প্রাচীন অসমত লিপষ্টিকৰ ব্যৱহাৰ

ভৱেন বৰুৱা

দেওপাহাৰ ৷ গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচা এলেকাৰ একাষে সেউজীয়া পৰিৱেশৰ মাজত থকা দেওপাহাৰৰ অনুপম শৈল ভাষ্কৰ্যসমুহ আজিও ৰহস্যাবৃত্ত হৈয়েই ৰৈছে ৷ কোনে কেতিয়া এই অনুপম শৈল ভাষ্কৰ্যবোৰৰ সৃষ্টি কৰিছিল, কি কাৰণত আৰু কেতিয়া ই ধবংসপ্রাপ্ত হৈছিল, সেয়া আজিও পোহৰলৈ অহা নাই ৷ দেওপাহাৰৰ ভাষ্কৰ্যসমূহৰ ভিতৰত বিশেষকৈ উৰন্ত অপেশ্বৰীৰ ভাষ্কৰ্যসমূহৰ নিপুণ নির্মাণ প্রাচীন অসমৰ শৈল ভাষ্কৰ্য–কলাৰ ঐশ্বর্যশালী আৰু গৌৰৱময় উদাহৰণ হৈ আজিও জিলিকি আছে ৷ এই শৈল ভাস্ক্র্যসমূহত ফুটি উঠা অনুপম শিল্পকৌশল, দক্ষতা আৰু কল্পনাশক্তিৰ উদাহৰণ সমসাময়িক শৈল ভাষ্কৰ্য শিল্পসমূহত পাবলৈ টান ৷ নিষ্প্রাণ আৰু কঠিন শিলৰ বুকুত ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ বিভিন্ন কাহিনী, চৰিত্র আদি শিল্পীসকলৰ হাতৰ পৰশত জীৱন্ত হৈ প্রকাশ পাইছিল ৷ অপ্সৰা, দ্বাৰপাল, নর্তকী, বিদ্যাধৰ, হাতী, ঘোঁৰা, গাহৰি, চৰাই আদিৰ প্রতিকৃতিসমূহ ইমান নিখুঁতভাৱে ফুটাই তোলা হৈছে যে সেয়া দেখিলেই অনুভৱ কৰিব পাৰি যে যিটো সময়ত এই ভাস্ক্র্যসমূহ নির্মাণ কৰা হৈছিল, সেই সময়ত নিষ্চিতভাৱেই এই কলাৰ চর্চাই এক অভাৱনীয় উৎকর্ষতা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ অতি নিপুণ হাতেৰে নির্মাণ কৰা জোঙা নাক, দীঘল আৰু লনি গঢ়ৰ থুঁতৰি আৰু স্মিত হাঁহি থকা দেওপাহাৰৰ উৰন্ত অপ্সৰাৰ মূর্তিসমূহ একক আৰু অদ্বিতীয় ৷ কামাখ্যাতো এনে উৰন্ত অপ্সৰাৰ মূর্তিকেইটামান আছে যদিও সেয়া দেওপাহাৰৰ দৰে নিখুঁত অৱয়ৱৰ নহয় ৷ সেইদৰে কার্বি আংলঙৰ ছার্থে ৰংপি গাঁৱত উদ্ধাৰ হোৱা শৈল মন্দিৰ এটাৰ চৌহদতো তেনে উৰন্ত অপ্সৰাৰ ভাষ্কৰ্য উদ্ধাৰ হৈছে যদিও তাৰ নির্মাণো দেওপাহাৰৰ দৰে সুন্দৰ নহয় ৷ দেওপাহাৰৰ শৈল ভাষ্কৰ্যসমূহৰ ভিতৰত ৯ চেণ্ঢিমিটাৰ বর্গাক্ষেত্রাকাৰৰ বৃত্তসমূহত খোদাই কৰা গাহৰি, ঘোঁৰা, চৰাই, হাতী আদিৰ ছবিসমূহ যিদৰে অতি নিখুঁতকৈ ফুটাই তোলা হৈছে, তাৰ পৰা এটা কথাই কব পাৰি যে এই শিল্পকর্মত জড়িত শিল্পীসকলৰ জীৱ–জন্তুৰ শাৰীৰিক অৱয়বৰ বিষয়েও অতি সূক্ষ্ম জ্ঞান আছিল ৷ উদাহৰণস্বৰূপে, তেনে এটা সৰু বৃত্তৰ মাজত থকা গাহৰি এটাৰ প্রতিকৃতিটো নেজৰ পৰা মুখখনলৈকে এনেকৈ ফুটাই তোলা হৈছিল যে সেয়া আজিকালিৰ কেমেৰাৰে তোলা আলোকচিত্র অথবা হাতেৰে কৰা অংকনৰ সৈতেহে ৰিজাব পাৰি ৷ সেইদৰে দেওপাহাৰৰ শৈল ভাষ্কৰ্যসমূহৰ আন এক অন্যতম বৈশিষ্ট্য হৈছে কাল–মকৰৰ ব্যাপক ব্যৱহাৰ ৷ উল্লেখ্য যে ভাৰতীয় শিল্পকলাত মকৰৰ ব্যৱহাৰৰ উদাহৰণ সুলভ যদিও কাল–মকৰৰ ব্যৱহাৰ কমেইহে দেখা যায় ৷  কাল–মকৰৰ ব্যৱহাৰ মূলতঃ জাভা, ইণ্ডোনেছিয়া, কম্বোডিয়া আদি দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ ভাষ্কৰ্যত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় ৷

কিন্তু আমাৰ এই লেখাৰ উদ্দেশ্য দেওপাহাৰৰ শৈল ভাষ্কৰ্যসমূহৰ বিষয়ে বর্ণনা কৰা নহয় ৷ বর্তমানৰ লেখাটোত এক বিশেষ আৰু নির্দিষ্ট ভংগীত শিলত কাটি উলিওৱা এক ভাষ্কৰ্য বিষয়েহে আলোচনা কৰিব বিচৰা হৈছে, যিটো ভাষ্কৰ্যই প্রাচীন অসমৰ সৌন্দর্যচর্চাত লিপষ্টিকৰ ব্যৱহাৰ যে হৈছিল, সেয়া প্রমাণ কৰিছে ৷

আজিৰ মহিলাসকলৰ আধুনিক জীৱন শৈলী আৰু ৰূপ–চর্চাত লিপষ্টিকৰ ব্যৱহাৰৰ বিষয়ে নতুনকৈ কোৱাৰ কোনো প্রয়োজনেই নাই ৷ মহিলাসকলৰ সৌন্দর্য–চর্চাৰ এক অপৰিহার্য উপকৰণ হৈছে এই লিপষ্টিক ৷ চুমেৰিয়ান সভ্যতাত লিপষ্টিক ব্যৱহাৰৰ প্রথম প্রমাণ পোৱা গৈছে ৷  প্রাচীন সিন্ধু উপত্যকাৰ সভ্যতাতো এই লিপষ্টিকৰ ব্যৱহাৰৰ উদাহৰণ আছে ৷ সেইদৰে চীনাসকলেও প্রায় ১০০০ বছৰৰ আগেয়ে এই লিপষ্টিক ব্যৱহাৰৰ উদাহৰণ আছে ৷ কিন্তু আজিকালি যি লিপষ্টিক ব্যৱহাৰ কৰা হয়, সেই লিপষ্টিকৰ ব্যৱহাৰ আৰম্ভ হৈছিল ১৬ শতিকাৰ পৰাহে ৷ কুইন এলিজাবেথে প্রথমবাৰৰ বাবে এই লিপষ্টিক ব্যৱহাৰ কৰিছিল আৰু দ্বিতীয় মহাযুদ্ধৰ পিছৰ পৰাই ই সমগ্র বিশ্বতে মহিলাসকলৰ মাজত প্রসাধনৰ অতি লাগতিয়াল সামগ্রী হিচাপে জনপ্রিয়তা লাভ কৰিছিল ৷

লিপষ্টিকৰ এই ইতিহাসৰ সৈতে অসমৰো নাম সংযোজিত হব পাৰেনে আচৰিত যেন লাগিলেও দেওপাহাৰত থকা এক শৈল ভাষ্কৰ্যৰ পৰা সম্প্রতি লিপষ্টিক ব্যৱহাৰ যে প্রাচীন অসমতো ব্যৱহাৰ হৈছিল, তাৰ প্রমাণ পোৱা যায়৷ হয়, দেওপাহাৰৰ ওপৰত থকা শৈল ভাস্ক্র্যবোৰৰ ভিতৰত এই বিশেষ ভাস্ক্র্যটোত এগৰাকী মহিলাই বাঁওহাতেৰে এখন আর্চি আৰু সোঁহাতৰ আঙুলিৰে আজিকালিৰ লিপষ্টিকৰ দৰে আকাৰৰ বস্তু এটা নিজৰ ওঁঠত লগাই থকাৰ এক চিত্র স্পষ্টকৈ খোদিত কৰা আছে ৷ মহিলাগৰাকী যে অভিজাত পৰিয়ালৰ আছিল সেয়া স্পষ্ট ৷ তেওঁৰ দুয়োখন কাণত ডাঙৰ গোলাকাৰ আকৃতিৰ কাণফুলি আৰু ডিঙিত এচটা গলপতা ৷ দুয়োখন হাততেই মণিবন্ধনৰ পৰা প্রায় কিলাকুটিলৈকে খাৰু পিন্ধি আছে ৷ তেওঁৰ সোঁভৰিৰ আঙুলিকেইটা পিটিকি আছে আন এটা মূর্তিয়ে ৷ এই দ্বিতীয়টো মূর্তি নিষ্চিতভাৱেই মহিলাগৰাকীৰ লগিৰী, কাৰণ তেওঁৰ দেহত কোনো অলংকাৰ পিন্ধি থকাৰ চিন নাই ৷ লক্ষণীয়ভাৱে একেই আকাৰৰ আন এক মূর্তিতো ৰাজসিক পোছাক–পৰিচ্ছদেৰে সজ্জিত এগৰাকী পুৰুষৰ হাততো লিপষ্টিকৰ দৰে বস্তু লৈ থকা অৱস্থাত খোদিত কৰা আছে ৷ তেওঁৰ ভৰিখন মালিচ কৰি আছে এগৰাকী মহিলাই ৷ এই কথাই সেই সময়ত অভিজাত শ্রেণীৰ পুৰুষ–মহিলা উভয়েই এই লিপষ্টিকৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনাকো দাঙি ধৰে ৷ উল্লেখ্য যে  প্রাচীন ইজিপ্তত লিপষ্টিকৰ ব্যৱহাৰ আছিল সামাজিক মর্যাদা প্রকাশক এক প্রসাধন উপকৰণ ৷

সি যি নহওক, দেওপাহাৰত শিলত খোদিত এই ভাষ্কৰ্যই প্রাচীন অসমত যে লিপষ্টিকৰ ব্যৱহাৰ হৈছিল, তাৰ প্রমাণ স্পষ্টকৈ দাঙি ধৰিছে ৷ উল্লেখ্য যে প্রত্নতাত্ত্বিক বিভাগে প্রকাশ কৰা তথ্য অনুসৰি দেওপাহাৰৰ ভাষ্কৰ্যৰ সময় নৱম–দশম শতিকাৰ৷ সেয়ে আজিৰ পৰা  প্রায় বাৰশ বছৰ আগেয়ে প্রাচীন অসমত ৰূপ–চর্চা সামগ্রী লিপষ্টিকৰ ব্যৱহাৰ নিষ্চিতভাৱেই এক তাৎপর্যপূর্ণ আৰু গুৰুত্বপূর্ণ বিষয় ৷ কাৰণ লিপষ্টিকৰ ব্যৱহাৰৰ ইতিহাস মাথোঁ ৫০০০ বছৰহে ৷ প্রাচীন অসমত সৌন্দর্য চর্চাৰ অধ্যয়নত দেওপাহাৰৰ এই বিশেষ ভাষ্কৰ্যৰ সেয়ে বিশেষ গুৰুত্ব আছে ৷

ফোনঃ  ৯৪৩৫৭-৯৮১৫১

You might also like
Leave A Reply

Your email address will not be published.