জোনাকী দেৱী কাশ্যপ
‘Life is nothing without love and care. Love everyone but don’t except from others. Because its a feeling not a dealing’
মানুহৰ সকলো সম্পর্কৰ আধাৰ হল আকাংক্ষা (Expectation)৷ আকাংক্ষাৰ আভিধানিক অর্থ হল ইচ্ছা, বাসনা, অভিলাষা আদি ৷
মানুহৰ জীৱনত প্রতিটো সম্পর্কত ভিন ভিন আকাংক্ষা লুকাই থাকে ৷ স্বামী যিয়ে সকলো প্রয়োজন ভালদৰে পূর্ণ কৰিব পাৰে, পত্নী যিয়ে স্বামী তথা পৰিয়ালৰ প্রতি সদায় সমর্পিত হৈ থাকে আৰু সন্তানে যিয়ে অভিভাৱকৰ বৃদ্ধকালৰ লাখুটি হয় ৷ আমি মনে বিচৰা মতে যদি সকলো হৈ যায়, তেন্তে সুখী হওঁ আৰু যদি আমি বিচৰা মতে নহয় তেন্তে দুখী হওঁ ৷ আমি যিমানে আকাংক্ষা বেছিকৈ ৰাখোঁ, সিমানেই মনত বেছিকৈ আঘাত পাওঁ ৷ এজনী সৰু ছোৱালীয়ে এটা সৰু মাটিৰ কলহত নিজৰ বাগিচাৰ কেইটামান গোলাপ ফুল আনি সজাই থলে ৷ গধূলি যেতিয়া তাই কলহটোৰ ওচৰলৈ গল দুখত ফেকুৰি উঠিল ৷ ফুলকেইপাহ মৰহি গৈছে আৰু কলহটো ফুটি আছে ৷ তাইৰ ফুলকেইপাহৰ বাবে দুখ লগা নাই, দুখ লাগিছিল কলহটো ফুটা বাবেহে ৷ কিয়নো তাই জানে পুৱা থোৱা ফুল গধূলিলৈকে মৰহি যাবই, কিন্তু কলহটো ইমান সোনকালে ফুটিব বুলি তাই আশা কৰা নাছিল, এয়াই আকাংক্ষা ৷
আকাংক্ষাৰ নিয়তিয়ে হল ভংগ হোৱা ৷ কাৰণ আকাংক্ষাৰ উৎপত্তি হয় মনত, বহু সময়ত ই প্রকাশেহ নহয় পূর্ণ কেনেকৈ ই! পূর্ণ নহলেই আৰম্ভ হয় সংঘর্ষ, শত্রুতা এটা ভাল সম্পর্কত ফাট মেলিবলৈ লয় ৷
আকাংক্ষাৰ উৎপত্তি কিহৰ পৰা হয় বাৰু ! ইয়াৰ উৎপত্তিৰ মূল কাৰণ দুটা আত্মবিশ্বাসৰ অভাৱ আৰু আলস্যতাৰ পয়োভৰ ৷ আত্মবিশ্বাস নথকা বাবে আমি বেলেগৰ পৰা অভিলাষা ৰাখোঁ ৷ আমি আলস্য স্বভাৱৰ বশ হলে নিজৰ সামর্থ্য পাহৰি অইনক আশা কৰোঁ ৷ যিকোনো সম্পর্ক এটাত ভালপোৱা নিশ্চিতভাৱে থাকে, কিন্তু কেনেকৈ ভালপোৱাটো উচিত সেইটো আমি নিজে ঠিক কৰোঁ ৷ অর্থাৎ আমি নিজৰ অধীন কৰি ৰাখিব খোজোঁ ৷ কোনোবাই নিজৰ অধীন কৰিব খুজিলে আমি প্রতিবাদ কৰোঁ, কিন্তু নিজে আনক নিজৰ অধীন কৰিব খোজোঁ ৷ এয়া জানো উচিত ! আনৰ পৰা আকাংক্ষা ৰখাৰ আগতে সেই ঠাইত এবাৰ নিজক বহুৱাই চোৱাটো উচিত, তেখেতৰ সামর্থ্য কিমা ! আমি নিজৰ কাৰণে অইনক পৰিৱর্তন কৰিব খোজোঁ, কিন্তু যেনেকুৱা তেনেকৈ মানি লব কিয় নোৱাৰোঁ ৷
নিজৰ সন্তানক লৈ মানুহৰ কিমান আকাংক্ষা নহয় জানে ! মানুহে গোটেই জীৱন নানা দুখ–কষ্ট সহ্য কৰে সন্তানৰ প্রতিপালনৰ বাবে, সেই সন্তানে যদি পিছত অভিভাৱকৰ লাখুটি নহয় কিমান দুখ পোৱা যায় ৷ নিজৰ সন্তানৰ পৰা সুখ আশা কৰাটো উচিত নহয় নেকি বাৰু ! আমি আমাৰ সন্তানক নিঃস্বার্থ প্রেম কৰোঁ, ভৱিষ্যতৰ লাভটো বেপাৰত বিচৰা হয়, প্রেমত নহয় ৷ সেয়ে লাভ–লোকচান, সুখ–দুখৰ হিচাপ লোৱাটো উচিত নহয় ৷ যদি আমি সন্তানক সৎ সংস্কাৰ দিব পাৰোঁ, তেন্তে ভৱিষ্যতে সেই সন্তানে নিজৰ লগতে সমাজৰ মংগল নিশ্চিতভাৱে কৰিব ৷ গীতাত শ্রীকৃষই অর্জুনক কৈছিল,
কর্মেণ্যধিকাৰস্তে মা ফলেষু কদাচন
মা কর্মফলহেতুর্ভূর্মা তে সঙ্গোইস্তবকর্মণি ৷৷
অর্থাৎ কর্মতহে তোমাৰ অধিকাৰ আছে, তাৰ ফলত নহয় ৷ কর্মফল লাভৰ প্রতি তুমি যেন কাহানিও প্রলোভিত নোহোৱা আৰু কর্ম ত্যাগ কৰাৰ ইচ্ছা নকৰা ৷
সেয়ে একো আকাংক্ষা নাৰাখি মাথোঁ নিজৰ কর্ম কৰাটো উচিত ৷
আকাংক্ষ সম্পর্কৰ আধাৰৰূপে গ্রহণ কৰিবলৈ কিছু কথা মানি চলাটো জৰুৰী ৷ সেই বিষয়ে আলোচনা কৰোঁ আহক
- যিকোনো সম্পর্ক এটাত ইজনে–সিজনৰ সামর্থ্যখিনি বুজাটো উচিত ৷
- মনত ভাবি থকা কথাবোৰ মুকলিকৈ প্রকাশ কৰাটো উচিত ৷
- কোনো মানুহেহ সর্বগুণসম্পন্ন নহয়, সেয়ে পৰিৱর্তনৰ চেষ্টা নকৰি যেনেকৈ আছে তেনেকৈয়ে আঁকোৱালি লোৱাটো উচিত ৷
- ভালপোৱাৰ বিনিময়ত কেতিয়াও প্রতিদান আশা নকৰা, অর্থাৎ নিঃস্বার্থভাৱে ভালপোৱা ৷
- ধৈর্য, দায়িত্বশীলতা, সহানুভূতিশীলতা আদি গুণেৰে সমৃদ্ধ হোৱাটো জৰুৰী ৷
- আশাভংগ হলেও ভাগি নপৰা আৰু আশা পূর্ণ হলেও আনন্দত আত্মহাৰা নোহোৱাকৈ থাকিব পৰা মানসিক শক্তি থকাটো প্রয়োজন ৷
- কেতিয়াও অইন মানুহৰ আগত কটু কথা শুনাব নালাগে ৷ কিবা ভুল বুজাবুজি থাকিলে পিছত নিজৰ মাজত শুধৰণি কৰিব লাগে ৷
নিজৰ পৰিয়াল, আত্মীয়–স্বজন, বন্ধু –বর্গ সকলোৰে প্রতি ভিন ভিন আকাংক্ষা আমাৰ মনত থাকে ৷ সেয়া বাস্তৱত ফলৱতী হৈ উঠক বা নুঠক, নিঃস্বার্থভাৱে নিজ কর্ম কৰি মৰম–ভালপোৱা বিলাই যাওক ৷ সকলোৰে কুশলতা কামনা কৰিলোঁ ৷
ফোনঃ ৮৭২৪০–৮৬৬৩০
Comments are closed, but trackbacks and pingbacks are open.