উজ্জ্বল জ্যোতি দাস
১৯৭৬ চনত নতুন দিল্লীত অনুষ্ঠিত সাংসৃক্তিক সমাৰোহত যোৰহাটৰ পুণ্যপ্রভা দত্তই বিবাহ সূত্রে তামুলী হৈছে অসমৰ প্রথমগৰাকী মহিলা ঢুলীয়া শিল্পী হোৱাৰ সন্মান অর্জন কৰিছিল ৷ সেই একেটা বছৰৰে ২ আৰু ৪ তাৰিখে ফেব্রুৱাৰী মাহত কলকাতাৰ বিৰাট ময়দানত অনুষ্ঠিত ২১সংখ্যক বঙ্গ সংসৃক্তি সন্মিলনীত তেওঁক ঢোলৰ ৰাণী উপাধি প্রদান কৰা হৈছিল ৷ এটা সময়ত তেওঁৰ ঢোলৰ চাপৰে গাজনিৰ দৰে ধৰণী কঁপাইছিল আৰু আজিও এই দিশটোৰে নিজক জডিত ৰাখিছে ৷ পাশ্চত্য সংসৃক্তিবিদ ৰেপপর্টে অসমীয়া গাভৰুসকলৰ মাজত বিস্ময় বুলি ইতিমধ্যে তেওঁক আখ্যা দি থৈছে ৷ যোৰহাট নিৱাসী এইগৰাকী কৃতী মহিলা ঢুলীয়া শিল্পীৰে আইনা জীৱনৰৰ বাবে শেহতীয়াকৈ হোৱা আমাৰ এটি অন্তৰংগ কথোপকথনৰ ভাগ পপৱৈ সমাজলৈ আগবঢ়ালোঁ৷
ঢোলবাদনৰ শিক্ষা প্রথমে আপুনি নিষ্চয় ঘৰৰ বা নিজৰ ঠাইখনৰ পৰাই লৈছে
পুণ্যপ্রভা দত্তঃ ঢোলবাদনৰ শিক্ষা মই প্রথমে দেউতাৰ পৰাই ললোঁ ৷ স্বর্গীয় লম্বোদৰ দত্ত মোৰ দেউতাৰ নাম ৷ স্থানীয় কণ্টু ওজাই তাৰ পিছত মোক দুই–চাৰিটামান মালিতা শিকালে ৷ তাৰ পিছতেহে মঘাই ওজাৰ ওচৰলৈ গলোঁ ৷ সেই সময়ত আমাৰ আশে–পাশে থকা ওজাকেইজনে মোক যথেষ্ট মৰম কৰিছিল আৰু এই ক্ষেত্রখনত আগবঢ়াই দিছিল প্রয়োজনীয় জ্ঞান প্রদানেৰে ৷
আপুনি দিল্লীত হোৱা সাংসৃক্তিক সমাৰোহতো ভাগ লৈছিল বুলি আমি জানো ৷ সেই বিষয়ে অলপ কওকচোন ৷
পুণ্যপ্রভা দত্তঃ হয়, তাত হোৱা সাংসৃক্তিক সমাৰোহত ভাগ লবলৈ মই অসমৰ পৰা গৈছিলোঁ ৷ অসম চৰকাৰেই আচলতে আমাক তালৈ অংশগ্রহণৰ বাবে পঠিয়াইছিল ৷ ৰবীন্দ্র ভৱনত তেতিয়া আনন্দমোহন ভাগৱতী, ৰুদ্র বৰুৱা আদি বিশিষ্ট লোকসকল আছিল ৷ দিল্লীত ঢোলবাদন পৰিৱেশন কৰি যেতিয়া প্রথম স্থান পালোঁ, সকলো কাকত–পত্রতেই খবৰটি ওলাইছে ৷ ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়াই মোক পুৰস্কাৰটি প্রদান কৰিছিল ৷ ৩১০১ টকাও আগবঢ়াইছিল ৷ অসমৰ পৰা যোৱা দলকেইটাৰ ভিতৰত ময়েই শীর্ষস্থান পালোঁ ৷ সকলোৱে সেয়ে মৰম কৰিছিল ৷ জালুকবাৰীৰ পৰা বিহু দল এটিও অনুষ্ঠান পৰিৱেশনৰ বাবে তালৈ গৈছিল ৷ অভিনেতা প্রাঞ্জল শইকীয়া, মীৰা দাস, হীৰা দাস আদিও এই অনুষ্ঠানলৈ গৈছিল ৷ প্রাঞ্জল শইকীয়াহঁতে নাটকৰ বাবে সেইবাৰ গৈছে ৷ আমাক ঢোল বজাব দিছিল ৷ দিল্লীলৈ যাবৰ সময়ত দুটা ঢোলেই মই লৈছেছা ৷ ইন্দিৰা গান্ধীয়ে প্রথমবাৰলৈ উলিওৱা কুৰিদফীয়া আঁচনিত মোৰ মালিতাবিলাক সোমাৱাই লৈছিলোঁ ৷ সেই কামটোত ৰুদ্র বৰুৱা, আনন্দমোহন ভাগৱতী আদি লোকৰ পৰা বিশেষভাৱে সহায় পাওঁ ৷ সমবায় সমিতিক লৈ সেই সময়ত গোৱা গান এটা আজিও বৰকৈ মনত পৰে ৷
কলকাতাত হোৱা বংগ সংসৃক্তি সন্মিলনীতো আপুনি ঢোল বাদনেৰে ভাগ লৈছিল
পুণ্যপ্রভা দত্তঃ হয়, সেই বছৰতেই মই ঢোলবাদন পৰিৱেশন কৰিবৰ বাবে কলকাতালৈ গৈছিলোঁ ৷ ডঃ ভূপেন হাজৰিকাই আমাক তালৈ লৈ গৈছিল ৷ বাঙালী লোকসকলে মোৰ ঢোলবাদন তেতিয়া ৰেকর্ড কৰিথব খুজিছিল যদিও ভূপেনদাই তেনে কৰিব নিদিলে ৷ আমাৰ লগত সেইবাৰ গোৱালপাৰীয়া লোকগীতৰ সম্রাজ্ঞী প্রয়াত প্রতিমা পাণ্ডে বৰুৱাও গৈছিল ৷ আমি কলকাতা দূৰদর্শনত সেইবাৰ ৪৫ মিনিটৰ এটি কথিকা অনুষ্ঠানত ভাগ লৈছোঁ ৷ এইক্ষেত্রত ভূপেনদায়ে আগভাগ লৈছিল ৷ অনুষ্ঠানটিৰ নাম নাম আছিল By the two banks of Brahmaputra.
আপুনি তালৈ যাওঁতে মঘাই ওজা গৈছিল নেকি বাৰু তেখেতৰ অৱদান আপোনাৰ ক্ষেত্রত কিমানখিনি
পুণ্যপ্রভা দত্তঃ সেইবাৰ তেখেত যোৱা নাই ৷ দেৰগাঁৱত যেতিয়া সাহিত্য সভাৰ অধিৱেশন হৈছিল, তাত মঘাই ওজাই মোক সৰু টোল এখনত উঠাই সকলোৰে আগত চিনাকি কৰি দিছিল ৷ সেই কথা মোৰ স্পষ্টকৈ মনত আছে ৷ সাত বছৰ বয়সৰ পৰাই মই ঢোলবাদন কৰিছো নহয় ৷ ৰাইজক উদ্দেশ্যি তেখেতে সেই সময়ত কৈছিল এই ছোৱালীজনীয়ে শীর্ষস্থান পাব যেন লাগিছে ৷
আমি জনাত কিছুমান ঢোলৰ ছেও আৰু মালিতা আপুনি নিজাকৈয়ো সৃষ্টি কৰি লৈছিল
পুণ্যপ্রভা দত্তঃ প্রথমতে মই নিজাকৈয়ে বজাইছিলোঁ ৷ আচল মঞ্চত সেইবিলাক গাব নোৱাৰিলেও সৰু সৰু লৰা–ছোৱালীবোৰক সেইবোৰ শিকাবলৈ ভাল আছিল ৷ চবিবছ লেখৰ হাত মোৰ কিন্তু আছিল ৷ ওজা উপাধিটো পাবলৈ চবিবছ লেখৰ হাতৰ অধিকাৰী হবই লাগিব ৷
ঢোল বাদনৰ বাদে আৰু অন্য বাদ্যযন্ত্র আপুনি কি কি বজাব পাৰে
পুণ্যপ্রভা দত্তঃ ঢোলবাদনৰ বাদে মই খোল বজাওঁ, নামঘৰত ভাওনা কৰোঁ ৷ কল্যাণ খৰমানলৈকে দেউতাই মোক শিক্ষা দি থৈছে ৷ পেঁপা, বাঁহী, নাগাৰা আদিও মই সুন্দৰকৈ বজাব পাৰোঁ৷ মোৰ মা সাংসৃক্তিক দিশটিৰে জডিত নাছিল যদিও দেউতা, ককাই–ভাইকেইটাই সাংসৃক্তিক দিশটোৰে কম–বেছি পৰিমাণে সৰুৰে পৰাই জডিত আছিল৷ দাদাই সুন্দৰকৈ ঢোল বজাব পাৰিছিল ৷
আপুনি সোমনাথ বৰা, চন্দনা গগৈ আদিৰ দৰে বিশিষ্ট ঢোলবাদককো নিশ্চয় লগ পাইছে
পুণ্যপ্রভা দত্তঃ পাইছেছা ৷ আমাৰ ঘৰখনলৈ সোমনাথ বৰাৰ আহ–যাহ এটা সময়ত বৰকৈ আছিল৷ অলপতে মোৰ অসুস্থতাৰ কথা শুনি ঘৰলৈকে আহি খবৰ এটা মোৰ লৈ গৈছেহি ৷ চন্দনা গগৈকো পাইছোঁ ৷ বৰ মৰম লাগে ছোৱালীজনীক ৷ ঢোলবাদনৰ প্রতি তেওঁৰ আগ্রহ দেখি বৰ ভাল লাগিছে ৷ ঢুলীয়া সন্মিলনৰ বঁটা পোৱাৰ পিছত এবাৰ ৰহাত তেওঁক লগ পাইছিলো, তাৰ পিছত আৰু লগ পোৱা নাই ৷
এই দিশটিৰে জড়িত থকা কালৰ কোনো স্মৰণীয় ঘটনা
পুণ্যপ্রভা দত্তঃ আছে, তেনে স্মৰণীয় ঘটনা কেইবাটিও আছে ৷ তাৰে এটা কৈছোঁ বাৰু ৷ মই অনুষ্ঠান পৰিৱেশনৰ বাবে দিল্লীলৈ যাওঁতে গুৱাহাটীৰ পৰা ওজা উপাধিৰ এজন বিশিষ্ট লোকো তালৈ গৈছিল ৷ তেওঁ প্রথমে বোধকৰো ভাবিছিল মই ছোৱালী মানুহ হৈ কেনেকৈ বহুকেইটা ঢোল একে সময়ত বজাম, গতিকে ময়ে যাওঁ ৷ ময়েই শীর্ষস্থান পাম সেই অনুষ্ঠানত ৷ তেনেকুৱা এটা তেওঁৰ মনৰ ভাব আছিল বোধকৰো ৷ এটা বাহুত আৰু এটা ঢোল মাটিত পাতি মই ঢোল বজোৱাৰ পিছত এই লোকজনে নিজেই এইবাৰ আগবাঢ়ি গল ঢোল বজাবলৈ ৷ আৰু লক্ষণীয়ভাৱে মোকো একেলগে ঢোল বজাবলৈ মঞ্চলৈ মাতিলে ৷ ময়ো তেওঁৰ আগ্রহ দেখি মান্তি হলোঁ ৷ মোৰ লগত সেই লোকজনে প্রতিযোগিতা কৰাৰ দৰে হল আচলতে ৷ যা হওক, মই তেওঁৰ লগত একেলগে বজালোহ্ল, পুৰুষক মই সদায় অগ্রাধিকাৰ দিবলৈ বিচাৰোঁ ৷ তেখেতে তাত কি কৰিছে আপুনি গম পায়নে মই মেখেলা–চাদৰযোৰ পিন্ধিয়েই বজাই আছে , তেওঁ একে সময়তে ঢোলটিভৰিৰ গোৰোহাৰে বজাইছে, আঁঠুৰে বজাইছে, ঠোঁটেৰে বজাইছে, কিলাকুটিৰে বজাইছে ইত্যাদি ৷ তেওঁ প্রথমতে মই তেনেকৈ বজাওঁতে ভাবিছে চাগে, মই ছোৱালী যেতিয়া তেওঁৰ দৰে হাত–ভৰি চলাই ঢোল বজাব নোৱাৰিম, মেখেলা–চাদৰযোৰো পিন্ধি আছোঁ ৷ ময়ো কিন্তু নিজৰ পজিচনটো ধৰি ৰাখিবলৈ মেখেলাখন ওভতাই বান্ধি লৈ তেওঁৰ দৰেই সকলোখিনি বজাই দেখুৱালোঁ ৷ তেওঁ তেতিয়া অলপ লাজ পোৱাৰ দৰে হল ৷ নিজৰ কাৰণেই আচলতে তেওঁ লাজ পালেহ্ল, মোৰ দোষ নাছিল ৷ ষ্টেজলৈ পইচা দলিয়াই দলিয়াই উপস্থিত লোকসকলে মোৰ ঢোলবাদনৰ তেতিয়া শলাগ লৈছিল৷ ময়ো স্বাভাৱিকতে অভিভূত হৈ পৰিছিলোঁ৷ সেই দিনটো মোৰ বাবে এটা সুন্দৰ স্মৃতি৷
আক্ষেপ বুলিবলৈ কিবা আছে নেকি
পুণ্যপ্রভা দত্ত ঃ এইটো সময়ত যদি কাৰো পৰা মই সঁহাৰি নাপাওঁ মোৰ অত কষ্ট অথলে নাযাবনে প্রাপ্য শিল্পী পেন্সনটোৰ পৰা আজিলৈকে মোক বঞ্চিত কৰি ৰখা হল৷ কেতিয়াবাই সেই পেন্সনটি মই পাব নালাগিছিলনে নিজৰ চিকিৎসাখিনি কৰিবলৈকো পইচা–পাতিৰ মোক আজি প্রয়োজন হৈছে৷ আগতে দেউতাহঁত আছিল, এতিয়া তেওঁলোকো নাই৷ কাৰ ওচৰত মই হাত পাতিম বর্তমান হার্টৰ অসুখত ভুগি আছোঁ৷ ধনৰ অভাৱত চিকিৎসা কৰিব পৰা নাই৷ সাহিত্যিক, সাংবাদিকসকলে মোৰ বাবে কিন্তু আপ্রাণ চেষ্টা কৰি আছে৷ তেওঁলোকৰ ওচৰত মই সঁচাকৈয়ে ঋণী৷ যোৰহাটৰ ৰাইজৰ পৰাও যথেষ্ট মৰম পাইছেছা৷ দিল্লীৰ পৰা অসমলৈ উভতি আহঁোতে গুৱাহাটীৰ ৰবীন্দ্র ভৱনৰ পৰা যোৰহাটলৈকে মোক আদৰণি জনাইছে৷ তিনিটা মাহ মই চবতে আদৰণিয়েই পাইছেছা৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ মানুহে দীঘলীয়া শাৰী পাতি মোক আদৰণি জনাইছিল৷
মঘাই ওজাৰ সতে আপোনাৰ যি সম্পর্ক আছিল, সেই সম্পর্কৰ কথাৰে আমাৰ কথোপকথন আজি শেষ কৰিম৷ কওকচোন সেই বিষয়ে অকণমান বিশদকৈ৷
পুণ্যপ্রভা দত্ত ঃ মই আগতেই আপোনাক কৈছেছা মোৰ দেউতাই মোৰ আদিগুৰু৷ তেখেতৰ ওচৰত এই বিষয়ত শিক্ষাকণ লোৱাৰ পিছত মঘাই ওজাৰ ওচৰলৈ মোক যেতিয়া দেউতাই লৈ গৈছে, মঘাই ওজাই তেতিয়া কৈছে, তোমাৰ প্রাৰম্ভিক শিক্ষাখিনি হৈ আছে, বাকীখিনিলৈ চিন্তা কৰিব নালাহে, মই সেইখিনি তোমাক শিকাম৷ মুখতে দুই চাৰিটা ছেও তেখেতে মোক দিলে যদিও বাকীখিনি দিব নাপালে৷ ৰোগত পৰি গল৷ সদৌ অসম ঢুলীয়া শিল্পী সন্মিলনৰ হৈ আমি একাংশই তেখেতলৈ পইচা পঠিয়াবলৈ মঞ্চত ঢোল পৰিৱেশনৰো ব্যৱস্থা কৰিলোঁ৷ ডিব্রুগডৰ চৌকিডিঙী খেলপথাৰলৈ মোক মাতিলে৷ মঘাই ওজাই মই যোৱাৰ খবৰটো আগতীয়াকৈ পাই ডাক্তৰক হেনো কৈছিল আজি মোৰ ছোৱালীজনী আহিব, মঞ্চত তাই উঠিবৰ সময়ত মই এপাক তালৈ যাম৷ তেনেকৈ তেখেত আহি ওলাল৷ মই ঢোলটি বজাবলৈ ডিঙিত লৈছোহে এনেতে তেখেতে চিঞৰি চিঞৰি মোৰ ফালে আহি কলে ৰবা মাজনী মই আহিছো৷ মই তেতিয়া অবাক হৈছেছা৷ হবৰে কথা৷ সকলোৱেই অবাক হৈছে৷ সকলো মানুহ থিয় হৈ গৈছে বহাৰ পৰা৷ মঘাই ওজাই তেতিয়া মোক কৈছে ষাঠিজন লৰা–ছোৱালীক শিকাই মোৰ শিক্ষা প্রদান সম্পূর্ণ হৈছে৷ কিন্তু মোৰ এটা চাপৰে গোটেই অসম গমগমাই থাকে, সেই কাৰণে এই ছোৱালীজনীক আজি মই মোৰ ঢোলটো চমজাবলৈ আহিছেছা৷ কান্ধত ঢোলটো আঁৰি দি কৈছে এইটো মই এইক চমজালো৷ আৰু কলে মোক বিশ্বদৰবাৰত জিলিকাই তুলিব এই ছোৱালীজনীয়ে৷ বেছি দেৰি আৰু মই ৰব নোৱাৰোঁ বুলি কৈ সিদিনা তেখেত গুচি গল৷ পিছদিনা শুনিব পালো তেখেত ঢুকাইছে৷ খবৰটো শুনি মোৰ বৰ বেয়া লাগিল৷ মোক প্রদান কৰা ঢোলটোক পিছত তেওঁৰ লৰাকেইটাক গতাই দি কলোঁ এই ঢোলটোক ধূপ–ধূনা লাই নিতৌ পূজা কৰিবা, এই ঢোলটো মই নবজাওঁ৷ তেওঁলোকে পিছত সেই ঢোলটো কলাক্ষেত্রলৈ দিয়া বুলি জানি সুখী হলোঁ৷ তেখেতে কিন্তু মুখে মুখেই মোক শিকালে৷ যিখিনি কৈছিল সেয়া মনতেই থাকিল৷ ঢোল বজাই শিকাবলৈ তেখেতে সময়েই নাপালে৷ আজি দুখৰ কথা এটা আপোনাক মই কৈ দিলোঁ৷
ফোন ঃ ৯১০১৩-৬০১৪৯
Comments are closed, but trackbacks and pingbacks are open.