ডাঃ কৰুণা হাজৰিকা
আজিকালি কোনো ছচিয়েল মিডিয়া ছাইট খুলিবই নোৱাৰি, মাত্র বিভিন্ন পানীয়ৰ ব্যৱহাৰ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে পোৱা যায় ৷ এইবোৰৰ ভিতৰত লিভাৰ, কিডনী, হার্ট, ডায়েবেটিছ, ব্লাড প্রেছাৰ আদিৰ বিষয়ে বিভিন্ন উপদেশ আৰু পানীয়ৰ উপকৰণ পোৱা যায় ৷ অৱশ্যে এইবোৰ এতিয়াও ব্যৱহাৰ কৰি পোৱা নাই বা ইয়াৰ বিষয়ে কোনো উপযুক্ত স্থানত আলোচনাও কৰা হোৱা নাই ৷ এই সকলো পানীয়কে ডিটক্স বুলি কোৱা হয় ৷ ঠিক তেনেদৰে ডিজিটেল ডিটক্সও এটা ব্যৱস্থা ৷ আহকচোন আজি আমি তাৰে উমান লওঁ ৷
এদিন আমেৰিকাৰ বাসিন্দা এজনে নিজেই এজন চাইকলজিষ্টৰ ওচৰলৈ গল আৰু তেওঁৰ হৈ থকা অসুবিধাৰ বিষয়ে অৱগত কৰিলে ৷ তেওঁ অনুভৱ কৰিলে যে তেওঁৰ এনে এটা বস্তুৰ প্রতি মোহিত হৈ পৰিছে যে সেইটো নহলে তেওঁ থাকিব নোৱাৰে আৰু তাৰ পৰা তেওঁ পৰিত্রাণ পাব বিচাৰে ৷ গতিকে তেওঁক তেওঁ সহায় কৰিব লাগে ৷ তেওঁ কৈ গল৷ তেওঁ কোনোদিনে চিগাৰেট নাখায়, কোনো ড্রাগ্ছ নলয়, কোনো ধৰণৰ ৰাগিয়ালজাতীয় বস্তু বা মদ খোৱা তেওঁৰ মনত নপৰে ৷ তেওঁ কোনো বিষ নিৰাময়ৰ ঔষধো নলয় ৷ কিন্তু তেওঁৰ হাতত এটা ডিজিটেল ডিভাইচ থাকে , যিটো নহলে তেওঁ থাকিব নোৱাৰে, কিয়নো হয়াতেই তেওঁৰ সমস্ত দুনিয়াখন থাকে ৷ সেই ডিভাইচটোতে ঘৰৰ সকলো লাগতিয়াল বস্তুৰ লিষ্ট, মোৰ কামৰ সূচী, মোৰ সকলো যোগাযোগৰ লিষ্ট, মোৰ টকা–পইচাৰ হিচাপ, খোৱা বস্তুৰ তালিকা বা বনোৱাৰ পদ্ধতি, মোৰ ভালপোৱা কিতাপ আৰু কত কি পাঠকসকলেও নিশ্চয় সেই বস্তুটো কি ধৰিব পাৰিছে ৷ হয় সেইটো হৈছে আজিৰ স্মার্টফোন ৷ আজি পৃথিৱীত প্রায় ৩.৮শ কোটি মানুহে মবাইল ফোন ব্যৱহাৰ কৰে আৰু ইয়াৰে প্রায় ৬.৩ শতাংশ মানুহ ইয়াৰ প্রতি মোহিত হৈ আসক্তিত পৰিছে ৷ ইয়তো আমিও কেতিয়াবা কেতিয়াবা মবাইল ফোনৰ লগত লাগি থাকোঁ আৰু হোৱাই–নোহোৱাই স্ক্রল কৰি থাকোঁ আৰু তেতিয়া আমাৰ সময়ৰ প্রতি ভ্রূক্ষেপ নাথাকে ৷ বহুসংখ্যক লোকেই এই ধৰণৰ পৰিস্থিতিৰ লগত সোমাই পৰিছে ৷ কোনো কোনো সমীক্ষাত কোৱা ধৰণে প্রায় ৬১ শতাংশ মানুহে স্বীকাৰ কৰে যে তেওঁলোক হয় ইণ্টাৰনেট বা অন্য ডিজিটেল স্ক্রীনৰ প্রতি আসক্ত হয় ৷ এই বিষয়ত স্কুল–কলেজৰ লৰা–ছোৱালী বা ডেকাচামৰ আসক্তি বেছি, হয়তোবা তেওঁলোক আজিৰ পঢ়া–শুনাৰ পদ্ধতি বা ব্যৱস্থাৰ দ্বাৰা প্রভাৱিত হয় ৷
আমি কিমান সময় ফোনত মগ্ন আছেছা তাক জানিবৰ বাবে স্ক্রীন টাইম চাহ স্থিৰ কৰিব পাৰোঁ ৷ এই ব্যৱস্থা আজিৰ ফোনবোৰত উপলব্ধ ৷ ইয়াৰ বাদেও আমি যদি এনে কিছুমান উপসর্গৰ প্রতি নজৰ দিওঁ যেনে আমি ফোনটো নোলোৱাকৈ ঘৰ এৰিব নোৱাৰোঁ নেকি বা যেতিয়াই–তেতিয়াই ফোনটো নিৰীক্ষণ কৰি থাকোঁ নেকি নতুবা খোৱাৰ সময়তো ফোনটোত আমাৰ নজৰ ৰাখোঁ নেকি ইত্যাদি ইত্যাদি ৷ তেতিয়ই আমাৰ যে ফোনৰ প্রতি আসক্তি বাঢ়ি গৈছে তাক জানিব পাৰিম ৷ ইয়াকে যদি আমি আমাৰ শুধৰণিৰ বাবে এটা উপযুক্ত ক্ষণ বুলি ধৰি লৈ আগবাঢ়ে, তেতিয়া আমি এই আসক্তিৰ পৰা মুক্তি পাব পাৰোঁ ৷ কিয়নো এই ধৰণৰ প্রযুক্তিৰ প্রতি আসক্তিয়ে যে আমাৰ মূল্যৱান সময় অপচয় কৰাৰ উপৰি তাত পোৱা খবৰ বা কোনো কোনো বিষয়ে আমাৰ মানসিক স্থিতিত প্রভাৱ পেলায় আৰু ইয়াৰ পৰা বহু ঋণাত্মক ভাবধাৰাৰ সৃষ্টি হয় আৰু সময়ত আমাৰ জীৱন যাত্রাৰ ক্ষেত্রত বাধাৰ উপক্রম হয় ৷ ইয়াত কোনো দ্বিমত নাই যে প্রযুক্তিৰ দ্বাৰা আমাৰ দৈনন্দিন কামৰ বহুখিনি সুবিধা হৈছে ৷ যেনে আমি আজি ফোনটো বা কম্পিউটাৰ নোহোৱাকৈ একো কামৰ কথা চিন্তা কৰিব নোৱাৰোঁ ৷ ঠিক তেনেকৈ গাড়ী বা অন্যান্য সামগ্রীসমূহে আমাৰ কামত বা আমাৰ পাৰদর্শিতাত নতুবা আমাৰ কার্যক্ষমতাক বহু উন্নত কৰিছে ৷ এই বিষয়ত আজি আৰু পাঠকসকলক অৱগত কৰাৰ প্রয়োজনবোধ কৰা নাই, কিয়নো আমি সকলোৱে প্রায় ইয়াৰ ব্যৱহাৰৰ লগত অভ্যস্ত৷ আনহাতে এই ডিজিটেল ব্যৱস্থাসমূহে আমাক সকলো সময়তে বিভিন্ন বিষয়ত ছচিয়েল মিডিয়া বা ইণ্টাৰনেটৰ জৰিয়তে আমাৰ প্রত্যাহবানৰ সৃষ্টি কৰি আহিছে ৷ আমি যদি ইয়াৰ পৰা সাৱধান নহওঁ বা ইয়াৰ সদ্ব্যৱহাৰ নকৰোঁ তেতিয়া ইয়াৰ পৰা আমাৰ মানসিক, শাৰীৰিক বা আৱেগিক স্বাস্থ্যৰ ক্ষতি হব সি ধুৰূপ ৷ ইয়াৰ উপৰি আমাৰ মগজুৰ লগতে আমাৰ বিভিন্ন প্রকাৰৰ সম্পর্কৰো ক্ষতি হব পাৰে ৷ এই বিষয়ে বহুলভাৱে জানিবৰ বাবে গুগ্লত নির্দেশনাৰ অভাৱ নাই ৷
আহকচোন এই ডিজিটেল ডিভাইচসমূহে আমাৰ দেহত কি ধৰণে প্রভাৱ পেলাব পাৰে, তাৰে অলপ ভু লওঁ ৷ প্রথমতে আমি যদি লক্ষ্য কৰোঁ এইটো দেখা পাওঁ যে কম্পিউটাৰ বা আন এনে ধৰণৰ ডিভাইচ যদি অতিমাত্রা ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ চকুত ক্লান্তি ভাৱ পৰিলক্ষিত হয় আৰু ই আমাৰ চকুৰ ক্ষতি কৰিব পাৰে৷ ইয়াৰ বাবে আমাৰ চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে, বা ধোঁৱা–ধোঁৱা দেখা বা দুটা দুটা বস্তু দেখাৰ নিচিনা অৱস্থা হব পাৰে নতুবা চকুৰ খচ্খচনি, চকুৰ পৰা পানী ওলাই থকা বা চকুৰ পোৰণিপর্যন্ত হোৱাৰ স্থল থাকে ৷ আকৌ কেতিয়াবা অতিমাত্রা মূৰৰ বিষ হোৱাও পৰিলক্ষিত হয় ৷ এইবোৰ হোৱাৰ অৱশ্যে বহু কাৰণ আছে ৷ তাৰে ভিতৰত প্রধানতঃ আমি যেতিয়া এই ধৰণৰ স্ক্রীন ব্যৱহাৰ কৰোঁ তেতিয়া আমি আমাৰ চকুক জিৰণি নিদিয়াকৈ একেথৰে বস্তুবোৰ চাহ থাকোঁ আৰু সাধাৰণতে আমি বস্তুবোৰ বহু ওচৰৰ পৰা নিৰীক্ষণ কৰোঁ ৷ সেয়ে স্ক্রীনৰ বাবেই চকু চাট মাৰি ধৰা বা চকু ঝলমল কৰাৰ অৱস্থা হয় আৰু তাত ওলাই থকা আখৰবোৰৰ স্ক্রীনত চকুৰ বাবে উপযুক্ত ধৰণৰ সংবেদনশীলতা (Contrast Sensitivity) নাই ৷ গতিকেই ইয়াৰ পৰা আমাৰ চকুৰ বিভিন্ন ৰোগ হব পাৰে ৷
ইয়াৰ উপৰি আমি যেতিয়া এইবোৰ ব্যৱহাৰ কৰোঁ তেতিয়া আমি আমাৰ মেৰুদণ্ডৰ প্রতি মনোযোগ নিদিওঁ আৰু সময়ত আমাৰ মেৰুদণ্ডৰ বেমাৰৰ লগতে আমাৰ শ্বাসজনিত ৰোগ যেনে– উশাহ–নিশাহতো কষ্ট হয় ৷ বহু সময় ধৰি কুঁজা হৈ কম্পিউটাৰ চাহ থাকিলে মেৰুদণ্ড ভাঁজ লগাৰ ফলত হাঁওফাঁওৰ ক্ষমতা কমি যায় আৰু শ্বাসজনিত ৰোগৰ মাত্রাও অধিক হয় ৷ সাধাৰণতে ইয়াৰ ফলত সহজে আমাৰ কান্ধ বা ডিঙিৰ বিষ বা কেতিয়াবা কঁকালৰ বিষো হয় ৷ আমি সকলোৱে জানো যে টোপনি আমাৰ সুস্বাস্থ্যৰ বাবে অতি দৰকাৰী আৰু ইয়াৰ অবিহনে আমাৰ বহু ৰোগ হব পাৰে ৷ তাৰ ভিতৰত বিশেষকৈ ৰক্তচাপ বৃদ্ধি, হার্টৰ ৰোগ, ডায়েবেটিছ, ইমিউনিটি কমি যোৱা, ওজনৰ তাৰতম্য হোৱা আৰু মনৰ আৱেগজনিত ৰোগেই প্রধান ৷ ডিজিটেল স্ক্রীনৰ পৰা নির্গত হোৱা ব্লু ৰশ্মিয়ে আমাৰ টোপনিত বাধা জন্মায় আৰু বিভিন্ন সমীক্ষাত প্রকাশ পাইছে যে আমি সন্ধিয়া সময়ত যিমানেই এই ধৰণৰ স্ক্রীন ব্যৱহাৰ কৰোঁ, সিমানেই টোপনিৰ ভাৰসাম্য ৰক্ষা কৰা আমাৰ পক্ষে কঠিন হৈ পৰে ৷ ইয়াৰ উপৰি স্ক্রীনৰ পৰা নির্গত হোৱা ইলেকট্ৰমেগনেটিক ৰেডিয়েচনে আমৰ স্বাস্থ্যৰ ক্ষতি কৰে ৷ আনকি কেতিয়াবা কেতিয়াবা কেঞ্চাৰজনিত ৰোগো হব পাৰে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে ৷
আমি এই স্ক্রীনত ইমান মছগুল হৈ পৰোঁ যে আমি কেতিয়াবা আমাৰ খোৱা–বোৱাৰ প্রতিও ধ্যান নিদিওঁ আৰু ওচৰতে যি পাওঁ তাকে খাই থওঁ ৷ ইয়াতে আমাৰ স্বাস্থ্যৰ ক্ষতি হয় ৷ ইয়াৰ পৰা আমাৰ ওজন বৃদ্ধি হয় আৰু ইয়াৰ ফলত বহু বেমাৰৰ সৃষ্টি হয় ৷ সমীক্ষাত এহটোও প্রকাশ পাইছে যে বহু সময় কম্পিউটাৰৰ ওচৰত লৰচৰ নকৰাকৈ বহি থাকিলে তেজত শর্কৰাৰ মাত্রা বাঢ়ি যায় আৰু ইয়াৰ পৰা ডায়েবেটিছ ৰোগীৰ অসুবিধা হব পাৰে ৷ ইয়াৰ বেয়া প্রভাৱ আমাৰ মানসিক বিকাশৰো অন্তৰায় হব পাৰে, বিশেষকৈ সৰু সৰু লৰা–ছোৱালীৰ ক্ষেত্রত ৷ ডাঙৰৰ ক্ষেত্রত দেখা যায় মানুহৰ বোধশক্তি হ্রাস হয় আৰু আমাৰ মগজুত থকা কোষ গ্রে মেটাৰ(Grey matter) সংকুচিত হয় আৰু ইয়াৰ লগে লগে মগজুত থকা নার্ভৰ ফাইবাৰ(White matter)বোৰৰো বিকৃতি ঘটে৷ সেই কাৰণে আমাৰ মনোযোগ দিব পৰা শক্তি, বা স্মৃতিশক্তি, আৰু লগতে কোনো কামৰ প্রতি আমাৰ সঁহাৰিও হ্রাস পায় ৷ গতিকে আমি আমাৰ কামত নির্দিষ্ট গতিধাৰা বজাই ৰাখিব নোৱাৰা হওঁ ৷ ইয়াৰ বাদেও ইয়াৰ দ্বাৰা আমাৰ আত্মসন্মানো হ্রাস হয় ৷ আমি যদি এইদৰে বহু সময় স্ক্রীনতে ব্যস্ত থাকোঁ, তেতিয়া আমাৰ অন্যান্য কামবোৰ পিছুৱাই যায় আৰু তাৰ এটা ঋণাত্মক প্রভাৱ আমাৰ কামত পৰে আৰু এনে কামবোৰৰ পৰা হব লগা লাভালাভবোৰ নাইকিয়া হৈ পৰে৷ আকৌ কেতিয়াবা আমি ছচিয়েল মিডিয়াত পোৱা পোষ্টৰ লগত নিজকে ৰিজাহ চাওঁ আৰু ইয়াৰ ফলত আমাৰ মনত ঋণাত্মক প্রভাৱ পৰে আৰু লাহে লাহে আমাৰ নিজৰ চিনাকিতো আঘাত হানে ৷ এই সকলোবোৰে আমাক এনে এটা অৱস্থাৰ মাজলৈ লৈ যায় যে আমি আৰু ঘূৰি আহিব নোৱাৰা হওঁ ৷ আমি যেতিয়া স্ক্রীনৰ সন্মুখত থাকো তেতিয়া আমাৰ মগজুৰ পৰা লাহে লাহে ডপামিন নামৰ হৰমনবিধ নিগৰিত হয় আৰু হয়াৰ ফলতে আমাৰ মনত আনন্দৰ ভাৱ হয় আৰু হ ঘনে ঘনে এই কামৰ প্রতি আমাক আগ্রহী কৰি তোলে আৰু শেষত হয়েই আমাক ইয়াৰ প্রতি আসক্তি আনি দিয়ে ৷ এই সকলো যদি কম বয়সতে হৈ যায় তেতিয়া ভৱিষ্যৎ যে ধূসৰ, তাত কোনো সন্দেহ নাই ৷
আপুনি যদি এইধৰণৰ ব্যৱস্থাৰ দ্বাৰা প্রভাৱিত হৈছে তেতিয়া নিশ্চয় এয়াই উপযুক্ত সময় ৷ তাক আপুনি উলাহ কৰিলে আপোনাৰ বিপদ অনিবার্য ৷ আমি এইবোৰ অর্থাৎ স্ক্রীনখন আমাৰ পৰা সম্পূর্ণকৈ আঁতৰাই দিয়াৰ প্রয়োজন নাই ৷ মাত্র এইটো চাব লাগিব যে আমি কিমানলৈকে যাব পাৰোঁ আৰু তাৰ পৰা আমাৰ হবলগীয়া সুফলবোৰ পাম নে নাই ৷ এই সকলোবোৰৰ প্রতি লক্ষ্য ৰাখি আমি যদি আমাৰ স্ক্রীন টাইম কমাই দিব পাৰোঁ তেতিয়া আমাৰ বহু উপকাৰ হব ৷ সেয়ে স্ক্রীন টাইম কমোৱাৰ ব্যৱস্থাটোকে ডিজিটেল ডিটক্স বুলি কয় ৷ আমি যদি এই ডিভাইচবোৰ আমাৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ, তেতিয়া আমাৰ জীৱন প্রণালীও বহু উন্নত হব আৰু তাৰ পৰা ভাল ফল পাবলৈও সক্ষম হম ৷ যেনে আমাৰ কামৰ পৰা হোৱা মানসিক চাপ কমি যাব ৷ যদি আমাৰ মবাইল ফোনবোৰ আঁতৰাই ৰাখিব পাৰোঁ বা ইণ্টাৰনেটৰ পৰা অলপ সময় বা এটা দিন আঁতৰি থাকিব পাৰোঁ, তেতিয়াই আমি আমাৰ ডিজিটেল ডিটক্স প্রক্রিয়া আৰম্ভ হোৱা বুলি ধৰি লব পাৰোঁ ৷ আমি আমাৰ ফোনটোৰ প্রতি আমাৰ আৱেগক প্রাধান্য দিব লাগিব আৰু তাৰ লগত আমাৰ সম্পর্ক স্থাপনৰ প্রয়োজনীয়তাৰ প্রতি নজৰ দিব লাগিব ৷ এইটো আমি চাব লাগিব যে ইযাক আমি আমাৰ আজৰি সময় কটাবলৈ লৈছোঁ নে কোনো নির্দিষ্ট কামত ব্যৱহাৰ কৰিবলৈ লৈছোঁ, বা অন্য কোনোবাৰ আছে কাৰণেই আমিও লৈছেছা বা ইয়াক লগত ৰাখিলে আমি নিজকে বেলেগ ধৰণে অনুভৱ কৰোঁ নেকি বিশেষজ্ঞসকলৰ মতে আমি যদি ইয়াৰ প্রয়োগৰ প্রতি আৱেগিকভাৱে জড়িত হওঁ, তেতিয়া আমি ইয়াৰ ব্যৱহাৰ আমাৰ নিজৰ হাতৰ মুঠিত ৰাখিব পাৰিম ৷ গতিকে যিমান পৰা যায় সিমানেই ইয়াৰ ব্যৱহাৰ সীমিত কৰা উচিত ৷ পৰাপক্ষত খোৱাৰ সময়ত নিজৰ ফোনটো আঁতৰাই ৰখাটোৱেই শ্রেয়, যাতে আমি আমাৰ খোৱাত মন দিব পাৰোঁ ৷ নতুবা আমি কিছুমান সময় ঠিক কৰিব পাৰোঁ, যত আমি আমাৰ মবাইল ফোন ব্যৱহাৰ নকৰিবলৈ দৃ ৷ ৰাতি আমি আমাৰ মবাইল ফোনবোৰ বন্ধ কৰি ৰখাতো নিতান্তই দৰকাৰী বা আমি এটা নির্দিষ্ট সময় ঠিক কৰি ৰাখিব পাৰোঁ, যেতিয়াই আমাৰ ফোনটো বন্ধ ৰাখিম ৷ আন এটা উপযুক্ত ব্যৱস্থা হল অলাগতিয়ালভাৱে যি নটিফিকেচন আহে তাক বন্ধ ৰখা ৷ ইয়াৰ পৰা আমাৰ ফোনটো চাবৰ প্রতি যি আগ্রই জন্মে সি কমি যাব আৰু লাহে লাহে ইয়াৰ প্রতিকাৰো হব ৷ কেতিয়াবা আকৌ স্ক্রীনৰ ওচৰত বহি থাকিলে অন্য কাম ক্ষতি হয় ৷ মাত্র ছচিয়েল মিডিয়াত স্ক্রল কৰি থাকিলে বা লাইক কৰি থাকিলে বা অলাগতিয়াল পোষ্টবোৰ চাই থাকিলে বা তাৰ লগত জড়িত হৈ থাকিলে অবাবত সময় নষ্ট হয় ৷ ফলত আমাৰ লাগতিয়াল কামত যতি পৰে ৷ তাকে নকৰি ইয়াৰ পৰা অলপ সময় আঁতৰি থাকিলে আমি আমাৰ অন্য কাম সুচাৰুৰূপে কৰিব পাৰোঁ বা মনোযোগ দিব পাৰোঁ, ফলত আমি লাভান্বিত হব পাৰোঁ ৷ আহকচোন আমি আমাৰ হাতত থকা মবাইল ফোনটো বা কম্পিউটাৰটো যথাযথভাৱে ব্যৱহাৰ কৰোঁ আৰু হয়াৰ পৰা হব পৰা লাভালাভবোৰৰ প্রতি আগ্রহী হওঁ আৰু হব পৰা স্বাস্থ্য হানিকাৰী ব্যৱস্থাৰ পৰা আঁতৰি আহি এটা সুস্থ–সবল জীৱন পৰিচালিত কৰোঁ ৷
ফোনঃ ৯৮৬৪০-১৮৬৬৫
Comments are closed, but trackbacks and pingbacks are open.