ইণ্ঢাৰনেট অৱ থিংছ্

ভৱেন বৰুৱা

বর্তমান যুগত ইণ্ঢাৰনেটে মানুহৰ চিন্তা, কাম–কাজ, দৈনন্দিন জীৱন আদিত এনে গভীৰভাৱে শিপাই আছে যে ইণ্টাৰনেটবিহীন জীৱনধাৰাৰ কথা ভবাটোৱেই অসম্ভৱপ্রায় হৈ পৰিছে ৷ আৱিষ্কাৰৰ এশ বছৰ নৌহওঁতেই স্বাস্থ্য, শিক্ষা, যাতায়াত আৰু যোগাযোগ, মনোৰঞ্জন, উদ্যোগ, অর্থনীতি, বেহা–বাণিজ্য আদি সকলো ক্ষেত্রতেই ইণ্টাৰনেটৰ বহুল ব্যৱহাৰে যি অভূতপূর্ব বৈপ্লৱিক পৰিৱর্তন আনিছে তথা সভ্যতাৰ বিকাশলৈ যি দ্রুত বৰঙণি আগবঢ়াইছে, সেয়া মাথোঁ বিস্ময়কৰেই নহয়, সমগ্র মানৱ সভ্যতাৰ দীঘলীয়া ইতিহাসত তাৰ তুলনা পাবলৈ নাই ৷

ইণ্টাৰনেটৰ ব্যৱহাৰে তথ্য–প্রযুক্তিগত ক্ষেত্রখনতেই হওক, স্বাস্থ্য সম্পর্কীয় ক্ষেত্রখনতেই হওক বা আন আন ক্ষেত্রবোৰতেই হওক, মানুহৰ জ্ঞান আৰু গৱেষণা সম্পর্কীয় কাম–কাজবোৰ পূর্বতকৈ বহু সহজ কৰি তুলিছে ৷ সেয়ে বিগত কেইটামান বছৰতেই এইবোৰ ক্ষেত্রত হোৱা গৱেষণা, নতুন আৱিষ্কাৰ আৰু ইণ্টাৰনেটৰ ব্যৱহাৰে সকলোকে চমকৃত কৰি তুলিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ইণ্টাৰনেটৰ জগতখনত বহুলভাৱে জনপ্রিয় হৈ পৰা এটা নাম হৈছে ইণ্টাৰনেট অৱ থিংছ্ Internet of Things বা চমুকৈ IoT৷ নির্মাণ, পৰিবহণ, সুৰক্ষা ব্যৱস্থা তথা আন আন ঔদ্যোগিক ক্ষেত্রত এই ইণ্ঢাৰনেট অৱ থিংছ্ Internet of Things–এ এক যুগান্তকাৰী বিপ্লৱৰ সূচনা কৰিছে ৷

কি এই ইণ্টাৰনেট অৱ থিংছ্

১৯৯৯ চনতProcter & Gambleত কর্মৰত কম্পিউটাৰ বিশেষজ্ঞ কেভিন এষ্টনে প্রথমবাৰৰ বাবে এই ইণ্টাৰনেট অৱ থিংছ্ নামটো ব্যৱহাৰ কৰিছিল ৷ তেওঁ কোম্পানীটোৰ উৎপাদিত সামগ্রীসমূহৰ যোগান প্রক্রিয়াবোৰৰ সঠিক অৱস্থান নির্ধাৰণ Tracking কৰিবলৈ সামগ্রীসমূহত Radio-frequency Identification (RFID) chips ব্যৱহাৰ কৰাৰ প্রস্তাৱ দি এই পদ্ধতিটোক Internet of Things বুলি অভিহিত কৰিছিলঃ অর্থাৎ সামগ্রীসমূহৰ মাজত আন্তঃসম্পর্ক ৰক্ষা কৰিবলৈ তৈয়াৰ কৰা এক জাল !  পিছত সামগ্রীসমূহৰ অৱস্থান নির্ণয় কৰিব পৰা এই প্রযুক্তিটোৱেই অধিক উন্নত ৰূপ লাভ কৰি সম্প্রতি নির্মাণ, পৰিবহণ আদি বিভিন্ন ক্ষেত্রত ব্যাপকভাৱে ব্যৱহূত হৈছে আৰু আগন্তুক বছৰবোৰত ইয়াৰ পৰিসৰ অধিক নতুন নতুন ক্ষেত্রলৈ বৃদ্ধি পোৱাটো নিষ্চিত হৈ পৰিছে ৷ এতিয়াInternet of ThingsৰThings শব্দটোৱে মাথোঁ সামগ্রীকে নুবুজায় ৷ ইণ্টাৰনেট সংযোগৰ সহায়ত এখন দেশৰ কোনো বিশেষজ্ঞ চিকিৎসকে আন এখন দেশত থকা চিকিৎসালয়ত পৰীক্ষা বা তদাৰকী কৰি থকা এগৰাকী হূদৰোগীও হব পাৰে, কোনো বাহনো হব পাৰে, যত এই পদ্ধতিটোৰ যোগেদি চালকক বাহনখনৰ কোনোবা এটা চকাত পাম্প কম থাকিলেও সতর্ক কৰি দিয়া ব্যৱস্থাটোও হব পাৰে, অথবা ঘৰত কোনো নথকা অৱস্থাত অকর্তৃত্বশীল ব্যক্তিয়ে প্রৱেশ কৰিলে ঘৰৰ পৰা আঁতৰত থকা গৃহস্থক সতর্ক কৰি দিব পৰা ব্যৱস্থাটোও হব পাৰে ৷

অষ্ট্রেলিয়াৰ PROCEPT নামৰ প্রতিষ্ঠানটোৰ মুখ্য কার্যবাহী বিষয়া Aaron Maherৰ ভাষাত, The Internet of Things (IoT) has quickly progressed from an emerging technology of significance, becoming an integral part of modern life, especially in manufacturing, logistics, and other industrial sectors. However, the latest innovations will likely make IoT development even more essential and pervasive. তথ্য–প্রযুক্তি তথা কাৰিকৰী ক্ষেত্রৰ এগৰাকী বিখ্যাত লেখক আলেকজেণ্ডাৰ এছ গিলিছে এই Internet of Thingsৰ বিষয়ে লিখিছে, The Internet of Things, or IoT, is a network of interrelated devices that connect and exchange data with other IoT devices and cloud.IoT devices are typically ambedded with technology such as sensors and software and can include mechanical and digital machines and consumer objects.

IoTয়ে কেনেকৈ কাম কৰে

IoT পদ্ধতিটোত ইণ্টাৰনেটৰ সহায়ত প্রয়োজনীয় তথ্য সংগ্রহ, প্রেৰণ তথা কাষৰ পৰিৱেশ বিশ্লেষণ কৰিব পৰাকৈProcessors, Sensors আৰুCommunication Hardwareৰ এক সমন্বিত স্মার্ট ডিভাইচ্ সংযোজিত হৈ থাকে৷ এই স্মার্ট ডিভাইচে প্রতিমুহূর্তত প্রয়োজনীয় তথ্যবোৰ সংগ্রহ কৰি সেইবোৰIoTৰ কেন্দ্রীয় ব্যৱস্থাটোলৈ প্রেৰণ কৰে আৰু এই তথ্যবোৰৰ বিশ্লেষণ কৰিIoTৰ কেন্দ্রীয় ব্যৱস্থাটোৱে সংশ্লিষ্ট স্মার্ট ডিভাইচটোলৈ প্রয়োজনীয় নির্দেশ প্রেৰণ কৰে ৷

প্রয়োজনবোধেIoTৰ স্মার্ট ডিভাইচবোৰে কেন্দ্রীয় ব্যৱস্থাটোৰে সংযোজিত হৈ থকা আন ডিভাইচৰ সৈতেও যোগাযোগ কৰিব পাৰে আৰু ইটোৱে সিটোৰ পৰা সংগ্রহ কৰা তথ্যৰ আধাৰত কর্মপদ্ধতি নির্ণয় কৰে৷ লক্ষণীয় কথাটো হল, এইবোৰ অধিকাংশ কামেই মানৱ হস্তক্ষেপ নথকাকৈয়ে স্মার্ট ডিভাইচবোৰে স্বয়ংক্রিয়ভাৱে সমাধা কৰে ৷ শেহতীয়াকৈ এইIoTতAI (কৃত্রিম বুদ্ধিমত্তাৰ সংযোজনে IoT প্রক্রিয়াটোক আগতকৈ বহুগুণে উন্নত আৰু গতিশীল কৰি তুলিছে ৷

IoTৰ গুৰুত্ব

IoT-এ মানুহৰ জীৱন যাত্রা যথেষ্ট সহজ আৰু স্মার্ট কৰি তুলিছে ৷ উদাহৰণস্বৰূপে, বাহন এখন ঘৰৰ চৌহদ সোমোৱাৰ লগে লগে বাহনখনৰIoTৰ স্মার্ট ডিভাইচে গেৰেজৰ সৈতে যোগাযোগ কৰি গেৰেজৰ দুৱাৰখন খুলিবলৈ নির্দেশ দিব ৷ সেইদৰে পৰিৱেশৰ তাপমানৰ ওপৰত নির্ভৰ কৰি থার্মোষ্টেটৰ তাপমান কম বা বেছি কৰিব পাৰে ৷ গৃহস্থ নথকা অৱস্থাত অকর্তৃত্বশীল লোকে ঘৰৰ চৌহদত প্রৱেশ কৰিলে বা দুৱাৰ খুলিবলৈ চেষ্টা কৰিলে গৃহস্থক সতর্ক কৰি দিব পাৰে ৷ কিবা কাৰণত ঘৰত জুই লাগিলে জুই নুমোৱাৰ ব্যৱস্থাটোক সক্রিয় কৰি তুলিব পাৰে ৷

IoT ব্যৱস্থাটোৱে ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রখনৰ কর্মসম্পাদনত এক বৈপ্লৱিক পৰিৱর্তন আনিবলৈ সক্ষম হৈছে আৰু সামগ্রী উৎপাদন তথা বিভিন্ন সেৱা আগবঢ়োৱা কোম্পানীবোৰক অধিক সু–সংঘবদ্ধ আৰু নিয়াৰিকৈ তেওঁলোকৰ সেৱা আগবঢ়োৱাৰ ক্ষেত্রত সহায় কৰিছে ৷

IoT ব্যৱস্থাটোৱে মানুহৰ হস্তক্ষেপ কৰিবলগীয়া নোহোৱাকৈয়ে যন্ত্রৰ সহায়ত সামগ্রী উৎপাদন তথা বিভিন্ন সেৱা আগবেোৱা কোম্পানীবোৰক বিভিন্ন কাম কৰিবলৈ সক্ষম কৰি তুলিছে ৷ ইয়াৰ ফলত উৎপাদন ব্যয় হ্রাস পোৱাৰ লগতে সময়ৰ অপচয়ো হ্রাস পাইছে ৷

নির্মাণকাৰী কোম্পানী, পৰিবহণ কোম্পানী আৰু বিভিন্ন সেৱা আগবেোৱা কোম্পানীবোৰৰ বাবেIoT ব্যৱস্থাটো এক আশীর্বাদ হৈ পৰিছে ৷

কৃষিখণ্ডতIoT ব্যৱস্থাটোৰ সংযোজনে কৃষকসকলক বৰষুণৰ পৰিমাণ, আর্দ্রতা, তাপমান, ভূমিৰ গুণাগুণ আদি প্রয়োজনীয় তথ্য আহৰণত সহায় কৰি কৃষি উৎপাদন বৃদ্ধিত বিশেষভাৱে সহায় কৰিব পাৰে৷

মুঠতেIoT ব্যৱস্থাটোৱে বর্তমান বিভিন্ন উদ্যোগক্ষেত্র, স্বাস্থ্যসেৱা, খুচুৰা ব্যৱসায়ৰ ক্ষেত্র তথা নির্মাণ আদি সকলো ক্ষেত্রতেই উন্নত আৰু ত্রুটিহীন সেৱা আগবেোৱাৰ ক্ষেত্রত বিশেষভাৱে সহায় কৰিছে ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.