ৰেখাশ্রী সন্দিকৈ
সম্বন্ধ এনে এটি শব্দ, যিটোৰ অবিহনে আমি কোনোৱেই আপোন–পৰ, শত্রু–মিত্র আদি শব্দবোৰৰ সৈতেও পৰিচিত নহলোঁহেঁতেন ৷
এই শব্দটো উচ্চাৰণ কৰিলেই এক মিঠা অনুভৱে দেহ–মন জোকাৰি যায় ৷ তাৰ অর্থ অৱশ্যে এইটো নহয় যে সম্বন্ধৰ দ্বাৰা তিক্ত অভিজ্ঞতাৰ সন্মুখীন হোৱা নাযায় ৷ প্রকৃততে তিতা–মিঠা অভিজ্ঞতাৰ সংমিশ্রণতহে যেন সম্বন্ধ শব্দটোৱে পূর্ণতা পায় ৷
উল্লেখ্য যে সম্বন্ধ আৰু সম্পর্ক শব্দটো ওচৰা–উচৰি ৷ ব্যৱহাৰিক দিশত দুয়োটা শব্দৰ ভিতৰত এটাক বহুৱাই দিয়া হয় যদি সাধাৰণতে কোনো বিসংগতিও পৰিলক্ষিত নহয় ৷ দুয়োটা শব্দৰে সাংঘাতিক ধৰণে মিলো আছে ৷ সম্বন্ধ আৰু সম্পর্ক দুয়োটাই তৎসম বিশেষ্য পদ ৷ হেমকোষত আছে–সম্পর্ক বি সং সম্পর্ক–সং উপস+পৃচৃচ লগালগি ই
সম্বন্ধ relation, connectionঃ
সম্বন্ধ বি সং সম্বন্ধ–সং উপস+ বধ্, বান্ধ দুই বা অধিকজনক একেলগে বান্ধে, এতেকে কুটুম্বিতা, সম্বন্ধ, মিত্রতা, সম্পর্ক
ডঃ প্রণৱজ্যোতি ডেকাৰ জ্যোতি দ্বিভাষিক অভিধানত আছে Relationship- ৰিলেহশ্বনশ্বি adj ১/ ক আত্মীয়তা, স্বজনতা, পাৰিবাৰিক সম্পর্ক খ সহঃ সম্পর্ক চ্ ক সম্বন্ধযুক্ত অৱস্থা ৷ খ সামাজিক আদান–প্রদানজনিত সম্বন্ধঃ সম্পর্ক ৷
সম্পর্ক আৰু সম্বন্ধ দুয়োটা শব্দৰ মাজত বিশেষ পার্থক্য উলিয়াই দিবলৈ সহজ নহয় যদিও সম্পর্ক শব্দটো আগ বুলিব পাৰি ৷ কিয়নো কোনো এজন ব্যক্তিয়ে আন এজনৰ সৈতে বান্ধ খাবলৈ হলে, সম্বন্ধ গঢ়িবলৈ হলে প্রথমে লগালগি হব লাগিব ৷ সম্পর্ক হলেহে কাৰোবাৰ সৈতে বান্ধোনত সোমাই পৰাৰ কথাটো আহে অর্থাৎ বান্ধ খালেহে সম্বন্ধ হয় ৷
কেৱল হূদয়ৰ তাগিদাতে, নিঃস্বার্থ ভালপোৱাৰে গঢ়ি উঠা বন্ধুত্বৰ সম্বন্ধই কেতিয়াবা ইতিহাস ৰচনা কৰিব পাৰে৷ বন্ধু বিহীন জীৱন এটা কল্পনা কৰাও কঠিন ৷
বন্ধুত্বৰ মহৎ সম্পর্কৰ দৰে আমাক সততে জীপাল কৰি ৰাখিব পৰা এক সম্বন্ধ হৈছে প্রেমৰ সম্বন্ধ ৷ প্রেমৰ সম্বন্ধই জীৱনত বহু শিক্ষা দি যায় ৷ কোৱা হয় প্রকৃত প্রেমে জগত পোহৰ কৰে ৷ প্রেমে পৰিণতি লভিলেই গঢ়ি উঠে বিবাহৰ সম্বন্ধ ৷
বিবাহৰ সম্বন্ধ গঢ়ি উঠা নৰ–নাৰীসকলেই স্বামী আৰু স্ত্রী ৷ বংশ বৃদ্ধিত অৰিহণা যোগোৱা এই সম্বন্ধই সমাজ ব্যৱস্থাকো গতি প্রদান কৰে ৷ অন্যান্য সম্বন্ধৰ তুলনাত এই সম্বন্ধ অতি স্পর্শকাতৰ ৷ কোৱা হয় পতি–পত্নীৰ সম্বন্ধ এটা নহয় দুটা নহয় সাতোটা জন্মৰ সম্বন্ধ ৷
সর্বজনবিদিত যে তেজৰ সম্পর্ক আপোনা আপুনি হয় ৷ তেজৰ সম্পর্কই তেজৰ সম্পর্কক ধৰি ৰাখে ৷ কিন্তু সম্বন্ধ গঢ় লৈ উঠে ৷ এক কথাত কিছুমান সম্পর্ক গঢ়ি উঠাৰ পিছত সম্বন্ধলৈ পৰিৱর্তন হয় ৷
জন্মসূত্রে আমি সম্বন্ধ স্থাপন কৰোঁ পিতৃ–মাতৃৰ লগতে ককাই–ভাই, বাই–ভনীৰ সৈতে ৷ এইসকলৰ সৈতে আমাৰ যি সম্পর্ক গঢ়ি উঠে, সিয়ে গঢ়ে ভৱিষ্যতৰ বুনিয়াদ ৷ জন্ম হয়, ভ্রাতৃত্ববোধ, দায়িত্ববোধ আদি অনুভূতিবোৰ ৷
বংশ, পৰিয়ালকেন্দ্রিক এই সম্বন্ধবোৰৰ পিছতেই আমি যাক স্থান দিব পাৰোঁ, সেয়া হৈছে বন্ধুত্বৰ সম্পর্ক৷ বন্ধুত্ব এনে এক সম্পর্ক যি তেজৰ সম্পর্কৰ অবিহনেই এজনে এজনক আঁকোৱালি লওঁ ৷
বিবাহে এহাল নৰ–নাৰীক স্বামী–স্ত্রী হিচাপে স্বীকৃতি দিয়াৰ লগতে এক বিশেষ মান্যতা প্রদান কৰে ৷ স্বামী–স্ত্রী দুয়োজনৰ মাজত থকা মৰম–চেনেহ, সন্মান–সহানুভূতিয়ে বৈবাহিক সম্বন্ধ দৃ কৰি তোলে ৷ বিশ্বাসে সুগভীৰ কৰা সম্বন্ধই দুয়োজনকে কাষ চপাই আনে ৷ সাহসী কৰি তোলে ৷ অথচ দুয়োৰে মাজৰ অকণমান অৱজ্ঞা–ৱহেলাই বিৰূপ প্রতিক্রিয়া কৰি সম্বন্ধ নিপাত কৰিবও পাৰে ৷ সম্বন্ধৰ মাজত ফাট মেলে ৷ ক্রমান্বয়ে বাঢ়ি অহা মৰমহীনতাহ ব্যৱধানৰ সৃষ্টি কৰি জীৱন বিষময় কৰি তোলে আৰু কেতিয়াবা এনে পর্যায় পায়গৈ যে বিবাহ বিচ্ছেদ পর্যন্ত হয়গৈ ৷
সম্প্রতি সৰু সুৰা কথাতে মনোমালিন্য হোৱা, সন্দেহ জন্মা, আক্ষেপ–ভিমানৰ তীব্রতাই পতি–পত্নীৰ মাজত সহজে সংঘাতৰ সৃষ্টি কৰে, দূৰত্ব বঢ়ায় ৷
দূৰত্ব বৃদ্ধি কৰিব পৰা আন এটা কাৰণ হৈছে বর্তমানৰ প্রতিযোগিতাৰ কর্মক্ষেত্রখনত ভৰি থৈ কর্মৰত হৈ দুয়ো দুয়োৰে পৰা আঁতৰি থাকিব লগা হোৱাৰ বাবে ৷ বর্তমানৰ কর্মজগতখনৰ প্রতিযোগিতাৰ বাবে কিছু লোকে জীৱনত এনে পৰিৱেশৰ সন্মুখীন হবলগীয়া হৈ পৰে ৷ নিজা কর্মক্ষেত্রখন আগুৱাই লৈ যোৱাটো, আগশাৰীত প্রতিষ্ঠা কৰাটো বেছিভাগৰেই বাসনা থাকে ৷ সেয়া তেনেবোৰ ক্ষেত্রত জড়িত সকলৰ একমাত্র লক্ষ্য হৈ পৰে নিজৰ নিজৰ ক্ষেত্রত অগ্রগতিৰ সোপান ৰচা ৷ বিশেষকৈ ব্যক্তিগত খণ্ডত, প্রতিষ্ঠানসমূহত কাম কৰাসকল অধিক ব্যস্ত হৈ পৰে কর্মক্ষেত্রত নিজক অধিক মজবুত কৰাত ৷ সেয়েহে যিমান পাৰি অধিক ব্যয় কৰি নিজৰ স্থিতি দৃ কৰাত প্রবৃত্ত হয় ৷ প্রতিষ্ঠান কর্তৃপক্ষয়ো বুজি পায় যোগ্যতা অনুসৰি কাক, কেনেকৈ শকত জলপানি দি ব্যক্তিজনৰ মগজু আৰু সময়ক নিজৰ আয়ত্তাধীন কৰিব পাৰি ৷
এনে প্রতিযোগিতাৰ দৌৰত যেতিয়া দম্পতীসকলৰ কোনোবা এজন আঁতৰি থাকিব লগাত পৰে, তেনে অৱস্থাত কেতিয়াবা বাৰুকৈয়ে প্রভাৱ পৰে আমাৰ ব্যক্তিগত জীৱনত ৷ পতি–পত্নীৰ মাজত সংঘাত তীব্রতৰ হৈ পৰাৰ সম্ভাৱনা অধিক হৈ পৰে ৷ সদ্ভাৱ–সহানুভূতিৰ অভাৱ হব পাৰে ৷ দূৰ–দূৰণিলৈ আঁতৰি যাবলগীয়া হোৱাৰ বাবে মনৰ মাজতো কেতিয়াবা দূৰত্বৰ সৃষ্টি হব পাৰে ৷ সেয়ে দূৰণিবটীয়া সম্বন্ধ এটা অতি আলফুলে চম্ভালি ৰাখিবলগীয়া হয়, যাতে সম্বন্ধৰ থুনুকা জৰীডাল ছিগি নপৰে ৷
আপোন মর্যাদা, সংগী–পৰিয়ালৰ সুখ–সমৃদ্ধিৰ বাবেই পুৰুষেহ হওক বা নাৰীয়েহ এনেদৰে কর্মক্ষেত্র বাছি লব লগা হয় ৷ সেইসকলৰো মন যায় প্রতিপল, প্রতিক্ষণ পৰিয়ালৰ সৈতে, নিজৰ সংগীৰ সৈতে সময় কটাবলৈ, আনন্দ–বিষাদৰ সময়বোৰত সংগ দিবলৈ ৷ কিন্তু নোৱাৰে ৷ তাৰ অন্তৰালতো কিন্তু নিজৰ সংগী, পৰিয়ালৰ মংগল কামনাই থাকে ৷ নিজ বংশ–পৰিয়াল, জীৱনসংগীৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবেই আঁতৰি থাকিবলগীয়া হয় আৰু এনেকৈয়ে গঢ়ি উঠে এটা দূৰণিবটীয়া সম্বন্ধ ৷
দূৰণিবটীয়া বা দূৰৱর্তী সম্বন্ধ(long distance relationship) বুলিলে প্রকৃততে নিজৰ জীৱনসংগীৰ সৈতে ভৌগোলিক দূৰত্বই বিভাগ কৰা সম্বন্ধকেই সাধাৰণতে বুজায়, যদিওবা মাতৃ–সন্তান, ককাই–ভাই, বাই–ভনীৰ মাজতো শিক্ষা–দীক্ষা, কর্মৰ তাগিদা প্রভৃতিৰ বাবে দূৰত্বৰ সৃষ্টি হয় ৷
দূৰণিত থাকিও সুখী হব পাৰে সেইসকল যিসকলে নিজকে সুখী কৰিব জানে৷ শান্তিৰ উৎসসমূহ অনুসন্ধান কৰি, আহৰণ কৰিব পাৰে ৷ নিজৰ লগতে আনকো জীৱন উদ্যাপনৰ দিহা দিব পাৰে ৷ নিজৰ মাজতেই গঢ়ি তুলিব পাৰে এক সুন্দৰ পৃথিৱী আৰু বুটলিব পাৰে নির্মল আনন্দ আৰু শান্তি ৷ সেইসকলৰ মাজৰে এজন যদি আপুনিও হব পাৰে, তেন্তে এহ সংসাৰত আপোনাতকৈ সুখী মানুহ আৰু কোনো নাই ৷
স্বামী–স্ত্রী দূৰণিত থকাৰ সময়ত, নিঃসংগ অৱস্থাত যাতে ঋণাত্মক চিন্তাৰ সলনি ধনাত্মক চিন্তাই মনৰ ঘৰত বাহ সাজিব পাৰে, তাৰ প্রয়াস সকলো সময়তে কৰিব লাগে ৷ ধনাত্মক চিন্তাই আত্মবিশ্বাস জগায়, সাহসী কৰি তোলে, আশাবাদী কৰি ভৱিষ্যতৰ বাট প্রশস্ত কৰে ৷
ধনাত্মক চিন্তাৰ লগতে সৃষ্টিশীল মনটো জীয়াই ৰাখিব পৰাটোৱে জীৱন যাপন কৰাৰ পথ সহজ কৰি তোলে৷ সৃষ্টিশীলতাই দিয়া আনন্দ অনন্য ৷ অকলশৰীয়া সময়ত সৃষ্টিশীল কর্মৰে নিজকে সজীৱ কৰি ৰাখিব পৰাজন সদায়েই সুখী হয়, লগতে আনকো সুখী কৰে ৷
নিজৰ প্রতি ভালপোৱা এক অনন্য অনুভৱ৷ সেহজন লোকেহে আনৰ প্রতি ভালপোৱা প্রকট কৰিব পাৰে যি নিজৰ প্রতি ভালপোৱা পুহি ৰাখে ৷ নিজক ভালপোৱাজনে নিজক সুখী কৰিবলৈ যিদৰে বিচাৰে, আনে সুখ পালেও সুখ অনুভৱ কৰে ৷ নিজক ভালপোৱাজনে সেয়ে নিজৰ যতন লয়, সৌন্দর্যপ্রয়াসী হয় ৷ এনেকুৱা কার্যবোৰৰ জৰিয়তে ঋণাত্মক চিন্তাবোৰৰ পৰাও আঁতৰি থাকিব পাৰে ৷
প্রকৃতার্থত এটা শক্তিশালী সম্বন্ধৰ মানেহ হৈছে, you live and let live এটা সৌহার্দ্যপূর্ণ সম্পর্কই প্রকৃততে সাহায্য প্রদান, সমর্থন আৰু অনুপ্রাণিত কৰে৷ এটা গভীৰ বিশ্বাসপূর্ণ সম্বন্ধই ব্যক্তি এজন ভাল মানুহ হোৱাটো সহায় কৰিব পাৰে ৷
এইক্ষেত্রত প্রেম অতি শক্তিশালী অস্ত্র৷ প্রেমৰ আৱেগে ব্যক্তিক আচর্য্য়কৰ কাম কৰিবলৈ বাধ্য কৰে ৷ প্রেম এনে এক মহান অনুভৱ যাক বর্ণনা কৰা অসম্ভৱ এহ কথা প্রায় সকলোৰে জ্ঞাত ৷
প্রেমৰ আৱেগ কিমান সেই কথা আমি অনুভৱ কৰোঁ তেতিয়া, যেতিয়া কাৰোবাৰ প্রতি প্রেম উৎপন্ন হয় ৷ এটা সম্বন্ধ উজ্জীৱিত কৰি ৰাখিবৰ কাৰণে এই প্রেমৰ গুৰুত্ব কিমান, তাক সকলোৱে জানে ৷ প্রেম অবিহনে এটা সম্বন্ধ কেতিয়াও দীর্ঘস্থায়ী নহয় বা হব নোৱাৰে ৷ বিশেষকৈ দূৰৱর্তী সম্বন্ধৰ ক্ষেত্রত প্রেম মৃত সঞ্জীৱনীস্বৰূপ ৷ সেয়ে এনে প্রেমৰ আদৰ থাকে যুগে যুগে ৷
কোনোবা এজনে যেতিয়া অত্যন্ত অনিচ্ছাসত্ত্বেও নিজৰ প্রিয়জনক এৰি থাকিবলৈ বাধ্য হয়, তেতিয়া তেওঁৰ মানসিক অৱস্থা কেনে ধৰণৰ হয় সেয়া সহজেই অনুমেয় ৷ তেনে মানসিকতাই কেতিয়াবা কোনো দুর্বল মুহূর্তত ভুল সিদ্ধান্ত লবলৈ উৎসাহিত কৰে ৷ গতিকে সুন্দৰভাৱে, সম্বন্ধটোক গতিশীলতা প্রদান কৰিবৰ বাবে যথেষ্ট সাৱধানে সিদ্ধান্ত লোৱা প্রয়োজন ৷ সকলো দিশতে সতর্কতা অৱলম্বন কৰাৰ প্রয়োজন, যাতে কোনো কাৰণতে ভুল বুজাবুজি নহয় আৰু সম্বন্ধৰ সাঁকোডাল কটকটীয়া হৈ থাকে ৷
মানুহৰ আশাৰ কেতিয়াও শেষ নাথাকে ৷ জীৱনৰ প্রতিমুহূর্ত আশাতেহ বন্দী হৈ থাকে বুলি কলেও হয়তো ভুল কোৱা নহব ৷ কিন্তু এটা সম্বন্ধক সুখী আৰু দীর্ঘস্থায়ী কৰিবলৈ হলে আশা–আকংক্ষাৰ কিছু সীমাবদ্ধতাৰ প্রয়োজন৷ আমাৰ শক্তিয়ে যিমানলৈ পাৰে সিমানলৈহে আশা কৰা দৰকাৰ ৷ আমি যিমানেই পাওঁ সিমানেই আশা কৰোঁ ৷ যেতিয়া আশা কৰা মতে নাপাওঁ তেতিয়াই মন দুখী হৈ পৰে ৷ সেয়ে অত্যধিক আশা পৰিহাৰ কৰাটোহে প্রয়োজন এটা সুন্দৰ সম্বন্ধৰ বাবে ৷
জীৱনৰ প্রতিমুহূর্ত সুন্দৰভাৱে কটাবলৈ কিছু পৰিকল্পনাৰ অতি আৱশ্যক ৷ সেয়া দুয়োজন দূৰতেই থাকক বা কাষতে ৷ বিশেষকৈ দূৰে দূৰে থকাসকলৰ বাবে পৰিকল্পনাৰ প্রয়োজনীয়তা বেছি ৷ লগতে এটা অতি প্রয়োজনীয় বিষয় হৈছে লক্ষ্য স্থিৰ কৰা ৷ দুয়োজনৰ মাজত এনে লক্ষ্য থকাটো উচিত, যিয়ে দুয়োপক্ষকে কাষ চপাই আনে,আন্তৰিকতা বৃদ্ধি কৰে ৷
মানুহৰ চিন্তাৰ যেতিয়া মিল থাকে তেতিয়া বহুতো অমিলৰ মাজতো সদ্ভাৱ গঢ়ি উঠে ৷ একেধৰণৰ চিন্তাই যিকোনো লোককে কাষ চপাই আনে ৷ গতিকে চিন্তাৰ মিল যেতিয়া দম্পতীৰ মাজত থাকে, তেতিয়া দূৰ–দূৰণিত থাকিলেও অন্তৰংগতা কমি যোৱাৰ কোনো সুৰুঙা নাথাকে ৷
একেধৰণৰ চিন্তা কৰাৰ কথা কবলৈ যাওঁতে মনলৈ আহিছে আন এটা কথা, যিটোৱে দম্পতীসকলৰ মাজত শক্তিৰ যোগান ধৰে ৷ দূৰণিত থকা অৱস্থাত সদায় এটা উদ্দেশ্য আগত ৰাখিব লাগে, সেইটো হৈছে ভৱিষ্যতে একেলগে কাম কৰিবলৈ মনস্থ কৰা ৷ এই ভাৱনাই দুয়োজনকে বর্তমান কাম কৰিবলৈ যিদৰে অনুপ্রাণিত কৰিব, সেইদৰে ভৱিষ্যতৰ বাবেও শক্তিশালী কৰি ৰাখিব ৷ এজনে আনজনৰ কাষলৈ কিমান সোনকালে যাব পাৰে, একে ঠাইতে কর্মক্ষেত্র বাছি লব পাৰে, সেই চেষ্টাত মনোযোগ দিব লাগিব যি এদিন ফলপ্রসূ হব নিশ্চয় ৷
একেলগে থকাৰ ব্যৱস্থাক উদ্দেশ্য হিচাপে ৰাখিলেও সেয়া বহুতৰ ক্ষেত্রত সহজে হৈ নুঠে ৷ তেনে অৱস্থাত এটাহ উপায় থাকে, সেয়া হৈছে সঘনাই এজন আনজনৰ কাষলৈ যোৱা ৷ যিমান পাৰি উৎসৱ আদিৰ দৰে বিভিন্ন বন্ধসমূহত যিজনৰে বেছি সুবিধা হয় সেইজন ইজনৰ কাষলৈ যাব লাগে ৷
এজনে আনজনৰ কাষলৈ সুবিধা অনুসৰি যাব পাৰিব ৷ অন্যথা বুকুৱে হাহাকাৰ কৰিলেও যাব নোৱাৰে৷ তেনে ক্ষণত দুয়োৰে মাজত প্রাণভৰি কথাৰ আদান–প্রদান কৰাটোৱে মনক অধিক জিৰণি দিব পাৰে ৷ মনৰ ভিতৰৰ সকলো কথা মুকলিকৈ প্রকাশ কৰি, দুয়ো দুয়োকে শান্তি দিব লাগে ৷ দুয়োজনে দুয়োজনকে উৎসাহিত কৰা, ভাল লগা কথা–বতৰাৰে সময় পাৰ কৰিব পাৰিলে দূৰণিৰ বাটো হৈ পৰে ৰিংটোৰ বাট ৷
কথা–বতৰাই যিদৰে অনুপ্রাণিত কৰে সেইদৰে কেতিয়াবা মনাকাশ গধুৰ কৰি তুলিবও পাৰে ৷ সাৱধানে পাতিবই লাগে কিয়নো দূৰণিৰ পৰা যেতিয়া এষাৰ হলেও ঋণাত্মক কথা এজনে আনজনৰ পৰা শুনে মন দুখেৰে ভৰি পৰে৷ সেই কাৰণেই অনাৱশ্যক কথা–বতৰাৰে ইজনে সিজনক ব্যতিব্যস্ত কৰি অশান্তি কৰাতকৈ ধুনীয়া, মনোমোহা কথাৰে মন ভৰাই তুলিব লাগে ৷
ব্যস্ততাপূর্ণ কর্মময় জীৱন যিহেতুকে, সেয়ে যেতিয়াই এজনৰ মন যায় যোগাযোগ কৰিব বিচাৰিলেও আনজনে সঁহাৰি জনাব নোৱাৰিব পাৰে ৷ তেনে সময়ত যোগাযোগ কৰিবলৈ বিচৰাজনৰ মন ক্ষোভিত অথবা দুঃখিত হৈ পৰিব পাৰে ৷ কিন্তু তেনে কৰা অনুচিত ৷ কাৰণ ব্যস্ততাপূর্ণ সময়ত আপুনি, মই কোনেও শান্তিৰে যোগাযোগ ৰক্ষা কৰিব নোৱাৰোঁ ৷ তাতকৈ ভাল কম সময় হলেও আজৰি পৰতহে ইজনে সিজনৰ লগত যোগাযোগ কৰি শান্তিৰে সময় পাৰ কৰাটো ৷
যোগাযোগৰ বাবেই হওক বা অলপ সময় আপোনভাৱে দুয়োজনে কটাবলৈকে হওক এজনে আনজনৰ সময়সূচী জনাটো অতি আৱশ্যক৷ সময়সূচী জনা থাকিলে যোগাযোগ কৰা, কথা–বতৰা পতা, কৰবাত লগ ধৰি সময় কটোৱা ইত্যাদিসমূহ কৰিবলৈ সহজ আৰু সুচাৰুৰূপে হয় ৷
কথা–বতৰাতেই হওক বা অন্যান্য কাৰণত, এজনে আনজনৰ প্রতি সন্মান–সৌজন্যতা প্রদর্শন কৰাটো এনে সম্বন্ধৰ ক্ষেত্রত অতি দৰকাৰী ৷ এজনে আনজনক কৰা অসন্মানে এজনৰ মনত গভীৰ অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে ৷ আঘাত সানিব পাৰে যি সম্বন্ধত ফাট মেলাৰ এক বিশেষ কাৰণ হৈ উঠে ৷
পৰাপক্ষত ভাল কথা–বতৰা, মৰম–সন্মান এইবোৰৰ কেতিয়াও অভাৱ হবলৈ দিব নালাগে ৷ যিমান পাৰি, যেনেকৈ পাৰি ভাল, সুন্দৰ কথা–বতৰাতেহ মনবোৰ ডুবাই ৰাখিব লাগে যি বহুদিনলৈকে মনবোৰ পুলকিত, ৰোমাঞ্চিত কৰি ৰাখে ৷
সাম্প্রতিক সময়ত সামাজিক মাধ্যমৰ জৰিয়তেও এজনে আনজনক উৎসাহিত কৰিব পাৰে ৷ সাহস দিব পাৰে ৷ নিজৰ ভালপোৱাৰ প্রদর্শন কৰিব পাৰে ৷
এটা ধুনীয়া এছ এম এছ হব পাৰে আপোনাৰ প্রিয়জনৰ অতি আকর্ষণৰ বিষয়৷ প্রতিদিনে নোৱাৰিলেও মাজে–সময়ে ভিডি কলৰ জৰিয়তেও ইজনে সিজনক আদৰ–মৰম দেখুৱাব পাৰে ৷ সাৱধানে থাকিবলৈ সোঁৱৰাই দিব পাৰে ৷ মন গলেই চাব পাৰে ভিডি কলৰ জৰিয়তে যি ব্যৱস্থাই আপোনাক আপোনাৰ প্রিয়জনৰ একেবাৰে কাষতে থিয় কৰোৱায় ৷
আমাৰ পৰিয়ালসমূহত প্রায়ে সৰু লৰা–ছোৱালীক এটা ঘৰুৱা নাম দি মাতো ৷ দম্পতীসকলেও এজনে আনজনক মৰমেৰে মাতিবলৈ এটা ঘৰুৱা নাম দি লব পাৰে ৷ দেখাত সৰু যেন লাগিলেও এই কথাটোৱে কিন্তু মৰম, আদৰ বঢ়াই তোলাত সহায় কৰে, অন্তৰংগতা বৃদ্ধি কৰে ৷
মাজে–সময়ে এজনে আনজনলৈ কিছুমান উপহাৰ পঠিয়াই দিব পাৰিলে ভাল ৷ যদিওবা উপহাৰ সৰুৱেহ হয়, তথাপি তাত নিহিত হৈ থকা মৰমখিনি গ্রহণ কৰাজনে অনুভৱ কৰিব পাৰে ৷ প্রিয়জনৰ প্রতি আকুল হয় ৷
আজিৰ সময়ত সদায় কাষতে থাকিও এটা সম্বন্ধ আটকধুনীয়াকৈ ৰখাটো অসম্ভৱ হৈ পৰিছে ৷ তেনেস্থলত দূৰৱর্তী এটা সম্পর্ক ৰক্ষা কৰাটো সঁচাই অতি কঠিন কামলৈ পৰিণত হৈছে ৷ সুকোমল ফুলপাহিৰ দৰে জকমকাই ফুলি উঠি হঠাতে মৰহি যোৱাৰ দৰে অৱস্থা হৈছে কিছুমান সম্পর্কৰ ৷ সেয়ে সাৱধানতা অৱলম্বন কৰিবই লাগিব ৷ যদিওবা বিভিন্নজনে বিভিন্ন ধৰণেৰে দিহা–পৰামর্শ আগবঢ়াই, তথাপি এটা কথা স্বীকাৰ কৰিবহ লাগিব যে দম্পতীৰ মাজত হোৱা সমস্যাৰ সমাধান কৰিবলৈ তেওঁলোক নিজতকৈ শ্রেষ্ঠ আৰু কোনো নাহ৷ অতি স্পর্শকাতৰ সম্বন্ধবোৰৰ মাজত কি হয় তেওঁলোকৰ বাহিৰে আনে কেতিয়াও সঠিককৈ নাজানে ৷ সেয়ে তেওঁলোকহে আটাইতকৈ উপযুক্ত সমস্যাৰ পৰা নিজকে মুক্ত কৰিবলৈ ৷
দূৰৱর্তী সম্বন্ধ এটাত ভাঙোন নাহিবলৈ কিছুমান কথাত সঁচাই বেছিকৈ চকু দিব লাগে নহলে যে ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ হোৱাৰ সম্ভাৱনা প্রবল হয় ৷
দুয়োজনৰ মাজত কথা–বতৰাৰ অভাৱে, পৰিকল্পনাৰ অভাৱে, বুজাবুজিৰ অভাৱে এটা সুন্দৰকৈ গঢ়ি উঠা সম্বন্ধ নিমিষতে শেষ কৰি পেলাব পাৰে ৷
শাৰীৰিক দূৰত্বয়ো কেতিয়াবা সম্বন্ধ এটা ধবংস হোৱাত অৰিহণা যোগায় ৷
সৰু সৰু কথা বুলি ভাবি কিছুমান কথা আওকাণ কৰা, কথাইপতি তর্কত লিপ্ত হোৱা, সমস্যা সমাধানৰ বাবে প্রয়াস নকৰা এইবোৰো কেতিয়াবা এখন বিৰাট প্রাচীৰ হৈ ধৰা দিয়ে দম্পতীৰ মাজত ৷
কোনো কথাতে এজনে আনজনৰ ওপৰত নির্ভৰ নকৰা, বিশ্বাস জন্মাব নোৱৰা প্রভৃতিয়েও দূৰত্ব বঢ়ায় ৷
আমাৰ মাজত এনে বহু সমস্যাৰ উদ্ভৱ হয় যিবোৰ ইচ্ছা কৰিলেই যিকোনো প্রকাৰে সমাধান কৰিব পাৰোঁ ৷ কিন্তু তাকে নকৰি যদি নিজৰ মাজত বুজাবুজিৰ অভাৱত ধুনীয়া সম্বন্ধ এটা শেষ কৰি পেলাওঁ, তাতকৈ পৰিতাপৰ কথা আৰু আমাৰ জীৱনত একো নাই ৷
সদায় লগত থাকিও দূৰত থকাৰ দৰে উদাহৰণো নোহোৱা নহয় ৷ দূৰত থাকিও সুন্দৰকৈ জীৱন যাপন কৰা, অন্তৰংগতা অটুট থকা লোকো বহুত আছে ৷ উদাহৰণস্বৰূপে কেহগৰাকীমান জনপ্রিয় দম্পতীৰ কথাকে এহ সন্দর্ভত উল্লেখ কৰিছোঁ ৷
অলকা য়াগ্ণিক আৰু নীৰজ কাপোৰ ৷
ৰাধিকা আৰু বেনেডিক্ট টেইলৰ ৷
আয়ুষ্মান খুৰানা আৰু তাহিৰা৷
সোনম কাপোৰ আৰু আনন্দ আহুজা ৷
এইসকলৰ বাবে দূৰত্ব একো বিশেষ বিষয় হৈ নাথাকে, কিয়নো তেওঁলোকৰ আত্মাৰ মিল অতি শক্তিশালী ৷
সেইসকল দম্পতীৰ বাবে প্রেম অমোঘ অস্ত্র, যাৰ জৰিয়তে তেওঁলোকে শতযোজন দূৰত থাকিও অশান্তিত নাথাকে৷ দূৰত্বই তেওঁলোকৰ প্রেমক আৰু গভীৰহে কৰি তোলে ৷
দূৰৱর্তী সম্বন্ধৰ কিছুমান উপকাৰিতাও নথকা নহয় ৷ বিভিন্ন সমস্যাৰ মাজতো দূৰৱর্তী সম্বন্ধটো যিসকলে সুন্দৰকৈ সজাই তুলিব পাৰে, সেইসকল সঁচাই সুখী দম্পতী ৷ বহল আৰু উদাৰ দৃষ্টিভংগীৰে প্রতিটো কথাকে নিৰীক্ষণ কৰাৰ লগতে অকলশৰীয়াকৈ থাকি নিজকে সাহসী আৰু সকলো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ নিজকে গঢ়ি তোলে ৷
ক্ষন্তেকীয়া জীৱনত, দুদিনীয়া সংসাৰত অতি মৰমৰ সম্বন্ধ এটা গঢ়ি এজন আনজনৰ পৰা আঁতৰি থকাটো সঁচাই সহজ কথা কেতিয়াও নহয় ৷ তথাপি আমি যে থাকিবলৈ বাধ্য ৷ নিজৰ সংগীৰ বাবেই, পৰিয়ালৰ বাবেই কষ্ট স্বীকাৰ কৰিবই লাগিব ৷ কেতিয়াবা বৃহৎ স্বার্থ একোটাও থাকে যাৰ বাবে ঘৰ–পৰিয়ালৰ লগতে অতি মৰমৰ জীৱনসংগীকো এৰি আঁতৰি থাকিব লগা হয় ৷ বিশেষকৈ সেনাবাহিনীত থকাসকলে দূৰণিত এৰি থৈ যাব লগাত পৰে নিজৰ প্রেয়সী, পত্নী নাহবা কেতিয়াবা পত্নীক পতিয়ে ৷ তথাপি জীৱন যাপন কৰিবই লাগিব ৷ দুখে–সন্তাপে, হাঁহি–কান্দোনেৰে এজনে এজনক সমর্থন জনাই, সন্মান দেখুৱাই আগুৱাই নিবই লাগিব ৷ দূৰণিত থাকিও ৰচিব লাগিব এখন আকাশ, যি আকাশৰ তলত দুয়োজনে হাতে হাত ধৰি আগুৱাই যাব পাৰিব ৷ তাৰ বাবে লাগে কেৱল হিয়াৰ এধানি মৰম, একাঁজলি ভালপোৱা ৷ আৰুনো বিশেষ কি লাে!