এণ্টিক আৰু শ্বুটিং প্রপার্টীৰ ব্যৱসায়

পূর্বানী গোস্বামী

বহুতৰ বাবে অতীত পাৰ হৈ অহা কেইখনমান পুৰণি কেলেণ্ডাৰ আৰু কিছু মুষ্টিমেয় লোকৰ বাবে অতীত সযতনে সাঁচি ৰখা কেতবোৰ পল ৷ কিছুমান পুৰণি বস্তু কিমান দামী আৰু বিৰল, সেহ বিষয়ে বহুতে অজ্ঞাত ৷ বিপৰীতে কিছু লোকে পুৰণি স্মৃতি বিজড়িত এটি মুদ্রা, এখন ছবি, এখন ৰেকর্ড বা যুদ্ধত ব্যৱহাৰ হোৱা এটা বন্দুকৰ গুলী মানেহ ইতিহাসৰ এটি জীয়া অধ্যায় ৷ এই দ্বিতীয় প্রকাৰৰ লোক অর্থাৎ সেইসকল লোক, যাৰ ঐতিহাসিক সামগ্রী সংগ্রহৰ প্রতি মানুহৰ গভীৰ আকর্ষণ আছে ৷ এনে লোকৰ বাবে সংগ্রহালয় আৰু কীর্তিচিহ্ণৰ বাহিৰেও এখন প্রাচীন সামগ্রীৰ দোকান অন্যতম আকর্ষণীয় স্থান ৷ এনে এখন দোকানে এজন বিচক্ষণ আর্ট কালেক্টৰ বা এণ্টিক কালেক্টৰ এজনৰ আগত এটা অতীতৰ যুগৰ সযতনে সংৰক্ষিত শিল্পকর্মৰ সংকলন উপস্থাপন কৰে৷ পশ্চিমৰ দেশসমূহত ই এক লাভজনক ব্যৱসায় ৷ ভাৰতৰ আন আন ডাঙৰ চহৰত এনে এণ্ঢিক শ্বপ আজিকালি সহজে দেখিবলৈ পোৱা যায় ৷ ই এক লাভজনক ব্যৱসায় ৷ স্থানীয় লোকৰ বাদেও এনে এণ্ঢিক শ্বপে পর্যটকসকলকো আকর্ষণ কৰে ৷ ভিণ্টেজ বা এণ্টিক আচবাব, পেইণ্টিং, ভাস্ক্র্য আদি অতি ব্যয়বহুল হব পাৰে ৷ এনে বস্তুৰ মূল্য শিল্প/নির্মাতা, সৃষ্টি, উৎস আৰু আটাহতকৈ গুৰুত্বপূর্ণ কথাটো হল বয়স আৰু বিৰলতাৰ ওপৰত নির্ভৰ কৰে ৷ যিসকলৰ আগৰ পৰা এণ্টিক আৰু ভিণ্টেজ বস্তুৰ প্রতি আকর্ষণ আছে তেওঁলোকে নিশ্চয় বুজিছে ৷  কিন্তু যিসকলে এহ বিষয়ত আগতে আকর্ষণ অনুভৱ কৰা নাই, তেওঁলোকে এখন ভিণ্টেজ বা এণ্টিক শ্বপলৈ যাবলৈ চেষ্টা কৰক, আৰু আপুনি পুতলা, খেলনা, মুদ্রা, ভিনাইল ৰেকর্ড, আচবাবৰ দৰে বস্তু পাব আৰু আপুনি একো ক্রয় নকৰাকৈ দোকানৰ পৰা ওলাই আহিব  নোৱাৰে ৷

যদি আপুনি কম মূলধনেৰে ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে আৰু অংশকালীন এণ্টিক ডীলাৰ হব বিচাৰে, তেনে সৰুকৈ এখন এণ্টিক বা ভিণ্টেজ দোকান আৰম্ভ কৰাটো এটা বহনক্ষম ব্যৱসায়ৰ ধাৰণা হব পাৰে ৷ ইয়াক মাজে মাজে প্রজেক্ট হিচাপেও চলাব পাৰি ৷

ব্যৱসায় হিচাপে ভিণ্টেজ বা এণ্টিক শ্বপৰ বিষয়ে হয়াত আলোচনা কৰাৰ কাৰণটো হল অসমত এনে ব্যৱসায় খুউব কমেই দেখিবলৈ পোৱা যায় ৷ গতিকে ব্যৱসায়ত প্রতিযোগিতাও নাই ৷  অথচ মানুহৰ জীৱন যাপনৰ মান উন্নত হৈ অহাৰ লগে লগে ভিণ্টেজ বা এণ্টিক বস্তুৰ প্রতি আকর্ষণ বাঢ়ি আহিছে ৷ টেলিভিছন, ইণ্টাৰনেটৰ বহুল ব্যৱহাৰৰ লগতে সক্ষমসকলৰ বিদেশ ভ্রমণ সহজ হৈ পৰাটোও এনে আকর্ষণৰ আন কিছুমান কাৰক ৷

ব্যৱসায় আৰম্ভ কৰিবলৈ হলে আগতে খবৰ কাগজত বিজ্ঞাপন দি ভিণ্টেজ বা এণ্টিক বস্তুৰ বিচাৰ–খোঁচাৰ চলাব লাগিব৷ অৱশ্যে ঘৰুৱা লোক, মিতিৰ–কুটুম, বন্বুূ–বান্ধৱৰ ঘৰতো অলপ খবৰ কৰাটো এটা ভাল উপায় হব পাৰে ৷ কাৰোবাৰ ঘৰত পুৰণি ৰেকর্ড প্লেয়াৰ, কাৰোবাৰ ঘৰত বেয়া হৈ পৰি থকা আজোককাৰ দিনৰ পেণ্ডুলাম ঘড়ী, ষ্টৰ ৰুমত থকা ১০০ বছৰীয়া কুণ্ডত কটা টেবুলখন, আইতাই যৌতুকত অনা পিতলৰ মিনাকৰা ফুলদানিটো এই ধৰণৰ বস্তু দেখিলেই গোটাই লৈ সেইবোৰ চাফ–চিকুণ কৰি, বেয়া হৈ থাকিলে পুনৰ কার্যক্ষম কৰি লব লাগিব ৷ বয়বস্তু সংগ্রহ কৰোঁতে তাৰ গৰাকীক সাধ্য অনুসৰি মূল্য আগবঢ়াবলৈ নাপাহৰিব ৷ কাগজত বিজ্ঞাপন দিয়াৰ সময়তো মূল্য দিয়াৰ বিষয়ে উল্লেখ কৰিব ৷ যিসকল লোকৰ ভিণ্টেজ বা এণ্টিক বস্তুৰ প্রতি সাধাৰণ আগ্রহ নাই, তেওঁলোকে তেনে ধৰণৰ বস্তু মূল্যৰ বিনিময়ত বিক্রী কৰাত আগ্রহী হব পাৰে ৷ কেৱল খবৰ কাগজত বিজ্ঞাপন দিওঁতে আকর্ষণীয় আৰু সামান্য ৰহস্যৰ ভাৱ থাকিলে মানুহৰ কৌতূহল বঢ়াব পাৰি ৷

প্রথম অৱস্থাত ঘৰৰ পৰাই ব্যৱসায় আৰম্ভ কৰিব পাৰিব ৷ বিক্রয়যোগ্য বস্তু বেছি হলে ব্যৱসায়ৰ বাবে সুকীয়াকৈ স্থান লোৱাৰ প্রয়োজন আহি পৰিব ৷ এণ্টিক বা ভিণ্টেজৰ ব্যৱসায়ৰ লগে লগে আন এটা ব্যৱসায়ো চলাই যাব পাৰি ৷ সেইটো হৈছে শ্বুটিং প্রপার্টীৰ ব্যৱসায় ৷

এখন চিনেমা বা এখন ধাৰাবাহিকৰ চিত্রগ্রহণৰ সময়ত কিমানবোৰ যে বস্তুৰ প্রয়োজন নহয় ৷ চকী–টেবুল, খাট–পালেং, লাহট, পর্দা, পুলিচৰ পোছাক, পুতলা পিষ্টল, পেইণ্ঢিং, পুৰণি সাজপাৰ, আচবাব মুঠতে এই তালিকাখন দীঘল কৰি নি থাকিব পাৰি ৷ পুৰণি চিলাই মেচিন, হাত বিচনীৰ পৰা পুৰণি–নতুন গাড়ী এজন মানুহে জীৱনকালত ব্যৱহাৰ কৰা যিকোনো বস্তুৰ লগতে এণ্টিক বা ভিণ্টেজ বস্তুবোৰো এই তালিকাত যোগ দিব পাৰি ৷

শ্বুটিং প্রপার্টীসমূহ সাধাৰণতে ভাৰাত দিয়া হয় ৷ প্রতিপদ বস্তুৰে সুকীয়া আৰু নির্দিষ্ট ভাৰা থাকে ৷ তদুপৰি শ্বুটিং প্রপার্টীসমূহ ভাৰা দিওঁতে এটা নিৰাপত্তামূলক আগধন লোৱা হয়, যিটো বস্তুখিনি ঘূৰাই দিয়াৰ সময়ত ওভোতাই দিয়া হয়৷ কোনো বয়–বস্তুৰ হানি–বিঘিনি হলে তাৰ বাবদ কিছু ধন কাটি ৰখাটো নিয়ম৷

আমাৰ ৰাজ্যত এনেধৰণৰ ব্যৱসায় এতিয়ালৈকে ঠন ধৰি উঠা নাহ যদিও এনে ব্যৱসায়ত ভাল উপার্জনৰ সম্ভাৱনা আছে৷ পুৰুষ–মহিলা উভয়ে এহ ব্যৱসায়ত ভাগ লব পাৰে৷ প্রয়োজন মাথোঁ বিষয়টোৰ প্রতি আগ্রহ আৰু তাত নিজৰ কল্পনাৰ ৰহণ সনাৰ৷

ফোন ঃ ৭০০২০-৭০২৯৯

You might also like

Comments are closed, but trackbacks and pingbacks are open.