁ নহয !

প্রীতমদাই বাৰু কিবা গম পালে নেকি তাই নকয় আগতে ৷ কিয় সিদিনাখন চোৱা চিনেমাখনত দেখোন হিৰোজনে কি ধুনীয়াকৈ আঁঠু কাঢ়ি লৈ এথোপা ফুলেৰে হিৰোইনজনীক মনৰ কথা কৈছি !

কি হল কি ভাবিলা পিছে খালী কাপটো তাইৰ ফালে আগবঢ়াই দি প্রীতমে সুধিলে ৷

কি ভাবিলো মানে তাই লাজ লাজকৈ তলমূৰকৈ সুধিলে ৷

ওই গড্ ৷ লান্সত কি খাবলৈ পাম প্লীজ মচমচীয়া বেঙেনাৰ বৰ হা ৷ চকীখনৰ পৰা তাইৰ ফালে অলপ হাওলি কোৱা তাৰ কথাখিনিত তাইৰ দেহৰ মাজেৰে এক বিদ্যুৎবেগেৰে এক অনামী শিহৰণ পাৰ হৈ গল !

ইমান মায়া লগা সময! বাৰে বাৰে আহক এনে সময় !

কোনোমতে নিজকে সামৰি তাই ট্ৰেখন হাতত লৈ ৰুমটোৰ পৰা ওলাই গল ৷

বেঙেনা কিমানকৈ দিছে ৷ চকচকীয়া বেঙেনাকেইটা হাতেৰে পিটিকি পিটিকি তাই সুধিলে ৷

সেইবোৰ নালাগে নেকি ৷ দেখাতহে চকচকীয়া ৷ ভিতৰত পোক থাকে ৷ এইকেইটা লোৱা ৷ বেঙেনাকেইটা পুৰি মিঠাতেল, জলকীয়া আৰু কাটি লোৱা ধনিয়া সানি খাবলৈ বৰ ভাল ৷ কেইটামান ভাঁজ লগা অলপ লেৰেলা ধৰণৰ, বেঙেনা কেইটামান তাইক দেখাই দি দোকানীজনে কলে ৷ তাইৰ টিঙিচকৈ খং উঠিল ৷ এনে উপদেশ দিব আহিে ! বেলেগৰ তাত বিক্রী কৰিব নোৱাৰি তাইক ফুচুলাইছে ৷ ভালকৈ জনা আছে ইহঁতক !

সেইবোৰ নালাগে ৷ চকচকীয়াকেইটা দিয়ক ৷

প্রীতদাই যে ইমান ভাল পায় তাইৰ হাতৰ ভজা বেঙেনাৰ মচমচীয়া বৰকেইটা তাই মনতে ভাবিলে ৷ পইচাকেইটা দি তাই খৰধৰকৈ ৰাস্তাটো পাৰ হল ৷ এনেয়ো তাই এই দোকানীজনক চকুপাৰি দেখিব নোৱাৰে ৷

তাইৰ ফালে যে কেনেকৈ চাই থাকে !  গেলামালৰ সৰু দোকানখনৰ লগত এখন তৰকাৰীৰ দোকানো দি লৈছে ৷

বৰ ভাল লৰা ৷ বহুত কষ্ট কৰি এইখিনি অৱস্থা পাইছে ৷ ইমান নিষ্ঠাৱান লৰা ৷ তোক আজি চিনাকি কৰাই দিলোঁ ৷ সৰুসুৰা বস্তুসমূহ ইয়াৰ পৰা নিবি ৷

প্রায় এবছৰমান আগতে বাইদেউৱে চিনাকি কৰাই দিছিল দোকানীজনৰ লগত ৷ তেতিয়াৰ পৰাই এহখনৰ পৰা হঠাতে প্রয়োজন হোৱা বস্তু কিছুমান আনে ৷ বাইদেউৰ মতে দোকানীজন বৰ পৰিশ্রমী, ভাল লৰা হেনে ! জানো কি বা ভা ! কি যে সাধাৰণ কাপোৰ পিন্ধি থাকে !

সৌ সিদিনাৰ ঘটনাটে !

সিদিনাখন তাই যে প্রীতদাৰ বাবে পায়স বনাবলৈ লওঁতে, ঘৰত ইলাচিৰ টেমাটো খালী দেখা পাই, দৌৰ মাৰি হলাচিৰ পেকেট নিব আহিছিল, সিদিনাখনৰ ঘটনাটে! তাই যে পইচা দিবলৈ আগবঢ়োৱা হাতখনত দোকানৰ সন্মুখত ৰৈ কিবা বস্তু কিনি থকা মানুহ এজনে যে ইচ্ছাকৃতভাৱে তেওঁৰো হাতখন লগাই দিছিল আৰু তাকে দেখা পাই যে সি যে চিঞৰি কৈছিল অলপ পিছত যাওক বুলি ৷ এনে তাইৰ অভিভাৱক ওলাবলৈ আহিে !

ভোৰভোৰাই ভোৰভোৰাই তাই আহি ঘৰ সোমাল ৷

বুমন, আজি কি কি গেম খেলিলা৷ ডাইনিং টেবুলত বহি মচমচীয়াকৈ ভজা বেঙেনাৰ বৰৰ ওপৰত অকণমান চাট মচলা ছটিয়াই দি, তাৰে এটুকুৰা মুখত ভৰাই প্রীতমে মাহীয়েকৰ লৰা বুমনক সুধিলে ৷

আজি অনলি টু গেম৷ এই মণিবাজনী আকৌ মাতকৈও এখোপ চৰা৷ খালী পঢ়া  আৰু পঢ়া ৷ মা আহিলে চব কৈ দিয়ে ৷ বেছি ওস্তাদ ৷ তাইৰ ফালে চাই মুখ বিকটাই সাত বছৰীয়া বুমনে কৈ উঠিল ৷

কিয় নকম তোমাৰ মায়ে দেখোন সময়ে নাপায়, কিমান ব্যস্ত থাকে৷ গতিকে মহ চাব লাগিবই ৷ এতিয়া ধুনীয়াকৈ ভাতখিনি ফিনিছ কৰা ৷ আবেলি মই পার্কত নিম দেই ৷ বুমনক মাছৰ কাঁইট বাছি বাছি অকণ অকণকৈ খুৱাই তাই কৈ উঠিল ৷

তুমি নোখোৱা তাই ৰন্ধা বিলাহী আৰু সৰহকৈ পিঁয়াজ দি ৰন্ধা মাছৰ জোলখনেৰে বাচমতি চাউলৰ ভাত সানি সানি প্রীতমে সুধিলে ৷

নাহ বাইদেউ আহিলে খাম ৷ চাৰিটাত পাব আহি ৷ বুমনে খাই উঠাৰ পিছত তাৰ কাঁহীখন ধুবলৈ উঠাই লৈ যাব ওলায়ো তাই ৰৈ গল ৷

ইমান মৰমসনা কথ !

মাক নোহোৱাৰ পিছত খিংখিঙীয়া হৈ উঠা বাপেকৰ পৰা তাইতো এষাৰো ভাল মাত নাপালে ৷ তাইৰ ভাগ্য ভাল ! নহলেনো বাইদেউৰ অফিচৰ পিয়ন, তাইৰ গাঁৱৰে নগেন খুৰাই তাইক আনি বাইদেউৰ ঘৰত থৈ নগলে, ইমান দিনে তাই কি অৱস্থাত থাকিব লাগিলহেঁতেন, সেয়া মাথোঁ ঈশ্বৰেহে জানে ৷ ছাৰ দেখোন মাহটোৰ সৰহদিন ঘৰৰ বাহিৰতে থাকে, লগত পুলিচ থকা ইমান ডাঙৰ অফিচাৰ ৷ বাইদেউৱেও বহুত ডাঙৰ চাকৰি কৰে ৷ কিবা এ চি এছ অফিচা !

সেয়েহে তাই অহাৰ পিছত ঘৰৰ সমস্ত দায়িত্ব তাইৰ ওপৰতে! আনকি বুমনক ড্রাইভাৰ খুৰাৰ লগত সুক্ললৈ অনা–নিয়াৰ দায়িত্বও ৷

বাহদেউৱে যে তাইক ইমান মৰম কে! কিমান যে হৰেকৰকমৰ কাপোৰ, হৰেকৰকমৰ ঘঁহা–পিহা বস্তু আনি দিয়ে ৷

তাহৰ হঠাতে হাঁহি উঠি গল ৷ সেইবাৰ পূজাত গাঁৱলৈ যাওঁতে লগৰবোৰে তাইৰ কাপোৰ, বেগ, লিপ্ষ্টিক আদি সকলো কেনেকৈ যে পিটিকি পিটিকি চাহছি!

কি হল হাঁহিলা যে প্রীতমৰ কথাত তাই উচাপ খাই উঠিল ৷

আবেলি একাপ তোমাৰ সেই স্পেচিয়েল চাহ এ খুৱাবা দেই ৷ বাই দ্য ৱে, তোমাৰ চুলিকোছা বৰ ধুনীয়া ৷ ডাইনিং টেবুলৰ পৰা কাঁহীবোৰ সামৰি ধুবলৈ নিয়া তাইৰ ওচৰত অকণমান হাওলি সি  ইংগিতপূর্ণভাৱে কোৱা কথাখিনিত তাই পুলকিত হৈ উঠিল ৷

ইমান মায়ালগা কথ ! আস্, তাহৰচোন বুকুখন কিবা ভাবত উখল–মাখল লাগিছে !

বেছিনত কোনোমতে বাচনখিনি থৈ হাতখন ধুই আলফুলকৈ ছেম্পু কৰা দীঘল চুলিখিনিত হাত বুলালে ৷ তাইৰ নিজৰে কিবা সাংঘাতিক মোহ উপজিল, চুলিকোছাৰ ওপৰত৷

সঁচাকৈয়ে তাহৰ চুলিটাৰি হমান ধুনীয়াে! কত সামৰে এতিয়া হমান ভাল লগা কথাবো!

মাহী, আজিৰ দিনটো কেনেকুৱা গল চাৰিটা বজাত আহি ৰুটী–ভাজি খাহ ড্রয়িংৰুমত অলপ আৰামেৰে বহা মাহীয়েকৰ লগত একেলগে বহি থকা প্রীতমে সুধিলে৷

নকবা আৰু, আজি মিটিং এখন থকাৰ বাবেহে অলপ সোনকালে ঘৰ সোমাহছোঁ৷ নহলে কত এহ চাৰিটাত মহ লাকী জানানে, মণিক যে বিচাৰি পালোঁ৷ বুমনকো তায়ে চম্ভালি আছে৷ মহাৰৰ ড্রেন্সফাৰৰ কথা চলি আছে, হয়ালৈ অহাৰ বাবে৷

বুমন অকণমান ডাঙৰ হলে চিন্তা অলপ কমিব৷ এহক পিছে মহ যাবলৈ নিদিওঁ৷ হয়াৰ পৰাহ বিয়াখন পাতি দিম৷ পিছে তোমাৰ প্রেজেনটেচনৰ কাম কিমান আগবািিছে বাহদেউৱেকে কোৱা কথাখিনিত তাহৰ প্রশংসা শুনি বুকুখন গর্বত ওফন্দি উঠিল৷ বুকুখন গর্বত ওফন্দি উঠিল৷

বিয়!

তাইৰ বিয়! টোপনিৰ পৰা সাৰ পাই উঠা বুমনৰ লগত ড্রয়িংৰুমতে খেলি থকা তাইলৈ চাই চাই কোৱা কথাখিনিত তাই লাজতে তলমূৰ কৰিলে ৷

মাহী প্রায় কমপ্লিট ৷ পৰহিলৈ ছাবমিট কৰিব পাৰিম ৷ এইকেইটা দিন তোমাৰ ঘৰত থাকি বৰ ভাল লাগিল ৷ মই বা নেক্সট অহালৈ মণি থাকে নে বা নাথাকে ৷ বিয়া হৈ গলে পিছত ইয়ালৈ আহিলে সোৱাদলগা খানা মিছ কৰিম ৷

প্রীতমৰ কথাত তাই উচাপ খাই উঠিল ৷ মিছ কৰা মাে !

নেক্সট টাইম মানে তাই দেখোন তাৰেই ! মাহীয়েকৰ আগত চাগে কবলৈ লাজ পাইছে !

মাহীয়েক ওলাই পিছত দেখোন তাইৰ প্রশংসা কৰি তত নাপায় !

ইটো খাম, সিটো খাম বুলি দেখোন অনবৰতে ফৰমাইচ ৷ লগতে চান্স বুজিয়েনে গম নোপোৱাকৈ তাইৰ হাতৰ আঙুলিত যে তাৰ হাতৰ স্পর্শবোৰ !

সেইবোৰ কি মিছা নেকি তাইৰ দেখোন পাগল পাগল লাগি যায !

তাইৰ দেহৰ কোঁহে কোঁহে যে অনামী শিহৰণ জাগি উঠে, সেইবোৰতো মিছা নহয! কিমান যত্ন কৰি তাৰ পছন্দ মতে ৰান্ধি আছে ৷

বিয়াৰ পিছত তাক যে কিমান ধুনীয়াকৈ ৰান্ধি খুৱাব নহয় !

বাপৰে বহুত খালোঁ দেহ ৷ বৰ সোৱাদ হৈছে ন মাহী ৷ শেষগৰাই ভাত মুখত সুমুৱাই প্রীতমে কোৱা কথাখিনিয়ে তাইৰ কাণত মৌ বৰষিলে ৷

তুমিতো এতিয়া চাগে আৰু প্রেজেনটেচনৰ কাম কৰিবা ৷ মই শুবলৈ যাওঁ দেহ, দিনটো বিভিন্ন মিটিঙত ব্যস্ত থাকি একদম ভাগৰি পৰিছোঁ জানানে ৷ মণি, বুমন টোপনি গল নহয় ৷

মাহীয়েকে শোৱনিকোঠাত সোমোৱাৰ লগে লগে প্রীতমে তাইৰ কাষলৈ আহি কলে, তোমাৰ কাম হোৱাৰ পিছত একাপ কফি দিবা দেহ ৰুমত ৷ হংগিতপূর্ণভাৱে কৈ যোৱা তাৰ কথাত তাই থৰ হৈ গল ৷ তাই যেন উশাহ লবলৈও পাহৰি গল !

কেনে কথা এইষাৰ !

মৰমৰ

নে অইন কিব !

কাঁহীৰ ভাতকেইটা নোখোৱাকৈ পেট ভৰা যেন লাগিল ৷ কাঁহীখন ঢাকনি এখনেৰে ঢাকি থলে ৷ পিছত খাব ৷ মনৰ মানুহজনৰ মৰমৰ চাৱনিৰে ভৰা তাইৰ মন আৰু পেট ৷ ভোক নাই পেটত ৷ কোনোমতে পাকঘৰৰ কাম সামৰি, কফি একাপৰ বাবে গাখীৰখিনি তপতাবলৈ লাগিল ৷ জোখত চেনি আৰু কফি পাউডাৰ মিহলাই কফিখিনি কফি মাগটোত আলফুলকৈ বাকি ট্ৰেখন লৈ প্রীতম থকা ৰুমটোৰ পিনে আগবাঢ়িল ৷

মনেৰে, আৱেগেৰে ৷

এনেয়ে বন্ধ কৰি থোৱা দুৱাৰখন খুলিবলৈ লৈ ৰৈ গল ৷

তাই সঁচাকৈয়ে প্রীতমৰ মাত শুনিছেনে

এই চাৰি দিন বঢ়িয়াকৈ গৈছে বুজিছ ৷ মাহীৰ তাত এজনী বনকৰা ছোৱালী মানে এই আয়া টাইপ এজনী আছে ও ৷ তাহক বঢ়িয়াকৈ পতাই খাই আছোঁ ৷ বঢ়িয়া ৰান্ধেও ৷ তই জানই দেখোন মোৰ খোৱাত কেনে চ ! অলপ তেল মাৰিছোঁ আৰু দেচোন ৷ ভিকহুৰ ঘৰৰ ছোৱালী ৷ আকাশত চাং পাতি আছে ! হাঃ হাঃ ৷ মাহী কেতিয়াবাই শুবলৈ গৈছে ৷ আজি ফাইনেল চান্সটো লম বুলি ভাবিছোঁ ৷  চাওঁ কি হয় ৷ অলপ এনজয়মেণ্ট ৷ হাঃ হাঃ ৷ হুলস্থূল কৰিব নালাগে হিচাপমতে ৷

তাই দুৱাৰৰ মুখত থৰ হৈ ৰল ৷

কি শুনিছে এইবোৰ

কাণ দুখন প্রচণ্ড বজ্রপাতৰ শব্দত তাল মাৰি ধৰা যেন অনুভৱ হল ৷

নোৱাৰে আৰু শুনিব তাই!

ভৰি দুখন যেন শিলৰ শিকলিৰেহে বান্ধি পেলাে !

ভিতৰৰ পৰা তেতিয়াও ভাহি আহিছিল প্রীতমৰ কাৰোবাৰ লগত ফোনত হোৱা কথা–বতৰা ৷

কোনোমতে নপৰাকৈ থাকি, ট্ৰেখনত জোৰেৰে খামুচি ধৰিলে তাই ৷

বুকুভেদি ওলাই আহিব খোজা কান্দোনটো সামৰি তাই পুনৰ পাকঘৰলৈ উভতিল ৷ কফি কাপটোত থকা কফিখিনি লাহে লাহে বেছিনত ঢালি কাপটো যিমান পাৰে সিমান জোৰকৈ ঘঁহি ঘঁহি ঢুলে ৷

লাহে লাহে তাই টেবুলত অলপ আগেয়ে ঢাকনি দি থোৱা ভাতৰ কাঁহীখনৰ পৰা ঢাকনিখন গুচালে ৷ ভাতকেইটাৰ কাষতে থকা চিকচিকীয়া বেঙেনা গোল গোলকৈ কাটি বেচনেৰে লেটিয়াই তেলত ডুবাই ভজা বৰকেইটা দেখিয়েই তাইৰ ওকালি আহিল ৷

বহুদিনৰ মূৰত তাইৰ পোৰা বেঙেনাৰ লগত মিঠাতেল অকণ, কেঁচা জলকীয়া আৰু সতেজ ধনিয়াপাত সানি প্রস্তুত কৰা পিটিকাৰ সৈতে এসাঁজ ভাত খাবলৈ মন গল ৷

ফোনঃ  ৯৮৬৪১-৪৭৭৮৯

You might also like

Comments are closed, but trackbacks and pingbacks are open.