ভবেনজ্যোতি বৰা
ইংৰাজ শাসন কালত বেংগল আর্মীৰ অৱসৰপ্রাপ্ত বিগ্রেড ছার্জন ডাঃ জন বেৰী হোৱাইটে উজনি অসমত চৰকাৰী ডাক্তৰ হিচাপে যোগদান কৰিছিল ৷ সেই সময়ত অসমৰভিতৰুৱা ঠাইত কাচিৎহে দুই–এখন গৰুগাড়ী, মহৰ গাড়ী, ঘোঁৰাগাড়ী চলা বাহিৰে অন্য কোনো পথ যাতায়াত ব্যৱস্থাৰ কথা কল্পনা কৰিব নোৱাৰা অৱস্থা আছিল ৷ অৱশ্যে ১৮৪৭ চনত কলিকতাৰ পৰা গুৱাহাটীলৈকে ব্রহ্মপুত্রত জাহাজ চলিছিল যদিও সেহ জাহাজেৰে কলিকতাৰ পৰা গুৱাহাটীলৈ আহিবলৈ ১৩ দিন আৰু ঘূৰি যাবলৈ ৯ দিন সময় লাগিছিল ৷ পাছলৈ ১৮৬০ চনত কলিকতাৰ পৰা ডিব্রুমুখলৈকে জাহাজ চলাচল কৰে ৷ উজনি অসমৰ ইংৰাজ চাহ খেতিয়কসকল ইয়াক যথেষ্ট বুলি মানি লব পৰা নাছিল ৷
ইংৰাজ চাহ খেতিয়কসকলে ডাঃ জন বেৰী হোৱাইটক লগ ধৰি অসমৰ পথ যাতায়াতৰ অভাৱৰ বিষয়ে অৱগত কৰিছিল ৷ বিষয়টো গভীৰভাৱে উপলব্ধি কৰি বেৰী হোৱাইটে অসমৰ চীফ কমিছনাৰ তেতিয়াৰ ৰাজ্যপাল ছাৰ ষ্টুৱার্ট বেহলীলৈ পৰামর্শ আগবঢ়ালে উজনি অসমৰ চাহ, কাঠ আদি বাহিৰলৈ উলিয়াই নিয়াৰ সুবিধার্থে ৰেলগাড়ী চলোৱাৰ ব্যৱস্থা কৰিব পাৰিলে চৰকাৰ লাভৱান হব ৷ ইয়াৰ লগে লগে অসমত ৰেলগাড়ী চলাব লাগে বুলি কৰা আবেদন সেই সময়ৰ ভাৰতৰ ৰাজধানী কলিকতা পালেগৈ ৷ প্রথমে কেন্দ্রীয় চৰকাৰে এই বিষয়ত নিশ্চুপ হৈ আছিল ৷ কাৰণ এই ব্যৱস্থা কৰিবলৈ গলে কেৰেলাতকৈ গুটি দীঘল হব বুলি চৰকাৰে অনুমান কৰিছিল ৷ বেৰী হোৱাইট আছিল সকলো কার্যতে আগভাগ লৈ ফুৰা দৃমনা লোক, গতিকে অসমত ৰেলগাড়ী চলাবলৈ লোৱা কথাটোত তেওঁ নেৰানেপেৰাকৈ লাগিল ৷ শেষত বেৰী হোৱাইটৰ কথাত ইতিবাচক দিশ দেখা পাই উজনি অসমত ৰেলগাড়ী চলাবৰ বাবে কেন্দ্রীয় চৰকাৰে অনুমোদন দিলে৷ ১৮৮১ চনৰ ৩০ জুলাইৰ দিনা আসাম ৰেলৱেজ এণ্ড ড্রেডিং কোম্পানী নাম দি এটা ৰেল কোম্পানী খোলা হয় ৷ প্রথমতে চাহখেতি থকা অঞ্চলসমূহলৈ যোৱাৰ সুবিধাৰ অর্থে ডিব্রুগড় জিলাৰ পশ্চিমফালে থকা ডিব্রুমুখৰ পৰা পূবফালে থকা ছৈখোৱা ঘাটলৈকে যাব পৰাকৈ ৰেললাইন স্থাপনৰ গুণাগঁথা চলিছিল ৷ অৱশ্যে শেষত ডিগবৈত আগৰ নাম বৰবিল কেৰাচিন আৰু লিডুত কয়লাখনি আৱিষ্কাৰ হোৱাৰ খাতিৰত ডিব্রুমুখৰ পৰা লিডুলৈহেৰেললাইন নির্মাণ কৰিবলৈ লয় ৷ ১৮৮২ চনৰ জানুৱাৰী মাহত ডিব্রুমুখৰ পৰা এহ ঠাই ডিব্রুগড ৰেল ষ্টেচনৰ পৰা ৬ কিলোমিটাৰ পশ্চিমলৈ আছিল ৷ বর্তমান নৈৰ গর্ভত হাবি বন কাটি ৰেলৰ চিৰি বহুৱাবলৈ সিদ্ধান্ত গ্রহণ কৰে ৷ এনে কষ্টকৰ তথা কেঁচা কামত অসমৰ মানুহ লায়েক নহব বুলি গণ্য কৰি সেই সময়ত এই কামৰ বাবে ইংৰাজ চৰকাৰে অসমৰ বাহিৰৰ পৰা বহুতো বনুৱা অনালে ৷ ৰেললাইন নির্মাণৰ কাম আৰম্ভ হল ৷ লিডুলৈকে ৰেলৰ চিৰি বহুওৱাৰ কাম চলি থাকোঁতেহ ১৮৮২ চনৰ মে মাহৰ ১তাৰিখৰ দিনা ডিব্রুমুখৰ পৰা কিছু দূৰলৈকে ইঞ্জিন এটা চলাই লাইনটো এবাৰ পৰীক্ষা কৰি চালে ৷ চিৰি বহুওৱাৰ কাম নিখুঁতভাৱে হৈছেনে নাই, তাকে প্রমাণ কৰিবলৈ সেই বছৰৰ ২৩ ডিচেম্বৰ দিনা চাবুৱালৈকে পুনৰ এখন মালগাড়ী চলাই চায় ৷ নতুনকৈ ৰেললাইন সংস্থাপন কৰিলে প্রথমতে ৰেলপথত মালগাড়ী চলাই চোৱাটো নিয়ম ৷ এনে পৰীক্ষা–নিৰীক্ষাৰ পিছত চূড়ান্ত পৰীক্ষাৰ বাবে ১৮৮৩ চনৰ ১৬ জুলাইত ডিব্রুমুখৰ পৰা মাকুমলৈকে এখন মালগাড়ী চলিল ৷ সেইদিনা জীৱনত প্রথমবাৰৰ বাবে অসমৰ মানুহৰ ৰেলগাড়ী দেখাৰ সৌভাগ্য ঘটিল৷ গাড়ীৰ ইঞ্জিনৰ পৰা ধোঁৱা ওলোৱা দেখি অনেকে এইবোৰ জুইৰ খেলা বুলি অভিহিত কৰিছিল ৷ কাষৰ পৰা ৰেলগাড়ী চালে কিজানি কাপোৰে–কানিয়ে জুই লাগিব, তাৰ প্রতি লক্ষ্য ৰাখি প্রত্যেকে নিৰাপদ দূৰত থিয় হৈ ৰেলগাড়ী চাইছিল ৷ ৰেলৰ ইঞ্জিনৰ উকি শুনাৰ লগে লগে কাণত আঙুলি ভৰাই বহুতে ভিৰাই–পকাই লৰ মাৰি আঁতৰি গৈছিল ৷
উজনি অসমত ৰেলগাড়ী চলাবলৈ লোৱা কামটো অতি কঠিন আছিল ৷ গছ–লতাৰ পৰা মানুহৰ গাত লমা–লমে জোক–পোক পৰা, বাঘ–ভালুক থকা ডাঠ হাবি ভাঙি মাটিৰে ওখ পথ নির্মাণ কৰি তাৰ ওপৰত শিলগুটি দি, কাঠ পাৰি ৰেলৰ চিৰি বহুওৱা আদি কামত বনুৱাসকলৰ অশেষ কষ্ট হৈছিল ৷ অনেক বনুৱা মৃত্যুমুখত পৰিছিল ৷ সকলো দুখ–কষ্ট আওকাণেৰে ৰেলপথ নির্মাণ কৰি উলিওৱা হল আৰু মালগাড়ী চলাই সফলতা অর্জন কৰাৰ পিছতেই ১৮৮৪ চনৰ ১৮ ফেব্রুৱাৰীৰ পুৱা ৭ বজাত অসমত প্রথমবাৰ যাত্রীবাহী ৰেলগাড়ী ডিব্রুগডৰ পৰা লিডুলৈ চলোৱা হব বুলি সিদ্ধান্ত গ্রহণ কৰিলে ৷ ৰেল কোম্পানীৰ মেনেজাৰ মিষ্টাৰ হিলে ইংৰাজ লোক আৰু অসমীয়া ডা–ডাঙৰীয়াক এই কথা জনাই দিলে ৷ ৰেল যাত্রাৰ বাবে অসমীয়া আৰু ইংৰাজ মিলাই ৪০০জন মান যাত্রী লোৱা হল ৷ লগতে লোৱা হল যাত্রীক আনন্দ দিবৰ বাবে এটা বেণ্ড পার্টী ৷ ইংৰাজ যাত্রীসকলে আনন্দ মনেৰে গাড়ীত উঠিল ৷ কিন্তু আগতে কেতিয়াও ৰেলগাড়ীত নুঠা অসমীয়াসকল ভয় শংকাত পেপুৱা লাগিল ৷ আনফালে ইংৰাজ যাত্রীৰ আগত তেওঁলোকে মনৰ ভাব প্রকাশ কৰে কেনেকৈ শেষত উপায়হীন হৈ অ হৰি, অ ৰাম বুলি আশীর্বাদ লৈ মৰণক শৰণ কৰি ৰেলগাড়ীত উঠিল ৷ ৰেলগাড়ীৰ যাত্রা আৰম্ভ হল ৷ চলিবলৈ লোৱা ৰেলগাডীৰ এটা মৃদু জোকাৰণিতে অসমীয়া যাত্রীসকলে দাঁত–মূৰ কৰচি উঠিল, নিজৰ বহা আসনকে যিমান পাৰে সিমান গাৰ বলদি খামোচ মাৰি ধৰিলে৷ সকলোৱে ঘনাই ঘনাই ঈশ্বৰৰ নাম ললে ৷ স্থিৰভাৱে নগৈ লৰচৰ কৰি যোৱা এনে গাড়ীত যাত্রা কৰাত অসমীয়া যাত্রীসকলে ভীষণ ভয় খাইছিল ৷ এনেকৈ গৈ থাকোঁতে ভয় আৰু উদ্বেগে শীর্ষবিন্দু চুইছিলগৈ মার্ঘেৰিটা ষ্টেচন পোৱাৰ আগতে দিহিং নৈৰ ওপৰত কাঠৰ দলংখন পাৰ হবৰ সময়ত৷ যাত্রীসকলে ভাবিছিল অতবোৰ মানুহ উঠি লোৱাত ৰেলগাডীখন বোজাই হৈ পৰিছে, কেনেবাকৈ যদি দলংখনে ভৰ সহ্য কৰিব নোৱাৰি মেৰ মেৰ শব্দ কৰি ভাগি যায়, তেনেহলে টলকতে ৰেলগাডীখন ককফাল খাহ চিত ভোলোঙা দিপৰিলে সকলো মৰিব লাগিব ৷ গাড়ীখনে দিহিং নৈখন পাৰ হওঁতে যিমানেই কৰিবলৈ ধৰিলে আমাৰ যাত্রীসকলৰ বুকু সিমানেই ধান বনাদি বানিবলৈ ধৰিছিল ৷
সেইদিনা বতৰ ভাল নাছিল ৷ সেই কাৰণে আগতে নির্ধাৰিত কৰি থোৱা সময় মতে সকলো যাত্রী আহিব নোৱাৰিলে ৷ কিছু পলমকৈ গাড়ী চলিছিল ৷ ৰেলগাডীখন লিডুৰ ফাললৈ গৈ থাকোঁতে বাটে বাটে ৰখাই ৰেলপথৰ দুয়ো কাষে থকা চাহ বাগিচাসমূহৰ ইংৰাজ মেনেজাৰ আৰু চাহ খেতিয়কসকলক গাড়ীত তুলি লোৱা হল ৷ এনেকৈয়ে গৈ গৈ আবেলি ২ বজাত ৰেলগাড়ীখন লিডু ষ্টেচন পালেগৈ ৷ কিন্তু লিডু ঠাহখন পাহাৰ, গভীৰ অৰণ্য আদিয়ে আগুৰি থকা সৰু ঠাই ৷ লিডুত বেছি পৰ নাৰাখি গাডীখন পুনৰ আহল–বহল ঠাই মার্ঘেৰিটালৈ ঘূৰাই অনা হল ৷
ৰেলপথ নির্মাণৰ কাম ইউৰোপৰ ইটালী দেশীয় লোকৰ তত্ত্বাৱধানত চলিছিল ৷ নৈৰ ওপৰত দলং নির্মাণ কৰা প্রধান তত্ত্বাৱধায়কজনো আছিল ইটালীৰ মানুহ ৷ সেহ সময়ত ইটালী দেশৰ ৰাণী আছিল মার্গাৰেট ৷ মার্গাৰেটৰ প্রতি সন্মান প্রদর্শন কৰাৰ উদ্দেশ্যে লিডুৰ কাষৰ এই ঠাইখনৰ নাম ইংৰাজ চৰকাৰে মার্গাৰেট ৰাখিলে আৰু ইটালিয়ানসকলে ধুনীয়াকৈ ঠাইখন সজাই–পৰাই লৈছিল ৷ মার্গাৰেট নামটোৱেই পিছলৈ অসমীয়া মানুহৰ জিভা পিছলি উচ্চাৰণ হোৱা সকলোৱে পৰিচিত অসমৰ মার্ঘেৰিটা ৷
ৰেলগাড়ীখন মার্ঘেৰিটা ষ্টেচনলৈ ঘূৰি অহাৰ পিছত এখন ডাঙৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰিলে ৷ ডাঃ জন বেৰী হোৱাইটে সভাত ৰেলপথ নির্মাণৰ পৰা আৰম্ভ কৰি ৰেলগাড়ী চলালৈকে সমগ্র পৰিক্রমাৰ বিৱৰণ দাঙি ধৰিলে ৷ চীফ কমিছনাৰ ছাৰ চার্লচ্ হলিয়টে এই গাড়ী উদ্বোধন কৰি এটি উৎসাহপূর্ণ বত্তৃণতা দিলে ৷ ৰেল কোম্পানীৰ মেনেজাৰ মিষ্টাৰ হিলে বিভিন্নজনৰ ভিন্ ভিন্ সহযোগিতাৰ কাৰণে শলাগৰ শৰাই আগবঢ়ালে ৷ ইতিমধ্যে ভোকত যাত্রীসকলৰ পেটৰ কেঁচু–কুমতি মৰোঁ মৰোঁ অৱস্থা হৈ পৰিছিল ৷ তেনে সময়তে ৰেল কোম্পানীয়ে লগত লৈ যোৱা বিবিধ আহাৰ বিলাই দি যাত্রীসকলক কিছু সকাহ দিলে ৷
সভা সামৰি পুনৰ ৰেলগাডীখন ডিব্রুগডলৈ উভতিল ৷ লাহে লাহে নিশা হৈ আহিল ৷ কিছুমান ঠাইত ৰেলপথৰ দাঁতিত থকা গভীৰ অৰণ্যৰ পৰা বাঘৰ গোঁজৰণি শুনি যাত্রীসকল আতংকিত হৈ পৰিছিল ৷ ডাঃ জন বেৰী হোৱাইট, মিষ্টাৰ হিল আদি নেতৃস্থানীয় প্রতিজনে নিজকেসীম শক্তিশালী লোক হিচাপে দেখুৱাই যাত্রীসকলৰ মনোবল ববাবলৈ চেষ্টা কৰিলে আৰু যাত্রীসকলকনবৰ উৎসাহিত কৰিৰখাৰ উদ্দেশ্যে লগত নিয়া বেণ্ডপার্টীটোক ঘনাহ বেণ্ড বজাবলৈ নির্দেশ দিলে ৷ লাহে লাহে নিশা বেছি হৈ অহাত ভাগৰ–জোগৰ লাগি প্রায় লোকৰে টোপনি ধৰিছিল ৷ টোপনিৰ ভমকত কোন কত নামিব লাগে খবৰেই নাইকিয়া হল ৷ মিষ্টাৰ হিলে ৰাতিৰ অন্ধকাৰৰ মাজতে হাতত লেম্প লৈ প্রতিটো ষ্টেচনতে ঠাইখনৰ নামটো চিঞৰি চিঞৰি যাত্রীসকলক শুনাই দিবলৈ ধৰিলে ৷ অহা–যোৱা মিলাই ২০৭ কিলোমিটাৰ পথ অতিক্রম কৰি জীৱনত প্রথমবাৰলৈ ৰেলগাডীৰে ভ্রমণ কৰি কিছুমান লোকৰ প্রায় ধেলপোঙা দিয়াৰ দৰে অৱস্থা হল ৷
আনফালে নিশা এঘাৰ বজালৈকে গাড়ীখন ঘূৰি নহাত ডিব্রুগডৰ মানুহৰ আহধৰ–বাহধৰ লাগিল ৷ কোনো কোনো ঘৰৰ গৃহিণীয়ে ওচৰৰ মানুহক আহ হেৰ, বাহ হেৰ, বুলি কাবো–কোকালি কৰি ষ্টেচনলৈ গৈ ৰেলগাড়ীখনৰ বতৰা লবলৈ মিনতি জনালে ৷ কাৰণ গৃহস্থ পুৱাৰ গাড়ীতে গৈ মাজ নিশালৈকে উলটি অহা নাই ৷ কোনোৱে আকৌ মন্তব্য প্রকাশ কৰিলে আমি বতৰৰ কথা বতৰতে কৈ থৈছিলোঁ ৷ তাম তুলসী নমনা এই বিলাতী জাতিৰ কি বিশ্বাস আছে কি জানি আমাৰ মানুহখিনিক কৰবাত পেলাই মাৰিবলৈকে বুধি কৰি গাড়ীত তুলি লৈ গৈছে ৷ এনেদৰে ভয়ে–ভীতে চিন্তা–ভাবনা কৰি থাকোঁতে খবৰ পালে যে নিশা ১২ বজাত ৰেলগাড়ীখন ঘূৰি আহি ডিব্রুগড় ষ্টেচন পালেহি ৷ তেতিয়াহে সকলোৰে মুখলৈ পানী আহিল ৷
ফোনঃ ৭০৮৬৬৯৩০৬১
Comments are closed, but trackbacks and pingbacks are open.