জীৱনত সঠিক নির্ণয় কেনেকৈ লব

জোনাকী দেৱী কাশ্যপ

A good decision is based on knowledge and not on numbers. : Plato 

জীৱনৰ ভিন্ন পর্যায়ত আমি ভিন্ন পৰিস্থিতিৰ সন্মুখীন হওঁ ৷ আমাৰ সন্মুখত আগুৱাই যাবলৈ ভিন্ন পথৰ মাজত এটা পথ নির্বাচন কৰিব লগা হয় ৷ এটা সঠিক নির্ণয়ে জীৱনটো সুখসমৃদ্ধিৰে ভৰাই তোলে আৰু এটা ভুল নির্ণয়ৰ বাবে দুখকষ্ট ভোগ কৰিব লগা হয় ৷

জীৱনত কেতিয়াবা এনে কিছুমান সময় আহে, যত কোনটো এৰো কোনটো ধৰো বিচাৰ কৰাটো কঠিন হৈ পৰে ৷ এইক্ষেত্রত গৌতম বুদ্ধৰ এটি কাহিনী প্রাসংগিক হয় ৷ এবাৰ এখন গাঁৱত গৌতম বুদ্ধহ ধর্ম প্রচাৰৰ বাবে গৈছিল ৷ তাত এখন বেলেগ গাঁৱৰ এজন খেতিয়কে বুদ্ধদেৱৰ বাণীসমূহ বৰ আগ্রহেৰে মন্ত্রমুগ্ধ হৈ শুনি আছিল ৷ বুদ্ধদেৱৰ প্রবচন শেষ হোৱাৰ পিছত খেতিয়কজনে বুদ্ধদেৱক নিজৰ গাঁৱলৈ ধর্ম প্রচাৰৰ বাবে নিমন্ত্রণ কৰিলে ৷ কিন্তু বুদ্ধদেৱ যাবলৈ অমান্তি হল ৷ কিয়নো তেওঁ কেহদিনমানৰ আগতে সেই ঠাইলৈ গৈছিল ৷  খেতিয়কৰ কাতৰ প্রার্থনা অৱজ্ঞা কৰিব নোৱাৰি বুদ্ধদেৱ যাবলৈ মান্তি হল ৷ এদিনাখন খেতিয়কৰ গাঁৱলৈ বুদ্ধদেৱ আহিল ৷ সকলোৱে  হেঁপাহেৰে বুদ্ধৰ ওচৰলৈ দৌৰ মাৰিলে ৷ বুদ্ধ আহিবৰ দিনাই খেতিয়কৰ হালোৱা গৰুহাল হেৰাল ৷ তেওঁ বৰ ধর্মসংকটত পৰিল ৷ এফালে বুদ্ধদেৱক তেওঁ নিমন্ত্রণ কৰি আনিছে, বুদ্ধৰ বাণী শুনিব পাৰিলে তেওঁৰ জীৱন ধন্য হৈ পৰিব আৰু আনফালে হালোৱা গৰুহাল বিচাৰি নহলে তেওঁৰ লগতে গোটেই পৰিয়ালটোৰ পেটত খুদকণ নপৰিব ৷ বহুত ভাবিচিন্তি তেওঁ গৰুহাল বিচাৰি ওলাল ৷ বহু কষ্টৰ ফলত গৰুহাল বিচাৰি ঘৰ পালে ৷ তেতিয়ালৈ বুদ্ধৰ অমৃত বাণী শুনি সকলো ঘৰাঘৰি গৈছিল ৷ বুদ্ধদেৱেও বহু সময় খেতিয়কলৈ অপেক্ষা কৰি প্রস্থান কৰিছিল ৷ খেতিয়কৰ মনত বৰ দুখ লাগিল ৷ কেইদিনমানৰ পিছত তেওঁ বুদ্ধদেৱক বিচাৰি তেওঁৰ কুটিৰলৈ গল ৷ বুদ্ধদেৱক তেওঁ লগ কৰিব নোৱাৰাৰ কাৰণৰ বিষয়ে সকলো বিৱৰি কলে ৷ বুদ্ধদেৱে বৰ মনোযোগেৰে শুনিলে আৰু কলে যে সিদিনা তুমি সঠিক নির্ণয় লৈছিলা ৷ মোৰ ওচৰত আহিলে মই তোমাক সেইটোকে কৰিবলৈ কলোঁ হয় ।

মানৱ জীৱনত কিছুমান বিশেষ ক্ষেত্রত সঠিক নির্ণয় লোৱাটো বৰ কঠিন হৈ পৰে ৷ এনে সময়ত বন্ধু বান্ধৱ তথা সম্বন্ধীয় লোকৰ পৰামর্শ লোৱা হয় ৷ 

বিশেষকৈ  পঢ়াশুনা, চাকৰিব্যৱসায় তথা বিয়াবাৰুৰ ক্ষেত্রত অহনৰ পৰামর্শক অগ্রাধিকাৰ দিয়া হয় ৷  বেলেগৰ পৰামর্শ শুনিলেও কিন্তু শেষত নিজৰ বিচাৰবিবেচনা প্রয়োগ কৰিহে সিদ্ধান্ত লব লাগে ৷

জীৱনত সঠিক নির্ণয় কেনেকৈ লব সেই বিষয়ে আহকচোন আলোচনা কৰোঁ

  • জীৱনত যিমানেই বেয়া সময় নাহক কিয়, কোনো এটা নির্ণয় লোৱাৰ আগতে প্রথমে মনটোক শান্ত সুস্থিৰ কৰি লোৱা প্রয়োজন ৷ অশান্ত মনে কেতিয়াবা সঠিক নির্ণয় লব নোৱাৰে ৷
  • নির্দিষ্ট বিষয়ৰ দোষগুণৰ অধ্যয়ন কৰাটো জৰুৰী ৷
  • যদি কোনোবাই নিজৰ অভিজ্ঞতাৰ পৰা পৰামর্শ দিয়ে, তেন্তে মন দি শুনাটো  উচিত ৷
  • আৱেগৰ বশৱর্তী হৈ কোনো নির্ণয় লোৱাটো উচিত নহয় ৷
  • বাস্তৱভিত্তিক চিন্তাচর্চা কৰিহে নির্ণয় লোৱাটো জৰুৰী ৷
  • চিন্তা আৰু উদ্দেশ্য সৎ তথা ডাঙৰ আগত ৰাখিহে নির্ণয় লব লাগে ৷
  • নিজৰ লগতে সমাজৰ হিতার্থে ভবা উচিত ৷
  • ঈশ্বৰৰ ওপৰত বিশ্বাস ৰখাটো জৰুৰী ৷
  • নিজৰ সমস্যাৰ বিষয়ে বিশ্বাসযোগ্য ব্যক্তিৰ লগত আলোচনা কৰাটো উচিত ৷
  • নিজৰ মনোবল তথা আত্মবিশ্বাস অটুট ৰাখিব লাগে ৷
  • নিজে সুখী হোৱাৰ চাবিকাঠী কেতিয়াও আনৰ হাতত নিদিব, কাৰণ জীৱনটো আপোনাৰ ৷
  • অতীতৰ ভুলৰ পৰা পোৱা শিক্ষা মনত ৰাখি পৰৱর্তী পর্যায়ত নির্ণয় লোৱা উচিত ৷

জীৱনৰ প্রত্যেক ক্ষণ নির্ণয়ৰ ক্ষণ ৷ আশা কৰিলোঁ সকলোৱে সঠিক নির্ণয় লৈ নিজৰ জীৱনটো মধুৰ কৰি তুলিব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.