পপী কলিতা
সকলো মানুহৰে জীৱনত কম–বেছি পৰিমাণে তৃপ্তি–তৃপ্তি থাকে ৷ মানুহৰ নিজৰ কামৰ মাজতে থাকে তৃপ্তি–তৃপ্তি ৷ কেতিয়াবা আমি এটা কামত যদি তৃপ্তি বা সন্তুষ্টি অনুভৱ কৰোঁ, আকৌ কেতিয়াবা কিবা এটা কামত নাইবা কিবা এটা কাৰণত অতৃপ্তি বা অসন্তুষ্টি অনুভৱ কৰোঁ ৷ কিন্তু আমি অতৃপ্তিৰ পিছত নতুনকৈ আকৌ কিবা এটা কৰাৰ হেঁপাহ হেৰুৱাই পেলাওঁ ৷ হতাশাৰ ফলত উদ্ভৱ হোৱা এক বিৰাট শূন্যতা পূর্ণ কৰিবৰ বাবে এক ধৰণৰ নতুনত্বৰ প্রয়োজন আৰু এই নতুনত্বৰ মাজতে লুকাই থাকে সৃষ্টিৰ বীজ ৷ এটা কথা ঠিক যে অতৃপ্তিয়ে আমাক উত্তৰণৰ বাট দেখুৱায় আৰু সম্ভাৱনাৰ দিশে ধাৱিত হোৱাত সহায় কৰে ৷
পৃথিৱীৰ প্রতিজন শিল্পী–সাহিত্যিকৰ অৱচেতন মনত বহু চিন্তাৰ হেন্দোলনিয়ে দোলা দি থাকে ৷ সেহ অবিৰত হেন্দোলনিৰ প্রকাশ ঘটে কলম, কণ্ঠ, ৰং–তুলিকা আদি বিভিন্ন মাধ্যমত ৷ কিন্তু সৃষ্টিমূলক কর্মত জড়িত লোকসকলৰ অতৃপ্তি থাকেই ৷ সেয়ে চিত্রশিল্পী এজনে নিজৰ শিল্পকর্মক লৈ শেষ মুহূর্তপর্যন্ত সন্তুষ্ট নহয় ৷ গায়ক–গায়িকা আৰু গীতিকাৰ এজনেও ৰেকর্ডিং কৰাৰ পিছতো নিজৰ গীতক বা সুৰক লৈ সন্তুষ্ট নহয় ৷ মানুহৰ অন্তহীন অতৃপ্ত আশা–আকাংক্ষা, যুগে যুগে সাহিত্যৰ অফুৰন্ত উৎস হৈ আহিছে ৷ সেয়ে লেখক–লেখিকাসকলো কেতিয়াবা নিজৰ সৃষ্টিক লৈ অসন্তুষ্ট হয় ৷ লি টলষ্টয়ে লেখক হিচাপে সফল হোৱাৰ পিছতো তেওঁ নিজৰ লিখা–মেলাক লৈ কেতিয়াও সন্তুষ্ট হব পৰা নাছিল ৷ বিশ্ব সাহিত্যত তেওঁৰ ৱাৰ এণ্ড পীচ আজিও সমাদৃত৷ টলষ্টয়ে ৱাৰ এণ্ড পীচ উপন্যাসখনৰ একোটা পৃষ্ঠা লিখি উলিয়াই দহ পৃষ্ঠা কাটিবলগীয়া হৈছিল ৷ মনে ভবাৰ দৰে সন্তোষ হব পৰা নাছিল নিজৰ লেখাত ৷ এজন সফল লেখক হবলৈ বুলি খুব কম সময়তে তেওঁ ফৰাচী, গ্রীক আদি ভাষা শিকি পেলাইছিল ৷ তেওঁ জনপ্রিয়তা লাভ কৰাৰ পিছতো নিজে কেতিয়াও সার্থক কিবা লিখা বুলি বিশ্বাস কৰিব পৰা নাছিল ৷ এক অসন্তুষ্টিত ভুগি তেওঁ লিখা–মেলা বন্ধ কৰিবলৈ ওলাইছিল ৷
নিজৰ লিখা–মেলাক লৈ এণ্টন চেখভ কেতিয়াও সন্তুষ্ট হব পৰা নাছিল ৷ জীৱনৰ এছোৱা সময় নিজৰ সৃষ্টিকর্মক লৈ তীব্র অন্তর্দ্বন্দ্বত ভুগিছিল চেখভ ৷ তেওঁ অকল গল্প লেখকেই নাছিল ৷ চেখভ এজন প্রসিদ্ধ নাট্যকাৰো ৷ সমুদ্র বিহংগে তেওঁৰ এখন প্রসিদ্ধ নাটক ৷ তিনি ভনী, চেৰী বাগান আদি চেখভৰ জনপ্রিয় নাটক ৷ সেইদৰে বিখ্যাত ঔপন্যাসিক এ জে ক্রনিনে তেওঁৰ দ্য চিটাডেল শীর্ষক যুগজয়ী উপন্যাসখন লিখি সন্তুষ্ট হব পৰা নাছিল ৷
মানসিক তৃপ্তি বুলি কলে ,যিয়ে যি কর্ম কৰি ভাল পাহ সেই দিশত খোজ দিয়াটো ৷ সেই দিশত আগুৱাহ যোৱাটো ৷ মানসিক তৃপ্তি হৈছে জীৱনৰ একপ্রকাৰ মহৌষধ ৷ আচলতে, তৃপ্তি মনৰ এক অৱস্থা ৷ যিজনৰ চিন্তা ভাল, তেওঁহে সন্তোষ অনুভৱ কৰে৷ কোনো পার্থিৱ বস্তুৱেই সন্তোষৰ ঊধর্বত হব নোৱাৰে ৷ আমি যদি প্রত্যেকেই লক্ষ্য স্থিৰ কৰি উৎসাহেৰে কাম কৰি যাওঁ, তেতিয়া হলে দেখিব তাতেই জীৱনৰ সন্তুষ্টি সোমাই আছে ৷ সেয়ে হিথাৰ ছাকে কৈছিল তুমি জীৱনক লৈ সন্তুষ্ট নহলে কর্মৰ পৰাও প্রকৃত সন্তুষ্টি লাভ কৰিব নোৱাৰা ৷ সন্তুষ্টিৰ আন এটা নামেই হৈছে সুখ ৷ যিজন মানুহ তৃপ্ত হব নাজানে, তেওঁ সুখী হবও নাজানে ৷ সৰু সৰু অসন্তুষ্টিয়ে যেনেকৈ জীৱনটো বিমর্ষ অশ্রু বিস্বাদ কৰি তুলিব পাৰে, ঠিক তেনেকৈ সৰু সৰু সন্তুষ্টিয়েও জীৱনটোক বহু পৰিমাণে সহনশীল কৰি ৰাখিব পাৰে ৷ আচলতে সৰু সৰু সন্তুষ্টি, সৰু সৰু উৎসবোৰ আমি নিজেই সৃষ্টি কৰি লব লাগে ৷ তেতিয়াহে আমি জীৱনৰ আনন্দ অনুভৱ কৰিব পাৰিম ৷
কর্ম সন্তুষ্টিয়ে মানুহক সফলতাৰ শিখৰলৈ লৈ যায় ৷ এজন মানুহ যিটো কামৰ কাৰণে উপযোগী আৰু যিটো কাম তেওঁ নিয়াৰিকৈ কৰিব পাৰে, কেৱল সেইটো কাম কৰিয়েহ তেওঁ সন্তুষ্ট হৈ থাকিবলৈ শিকা উচিত ৷ কিয়নো মানসিক সন্তুষ্টি অবিহনে কোনো কামতেই সফলতা লাভ কৰিব নোৱাৰি ৷ আচলতে আমি যি কর্ম কৰোঁ, তাক যদি অন্তৰৰ পৰা ভাল পাব পাৰোঁ, তেতিয়াহে আমি সুখী হব পাৰিম ৷ অতৃপ্ত মনত তৃপ্তি দিব পাৰে সীমাহীন কল্পনাই ৷ কিয়নো আমাৰ মনত যি ইচ্ছা, আৱেগ, উদ্দীপনা জাগে, সেয়া কল্পনাৰ পৰাই জাগে ৷ বাস্তৱ পৃথিৱীত মানুহৰ আশা–আকাংক্ষা অপূৰণীয় বা অতৃপ্ত থাকিলে সেইবোৰ কল্পনাৰ জগতত ৰূপায়িত হোৱা দেখা পাই মানুহে নিজৰ মনটোক অনামী তৃপ্তি প্রদান কৰে ৷ সেয়ে কিবা এটা কাম কৰাৰ আগতে মনৰ মাজত কল্পনা কৰি আগবাঢ়ি যাব লাগে ৷ এনে কৰিলে কামটো কৰিবলৈ সহজ হৈ পৰে ৷
জীৱনলৈ যন্ত্রণা আহে অতৃপ্তিৰ পৰা ৷ জীৱন পৰম ৰহস্যময় ৷ কাৰণ তাৰ আনন্দৰ উৎস হল চিৰ অতৃপ্তিৰ বিষাদ ৷ আমি আমাৰ জীৱনটো বিচৰা ধৰণে সুন্দৰ নহবও পাৰে ৷ কিন্তু প্রতিটো মুহূর্ত অপ্রাপ্তি, দুখ–বেদনাবোৰক ভাবি থাকিলে যিখিনি পালোঁ, সেয়াও উপভোগ কৰিব নোৱাৰিম ৷ জীৱন কচুপাতৰ পানীৰ দৰে৷ আজি আছে কাহলৈ নাই ৷ গতিকে পোৱাখিনিতে সন্তুষ্ট হবলৈ শিকক ৷ হতাশ, অসন্তুষ্টি আদি মনলৈ আহিলে গঢ় দিয়াৰ সলনি সেহবোৰৰ কাৰণ বিশ্লেষণ কৰক আৰু ইতিবাচক দৃষ্টিভংগীৰে নিৰষণ কৰক ৷ নিজৰ যি আছে তাক লৈয়েই সন্তুষ্ট হবলৈ শিকক ৷ নোপোৱাৰ আক্ষেপ এৰি জীৱনত যিখিনি পাইছে, তাক লৈয়েই সন্তুষ্ট থাকিবলৈ শিকক ৷ তেতিয়া জীৱন হয় সুখী, সন্তোষী ৷ আচলতে, এজন মানুহে যেতিয়া নিজৰ সামর্থ্য আৰু সীমাবদ্ধতা আৱিষ্কাৰ কৰিব পাৰে, তেতিয়াহ তেওঁ আচল সন্তুষ্টি লাভ কৰিবলৈ আৰম্ভ কৰে ৷ সঁচার্থত কবলৈ গলে, এজন মানুহে জীৱন যাত্রাত, যেতিয়ালৈকে নিজে সুখী আৰু সন্তুষ্ট হোৱাৰ বাট বিচাৰি লব নোৱাৰে, তেতিয়ালৈকে জীৱনত বিচাৰিব লাগিব জীৱনৰ অন্বেষণ ৷ উইলিয়াম হেজলিটে কৈছিল নিজে সন্তুষ্ট হবলৈ শিকাটোৱেই হৈছে আনক সন্তুষ্ট কৰাৰ প্রধান উপায় ৷ অসন্তুষ্ট হলে জীৱনৰ সৰু সৰু সুখবোৰ অগ্রাহ্য কৰিলে আৰু অধিক পোৱাৰ আশাত থকাখিনিও উপভোগ নকৰিলে জীৱন কেৱল এক বোজা হৈ পৰিব ৷
আচলতে, যত প্রাপ্তিৰ একো আকাংক্ষা নাথাকে, তাত অপ্রাপ্তিৰ অতৃপ্তিও নাথাকে ৷ সেইদৰে অধিক প্রাপ্তিৰ প্রত্যাশাত প্রাপ্তিৰ তৃপ্তিও যন্ত্রণাদায়ক ৷ প্রকৃতার্থত কবলৈ গলে, চিৰ অতৃপ্তিয়ে হল মানৱ জীৱনৰ ঘাই চালিকাশক্তি ৷ মনৰ অতৃপ্ত আশাখিনি পূৰণ হোৱাটো সকলোৱে বিচাৰে ৷ কিয়নো অপেক্ষাৰ অন্তত পোৱা প্রাপ্তিৰ তৃপ্তি বৰ মধুৰ ৷ কিন্তু মানুহ যেতিয়াই তৃপ্ত আৰু সন্তুষ্ট হৈ থমকি ৰব, তেতিয়াই মানুহৰ বিনাশ ঘটিব ৷ মানুহৰ অস্থিৰতাৰ এটা প্রধান কাৰণ হল যে এই যে তেওঁ প্রকৃততে কি বিচাৰে, সেই কথা তেওঁ নিজেই নাজানে ৷ অথবা একে সময়তে তেওঁ বহুত বস্তু বিচাৰে, অথবা তেওঁ নিজে যিটো মানুহ, সেইটো মানুহ হবলৈ বিচৰাৰ পৰিৱর্তে আন এটা মানুহ হবলৈ বিচাৰে ৷ এইখিনিতে মনত পৰিছে টমাছ আলভা এডিছনে কোৱা কথা এষাৰ অস্থিৰতা মানেহ অসন্তুষ্টি আৰু অসন্তুষ্টি হল উন্নতিৰ প্রথম চর্ত ৷ এজন সম্পূর্ণৰূপে পৰিতৃপ্ত মানুহক মোৰ আগত থিয় কৰাই দিয়া, মই তোমাক দেখুৱাই দিম অকৃতকার্যতাৰ এটা প্রতিমূর্তি ৷
গতিকে আহক, অতৃপ্তিয়ে উদাসীনতাৰ সৃষ্টি কৰিলেও, অতৃপ্তিৰ সঠিক ৰূপৰেখাতে জীৱনটোক মহীয়ান কৰি তুলিবলৈ চেষ্টা কৰোঁ ৷
ফোনঃ ৯৮৬৪৩-৬৪৯৯৮
Comments are closed, but trackbacks and pingbacks are open.