হিমানী কলিতা
নীৰৱতাই আৱৰি থকা ঘৰটোৰ বহল বাৰাণ্ডাৰ এই বেতৰ চকীখনেই এতিয়া মোৰ একমাত্র সংগী ৷
ইয়াৰ কোলাতেই বহি পাৰ হয় মোৰ পুৱা–গধূলিৰ সময়বোৰ ৷ ইয়াৰ কোলাতেই বহি হিচাপ–নিকাচ কৰোঁ পাৰ হৈ যোৱা দিনবোৰত কৰি অহা সকলো পাপ–পুণ্যৰ ৷
পুণ্য জানো কৰিছো কেতিয়াবা
তুলাচনীত দেখোন পাপৰ পাল্লাখনেহ সদায় ভাৰী ৷
জীৱনৰ এই বিয়লি পৰত অনুশোচনাৰ জুইত দগ্ধ হৈ মহ লি–পুৰি মৰিছোঁ ৷ নেদেখাজনক কাবৌ কৰিছেছা
হে ইশ্বৰ মোক মাৰি নিয়া ৷
কিন্তু মোৰ দৰে পাপী জীৱ এটিক ঈশ্বৰে জানো ইমান সহজতে মুক্তি দি! শাস্তিতো মই এই জীৱনতে ভুগিব লাগিব ৷ ভুগিব লাগিব মানে ভুগিয়ে আছো দেখোন৷ আজি দেখোন সকলো থাকিও মই একাকিত্বৰ জীৱন এটা জীয়াই আছোঁ ৷ সুখ–দুখৰ কথা এষাৰ পাতিবলৈকে আজি মোৰ কাষত মোৰ আপোন মানুহ কোনো নাহ ৷ মোৰ সন্তানেই আজি মোক ঘৃণা কৰে৷ ইয়াতকৈ ডাঙৰ শাস্তি আৰু এগৰাকী মাতৃৰ বাবে কি হব পাৰে
সৰুৰ পৰাই মই ব্যতিক্রম আছিলোঁ ৷ অন্য নাৰীৰ দৰে মোৰ হূদয় ফুলৰ দৰে কোমল নাছিল ৷ আৱেগ, অনুভূতি বোলা হূদয়ৰ এই অনুভৱবোৰ মোৰ বাবে তেনেই অচিনাকি আছিল ৷ শৈশৱ কালৰ পৰাই মোৰ হূদয়ত জন্ম হৈছিল কেৱল ঈর্ষাৰ ৷ আৰু এই ঈর্ষাই মোক আঙুলিত ধৰি লৈ গৈ আছিল জীৱনৰ এটি ভুল পথেৰে আৰু মই তাকেই শুদ্ধ পথ বুলি হেলাৰঙে আগুৱাই গৈ আছিলোঁ ৷ ঈর্ষাৰ প্রকোপে মোক বিবেকহীন কৰি তুলিছিল ৷ ভুল–শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা মই হেৰুৱাই পেলাইছিলোঁ ৷
মোৰ ঈর্ষাৰ মূল কাৰণ আছিল মোৰ বাহদেউ ৷ ঘৰখনত মা–দেউতাৰ আমি দুজনীয়ে সন্তান আছিলোঁ ৷ ৰূপে–গুণে অতুলনীয় মোৰ বাহদেউ ঘৰখনৰ লগতে সকলোৰে প্রিয়পাত্রী আছিল ৷ নৃত্য–গীত, পপা–শুনা সকলো ফালেই যে তাই আগবঢ়া আছিল ৷ তাৰ বিপৰীতে মোৰ একো ভাল গুণেই নাছিল ৷ সৰুৰে পৰা তাইক ঈর্ষা কৰোঁতে কৰোঁতে নিজলৈ বুলি দেখোন একো ভাল জ্ঞান আর্জিবলৈকে সময় নহল৷ ওচৰ–চুবুৰীয়াই সেই লৈ প্রায়ে কৈছিল
একে মাকৰে সন্তান হৈয়ো দুয়োজনী ছোৱালীৰ মাজত ইমান পার্থক্য ৷ আচৰিত !
এনেকুৱা নাছিল যে মা–দেউতাই আমাৰ দুজনীক কৰা মৰম–চেনেহৰ মাজত পার্থক্য ৰাখিছিল ৷ দুয়োজনীকে সমান চকুৰেই চাইছিল ৷ কিন্তু তাৰ মাজতো যেন মই কৰবাত মোক লৈ সিহঁতৰ মাজত অলপ হলেও অসন্তুষ্টি দেখিবলৈ পাহছিলোঁ ৷ চেষ্টা কৰিছিলোঁ তাইৰ দৰে পঢ়াই–শুনাই সকলোতে দক্ষ হবলৈ ৷ বিচাৰিছিলো তাইৰ দৰে মোকো লৈ মা–দেউতাই গৌৰৱ কৰক ৷ কিন্তু মোৰ মগজুটো ইমানেই কেঁচা আছিল যে পঢ়াৰ বিষয়বস্তুবোৰ তাইৰ দৰে মোৰ মগজুৱে ঢুকিয়ে নাপাইছিল ৷ কিবাকৈহে প্রতিবছৰে এটা শ্রেণীৰ পৰা আনটো শ্রেণীলৈ সৰকি গৈছিলোঁ ৷ আৰু নৃত্য–গীত এইবোৰত মোৰ অলপো ৰাপেই নাছিল ৷ গতিকে সেইবোৰতো তাইৰ দৰে আগবাঢ়িবলৈ মোৰ দ্বাৰা একেবাৰেই সম্ভৱ নাছিল ৷
চেষ্টা কৰিও মই নিজক তাইৰ দৰে গঢ়ি তুলিব পৰা নাছিলোঁ ৷ অৱশেষত হতাশাত ভুগিছিলো মই ৷ যিমানেই হতাশাত ভুগিছিলোঁ সিমানেই মই ঈর্ষাৰ জুইকুৰাত বেছিকৈ দাহিত হৈছিলোঁ ৷
তাই নিজৰ দক্ষতাৰে কঢ়িয়াই অনা পুৰস্কাৰবোৰ মই কোনো নথকা অৱস্থাত ছিঙি–ভাঙি নষ্ট কৰি পেলাইছিলোঁ ৷ মনে মনে তাই পঢ়া কিতাপৰ পাতবোৰ ফালি পেলাই এক আসুৰিক তৃপ্তি লভিছিলোঁ ৷
তাইৰ ধুনীয়া কাপোৰবোৰত মনে মনে দাগ লগাই থৈছিলোঁ ৷ সেইবোৰ কৰিও মন নভৰিলে কেতিয়াবা তাইৰ লগত কোনো কাৰণ নোহোৱাকৈয়ে কাজিয়া লাগি তাইৰ চকুৱে–মুখে আঁচুৰি দিছিলোঁ ৷
উস্ সেহ লৈ পিছত মা–দেউতাৰ কিমান যে মাৰ খাইছিলোঁ মই ৷
তেনেকৈয়ে এদিন ডাঙৰ হৈছিলোঁ আমি ৷
কিন্তু ঈর্ষাৰ জুইকুৰা সেই একেদৰেই লি আছিল মোৰ মনৰ ভিতৰচৰাত ৷ তাইৰ মুখত হাঁহিৰ ৰেশ এটি দেখিলেই যে মই লি–পুৰি মৰিছিলোঁ ৷ কেনেকৈ সেই হাঁহিক কান্দোনলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰ বাবে মই গোপনে গোপনে কত যে কূট–কৌশল ৰচনা কৰিছিলেঁ !
বাইদেউৱে কিন্তু মোক যথেষ্ট মৰম কৰিছিল আৰু মই সেই মৰমক ঢাল হিচাপে ব্যৱহাৰ কৰি তাহক দুখৰ উপৰি দুখ দিছিলোঁ ৷
তাইৰ প্রথম প্রেমক ময়ে তাইৰ জীৱনৰ পৰা আঁতৰ কৰিছিলোঁ ৷ তাইৰ প্রেমিকৰ মনত তাইৰ বিৰুদ্ধে এনেকৈ বিষবাষ্প ছটিয়াইছিলোঁ যে সেই বিষবাষ্পই তাইৰ জীৱন কিছুদিনৰ বাবে হলেও বিষময় কৰি তুলিছিল ৷ সেই প্রেমিকৰ হতুৱাই বদনামী কৰিব খুজিছিলোঁ তাইক সমাজৰ আগত ৷ মা–দেউতাৰ লগতে গোটেই সমাজখনে তাইক ঘৃণাৰ চকুৰে চোৱাটো বিচাৰিছিলোঁ মই ৷
কিন্তু মই সেই কু–কর্মবোৰ কৰিও এবাৰো সফলতা আর্জিব পৰা নাছিলোঁ ৷ যিমানেই মই হাৰিছিলোঁ সিমানেই মোৰ হূদয়ত ঈর্ষাৰ জুইকুৰাৰ প্রকোপ বাঢ়ি গৈছিল ৷
তাইৰ বিয়া ঠিক হৈছিল চহৰৰ এজন ডাঙৰ ব্যৱসায়ীৰ লগত ৷ দৰাজনক এবাৰ দেখিয়ে মই বুজিছিলো যে তাৰ লগত মোৰ বাহদেউৱে বহুত সুখত থাকিবলৈ পাব আৰু তাইৰ সেই সুখ যে মোৰ কোনোমতেই কাম্য নহয় ৷ সেয়ে বিয়াখন ভাঙিবলৈ বহুত কষ্ট কৰিছিলোঁ মই ৷ কিন্তু মোৰেহ দুর্ভাগ্য, সেইবাৰো সফল হোৱা নাছিলোঁ ৷
বিয়া হৈ গুচি গৈছিল তাই বেলেগ এখন ঘৰলৈ ৷
বিয়াৰ পিছত ভিনদেউৰ লগত প্রথমবাৰ আমাৰ ঘৰলৈ আহোঁতে তাহৰ মুখৰ উজ্জ্বলতা আৰু সুখৰ চিকিমিকনিয়ে মোক শান্তিৰে শুবলৈ দিয়া নাছিল ৷ সেয়ে মই সিদ্ধান্ত লৈছিলোঁ তাইৰ সুখৰ সংসাৰখনত জুই লোৱাৰ ৷
সন্তানসম্ভৱা আছিল তাই ৷ সেয়ে তাইৰ সহায়ৰ বাবে মা–দেউতাই মোক তাইৰ ঘৰলৈ পঠিয়াইছিল ৷ তাৰেই সুযোগ লৈছিলোঁ মই ৷ সেইবাৰ মই অস্ত্র হিচাপে ব্যৱহাৰ কৰিছিলো ভিনদেউক ৷ এৰা তাইৰ পৰা ভিনদেউক কাঢ়ি অনাৰ এক গভীৰ ষড়যন্ত্রত নামি পৰিছিলোঁ মই ৷
তাইক আঘাত কৰাৰ সেয়াই যে শেষ চেষ্টা আছিল মোৰ ৷
সেইবাৰ কিন্তু মোৰ বিশেষ কষ্ট হোৱা নাছিল ৷ কাৰণ অন্তঃসত্ত্বা বাইদেউৰ শৰীৰৰ লগত খেলিব নোপোৱা ভিনদেউৰ খুব সহজতে চকু পৰিছিল মোৰ যৌৱনদ্দীপ্ত শৰীৰটোৰ ওপৰত ৷
সেয়াই সুবর্ণ সুযোগ আছিল মোৰ বাবে ৷ এবাৰো ভবা নাছিলো ঈর্ষাৰ জুইত দগ্ধ হৈ কিমান তললৈ নামি গৈ আছিলোঁ মহ ৷
বাইদেউৰ অজানিতেই ভিনদেউৰ লগত শাৰীৰিক খেলখনত মত্ত হৈছিলোঁ মই ৷ সুখী হৈছিলো বাহদেউৰ পৰা ভিনদেউক নিজৰ হাতলৈ আনিব পাৰি ৷
কিন্তু সিমানতে জানো ক্ষান্ত হৈছিলো মই
মই আপোনাৰ সন্তানৰ মা হবলৈ ওলাইছোঁ ভিনদেউ ! আপুনি এতিয়া মোক নিজৰ পত্নী হিচাপে স্বীকৃতি দিয়ক !
কিন্তু তোমাৰ বাইদেউৰ কি হব ভাবিছানে তুমি
সেয়া আপুনি ভাবক ৷ মই কেৱল মোৰ সন্তানৰ ভৱিষ্যতৰ কথাহে ভাবিছোঁ ৷ নহলে মই
আত্মহত্যাৰ ভাবুকি দি মহ ভিনদেউক ঠিকেই সৈমান কৰিছিলোঁ ৷ কিন্তু সকলো কথাৰ উমান পাই বাইদেউৱেহে ওলট–পালটখন লগাই দিছিল ৷ সহিব পৰা নাছিল তাই নিজ স্বামী আৰু নিজ ভগ্ণীৰ সেই ঘৃণনীয় সত্যক ৷ আঠ মাহৰ অন্তঃসত্ত্বা বাহদেৱে সেই ৰাতিয়ে মা–দেউতালৈ দীঘলীয়া চিঠি এখন লিখি চৰম সিদ্ধান্তটো লৈছিল ৷
পিছদিনা বিছনাত পৰি আছিল বাইদেউৰ নিথৰ শৰীৰটো ৷
বাইদেউৰ চকুৰ আগতে তাইৰ মানুহজনৰ দ্বিতীয় পত্নী হৈ তাইক চিৰজীৱনৰ বাবে কন্দুৱাই থাকিম বুলি যিখন খেল খেলিছিলোঁ সেই খেলখনত যে তাই এনেকৈ চেঁচাপানী পেলাই দিব মই সেয়া সপোনতো ভবা নাছিলোঁ ৷
হাজাৰ ঈর্ষা কৰিলেও মই কিন্তু কেতিয়াও তাইৰ মৃত্যু কামনা কৰা নাছিলোঁ ৷ কেৱল ওৰে জীৱন তাইৰ চকুত চকুপানী দেখিবলৈ পোৱাৰ এক অহেতুক সপোনৰ পিছে পিছেহে দৌৰি ফুৰিছিলোঁ মই ৷
নাই মোৰ সেই সপোন পূর্ণ নহল ৷
সন্তানটিৰ সহিতে তাইৰ অকাল মৃত্যুৰ বাবে যে ময়ে জগৰীয়া সেয়া মা–দেউতা সহিতে বংশ–পৰিয়ালৰ সকলোৱে গম পাহছি !
সকলোৱে মোৰ গালৈ থুৱাহছিল ৷ ঘৃণাৰ পাত্রী হৈ পৰিছিলো মই সকলোৰে মনত ৷ সেই ঘটনাৰ পিছতেই মা–দেউতাৰ লগতে মোৰ আত্মীয়–স্বজনেও মোৰ লগত চিৰদিনৰ বাবে সকলো সম্পর্ক শেষ কৰিছিল ৷
ভাবিছিলো সকলোৱে এৰি গলেও ভিনদেৱে মোক কেতিয়াও অকলশৰীয়া নকৰে ৷ কাৰণ বাইদেউৰ মৃত্যুৰ বাবে মোৰ লগতেতো ভিনদেউৱো সমানে জগৰীয়া আছিল ৷ কিন্তু সেই ধাৰণা ভুল বুলি প্রমাণিত কৰি সকলো সম্পত্তি মোৰ নামত লিখি দি এদিন সেহজনায়ো অনুতপ্ত হৈ বাইদেউ যোৱা পথেৰেই মোৰ জীৱনৰ পৰা আঁতৰি গৈছিল ৷
ইমানখিনি হৈ যোৱাৰ পিছতো কিন্তু মহ এবাৰলৈও অনুতপ্ত হোৱা নাছিলোঁ ৷
তেতিয়ালৈ যে মোৰ কোলালৈ মোৰ সন্তানটি আহিছিল ৷ সকলো পাহৰি মই মোৰ সন্তানৰ লগতে ব্যস্ত হৈ পৰিছিলোঁ ৷
ভাবিছিলোঁ কোনেও নাথাকিলেও মোৰ সন্তান আছে মোৰ লগত, আছে এহ বিশাল সম্পত্তি ৷ আৰুনো কি লাগে মোক !
সন্তানটিক মানুহ কৰাৰ স্বার্থত মহ দেহে–কেহে খাটিছিলোঁ ৷ মনতে ভাবিছিলোঁ এদিন বাহদেউক লৈ মা–দেউতাই গৌৰৱ কৰাৰ দৰে ময়ো মোৰ সন্তানক লৈ গৌৰৱ কৰিম ৷ তাক মই বহুত ডাঙৰ মানুহ কৰিম ৷
দেখিব লাগিব মোক এলাগী কৰা মানুহবোৰে কেনেকৈ এদিন এজন ডাঙৰ মানুহৰ মাতৃ ৰূপে মহ সমাজত পৰিচয় পাম ৷
মোৰ সন্তান আজি সঁচাকৈয়ে এজন ডাঙৰ মানুহেই ৷
কিন্তু মোকহে তাৰ মাতৃ ৰূপে সমাজখনত পৰিচয় দিবলৈ তাৰ লাজ লাগে ৷
খুব কৌশলেৰে মোৰ পাপৰ জোলোঙাখন তাৰ পৰা লুকুৱাই ৰাখিছিলোঁ ৷ কিন্তু জোলোঙাৰ পৰা মেকুৰী ওলাই পৰিবলৈ বেছি দিন লগা নাছিল ৷
সি ইঞ্জিনীয়াৰিং পঢ়ি থকাৰ সময়তে এদিন মহ নথকা সময়ত মোৰ ৰুমলৈ কিবা বিচাৰি আহিছিল আৰু তেতিয়াই তাৰ হাত লাগিছিল আলমিৰাৰ সৰু লকাৰটোত লুকুৱাই থোৱা মোৰ পাঢ়াৰ সকলো নথিপত্রত ৷
এৰা তাত লুকুৱাই ৰাখিছিলোঁ মই কৰা পাঢ়াৰ সকলো খতিয়ান ৷ যিদিনা বাহদেউৱে সন্তানটি সহিতে আত্মহত্যা কৰিছিল সেই ৰাতি সকলোৰে পৰা ঘৃণিত হৈ কিছু সময়ৰ বাবে হলেও আৱেগিক হৈ মই উজাগৰে থাকি আবদ্ধ কৰিছিলোঁ ডায়েৰীৰ পৃষ্ঠাত মোৰ পাঢ়াৰ সমস্ত বিৱৰণ ৷
আনকি ভিনদেউৰ আত্মহত্যাৰ দিনাখনো মহ লিখিছিলোঁ সেই ডায়েৰীৰ পাততে মোৰ মনৰ কিছু কথা ৷
মই ভাবিছিলোঁ জীয়াই থকা দিনকেহটা অন্ততঃ শান্তিৰে সন্তানৰ সহিতে জী লওঁ ৷ মোৰ জীৱিত অৱস্থাত ডায়েৰীখন তাৰ হাতত পৰিলে কি হব পাৰে সেয়া আগতেই অনুমান কৰি ডায়েৰীটো ইমান বছৰে কৌশলেৰে লুকুৱাই ৰাখিছিলোঁ ৷ কেতিয়াও ভবা নাছিলো সেইখনত তাৰ হাত লাগিব বুলি ৷
কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি কথা এষাৰ নাছে জানো সেই ডায়েৰীখনেই কাল আছিল মোৰ জীৱনৰ ৷
মোৰ অসাৱধানতাৰ ফলতেই ডায়েৰীখন এদিন তাৰ হাতত লাগিল আৰু যি অনুমান কৰিছিলো সেয়াই হল ৷
বাইদেউৰ মৃত্যুৰ সময়ত মা–দেউতাই মোক যিমান ককর্থনা কৰিছিল ডায়েৰীখন পঢ়ি মোক তাতকৈ দুগুণ ককর্থনা কৰিছিল মোৰ সন্তানে ৷
আই কিমান যে অসহনীয় কথাৰে জর্জৰিত কৰিছিল সি মোক ৷ মই শুনিব নোৱাৰি কাণ দুখনত জোৰেৰে হেঁচা মাৰি ধৰিছিলোঁ ৷
উফ্ এজনী হত্যাকাৰীৰ গর্ভত মোৰ জন্ম ৷ তিনিটাকৈ জীৱ হত্যা কৰিও আজি কি সুখত কি আৰামত জীয়াহ আছা তুমি ছিঃ ছিঃ এনে এগৰাকী নাৰী মোৰ মাতৃ মোৰ দেখোন আজি নিজলৈকে ঘিণ উপজিছে ৷
মূৰটো আফালিয়াহ দিছিল সি পকী ৱালখনত৷ মহ সহিব নোৱাৰি দৌৰি গৈছিলো তাৰ ওচৰলৈ, কিন্তু পৃথিৱীৰ সমস্ত ঘৃণাৰে সি মোলৈ চাহ মোৰ পাপী হাতেৰে তাক নুচুবলৈ কাবৌ কৰিছিল ৷
এই দুখন হাতেৰে আৰু মোক নুচুবা তুমি৷ মহ তোমাক ঘিণ কৰোঁ ৷মই ঘিণ কৰোঁ তোমাক !
সেইদিনাই যি আঁতৰি গল সি৷ আজিও উভতি নাহিল ৷ মোৰ পৰা আঁতৰি থাকিয়ে নিজৰ কষ্ট আৰু সাধনাৰে সি সমাজত উজলিছে ৷
সি আঁতৰি যোৱা দিন ধৰি মই এই মৰিশালিসদৃশ ঘৰখনত অকলশৰে জী আছোঁ এটা মৰাশ হৈ ৷ মই জানো এয়াই মোৰ শাস্তি ৷ বাইদেউৰ মৃত্যুৰ লগে লগেই ঈর্ষাৰ জুইকুৰা নির্বাপিত হৈছিল যদিও অনুতাপৰ জুহত কিন্তু তেতিয়াও দহা নাছিলোঁ মই ৷
সন্তানৰ পৰা ঘৃণিত হোৱাৰ পিছতহে উপলব্ধি কৰিছো মই যে সঁচাকৈয়ে এটি মহাপাপী ৷ এতিয়া দিনে–ৰাতিয়ে মোৰ বুকুত একুৰা অনুতাপৰ জুই ৷ কেতিয়াও কাৰো বাবে এটুপি চকুলো টুকি নোপোৱা মোৰ দৰে হূদয়হীনা নাৰী এগৰাকীৰ দুচকুত এতিয়া অনবৰতে এখন চকুলোৰ নদী৷
এনেকৈনো আৰু কিমানদিন জীৱনৰ বিয়লি পৰত এই পাঢ়া শৰীৰটোত কিমানটা ৰোগে যে খোপনি পুতি বহিছে তাৰ হিচাপ নাই ৷ হয়তো আৰু কিছুদিনৰ পিছত বিছনাখনেই হব মোৰ একমাত্র আশ্রয় ৷ বিছনাত পৰি পৰিয়ে হয়তো এটুপি পানীৰ বাবে আর্তনাদ কৰি চকু মুদিব লাগিব চিৰদিনলৈ ৷
ফোনঃ ৬০০১৭-০৩৭৬৬
Comments are closed, but trackbacks and pingbacks are open.