উজ্জ্বল জ্যোতি দাস
কিমান শ্রদ্ধা আৰু আন্তৰিকতা থাকিলে বাৰু এটা অন্য জাতি আৰু সেই জাতিটোৰ ভাষা–সংসৃক্তিক আঁকোৱালি লব পাৰি এৰিকা নন্দীৰ দৰে লোকসকলৰ কথা মনলৈ আহিলে সেই প্রশ্নটিয়ে মনটোক জুমুৰি মাৰি ধৰে ৷ স্বকীয় ভাষা–সংসৃক্তিৰ উপৰি নিজৰ বুলি অন্তঃকৰণেৰে আঁকোৱালি লোৱা নব্য ভাষা–সংসৃক্তিক এৰিকা নন্দীৰ লোকে যুগে যুগে জ্যোতিস্মান কৰি আহিছে ৷ প্রাণেৰে গঢ়ি তুলিছে মানৱতা আৰু বিশ্বাসৰ সাঁকো, হূদয়ৰ পৰা হূদয়লৈ ৷ এনে প্রৱহমান, উদাৰ সাংসৃক্তিক চেতনাইহে মানৱ জীৱনক গতি দিব পাৰে সন্দেহাতীতভাৱে, ভৌগোলিক সীমাই নহয় ৷
হয়, সুদূৰ জার্মানীত জন্মগ্রহণ কৰা আৰু বিবাহসূত্রে ধুবুৰীত নিগাজীকৈ বসবাস কৰিবলৈ লোৱা বিশিষ্ট নৃত্যশিল্পী এৰিকা নন্দী ইনগ্রিড অসমৰ সাংসৃক্তিক জগতৰ বাবে এটি সুপৰিচিত নাম ৷ অসমপ্রেমত বাৰুকৈয়ে মুগ্ধ এইগৰাকী জার্মান মহিলাই আজি যিদৰে অসমীয়া তথা ভাৰতীয় সংসৃক্তিৰ লগত নিজকে বিলীন কৰি দিছে সেয়া সঁচাকৈয়ে প্রশংসনীয় কার্য ৷ যিসময়ত পাষ্চাত্য সংসৃক্তিৰ আমদানিৰে আমাৰ এচামে নিজৰ সাংসৃক্তিক ঐতিহ্যক বিজতৰীয়া কৰিবলৈ কুণ্ঠাবোধ কৰা নাই, সেই একে সময়তে এৰিকা নন্দীৰ দৰে কিছু লোকে এই দেশৰ বায়ু–পানীক সেৱন কৰি ব্যক্তিগত প্রচেষ্টাৰে নীৰৱে সংসৃক্তি ৰক্ষাৰ যুঁজখনত অৱতীর্ণ হৈছে ৷
কথক আৰু ভাৰতনাট্যমত বিশেষভাৱে সুখ্যাতি অর্জা এইগৰাকী নৃত্যপটীয়সীয়ে বিবাহৰ পৰৱত্কালত অসমৰ সত্রীয়া, গোৱালপাৰীয়া নৃত্যৰ লগতে বাপতিসাহোন বিহুনাচৰ লগতো নিজকে জড়িত কৰিলে যি কথা আমি বহুতেই জানো ৷ ১৯৭২ চনত ঐতিহ্যমণ্ডিত গুৱাহাটীৰ লতাশিল খেলপথাৰত আয়োজিত অসমৰ প্রথমখন মঞ্চবিহুত অংশগ্রহণ কৰি বিহুনৃত্য পৰিৱেশনেৰে বিশেষভাৱে তেওঁ সন্মানিত হৈছিল ৷
প্রখ্যাত ভাৰতীয় নৃত্যশিল্পী সোণাল মানসিঙৰ লগত হোৱা সম্পর্কৰ পিছতেই দৰাচলতে বেলেট্ Ballet নৃত্যৰ পৰা ভাৰতনাট্যমলৈ পর্যবসিত হৈছিল তেওঁৰ অপ্রতিৰোধ্য নৃত্যযাত্রা৷ এই বিশেষ নৃত্যধাৰাই তেওঁৰ জীৱনৰ গতিটোকে সলাই দিছিল ৷
জার্মানীৰ এক সংসৃক্তিৱান পৰিয়ালত জন্মগ্রহণ কৰা এৰিকা নন্দী ইনগ্রিডৰ মাক এৰিকা লিওনৰে ভিক্টোৰিয়া মাৰ্বাৰ গান গোৱাৰ প্রতি খুব ৰাপ আছিল ৷ তেওঁ গৃহিণী আছিল যদিও সাজপাৰৰ চিলাইৰ কামেৰে নিজাকৈ হাতখৰচৰ কেইটামান পইচা উলিয়াইছিল ৷ দেউতাক ভেৰনা ৰিছার্ড আর্নল্ড্ মাৰ্বা এজন গাণনিক আছিল যদিও আইচক্রীমৰ ব্যৱসায় এটিও তেওঁৰ আছিল ৷ ককাদেউতাক গুস্তাভ্ মাৰবেকৰ পিয়ানো আৰু ভায়োলিনৰ সুৰৰ লহৰে তেওঁক বিশেষভাৱে শৈশৱতে আকৃষ্ট কৰিছিল ৷ জার্মানীৰ কিয়ালৰ Kiel সংগীতানুষ্ঠানবোৰত ককাদেউতাকে বজোৱা পিয়ানো আৰু ভায়োলিনৰ মূর্ছনাই এৰিকাৰ শিশুপ্রাণত এক অজান শিহৰণ তুলিছিল ৷ শিক্ষা–দীক্ষা তেওঁৰ জার্মানীতে পশ্চিম আৰম্ভ হৈছিল যদিও আৰম্ভণিতে তেওঁলোকৰ পৰিয়ালটো পূব জার্মানীত দ্বিতীয় বিশ্বযুদ্ধৰ শৰণাথ্ হৈ আছিল ৷ যুদ্ধই অনা বিভীষিকা সৰুতেই সেয়ে এৰিকাই দেখিছে আৰু কান্দি উঠিছে তেওঁৰ শিশুমন৷ চৌদিশে কেৱল ভগ্ণস্তূপ ৷ মানুহৰ বিলৈৰ অন্ত নাই ৷
সৰুৰে পৰা নাচিবলৈ ভালপোৱা এৰিকাৰ সংগীতৰ প্রতি কিন্তু ৰাপ আছিল, যিহেতু সংগীতৰ পৰিৱেশ এটা নিজৰ ঘৰখনতে তেওঁ পাইছিল৷ কৰবাত গীত বজোৱা শুনিলেই তেওঁ ৰব নোৱাৰা হয় ৷ তেওঁৰ অসীম আগ্রহৰ কথা জানি এঘাৰ বছৰ বয়সত মাক–দেউতাকে এখন স্থানীয় বেলেট্ স্কুলত তেওঁক নাম লগাই দিছিল ৷ পিছলৈ বলৰুম্ নৃত্যৰ স্কুলতো নাম লগাই দিয়ে ৷ সৰুৰে পৰা জিমনাষ্টিকতো তেওঁৰ ৰাপ আছিল ৷ এই বিষয়তো তেওঁ প্রশিক্ষণ লৈছিল যদিও উচ্চ শিক্ষাগ্রহণত এইবোৰে অসুবিধাৰ সৃষ্টি কৰিব বুলি ভাবি সেই প্রশিক্ষণ দেউতাকে আধাতে বন্ধ কৰি দিয়ে ৷ বিভিন্ন দেশৰ ডাকটিকট সংগ্রহ আৰু পত্রবন্ধু পতাতো তেওঁৰ চখ আছিল ৷ কলকাতাত ফুল্কি আৰু চন্দনা নামেৰে দুগৰাকী পত্রবান্ধৱীও জার্মানীত থাকোঁতেই তেওঁৰ আছিল ৷ ইয়াৰ বাহিৰেও আফ্রিকা, প্রাচ্য, মধ্যপ্রাচ্যৰ দেশসমূহৰ কলা–সংসৃক্তিৰ বিষয়ে জনাৰ ৰাপ এটিও সৰুৰে পৰাই তেওঁৰ আছিল ৷ আৰু সেই বিষয়ৰ তথ্যচিত্র, স্মৰণীয় ঘটনাৰাজি চোৱাটো এটা অভ্যাসত তেওঁৰ পৰিণত হৈছিল ৷
নৱম শ্রেণীত পঢ়ি থকা সময়তে জার্মানীত কর্মৰত যান্ত্রিক অভিযন্তা সীমান্ত নন্দীক প্রথমবাৰলৈ তেওঁ লগ পায় ৷ নন্দীয়ে তেওঁকো ভৱিষ্যতে এজন ইঞ্জিনীয়াৰ হবলৈ তেওঁ পৰামর্শ দিছিল আৰু তেওঁৰ পৰামর্শতেই এৰিকাই ড্রাফট্মেনশ্বিপ্ কামটো শিকি এখন ফার্মত তেওঁ কাম কৰিবলৈ লয় ৷ লগ পোৱাৰ চাৰি বছৰৰ পিছত ১৯৬৬ চনত সীমান্ত নন্দীৰে তেওঁৰ বিয়া হয় ৷ এই বিবাহৰ পিছতেই দৰাচলতে অসমৰ লগত সম্পর্কটো ক্রমাৎ তেওঁৰ গভীৰ হল ৷ বিহুৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ প্রায় প্রতিটো নৃত্য–গীতৰ লগত হোৱা তেওঁৰ সম্পর্কই অসমৰ সাংস্কৃতিক জগতখনত এক আলোড়নৰ সৃষ্টি কৰিলে ৷ শৈশৱৰে পৰা এছিয়া আৰু আফ্রিকা মহাদেশৰ নৃত্য–গীতৰ প্রতি এটি বিশেষ আকর্ষণ তেওঁৰ আছিলেই ৷ সেয়েহে অসমীয়া সংসৃক্তিৰ বৰজগতখনৰ লগত নিজকে বিলীন কৰি দিবলৈ তেওঁৰ বেছি পৰ নালাগিল ৷
তেওঁলোকৰ অসবর্ণ বিবাহখনক লৈ প্রথমাৱস্থাত স্বাভাৱিকতে এৰিকাৰ পিতৃ–মাতৃ, আত্মীয়–স্বজন চিন্তিত হৈ পৰিছিল আৰু বিয়াত নবহিবৰ বাবে তেওঁক কথোৰ সকীয়নিপর্যন্ত দিছিল ৷ কিন্তু এছিয়া তথা ভাৰতৰ প্রতি পূর্বৰে পৰা থকা এৰিকাৰ অসীম আগ্রহৰ বাবে সকলো বাধা নিমিষতে আঁতৰিল ৷ তেওঁৰ ইচ্ছাক অৱদমিত কৰি ৰখাটো উচিত নহব ৷ ভৱিষ্যতে ভাৰতবর্ষৰ দৰে সংসৃক্তিৰে সমৃদ্ধিশালী ঠাই এডোখৰতে থাকিবলৈ তেৱোঁ ইচ্ছুক আছিল ৷ ভাৰতবর্ষৰ বিষয়ে তথ্যপূর্ণ কিতাপ পত্র বিচাৰিবলৈ সেই তেতিয়াৰ পৰাই তেওঁ আৰম্ভ কৰি দিলে ৷ আনকি কিয়াল বিশ্ববিদ্যালয়ৰ এজন জার্মান শিক্ষকৰ পৰামর্শত তেওঁ বাংলা ভাষাও কিছু পৰিমাণে আয়ত্ত কৰি পেলালে ৷ লাইব্রেৰীত প্রখ্যাত অভিনয় দর্পনৰ এটি ইংৰাজী সংস্ক্ৰণো পুথিভঁৰালত তেওঁ বিচাৰি পালে ৷ এইবোৰে ভাৰতীয় কলা–সংসৃক্তিৰ বিষয়ে জনাত বাৰুকৈয়ে তেওঁক সহায় কৰিলে ৷ দুর্ভাগ্যজনকভাৱে বিবাহসূত্রে ভাৰতলৈ অহাৰ এটা বছৰৰ পিছতে কিন্তু তেওঁৰ পিতৃ বিয়োগ ঘটে ৷ মাকেই পিছলৈ তেওঁৰ লগত যোগাযোগটো ৰাখিছিল ৷ উল্লেখ্য যে বিবাহসূত্রে ১৯৬৯ত নন্দী দম্পতী ভাৰতলৈ আহিছিল ৷ পিছৰখিনি এটা ডাঙৰ অধ্যায় ৷ এৰাধৰা আৰু সমিলমিলেৰে নতুন পৰিয়াল এটিক তেওঁ আঁকোৱালি ললে ৷ প্রথমাৱস্থাত স্বামীৰ কর্মসূত্রে ধুবুৰীৰ উইমকো WIMCO মেচ্ ফেক্টৰীৰ এটি সুদৃশ্য বাংলোত তেওঁলোকে বসবাস কৰিছিল ৷ পিছলৈ নিজা ঘৰলৈ তেওঁলোক আহিল ৷
ভাৰতনাট্যমৰ লগত সম্পর্ক তেওঁৰ জার্মানীৰ ইণ্ডো জার্মান ছচাইটীৰে জড়িত হৈ থাকোঁতেই, তাতেই আচলতে সীমান্ত নন্দীক তেওঁ প্রথমবাৰলৈ লগ পাইছিল ৷ এই অনুষ্ঠানে বিবিধ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল ৷ নৃত্যাংগনা মৃণালিনী চাৰাভাইৰ অভিনৱ নৃত্যৰ মূর্ছনাই পলকতে তেওঁৰ মন–প্রাণ ভৰাই পেলালে ৷ ভাৰতলৈ অহাৰ পিছত কলকাতাত থকা আত্মীয়–স্বজনৰ সহায়ত কথক আৰু ভাৰত নাট্যমৰ গুৰু তেওঁ বিচাৰি ললে ৷ জয়পুৰ ঘৰানাৰ প্রখ্যাত কথক নৃত্যশিল্পী পণ্ডিত ৰামগোপাল মিশ্র আৰু তেওঁৰ পৰিবাৰ সুস্মিতা মিশ্র তেওঁৰ গুৰু হল ৷ ভাৰতনাট্যমৰ ক্ষেত্রত থাংকামণি কুট্টি তেওঁৰ গুৰু হিচাপে থাকিল ৷ তাৰ পিছত ইটো–সিটো অনুষ্ঠানো তেওঁ কৰিবলৈ ললে আৰু সেইবোৰে প্রচুৰ সমাদৰো লাভ কৰিলে ৷
ধুবুৰীত নিগাজীকৈ বসবাস কৰিবলৈ লোৱাৰ প্রায় দুবছৰৰ পিছত সংসৃক্তিৱান কালিচৰণ লহকৰৰ পৰিয়ালটোৰে তেওঁৰ এক আত্মীয়তা গঢ়ি উঠিছিল ৷ ধুবুৰীত আয়োজিত এক বিহুনৃত্যৰ অনুষ্ঠান চোৱাৰ পিছত লহকৰ পৰিয়ালটোৰ লগত তেওঁৰ যেতিয়া সম্পর্ক স্থাপন হল, পৰিয়ালটোক ওচৰতে পাই বিহুনৃত্য শিকাই দিবলৈ তেওঁ খাটনি ধৰিলে৷ তেওঁলোকেও কথাটি ভাল পালে৷ লহকৰ পৰিয়ালটো ইয়াৰ কিছুদিনৰ পিছতেই অন্য এঠাইলৈ বদলি হৈ গুচি যাবলগীয়া হোৱাৰ খবৰটো শুনি এৰিকা কিছু চিন্তিত হৈছিল যদিও তেওঁলোক নতুন ঠাইলৈ যোৱাৰ আগতে বাদ্যযন্ত্রসহ এদিনাখন আহি এটি তেওঁৰ দ্বাৰা এটি সম্পূর্ণ বিহুনৃত্য পৰিৱেশন কৰাই ৰেকর্ড কৰাই দিলে, যাতে আগলৈ সেই ৰেকর্ডৰ সহায়ত ঘৰতে নৃত্যভাগৰ অনুশীলন কৰি থাকিব পাৰে ৷ আনকি বিহুগীতটোৰ কথাখিনিও তেওঁলোকে এৰিকাক লিখি দিলে৷ WIMCO কোম্পানীৰ ভোগালী বিহুৰ অনুষ্ঠানত আমন্ত্রণক্রমে ইয়াৰ পিছত লক্ষণীয়ভাৱে তেওঁ নাচিলে ১৯৭২ত৷ ইয়াৰ পিছতেই তেওঁৰ নাম–যশ চাৰিওফালে বিয়পি গল ৷
অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত আমন্ত্রণক্রমে ইয়াৰ পিছত তেওঁ বিহুনৃত্য পৰিৱেশন কৰি ভূয়সী প্রশংসা লাভ কৰে ৷ এই বৃহৎ সাফল্যই তেওঁৰ বাবে টার্নিং পইণ্টস্বৰূপ হলগৈ ৷ তেওঁ আৰু পিছলৈ ঘূৰি চাবলগীয়া নহল ৷ গুৱাহাটীৰ লতাশিল, পুলিচ ফিল্ড, নুনমাটিৰ লগতে তেজপুৰৰ চার্চ ফিল্ড, নগাঁৱৰ ধিং, নেহৰুবালি আদি স্থানতো বিহুনৃত্য পৰিৱেশন কৰি কাললৈ তেওঁ খ্যাতি আর্জিলে ৷ লতাশিল বিহুতলীত ১৯৭২ চনত আমন্ত্রিত শিল্পী হৈ যেতিয়া তেওঁ বিহু নাচিছিল ৰাইজে তধা লাগি চাই ৰৈছিল ৷ নুনমাটি শোধনাগাৰৰ সেই সময়ৰ মহাপ্রবন্ধকৰ সহধর্মিণী দীপালী পুৰকায়স্থই নিজৰ মেখেলা–চাদৰযোৰকে আটোমটোকাৰীকৈ পিন্ধাই বিহু নাচিবলৈ তেওঁক আগববাই দিছিল৷ একেদিনাই নুনমাটি বিহুতলীতো তেওঁ নাচিলে৷ তেজপুৰত আমন্ত্রণক্রমে ইয়াৰ পিছত যেতিয়া তেওঁ বিহুনৃত্য পৰিৱেশন কৰিলে ডঃ ভূপেন হাজৰিকাৰ দ্বাৰা কমিটীৰ লোকে তেওঁলৈ মুগা–ৰিহা মেখেলা–চাদৰ এযোৰ উপহাৰস্বৰূপে আগবঢ়ালে ৷ ডঃ হাজৰিকাৰ বিহুগীতৰ তালে তালে সিদিনা নচা বিহুনৃত্য আজিও তেওঁৰ মনত সজীৱ হৈ আছে ৷
প্রখ্যাত ক্রীড়া সংগঠক, ক্রীড়াবিদ পুলিন দাসৰ অনুৰোধত ইয়াৰ পিছত প্রথম অসমীয়া ৰঙীন বোলছবি ভাইটিতো এৰিকা নন্দীয়ে অভিনয়ৰে জড়িত হল ৷ সেয়া তেওঁৰ বাবে এক অনন্য অভিজ্ঞতা ৷ নৃত্যগুৰু আনন্দ মোহন ভাগৱতীৰ ওচৰত ইয়াৰ বাবে তেওঁ প্রশিক্ষণো বিশেষভাৱে লব লগা হৈছিল ৷ ইলা কাকতিৰ দৰে মোহময়ী অভিনেত্রীৰে বোলছবিখনত কৰা নৃত্যৰ অভিজ্ঞতাই আজি তেওঁক নষ্টালজিক কৰি ৰাখিছে ৷
১৯৮০ চনত ধুবুৰীত প্রথমবাৰলৈ কথক আৰু ভাৰতনাট্যমৰ আনুষ্ঠানিক প্রশিক্ষণ দিয়াৰ তেওঁ যি ব্যৱস্থা লৈছিল, সি আজিও অব্যাহত আছে ৷ দিনটো ব্যস্ততাৰেই পাৰ হয় ৷ তাৰ মাজতে আত্মজীৱনী এখন লিখাৰ তাড়নাই তেওঁক লগ নেৰিছে ৷ হয়তো আমি অতি সোনকালেই সেই অনবদ্য আত্মজীৱনীখন পঢ়িবলৈ পাম ৷
সংসাৰ বুলিবলৈ, নৃত্যপটীয়সী এৰিকা নন্দীৰ পৰিয়াল বুলিবলৈ স্বামীৰ উপৰি দুটি সন্তান সুদীপ নন্দী আৰু শিখা নন্দী, দুয়ো নিজ নিজ ক্ষেত্রত প্রতিষ্ঠিত ৷ নাতি–নাতিনীৰে পৰিৱেষ্টিত এৰিকা নন্দীৰ আছে এখন সুখৰ সংসাৰ ৷ উদাৰ প্রাণসঞ্চাৰী সংসৃক্তিক তেওঁৰ সন্তান, নাতি–নাতিনীয়ে অহৰহ বুকুত কঢ়িয়াই লৈ ফুৰিছে ৷ ইয়াতকৈ অধিক কি আৰু আনন্দ লাগে ৷
অসমত নিগাজীকৈ থাকি তেওঁ সুখী নে, এই বিষয়ে অলপতে আমি প্রশ্ন কৰাত কলে নিঃসন্দেহে মই যথেষ্ট সুখী ৷ ইয়াৰ সুন্দৰ পৰিৱেশ বাতাৱৰণৰ বাবেই নহয় অসমীয়া মানুহৰ নিভাঁজ মৰম, আতিথ্যপৰায়ণতা, আৰু তেওঁলোকৰ আত্মনির্ভৰশীলতা গুণে সঁচাকৈয়ে মোক মুগ্ধ কৰিছে ৷ অসমীয়া সংসৃক্তিও অতিকৈ সমৃদ্ধিশালী ৷ অসমীয়া সমাজখনে আন্তৰিকতাৰে মোক আদৰি লোৱাৰ বাবে চিৰদিন মই কৃতজ্ঞ হৈ ৰম ৷ এই বৰণীয়া আৰু সমৃদ্ধিশালী সংসৃক্তিৰ বাবেই মই ইয়ালৈ অসম ঢাপলি মেলি আহিছে, সেয়ে আশা ৰাখিম অসমবাসীয়ে যেন কোনো বাহিৰা সংসৃক্তিৰ অন্ধ অনুসৰণ নকৰে ৷ বিশুদ্ধ হৈ ৰওক এই প্রাণময় সংসৃক্তি ৷
ফোনঃ ৯৮৬৪৪-৩৪২৭৪