ফল্গুৎসৱত প্রাকৃতিক ৰঙৰ পয়োভৰ

ডঃ মীন্তি গগৈ 

ধৰিত্রীৰ বুকুত ঋতুচক্রৰ পৰিৱর্তনৰ সতে বিভিন্ন ধৰণৰ উৎসৱৰ আয়োজন কৰা হয় ৷ হিমশীতল শীতৰ পৰিসমাপ্তিত ফাগুন মাহত সেউজীয়া প্রকৃতিৰাণী ঋতুৰাজ বসন্তৰ আগমন আনন্দত নাচি উঠি যেন ৰঙা, নীলা, হালধীয়া ভিন্ন ৰঙৰ ফুলেৰে সুশোভিত হৈ পৰে ৷ জনশ্রুতি মতে, অতীজত জগতগুৰু শ্রীকৃষই তেজোদ্দীপ্ত পলাশ, মদাৰ, শিমলুৰ ৰঙীন আৱেশত হূদয় প্রমোদিত কৰা প্রকৃতিৰ ৰূপলাৱণ্যত ভোল গৈ ৰাধাৰ সৈতে ৰং খেলিছিল কোনো এক  ফাগুন মাহৰ পূর্ণিমা তিথিত ৷ তেতিয়াৰ পৰাই আজিকোপতি উক্ত পৰম্পৰাক জীয়াই ৰখাৰ মানসেৰে ভাৰতীয় সংসৃক্তিৰ ধর্মীয় ভাৱেৰে উদ্বুদ্ধ প্রতিজন লোকেই পৰস্পৰৰ গাত প্রকৃতি ৰাজ্যৰ পৰা নিষ্কাশিত কিছুমান ৰং ছটিয়াই ফল্গুৎসৱৰ আনন্দ উদ্যাপন কৰি আহিছিল ৷ সময়ৰ পৰিৱর্তনৰ লগত যিহেতু মানুহৰ পুৰণি পৰম্পৰাৰ পৰিৱর্তন ঘটে, ১৮৫৬ চনত ৰসায়ন বিজ্ঞানী ছাৰ উহলিয়াম হেনৰী পাৰকিনে প্রথমবাৰৰ বাবে কৃত্রিম ৰং আৱিষ্কাৰ কৰাৰ লগে লগে মানুহে প্রকৃতি জগতৰ পৰা আহৰণ কৰিব পৰা ৰঙৰ পৰিৱর্তে সহজলভ্য কৃত্রিম ৰং ব্যৱহাৰ কৰিবলৈ ললে ৷

সম্প্রতি ব্যৱসায়িক মুনাফা আদায়ৰ বাবে বিভিন্ন ধৰণৰ উদ্যোগসমূহে  ফাকুৱা উৎসৱৰ আগে আগে যিবোৰ কৃত্রিম ৰং প্রস্তুত কৰি বজাৰলৈ উলিয়াই দিয়ে, সেইবিলাকত অতি মাৰাত্মক কিছুমান ৰাসায়নিক পদার্থ মিহলি কৰি প্রস্তুত কৰা হয় ৷ তেনে ধৰণৰ অতি উগ্র প্রকৃতিৰ ৰংবোৰৰ লগত কিছুমান মানৱ দেহৰ বাবে অতি অনিষ্টকাৰী দ্রব্য যেনেৰঙা ৰঙৰ লগত এনিলিন, হালধীয়া ৰঙৰ লগত মেটানিল, সেউজীয়া ৰঙৰ লগত মেলাছাহট, নীলা ৰঙৰ লগত মিথালিন, বেঙুনীয়া ৰঙৰ লগত মিথালিন ভায়েলেট ইত্যাদি মিহলি কৰি প্রস্তুত কৰা হয় ৷ সেইদৰে  পনীয়া ৰংসমূহতো  লীড, মাকার্ৰি, ছালফাহডজাতীয় ৰাসায়নিক পদার্থ সংপৃক্ত হৈ থাকে৷ ফল্গুৎসৱৰ উক্ত ৰংবোৰ ব্যৱহাৰ কৰিলে এনে মাৰাত্মক দ্রব্যবোৰ মুহূর্ততে মানুহৰ দেহত বিশেষকৈ শিশুৰ দেহত প্রৱেশ কৰি শৰীৰৰ নাক, কাণ, চকু, ছাল ইত্যাদিৰ উপৰি শ্বাসপ্রশ্বাস প্রক্রিয়াৰ যোগেদি হূদপিণ্ডৰ অধিক ক্ষতি কৰিব পাৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে এনে কৃত্রিম ৰংবোৰ অত্যন্ত ক্ষতিকাৰক বুলি মত পোষণ কৰাৰ পৰিপ্রেক্ষিতত বর্তমান উক্ত ৰংবোৰৰ পৰিপূৰক হিচাপে বিদেশৰ বহু ব্যৱসায়িক প্রতিষ্ঠানৰ লগতে  ভাৰতবর্ষৰ  লক্ষ্ণৌস্থিত নেচনেল বটানিকেল ৰিছার্চ ইনষ্টিটিউতে ৫০বিধ প্রাকৃতিক ৰং উৎপাদন কৰি বিপণনৰ ব্যৱস্থা কৰিছে যদিও সেয়া আমাৰ সকলোৰে প্রয়োজনীয়তা পূৰাব পৰাকৈ পর্যাপ্ত নহয় ৷ গৱেষণাভিত্তিক তথ্যমতে উদ্ভিদ কোষৰ ভঁৰাল হিচাপে স্বীকৃত অসমৰ বনাঞ্চলত প্রাকৃতিক ৰং সৃষ্টি কৰিব পৰা ৫০০বিধ উদ্ভিদৰ ভিতৰৰ অধিকাংশই অর্থাৎ ২৫৬বিধ উদ্ভিদ পোৱা যায় ৷ উক্ত উদ্ভিদবোৰৰ ছাল, পাত, ফুল, ফল, শিপা ইত্যাদিৰ পৰা অতি সহজ পদ্ধতিৰে প্রাকৃতিক ৰং প্রস্তুত কৰি লব পৰা যায় ৷ ফাকুৱা উৎসৱত ব্যৱহাৰ কৰা ৰংবোৰৰ স্থায়িত্ব ৰক্ষাৰ কথা যিহেতু নাহে, সেইবাবে তাত কোনো ধৰণৰ ৰংবর্ধক ব্যৱহাৰৰ প্রয়োজন নহয় ৷ গৱেষণালব্ধ তথ্যৰ ভিত্তিত প্রমাণিত ফাকুৱা উৎসৱৰ বাবে প্রাকৃতিক ৰং তৈয়াৰ কৰিব পৰা কেইবিধমান অতি সহজলভ্য উদ্ভিদজাত উৎস আৰু ইয়াৰ উৎপাদন প্রণালী তলত উল্লেখ কৰা হল

ৰঙা ৰং

ৰঙা ৰং সৃষ্টি কৰিব পৰা আটাহতকৈ সহজলভ্য গছকেইবিধ হল মাজাঠী গছ, পলাশ গছৰ ছাল, ৰঙা জবা ফুল, আঁচু গছৰ শিপা, সোণাৰু গছৰ ছাল, স্বর্ণক্রান্তি ফুল, ৰঙা চন্দন কাঠ, বিলাহী, গাজৰ ইত্যাদি ৰঙা ৰঞ্জক পদার্থযুক্ত উদ্ভিদ ৷

নীলা ৰং

নীলা ৰং সৃষ্টিকাৰী সহজলভ্য উদ্ভিদজাত উৎস হল নীল গছ অথবা ৰম গছৰ পাত, নীলা জবা ফুল আৰু মেপল গছ ইত্যাদি ৷ পৃথিৱী বিখ্যাত  ইণ্ডিগ ( Indigo) অর্থাৎ ডাঠ নীলা ৰং ৰম গছৰ পাত শীতলীকৰণ পদ্ধতিৰ যোগেদি প্রস্তুত কৰিব পৰা যায় ৷

হালধীয়া ৰং

হালধীয়া ৰঙৰ প্রধান উদ্ভিদ উৎসবোৰ হল হালধি গছৰ কণ্ড, শেৱালি ফুলৰ পাহি, বহত গছৰ ছাল, তিতাচপা, নার্জি ফুল, জিনিয়া ফুল, হালধীয়া হন্দ্রমালতী ইত্যাদি ৷ আমি ঘৰত খাবলৈ অনা হালধি ৩/৪ চামুচ ৫ কাপ আটা বা ময়দাৰ লগত মিহলাই হালধীয়া ৰঙৰ ফাকুগুড়ি পাউডাৰ তৈয়াৰ কৰি লব পাৰোঁ ৷ সেইদৰে এক দুই চামুচ হালধি পৰিষ্কাৰ পানীৰ লগত মিহলাই পনীয়া হালধীয়া ৰঙৰ গোলাল প্রস্তুত কৰি লব পৰা যায় ৷ 

সেউজীয়া ৰং

সেউজীয়া ৰঙৰ প্রধান উদ্ভিদ উৎসবোৰ হল কেহেৰাজ গছ, বটলব্রাচ গছৰ পাত, অমিতা গছৰ পাত, নৰসিংহ পাত, চজিনাপাত, আকাশীলতা, ধঁতুৰা গছৰ পাত, ঘেঁহু গছ, কৃষচূড়া গছৰ পাত, লাহ, পালেং, ধনিয়া, ভেদাইলতা, বিভিন্ন প্রকাৰৰ শেলাহৰ পৰাও সেউজীয়া ৰং নিষ্কাশন কৰিব পৰা যায় ৷

সুমথিৰা ৰং 

সুমথিৰাৰঙী প্রাকৃতিক ৰং সৃষ্টি কৰিব পৰা প্রধান উৎসবোৰ হল ফাকু গুটি নাইবা এনাট গুটি, জেতুকা, ডালিয়া ফুল, কদম গছৰ গুটি, চেফৰন গুটি ইত্যাদি ৷ উপৰিউক্ত উৎসসমূহৰ পৰা পনীয় পদ্ধতিৰে উৎপাদিত ৰঙৰ লগত কিছু পৰিমাণে প্রায় দুচামুচ হালধি মিহলাই অতি সুন্দৰ সুমথিৰা ৰঙৰ দ্রৱণ প্রস্তুত কৰি লব পৰা যায় ৷ এনে ৰঙৰ লগত আটা গুডি মিহলাই শুকোৱাই ললে সুন্দৰ সুমথিৰাৰঙী ফাকুৰ ৰং প্রস্তুত কৰিব পৰা যায় ৷ 

মেজেণ্টা ৰং 

অসমত  ফাকুৱা  উৎসৱৰ বাবে মেজেণ্টা  ৰং সৃষ্টি  কৰিব পৰা মূল উৎসবিধ হল জাৰকালি বজাৰত উপলব্ধ বীট নামৰ ৰঙা ৰঞ্জক পদার্থযুক্ত পাচলি ৷ বীট এটা সৰু সৰুকৈ কাটি মিক্সিত গুড়ি কৰি তাৰ লগত আটা বা ময়দা মিহলাই ৰদত শুকোৱাহ  সুন্দৰ  মেজেণ্টা ৰঙৰ ফাকু গুড়ি ৰং তৈয়াৰ কৰিব পৰা যায় ৷ সেইদৰে বীটৰ টুকুৰা কেইটামান তিনি চাৰি ঘণ্টা  পানীত তিয়াই ৰাখি তাৰ পৰা উজ্জ্বল মেজেণ্ঢা ৰঙৰ পনীয় গোলাল প্রস্তুত কৰিব পৰা যায় ৷ তদুপৰি পিঁয়াজৰ বাকলি, কাঞ্চন ফুল ইত্যাদি ৰঙীন অংশসমূহ  গৰম পানীত উতলাই ঠাণ্ডা কৰি তাৰ পৰা মেজেণ্টা ৰঙৰ পনীয় দ্রৱণ পাব পৰা যায় ৷

মুগা ৰং  

অসমৰ অৰণ্যসমূহত উপলব্ধ প্রায়বিলাক গছৰ পৰাই মুগা ৰং অতি সহজে প্রস্তুত কৰিব পৰা  যায় ৷ উদাহৰণস্বৰূপে চাহ অথবা কফি, আমলখিৰ গুড়ি, অমৰা গছৰ গুটি, অর্জুন গছৰ ছাল, ভেই গছৰ ছাল, বনবগৰী গছৰ ছাল, কলগছৰ বাকলি, আঁহত গছ, নিমগছ, তিতাচঁপা, কর্দৈ গছৰ ছাল ইত্যাদি বহুতো আমাৰ পৰিৱেশত উপলব্ধ গছৰ পৰা মুগা ৰং পনীয় অথবা ক্ষাৰকীয় পদ্ধতিৰ সহায়ত তৈয়াৰ কৰিব পৰা যায় ৷

বেঙুনীয়া ৰং

কলা জামুৰ গুটি আৰু পূৰৈ শাকৰ গুটি পানীত তিয়াই ৰাখি পনীয় বেঙুনীয়া ৰং আৰু উক্ত দ্রৱণৰ লগত আটা, ময়দা অথবা চাউলৰ গুড়ি মিহলাই মিশ্রণটো ৰদত শুকোৱাই বেঙুনীয়া ৰঙৰ ফাকু গুড়ি প্রস্তুত কৰা হয় ৷

কলা ৰং

প্রকৃতি জগতত উপলব্ধ কলা ৰং সৃষ্টিকাৰী গছবোৰ হল ৰমগছ, শিলিখা, বর্হমথুৰি, মধুৰিআম ইত্যাদি ৷ উক্ত গছবিলাকৰ ক্রমে পাত, গুটি  ইত্যাদি কেহবাঘণ্টালৈকে পানীত তিয়াই থৈ কলা ৰং তৈয়াৰ কৰিব পৰা যায় ৷

উপৰিউক্ত উৎসসমূহৰ পৰা উৎপাদিত প্রাকৃতিক ৰংসমূহ সকলো ধৰণৰ পার্শ্বক্রিয়াৰ পৰা মুক্ত, সম্পূর্ণভাৱে নিৰাপদ আৰু পৰিৱেশ সুহূদ ৰং ৷ এনেবোৰ উদ্ভিদৰ পৰা অতি সহজে পনীয় পদ্ধতিৰে অর্থাৎ উক্ত ৰঙৰ উৎসসমূহ পানীৰ মাধ্যমত কিছু সময় জুহত সিজাই অথবা দীর্ঘ সময়ৰ বাবে তিয়াহ ৰাখি  প্রাকৃতিক ৰং পনীয়, খাৰকীয়, আম্লিক আৰু সুৰাজাতীয় চাৰিটা পদ্ধতিৰে তৈয়াৰ কৰি লব পৰা যায় ৷

সম্প্রতি বিজ্ঞানপ্রযুক্তিৰ চৰম উন্নতিৰ সময়ত মানৱ জাতিয়ে প্রাকৃতিক ৰঙৰ ব্যয়বহুল নিষ্কাশন পদ্ধতিৰ পৰিৱর্তে সুলভ মূল্যতে বজাৰত উপলব্ধ কৃত্রিম ৰং ব্যৱহাৰ কৰিলেও সেয়া যেন সকলো সময়তে পার্শ্বক্রিয়াহীন অথবা পৰিৱেশ সুহূদ নহয় ৷

ৰং অবিহনে ফাকুৱা উৎসৱৰ আনন্দ উদযাপন যিহেতু অসম্পূর্ণ, গতিকে উক্ত দিনটোৰ বাবে আমাৰ নূ্ন্য়তম প্রয়োজনীয়তাখিনি পূৰাব পৰাকৈ আমি ঘৰতে কেইবিধমান অতীব প্রয়োজনীয় সামগ্রী গোটাই লৈ প্রাকৃতিক ৰং প্রস্তুত কৰি ললে কৃত্রিম ৰঙৰ ভয়াৱহতাৰ পৰা নিজৰ পৰিয়ালক ৰক্ষা কৰাৰ লগতে এটি সুহূদ প্রাকৃতিক পৰিৱেশ গঢ়ি তোলাত বৰঙণি যোগাব পৰা যায় ৷

প্রাকৃতিকভাৱে প্রস্তুত কৰা ৰঙে মানৱ দেহক সূর্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্রভাৱৰ পৰা ৰক্ষা কৰাৰ পৰিৱর্তে সুলভ মূল্যৰ উগ্র কৃত্রিম ৰঙৰ ব্যৱহাৰে মানৱ সমাজক এক ভয়াৱহ ভৱিষ্যতৰ দিশে ঠেলি লৈ যাব পাৰে ৷ প্রাকৃতিক ৰঙৰ সুৰুচিপূর্ণ সময়োপযোগী ব্যৱহাৰে প্রকৃতি জগতত পৰিৱেশৰ ভাৰসমতা ৰক্ষা কৰাত যথেষ্ট সহায় কৰাৰ লগতে অসমৰ এক লুপ্তপ্রায় পৌৰাণিক শিল্পবিধক পুনৰুজ্জীৱিত কৰি তুলিব নিশ্চয় পাৰোঁ ৷ 

সাম্প্রতিক পাৰিপাৰর্শ্বিক পৰিৱেশত স্বাস্থ্য ৰক্ষা কৰিবলৈ হলে আমদানিকৃত কৃত্রিম ৰঙৰ বিকল্প হিচাপে থলুৱা উদ্ভিদজাত উৎসৰ পৰা প্রাকৃতিক ৰং প্রস্তুত কৰি সেইবোৰৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত ৷

নিৰাপদ ফল্গুৎসৱৰ আনন্দ উপভোগৰ বাবে প্রাকৃতিক ৰং এক সুন্দৰ সমল হওক সেয়াই আমাৰ কাম্য ৷

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.