অসমত বিহু সন্মিলন

ডঃ অনিল শইকীয়া

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত ক্রমে ক্রমে ইংৰাজসকলে অসমৰ শাসনভাৰ নিজ হাতলৈ নিলে ৷ লাহে লাহে অসমত বাণিজ্য বিস্তাৰ কৰিলে আৰু চাহ খেতিৰ পৰা আৰম্ভ কৰি তেল–কয়লা উদ্ঘাটনলৈকে নানান অর্থনৈতিক কাম আৰম্ভ কৰিলে ৷ অসমৰ সম্পদসমূহ বাহিৰলৈ নিবৰ বাবে ৰেল চলাচল আৰম্ভ কৰিলে, লুইতেদি জাহাজ চলাচল আৰম্ভ কৰিলে আৰু প্রশাসনৰ সুবিধাৰ অর্থে কর্ট–কাছাৰী পাতিলে ৷ ক্রমে ক্রমে অসমত আৰম্ভ হল বিদ্যালয়, মহাবিদ্যালয় ৷ ইংৰাজী শিক্ষা প্রচলন হল৷ অসমীয়া মানুহৰো কেৰাণী, মহৰি, আমোলা পদবীৰ বাবে ধাউতি বাঢ়িল ৷  ক্রমে ক্রমে তেল কোম্পানী, ৰেল কোম্পানী, কয়লাখনি, চাহ বাগিচা আদিত অসমীয়া মানুহেও চাকৰি পাবলৈ ধৰিলে ৷ অসমৰ শিক্ষিত ছাত্র কর্ট–কাছাৰীৰ হাকিম হল ৷

১৮২৬ৰ পৰা ১৯৪৭ চনলৈ অসমৰ সমাজ ব্যৱস্থা, শিক্ষা ব্যৱস্থা আৰু অর্থনৈতিক ব্যৱস্থাৰ আমূল পৰিৱর্তন ঘটিল ৷ পূর্বৰ প্রায় কেৱল কৃষিজীৱী সমাজখন কৃষিজীৱী আৰু চাকৰিজীৱী সমাজলৈ ৰূপান্তৰ হল ৷ অসাধাৰণ মেধা আৰু প্রখৰ স্মৃতিশক্তিৰ মানুহখিনি ক্রমাগতভাৱে চাকৰি ক্ষেত্রলৈ ধাৱমান হল ৷ সেয়া অৱশ্যম্ভাৱী আৰু অৱধাৰিত আছিল ৷ সমান্তৰালভাৱে অসমত ইংৰাজসকলে শাসন কৰিবলৈ লোৱাৰে পৰা ইংৰাজী শিক্ষাৰে শিক্ষিত এচাম লোকে বিহুক ইতৰ প্রাণীৰ নাচ–গান আখ্যা দিবলৈও কুণ্ঠাবোধ নকৰিলে ৷ কোনোবাই বিহুক বন্ধ কৰিবলৈ আবেদন জনালে ৷ সেই আবেদনৰ ওপৰত ভিত্তি কৰি ১৮৯৯ চনত ইংৰাজ চৰকাৰে অসমৰ বাপতিসাহোন বিহুক নিষিদ্ধ কৰে ৷ এনে অন্যায় হুকুম জাৰি কৰাত অসমীয়া মানুহ গুজৰি–গুমৰি উঠিল ৷ চৌদিশে প্রতিবাদ আৰম্ভ হল ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই  প্রতিবাদ কৰিলে ৷ নগাঁৱৰ জিলাৰ পুৰণিগুদামৰ আনন্দ দাস, মইমত টাটিঙা আৰু ভালে কেইগৰাকীমান জাতীয় চেতনাসম্পন্ন ব্যক্তিয়ে গুৱাহাটী ন্যায়ালয়ত বিহুৰ নিষিদ্ধকৰণৰ বিৰুদ্ধে গোচৰ তৰিলে ৷ বিচাৰৰ দিনা সদলবলে গুৱাহাটীলৈ গল ৷ আদলতে পূর্বৰ আদেশ ৰদ কৰি ১৮৯৯  খ্রীষ্টাব্দৰ শেষৰ ভাগত  বিহুৰ নিষিদ্ধকৰণ বন্ধ কৰিলে ৷ এনেবোৰ কাৰণতে হয়তো  এচাম আপোন সংসৃক্তিক ভাল পোৱা মানুহৰ মনত এটা জেদ ভাবৰ সৃষ্টি হল  ৷ সেই কাৰণেই হয়তো কুৰি শতিকাৰ দ্বিতীয় দশকতে অসমৰ ঠায়ে ঠায়ে মুকলি ঠাইত জাকজমকতাৰে বিহু সন্মিলন পাতিবলৈ আগবাঢ়ি আহিল ৷

অসমত ৰাইজ একেলগ হৈ ৰাজহুৱা স্থানত বা মঞ্চত বিহু সন্মিলন বা মুকলি ঠাইত বিহু উদ্যাপন কৰিবলৈ আৰম্ভ কৰিলে ৷ ঊনবিংশ শতিকাৰ শেষ সময়ছোৱাৰ পৰাই অসমত স্থায়ী আৰু অস্থায়ীভাৱে মঞ্চ নির্মাণ হৈ মঞ্চ–নাটক অভিনীত হৈছিল ৷ সম্প্রতি বিহুৱে অতি জাকজমকতাৰে এই মঞ্চ অধিকাৰ কৰিলে৷কিন্তু তাৰ আগতে মানুহে কোনোৰা ৰাজহুৱা স্থানত বা বিদ্যালয়ৰ প্রাংগণত ৰাজহুৱাকৈ বিহু  সন্মিলন অনুষ্ঠিত কৰিছিল ৷ তাৰো এটি সুদীর্ঘ ইতিহাস আছে ৷ অসমত কেতিয়া পোনপ্রথম বিহু সন্মিলন আৰম্ভ হৈছিল তাৰ তথ্য বিচাৰিলে হয়তো বহুত ওলাব ৷

শিৱসাগৰত ১৯১৮ চনত বহাগ মাহত শিৱসাগৰৰ ৰাইজে পোনপ্রথম ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰিছিল ৷ সেই সন্মিলন উপলক্ষে গণেশ চন্দ্র হাজৰিকাই বিহু আৰু তাৰ প্রাকৃতিক চিত্র শীর্ষক এখন ৰচনা লিখিছিল আৰু সন্মিলনত পাঠ কৰিছিল ৷ ৰচনাখনে শ্রোতা–দর্শকৰ সমাদৰ লাভ কৰাত সেই বছৰতে গ্রন্থকাৰে প্রকাশ হৈছিল ৷ ছপা কৰিছিল কলিকতাৰ ৬নং কলেজ স্কোৱাৰৰ সাম্যযন্ত্র প্রেছত৷ দাম আছিল ছয় অনা ৷ ১৫চেণ্টিমিটাৰ দীঘল আৰু ১১ চেণ্টিমিটাৰ বহুল আকাৰৰ কিতাপখন ৪২ পৃষ্ঠাৰ আছিল ৷ এই ক্ষুদ্র গ্রন্থখনি ২০১৭ চনতপ্রশান্ত কুমাৰ চুতীয়া আৰু স্বর্ণজ্যোতি বৰুৱা বৰবৰাই পুনৰ প্রকাশ কৰি উলিয়াইছে ৷ গ্রন্থখনিয়ে শিৱসাগৰত ১৯১৮ চনত বিহু সন্মিলন অনুষ্ঠিত কৰাৰ বতৰা দিয়ে ৷ কিন্তু সেই বিহু সন্মিলনৰ ধাৰাবাহিকতা অক্ষুণ্ণ নৰল ৷

১৯১৮ চনত চতিয়াৰ মাধুৰী আঁহতৰ তলত সেই অঞ্চলৰ গাভৰুসকল একত্রিত হৈ প্রথম মুকলিকৈ বিহু উদ্যাপন কৰিছিল ৷ অর্থাৎ মুকলিকৈ বিহু মাৰিছিল ৷ পিছলৈ সেই  বিহুলৈ ডেকাসকলো আহিছিল ৷ কিন্তু বিভিন্ন কাৰণত সেই উদ্যাপন কিছু বছৰৰ পিছত বন্ধ হয় ৷ অৱশ্যে   চনৰ তেৰ এপ্রিল শুকুৰবাৰৰ পৰা ডেকা–গাভৰুসকলৰ প্রচেষ্টাত ১৯১৮ চনত আৰম্ভ কৰা বিহু পুনৰ আৰম্ভ হৈছিল ৷ সভাপতি আছিল গজেন হাজৰিকা আৰু সম্পাদক আছিল নাৰায়ণ শইকীয়া ৷ ১৯৪৯ চনৰ পৰা মাধুৰী আঁহতৰ তলৰ মুকলি বিহু অসংগঠিত ৰূপত উদ্যাপিত হৈছিল ৷ সেই কাৰণে ১৯৯৯ চনৰ ২৪ নৱেম্বৰত অনুষ্ঠিত সাধাৰণ সভাই ২০০০ চনৰ এক বহাগৰ পৰা পাঁচ বহাগলৈ সোণালী  জয়ন্তী পালনৰ সিদ্ধান্ত গ্রহণ কৰে ৷ সবিশেষঃ  অনুজ কুমাৰ বৰা আৰু ৰমেন বৰা সম্পাদিত  সদৌ চতিয়া সার্বজনীন মাধুৰী আঁহতৰ তলৰ মুকলি বিহুমেলা ২০০০ সোণালী জয়ন্তী সমাৰোহৰ স্মৃতিগ্রন্থত উদ্যাপন সমিতিৰ দ্বাৰা প্রকাশিত প্রবন্ধ মাধুৰী আঁহতৰ তলৰ মুকলি বিহুৰ এখিলা পাতত ৷

চতিয়াত পুনৰ কেইগৰাকীমান উদ্যোগী ডেকাৰ প্রচেষ্টাত ১৯৩৩ চনৰ পৰা চতিয়া বহাগী মেলা আৰম্ভ হয় ৷ সেই বিহুমেলাৰ প্রতিষ্ঠাপক সভাপতি আছিল অলিকান্ত বৰকাকতি আৰু সম্পাদকদ্বয় আছিল খগেন্দ্র নাথ শর্মা আৰু যোগেন্দ্র নাথ বৰকটকী ৷   ১৯৮৩ চনত চতিয়া বহাগী মেলাই পঞ্চাশ বছৰ পূর্ণ কৰে ৷ সেইমর্মে  ১৯৮৩ চনত যদিও চতিয়া বহাগী মেলাৰ সোণালী জয়ন্তী উদ্যাপিত হব লাগিছিল, কিন্তু অসম আন্দোলনৰ পৰিপ্রেক্ষিতত স্থগিত আছিল ৷ ১৯৮৬ চনত   চতিয়া বহাগী মেলাৰ সোণালী জয়ন্তী মহাপয়োভৰেৰে উদ্যাপিত হয় ৷ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি প্রকাশ কৰা চতিয়া বহাগী মেলা কেন্দ্রীয় সোণালী জয়ন্তী সমাৰোহ স্মৃতিগ্রন্থত লীলা কটকীয়ে সবিস্তাৰে চতিয়া বহাগী মেলাৰ চমু ইতিহাস ব্যাখ্যা কৰিছে ৷ লীলা কটকী সম্পাদিত চতিয়া বহাগী মেলা কেন্দ্রীয়  সোণালী জয়ন্তী সমাৰোহৰ ১৯৮৩ উদ্যাপিত চন ১৯৮৬) স্মৃতিগ্রন্থত বিস্তাৰিতভাৱে ব্যাখ্যা কৰিছে ৷ স্মৃতিগ্রন্থখনত ১৯৩৫ চনৰ পৰা ১৯৮৬ চনলৈকে চতিয়া বহাগী মেলাৰ  সভাপতি সম্পাদকৰ নাম একাদিক্রমে উল্লেখ কৰিছে ৷ ১৯৩৩ চনৰ পৰা চতিয়া বহাগী মেলাৰ ধাৰাবহিকতা এতিয়াও অক্ষুণ্ণ আছে ৷ সবিশেষঃ  লীলা কটকী সম্পাদিত চতিয়া বহাগী মেলা কেন্দ্রীয় সোণালী জয়ন্তী সমাৰোহ স্মৃতিগ্রন্থ ১৯৮৬ চন পৃষ্ঠা ৮-১৮)১৯৩৪ চনত গোলাঘাটৰ বেতিয়নীত বিহু সন্মিলনৰ মঞ্চ বিহু আৰম্ভ হৈছিল ৷ সেই বিহু সন্মিলনৰ উদ্যোক্তা আছিল বিশিষ্ট স্বাধীনতা সংগ্রামী বৈৰৱ বৰা, শিৱৰাম বৰা, দেৱেশ্বৰ হাজৰিকা, গোলাপ চন্দ্র হাজৰিকা, ভোলা শইকীয়া আদি ব্যক্তিৰ প্রচেষ্টাত৷ এইচাম যুৱকৰ নেতৃত্বত  ১৯৩৪ চনৰ পৰা ১৯৩৭ চনলৈকে চাৰি  বছৰ কাল বিহু সন্মিলন উদ্যাপিত হয় ৷ ইয়াৰ পিছত ১৯৩৮ চনৰ পৰা ১৯৫০ চনলৈ দ্বিতীয় মহাসমৰ আৰু স্বাধীনতা সংগ্রামৰ বাবে বিহু সন্মিলন অনুষ্ঠিত হোৱা নাছিল ৷ সম্প্রতি ১৯৫১ চনৰ পৰা এতিয়ালৈকে   মাজত বিৰতি নোহোৱাকৈ বেতিয়নী ৰঙালী বিহু সন্মিলনখন অনুষ্ঠিত হৈ আহিছে ৷ সবিশেষঃ  হেমন্ত কুমাৰ হাজৰিকা সম্পাদিত স্মৰণিকা, সদৌ বেতিয়নী ৰঙালী বিহু সন্মিলন, ৫৩সংখ্যক ৰঙালী বিহু সন্মিলন ১৯৮৭) আৰু ২০০৯ চনত অঞ্জন দত্ত সম্পাদিত অনুভূতিত গুৱাহাটী আলোচনীত প্রকাশিত, উৎপল কলিতা আৰু হেমন্ত কুমাৰ হাজৰিকাৰ প্রবন্ধ বেতিয়নী ৰঙালী বিহু সন্মিলনৰ ইতিবৃত্ত পৃষ্ঠা–  ১৪-১৮ ২১ ২৮ ৷ প্রবন্ধটিত ১৯৫১ চনৰ পৰা ২০০৬ চনলৈকে বেতিয়নী বিহু সন্মিলনৰ সভাপতি সম্পাদকৰ নাম তালিকাসহ বিস্তাৰিত ইতিহাস ব্যাখ্যা কৰিছে ৷

১৯৩৫ চনত দেৰগাঁৱত বিহু সন্মিলন আৰম্ভ হয় ৷ সম্পাদক আছিল জীৱেশ্বৰ হাজৰিকা আৰু বিশিষ্ট অতিথি আছিল সুৰেন্দ্রনাথ বুুাগোহঁাই ৷ সন্মিলন অনুষ্ঠিত হৈছিল বাপুজী দেৰগাঁও ধর্মনাট্য মন্দিৰত সবিশেষ দেৰগাঁও কেন্দ্রীয় ৰঙালী বিহু উৎসৱ, ২০০৭ চনৰ স্মৃতিগ্রন্থ কেতেকীৰ ৪৬-৫০ পৃষ্ঠা, সম্পাদনা – সঞ্জয় কুমাৰ হাজৰিকা ৷

১৯৩৫ চনৰ পৰা তেজপুৰৰ ওচৰৰ জামুগুৰি বিহুমেলা আনুষ্ঠানিকভাৱে আৰম্ভ হয় ৷ বিহুমেলাৰ সভাপতি আছিল গোলোক ভূঞা  আৰু যুটীয়া সম্পাদক আছিল ঘন কলিতা আৰু গোলোক শর্মা ৷ ১৯৩৫ চনৰ এপ্রিল মাহৰ ১৯ আৰু ২০ তাৰিখে মাধৱ ভৰালী চুক নামঘৰত বিহুমেলা অনুষ্ঠিত হৈছিল ৷ নাম ৰখা হৈছিল জামুগুৰি বিহু সন্মিলন ৷ পৰৱর্তী কালত ইয়াৰ নাম ৰখা হল জামুগুৰি বিহু মেলা ৷ ১৯৬১চনত জামুগুৰিত কেইগৰাকীমান উদ্যোক্তাৰ প্রচেষ্টাত বহুতো বাধা সত্ত্বেও মুকলি বিহু অনুষ্ঠিত হৈছিল ৷ ১৯৬৪ আৰু  ১৯৬৫ চনত ফুটুকাতলীত তথা বর্তমানৰ গান্ধী পথাৰত মুকলি বিহু অনুষ্ঠিত হৈছিল ৷ কিছু বছৰ বন্ধ থকাৰ পিছত পুনৰ জামুগুৰি মুকলি বিহু আৰম্ভ হৈছিল ৷ ১৯৮৫ চনত জামুগুৰি বিহু মেলাৰ সোণালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হয় ৷ সমাৰোহৰ স্মৃতিগ্রন্থত ১৯৩৫ চনৰ পৰা ১৯৮৪ চনলৈকে জামুগুৰি বিহুমেলাৰ সভাপতি সম্পাদকৰ নাম একাদিক্রমে উল্লেখ কৰিছে মাজত ১৯৪০ ১৯৪৫ ১৯৬০ ১৯৬৬ ১৯৬৭ বাদ দি ৷ সম্প্রতি জামুগুৰি বিহুমেলা, জামুগুৰিৰ মুকলি বিহু নামৰেহে বেচিকৈ জনাজাত ৷ বৰপুখুৰীৰৰ পাৰৰ মুকলি বিহুত বিপুল দর্শক আৰু বিহুৱা দলৰ সমাৱেশ হয় ৷ যি মুকলি বিহুত ডঃ  ভূপেন হাজৰিকা, ৰুদ্র বৰুৱা প্রভৃতি বৰণ্য শিল্পীয়ে পদধূলাদি গৰিমামণ্ডিত কৰি তুলিছিল ৷ সবিশেষঃ  যোগেন্দ্র নাৰায়ণ গোস্বামী আৰু ইন্দ্র প্রসাদ শইকীয়া সম্পাদিত, জামুগুৰি বিহুমেলাৰ সোণালী জয়ন্তী সমাৰোহৰ স্মৃতিগ্রন্থৰ ১৯৮৬  মিনাৰাম শইকীয়াৰ প্রবন্ধত পৃষ্ঠা ১- ৬ ৷

অসমত  মঞ্চ বিহু সম্পর্কত পৰাগ চলিহাই লিখিছে শিৱসাগৰত  ১৯৪১ চনত শিৱসাগৰ নাট্য মন্দিৰত বিহু সন্মিলন হৈছিল ৷ সেই বিহু সন্মিলনৰ সম্পাদক আছিল মহেশ্বৰ নেওগ আৰু নিজে পৰাগ চলিহা ৷ সন্মিলনৰ সভাপতি আছিল বিহগী কবি ৰঘুনাথ চৌধাৰী৷–…Bihu came to be celebrated publicly for the first time at Sibsagar only in 1941, when Sibsagar Natya Mandir made into dilapidated Natya Mandir look like a veritable natural grove. The president of the first public Bihoo Sanmilan was Bihogi Kavi (Bird poet) Raghunath Choudhari. Parag Chaliha : Aspects of Assamese Culture : Sibsager, p. 81

পৰাগ চলিহাই অসমৰ বিহু সন্মিলন বুলি উল্লেখ কৰিলেও ইয়াৰ আগতেও অসমৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত বিহু সন্মিলনৰ তথ্য ওপৰত দিয়া হৈছে ৷

১৯৪৪  চনত গোলাঘাটৰ পুলিবৰত বিহু সন্মিলন অনুষ্ঠিত কৰাৰ তথ্য পোৱা গৈছে ৷ যোৱা ২০১৮ চনত পুলিবৰত বিহু সন্মিলনৰ মহাৰজত জয়ন্তী সমাৰোহ (৭৫ বছৰীয়া অতি উলহ–মালহেৰে অনুষ্ঠিত হৈছে ৷

নগাঁৱৰ ধিং অঞ্চলতো ১৯৪৭ চনৰ ৰাষ্ট্রীয় উৎসৱ স্বাধীনতা দিৱস উদ্যাপনৰ সময়ৰ পৰাই সার্বজনীন ৰঙালী বিহু সন্মিলন, ধিং নামেৰে আৰম্ভ হৈছে বুলি কোৱা হৈছে ৷ পিছলৈ এই সন্মিলনৰ নাম ধিং আঞ্চলিক ৰঙালী বিহু উদ্যাপন সমিতিলৈ পৰিৱর্তন হয় ৷ আৰু ৰত্নকান্ত বৰকাকতি স্মৃতি ভৱনৰ কাষৰ স্থায়ী মঞ্চত বিহু সন্মিলন বছৰি অনুষ্ঠিত হবলৈ ধৰে ৷ ধিং অঞ্চলৰ ৰাইজে জনোৱা মতে, ১৯৪৭ চনৰ আনুমানিক সভাপতি আছিল গোলাপচন্দ্র কলিতা অথবা ধর্মকান্ত মহন্ত ৷ এই নাম দুটি ১৯৬০ চনৰ নথিপত্রৰ পৰা থিৰাং কৰা হৈছে ৷ সেই অঞ্চলৰ ৰাইজৰ মতে, অবিভক্ত নগাঁও জিলাত ধিং অঞ্চলৰ বিহু সন্মিলনখনি প্রাচীনতম মঞ্চবিহু ৷ ১৯৫০ চনত ডিব্রুগডতো ৩০-৪-৫০ তাৰিখত ৰঙালী বিহুৰ প্রীতি সন্মিলন অনুষ্ঠিত হৈছিল ৷ সভাত সভাপতিত্ব কৰিছিল জ্যোতিপ্রসাদ আগৰৱালাই ৷ জ্যোতি ৰচনাৱলীঃ  সম্পাদনা হীৰেন গোহাঁই

  • অসম প্রকাশন পৰিষদ, ২০০৭ পৃ– ৯১৯ ৷

১৯৫২ চনত গুৱাহাটীত ৰাধাগোবিন্দ বৰুৱাৰ প্রচেষ্টাত যেতিয়া ৰাজহুৱাকৈ বিহু সন্মিলন অনুষ্ঠিত হল, তেতিয়া সেই বাতৰি অসমৰ চৌদিশে প্রচাৰ হৈ ৰজনজনাবলৈ ধৰিলে ৷

প্রণিধানযোগ্য যে ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ আগতেই  অসমত ৰাজহুৱা বিহু আৰম্ভ হৈছিল৷ তেতিয়া হয়তো বিজুলী–চাকিৰ পোহৰো বহু ঠাইত পৰা নাছিল ৷ কিন্তু সেই যে আৰম্ভণি হল তাৰ পিছত আৰু ঘূৰি চাব লগা নহল ৷ বিহু সন্মিলনে বা মঞ্চৰ বিহুৱে প্রথমে নগৰসমূহ আৰু ক্রমে ক্রমে নগৰৰ সমীপৰ অঞ্চলসমূহত আৰু শেষত কুৰি শতিকাৰ শেষ দশকৰ পৰা গাঁওসমূহকো আন্ধাৰ আকাশক তৰাই ছানি ধৰাৰ দৰে ছানি ধৰিলে ৷  চোতালৰ বিহু মঞ্চলৈ গল ৷ চোতালত বিহু মৰা ডেকা–গাভৰুৰ সংখ্যা কমি গল আৰু এতিয়া একবিংশ শতিকাৰ তৃতীয় দশকত দেখা গৈছে, যিসকল ডেকা–গাভৰুৱে ভালকৈ বিহু মাৰিব জানে, ঢোল বজাব জানে, পেঁপা বজাব  জানে তেওঁলোকে চতৰ কোনোবা এটা দিনৰ পৰা মঞ্চ বিহুৰ প্রতিযোগিতাৰ বাবে আখৰা কৰিছে ৷ প্রতিযোগিতাত হাজাৰ টকীয়া, লাখ টকীয়া পুৰস্কাৰ লবৰ বাবে৷ এতিয়া চত মাহত পৰম্পৰাগত বিহুনাম, বিহুনাচ অনুশীলনত ডেকা–গাভৰু আকৌ ব্যস্ত হৈ পৰিছে ৷ অকল ডেকা–গাভৰুকে নহয় , শিশু, চেমনীয়া সকলোকে ৷ কাৰণ মঞ্চৰ বিহুত শিশুসকলৰ মৌ–কুঁৱৰী বিহুনাচ আৰু চেমনীয়া হুঁচৰি প্রতিযোগিতাও অনুষ্ঠিত হয় ৷ সেয়া অৱশ্যে মঞ্চবিহুৰ ধনাত্মক দিশ ৷ আনহাতে বিহুৰ আশে–পাশে সমর্থৱানসকলে নিজৰ সন্তানে মঞ্চত বিহুনাচ পৰিৱেশনৰ বাবে ঘৰতে আখৰা–গৃহ আৰম্ভ কৰে৷ নিজৰ সন্তানক নাচিবলৈ শিকাই আৰু ঢোল বজোৱাত আগ্রহ দেখিলে ঢোল বজাবলৈ শিকায় ৷ সেইদৰে গগনা, সুতুলী আদি বজাবলৈও শিকায়৷ এই সকলোখিনি মিলি অসমৰ বাপতিসাহোন বিহুলৈ এক পৰিৱর্তন আহিল , যত বিহুনাচ হৈ পৰিল দর্শককেন্দ্রিক৷ যত বিহুনাচ, হুঁচৰিৰ সামগ্রিক বৈশিষ্ট্যই হৈ পৰিল দর্শকৰ মনোৰঞ্জন৷ যত সৃষ্টি হল দলীয় নাচৰ শৃংখলিত ক্রম৷ যত একাকাৰ হল হুঁচৰি আৰু মুকলি বিহু ৷

মঞ্চৰ বিহুৰ আটাইতকৈ মনোগ্রাহী, আটাইতকৈ আকর্ষণীয় আৰু আটাইতকৈ বিবদমান দিশটোৱেই হৈছে ইয়াৰ কৰিগ্রাফ যি চোতালৰ বিহুৰ পৰা মঞ্চৰ বিহুক চকুত লগাকৈ পৃথক কৰিলে৷ কৰিগ্রাফীৰ ঠিক অসমীয়া প্রতিশব্দ নাই ৷ হয়তো দলীয় সংস্থিতি হব পাৰে ৷ ই যিকোনো নাচৰ দল এটিৰ শৃংখলিত দলীয় অৱস্থান, দলীয় সংস্থিতি পদ–চালনা আৰু অৱস্থান পৰিৱর্তনক সূচায়৷ দল এটিয়ে গৃহস্থৰ চোতাললৈ গৈ ঘূৰি ঘূৰি হুঁচৰি গোৱাৰ আৰু বিহু নচাৰ যি স্বতঃস্ফূর্ত শৃংখলিত ৰূপ, মঞ্চলৈ যাওঁতে ক্রমাগতভাৱে সেই দলীয় সংস্থিতিক বেলেগ বেলেগ ধৰণে শৃংখলিত কৰা হল ৷ চোতালৰ হুঁচৰিত নাচিবৰ সময় হলে যিয়ে ইচ্ছা কৰে তেৱেঁ গৈ ঘূৰণীয়া শাৰীটোত বা নাচোন বৃত্তটোত নাচিব পাৰে৷ নাচোন বৃত্তটোত নাচি থাকি ইচ্ছা কৰিলে আঁতৰি আহিব পাৰে ৷ নিজে আনতকৈ কিমান ভাল নাচিছে তাৰ প্রতি সচেতন হব পাৰে ৷  চোতালৰ বিহুত সকলোৰে পদ–চালনা, হস্ত–চালনা এটা নির্দিষ্ট ক্রমত থাকিব লাগিব বুলি কথা নাই ৷ কিন্তু মঞ্চৰ বিহুত পূর্বনির্ধাৰিত দলীয় শৃংখলা বিহুৱাই ভাঙিব নোৱাৰে ৷ এনে হোৱাৰ বাবে সাম্প্রতিক কালৰ মঞ্চৰ বিহু কেৱল মঞ্চৰ বাবে অনুশীলন কৰা দলসমূহৰ মাজতে সীমাবদ্ধ থাকে ৷ মঞ্চৰ বিহুত সকলো সীমাবদ্ধ, ইয়াত বিহুৱাৰ সংখ্যাৰ পৰা, ঢোলৰ চাপৰ, বিহুনাম, পেঁপাৰ সুৰ, গগনাৰ লহৰলৈকে সকলো এটা নির্দিষ্ট সময়ৰ বাবে বন্ধা থাকে ৷ কাৰণ মঞ্চৰ বিহুৰ প্রধান উদ্দেশ্য প্রতিযোগিতাত অৱতীর্ণ হোৱা ৷ প্রতিযোগিতাত প্রথম স্থান লাভ কৰাৰ সৌভাগ্য ঘটিলে অৱশ্যে মুক্তভাৱে পৰিৱেশন কৰাৰ সুযোগ লাভ কৰে৷ কিন্তু তাতো সমিতিয়ে প্রায়ে সময় বান্ধি দিয়ে ৷ এনে হোৱাৰ বাবে বিহুৰ দলসমূহে পূর্বতে যেনেকৈ চোতালত স্বাভাৱিকভাৱে বিহু পৰিৱেশন কৰিছিল, এতিয়া সেই স্বাভাৱিকতা ৰক্ষা কৰিব নোৱাৰে ৷ কালক্রমত মঞ্চৰ বিহুৰ বাবে এখন সংগীতালেখ্যৰ নিচিনা নাটক পূর্বতে ৰচনা কৰি লোৱাৰ ব্যৱস্থা কৰা হল ৷

যিসকল মনীষীয়ে অসমীয়া জাতিৰ প্রগতি আৰু ভাষা–সংসৃক্তি বিকাশৰ বাবে অহোপুৰুষার্থ কৰিছিল, সেইসকলে হয়তো অসমত ৰাজহুৱা বিহু অনুষ্ঠিত কৰাৰ সময়ত ভাবিছিল যে অসমৰ যিসকল গ্রাম্য জনসাধাৰণে সাতামপুৰুষীয়া হুঁচৰিক পৰম্পৰাগতভাৱে চর্চা কৰি আছে তেওঁলোকক স্বীকৃতি দিব লাগে, পোহৰলৈ আনিব লাগে আৰু জগতসভালৈ যোৱাৰ পথটি চিনাই দিব লাগে৷ হেমাংগ বিশ্বাসেও তাকেই কৰিছিল ৷ লোকবাদ্যৰ শিল্পী মঘাই ওজাক জনসাধাৰণৰ আগত চিনাকি কৰি দিছিল ৷ লোক–সংসৃক্তিৰ শিল্পীক পোহৰলৈ আনিছিল ৷ কিন্তু এতিয়া ইয়াৰ বিপৰীতে মঞ্চৰ বিহু হৈ পৰিল ৰংচঙীয়া বিজুলী–চাকিৰ পোহৰে চকু চাট্ মাৰি ধৰা লাখ লাখ টকীয়া বাজেটৰ অনুষ্ঠান৷ যত কেৱল হুঁচৰি, বিহুৱতী, জেংবিহু গাভৰু বিহু প্রতিযোগিতাই নহয়, প্রতিযোগিতাত দিয়া হয় নগদ ধনৰ পুৰস্কাৰৰ৷ সম্প্রতি হুঁচৰি প্রতিযোগিতাৰ নগদ ধনৰ পৰিমাণ পাঁচ লাখ টকালৈকে উঠিছেগৈ ৷ বিপৰীতে এনেকুৱাও হৈছে যিবোৰ বিহুমঞ্চত পুৰস্কাৰৰ বাবদ মোটা ধনৰ পৰিমাণ কম তাত প্রতিযোগীৰ সংখ্যাও কম ৷ প্রথম অৱস্থাত মঞ্চৰ হুঁচৰি বিহুনাচ প্রতিযোগিতাত অৱশ্যে নগদ ধনৰ কথা নাছিল ৷ তেতিয়া হয়তো বিহু প্রতিযোগিতা মঞ্চৰ সংখ্যাও কম আছিল ৷ ক্রমে ক্রমে যেতিয়া বিহু প্রতিযোগিতা মঞ্চৰ সংখ্যা বাঢ়িল তেতিয়া হয়তো প্রতিযোগীক আকর্ষিত কৰিবৰ বাবে, আকর্ষণীয় পুৰস্কাৰ ঘোষণা কৰা হল ৷ প্রতিযোগীৰ সংখ্যা বাঢ়িল, বিচাৰকৰ সংখ্যাও বাঢিল৷ বিহুৰ পৰিৱেশ শৈলীৰ ওপৰত নানান ধৰণৰ মন্তব্যও বাঢ়িল ৷ সাজপাৰ, নাচোনভংগী, ঢোলৰ ছেও সকলোতে ৷ বিহুনাচত, ঢোলৰ ছেওত আঞ্চলিক বৈশিষ্ট্য থাকে, কাৰোবাৰ ঢোলৰ চাপৰৰ লগত কাৰোবাৰ কোনোবা এটা শাৰী নিমিলে, বিহু গীতৰ ক্ষেত্রতো আগৰ শাৰীৰ লগত পাছৰ শাৰী নিমিলে ৷  সেয়াও স্বাভাৱিক কথা৷ এনে সন্ধিক্ষণত বিহুনাচ, হুঁচৰি আদি প্রতিযোগিতাৰ নিয়মাৱলী ৰচনা কৰা হল ৷ এই যে নিয়মাৱলী কৰিব লগা হল, কোনোৱে কয় হল মঞ্চ বিহুৰ অৱদান ৷ কোনোৱে কয় এয়া মঞ্চৰ বিহুৰ পৰিণাম ৷ যিসকলে অৱদান বুলি কয় তেখেতসকলৰ মতে বিহু প্রতিযোগিতাৰ নিয়মাৱলীয়ে বিহু মঞ্চত নাচনীয়ে প্রদর্শন কৰা বিজতৰীয়া পদচালনা আৰু হস্তচালনা বাৰণ কৰিলে আৰু হুঁচৰিৰ গীতমাত ঢোলৰ চাপৰ, লয় আদিক শৃংখলিত কৰিলে৷ আৰু যিসকলে পৰিণাম বুলি কলে তেখেতসকলৰ মতে বিহুনাচৰ ইমানটা হস্তচালনা, ইমানটা পদচালনা বুলি কোনোৱে নিয়ম বান্ধিব নোৱাৰে ৷ কাৰণ বিহুনাচ, লোকনাচ ৷ ইয়াত নিয়ম থাকিব নোৱাৰে ৷ আৰু আন কিছু লোকে মন্তব্য দিলে হওক তেও, এতিয়া জধেমধে কোনো মঞ্চলৈ আহিব নোৱাৰে ৷ অনুশীলন কৰক, বিহুনাম শিকক, বিহুনাচ শিকক, হুঁচৰিৰ আধ্যাত্মিক দিশটো অনুভৱ কৰক, তাৰ পাছত মঞ্চলৈ আহক ৷ এই মন্তব্য তিনিটাই একো একোটা তাৎপর্য বহন কৰিছে ৷  বিহুনাচ, হুঁচৰি প্রতিযোগিতাৰ নিয়মাৱলী অৱশ্যেই প্রয়োজন ৷ ন্যায় শাস্ত্র নহলে বিচাৰ কৰা জানো সম্ভৱ ৷

এটা সময়ত হুঁচৰিৰ পদ ঘোষা গোৱাৰ অন্তত ঢোলৰ ছেওত, পেঁপাৰ সুৰত, বিহুনামৰ লগত পুৰুষে বিহু নচা অনুষ্ঠানেই আছিল হুঁচৰি ৷ তাৰো আগতে পথাৰৰ মাজৰ জুৰীয়া আঁহতৰ তলত বা অৰণ্যৰ কাষত ডেকা–গাভৰুৱে একেলগে মাৰিছিল ৷ ডেকা–গাভৰুৱে একেলগে বিহুমৰা অনুষ্ঠানক সম্প্রতি মুকলি বিহু বোলে৷ অৱশ্যে মুকলি বিহু শব্দটো অর্বাচীন ৷ ১৯৬৮ চনত লীলা গগৈয়ে দিয়া নাম ৷   এই প্রসংগত লীলা গগৈয়ে লিখিছে ডেকা–গাভৰুৱে মুকলি ঠাইত বনগীত বিহুগীত গাই যি বিহু কৰে তাকে মুকলি বিহু বুলিছো ৷ লীলা গগৈ– গছতলৰ মুকলি বিহু– বিহু এটি সমীক্ষা– গ্রন্থপীঠ গুৱাহাটী, দ্বিতীয় প্রকাশ ১৯৮৭ পৃ–প্তচ্ছ্র এটা সময়ত ডেকা–গাভৰুৰ বিহুক লগ–বিহু বুলিছিল ৷ ১৯২৫ চনত প্রকাশিত ৰজনীকান্ত বৰদলৈৰ ৰঙিলী উপন্যাসত লগবিহু শব্দটো উল্লেখ আছে ৷ তেজপুৰৰ জামুগুৰি অঞ্চলৰ  মুকলি বিহু মানে ডেকা–গাভৰুৰ বিহুক নুবুজায়৷ জামুগুৰিত বহু বিহুৱা দল আহি একেলগে বিহু মৰাক মুকলি বিহু আখ্যা দিছে ৷ জামুগুৰিত তেনে এটা ধাৰণা থাকিলেও, সম্প্রতি লীলা গগৈৰ মুকলি–বিহুৰ ধাৰণাই মান্যতা লাভ কৰিছে৷ সেয়া যি কি নহওক লাগে, কিন্তু বিহু যেতিয়া মঞ্চলৈ আহিল তেতিয়া কোনো কোনো মঞ্চত হুঁচৰি প্রতিযোগিতাত হুঁচৰি আৰু মুকলি বিহু দুয়োটা প্রদর্শন কৰা হল৷ মঞ্চৰ বিহুত পদ–ঘোষা গাই লহৰি নচাৰ পিছত বিহুৱতী আহে ৷  এই ব্যৱস্থাক সমর্থন নজনাও অন্য ধৰণৰ এটা কথা মনলৈ আহে ৷ সেয়া হল এটা সময়ত হুঁচৰিত বিহুৱতীৰ চাহিদা পূৰণ কৰিবলৈ পুৰুষকে নাচনী সজাই লৈছিল ৷ কাৰণ বিহুৱাৰ তেজ তেতিয়াও হয়তো মুকলি বিহুৰ অনুৰাগত ৰঞ্জিত হৈ আছিল৷ হয়তো বিহুৱা ডেকাই অনুভৱ কৰিছিল যে বিহুনামসমূহৰ বেছিভাগতে দেখোন নাৰীক লৈ মনৰ অনুৰাগ ৷ এইখিনি গাবলৈ ধুনীয়া পুৰুষ এজনকে নাচনী সজাই ললে নামবোৰ গাই ভাল লাগিব৷ তাকে কৰিছিল ৷ আৰু ক্রমে ক্রমে পুৰুষক নাচনী সজাই লোৱাৰ পৰিৱর্তে সঁচা নাচনী আহিল৷ প্রথমে এৱাঁ ছোৱালী আনিছিল, আপত্তি হল৷ তেতিয়া গাভৰু ছোৱালী হুঁচৰিলৈ আনিলে ৷ সবিশেষঃ  জয়কান্ত গন্ধীয়া, হুঁচৰি মুকলি বিহু আৰু বিহুনাচ, বনলতা ডিব্রুগড, ১৯৮৮, পৃষ্ঠা ১২-২২ এক কথাত এয়া বহুতৰ বাবে সহজে গ্রহণ কৰিব নোৱাৰা সত্য ৷

যিসকলে হুঁচৰিৰ পিছত মঞ্চত মুকলি বিহু সংযোগ কৰাৰ সাপেক্ষে যুক্তি দিয়ে তেখেতসকলে কব খোজে যে এটা সময়ত ভাওনাত যেনেকৈ নাৰীৰ চৰিত্র পুৰুষে কৰিছিল, এটা সময়ত তেনেকৈ হুঁচৰিতো কোনো কোনো ঠাইত পুৰুষে নাৰীৰ সাজপাৰ পিন্ধি নাচিছিল ৷ কাৰণ এটা সময়ত সমাজ ব্যৱস্থাই ৰাজহুৱা স্থানত পুৰুষৰ লগত নাৰীক সমানে অংশগ্রহণ কৰিবলৈ অনুমতি দিয়া নাছিল ৷ সেই কাৰণেই হয়তো ভাওনাত নাৰীৰ চৰিত্র পুৰুষে কৰিছিল ৷ এটা সময়ত সমাজ ব্যৱস্থা এনেকুৱা আছিল যে কোনো নাৰীক পুৰুষে স্পর্শ কৰাটোও সমাজে সহজভাৱে গ্রহণ কৰা নাছিল ৷ বৰ বেছি দূৰলৈ নগৈ জ্যোতিপ্রসাদ আগৰৱালাৰ জয়মতী কথাছবিত অভিনয় কৰা আইদেউ সন্দিকৈ উদাহৰণেই যথেষ্ট ৷ কিন্তু এতিয়া সময়ৰ ৰথখন বহুত আগবািিল৷ এতিয়া সমাজ ব্যৱস্থাত ভাওনাত নাৰীয়ে অভিনয় কৰিলে সহজভাৱে লব পৰা হৈছে ৷ এতিয়া নাৰীয়ে ছোৱালীয়ে সত্রীয়া নাচ পৰিৱেশন কৰে, চিনেমাত অভিনয় কৰে, স্কুটাৰ চলায়, গাড়ী চলায়, উৰাজাহাজ চলায়, মহাকাশত উৰে ৷ এনেবোৰ কাৰণতে হয়তো হুঁচৰিক বিহু–হুঁচৰি বা হুঁচৰি বিহু নামকৰণ কৰি হুঁচৰিলৈ গাভৰু প্রৱেশ কৰাৰ এটা পথ সৃষ্টি কৰিলে ৷ এয়া কিন্তু পৰম্পৰাবিৰোধী৷ ক্রমে ক্রমে  গৃহস্থৰ চোতাললৈও,  পদ–ঘোষা গাই লহৰি নচাৰ পিছত  শৃংখলিত ৰূপত ডেকা–গাভৰুৰ বিহুনাচৰ এটা পৰম্পৰা আহিল ৷

হুঁচৰি কেৱল পুৰুষ অনুষ্ঠান আৰু মুকলি বিহু ডেকা–গাভৰুৰ বিহুমৰা অনুষ্ঠান ৷ পুৰুষ নাচ গহীন ৷ ইয়াৰ বাবে ঢোলৰ ছেৱো বেলেগ ৷  আৰু এটা কথা, জেং বিহু বা গাভৰু বিহু বা টকা বিহুত যেনেকৈ কেৱল নাৰীৰ অনুষ্ঠান, হুঁচৰি তেনেকৈ পুৰুষৰ অনুষ্ঠান৷জেং বিহুলৈ পুৰুষ আহিলে যেনেকৈ সেয়া জানো জেং বিহু হৈ  নাথাকে, হুঁচৰিলৈ নাৰীৰ প্রৱেশ কৰিলেও সেয়া হুঁচৰি হৈ নাথাকে ৷ সেই কাৰণে দুয়োকুল ৰক্ষা কৰি সৃষ্টি হল বিহু হুঁচৰি বা হুঁচৰি বিহু ৷ কিন্তু সেই দুয়োকুল ৰক্ষা কৰা নামটো হব লাগিছিল একেলগে হুঁচৰি আৰু মুকলি বিহু প্রতিযোগিতা ৷

সম্প্রতি মঞ্চ বিহুৱে দর্শকৰ মনোৰঞ্জনৰ অনুষ্ঠান হিচাবে এটি অর্বাচীন ৰূপ পৰিগ্রহণ কৰিছে ৷  তদুপৰি সম্প্রতিক সময়ত অসমত বিহু  জনগোষ্ঠীসকলৰ স্বকীয় বিহুৰ কথা কোৱা নাই বুলি কলে, বিহু সন্মিলনসমূহকে প্রথমে আঙুলিয়াই দেখুৱাব লাগিব ৷ বিহুনাচ, বিহুনাম আৰু  বিহু–ঢোলৰ ছন্দ কত চাবলে পাম বা কত শুনিম বুলি কলে বিহু সন্মিলনসমূহকে দেখুৱাব লাগিব ৷ যদি কতো বিহু সন্মিলন অনুষ্ঠিত নহয়, তেন্তে নৱপ্রজন্মই কত বিহু নাচিব সেয়াও চিন্তনীয় ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.