জীৱন পৃষ্ঠা

বাহিৰত দোপালপিটা বৰষুণ। তাৰ মাজে মাজে পাতলীয়া বতাহৰ ছন্দহীন নাচোন। কোঠাটোত এখন চেগুন কাঠেৰে সজা মেজ। মেজৰ ওপৰত কেইবাখনো কিতাপ। তাৰেই এখন উপন্যাসত মগ্ন আইৰিন। খিৰিকীবোৰ জপোৱা নাই। সেমেকা বতাহজাকে উৰুৱাই অনা পৰ্দাবোৰে উপন্যাসৰ পাতবোৰ আউলিয়াই আছে। বৰষুণৰ এচাৰকনিয়ে মেজখনৰ ইফাল-সিফাল চুইছে। চ’তমহীয়া বৰষুণজাকে কোঠাটো সেমেকাই তুলিছে। তথাপি তাই একান্তমনে পঢ়ি আছে। উপন্যাসৰ কাল্পনিক চৰিত্ৰবোৰ জীৱন্ত হৈ তাইৰ আগত নাচি আছেহি। তাতে সোণত সুৱগা চৰা দি প্ৰকৃতিৰ ৰহণ। কেনে এক প্ৰাণভৰা আমেজত তাই উপন্যাসখনৰ মাজেৰে যে গৈ আছিল কাৰোবাৰ মাতত তাই সাৰ পোৱা যেন হ’ল। চকীখন পিছলৈ ঠেলি উঠি আহিল। দুৱাৰখন খুলি বাহিৰলৈ চালে। নাইহ্ল বাহিৰত দেখোন কোনো নাই। ইমান মনোযোগেৰে তাই উপন্যাসখনত সোমাই আছিল যে কোনোবাই তাইৰ নাম ধৰি মতা যেন লাগিল। তথাপি তাই আৰু পঢ়াৰ কথা নাভাবিলে। বুকুত সোমাই যোৱাকৈ কেনেকৈ বাৰু লিখিছে উপন্যাসখন ? ইমান সোৱাদ লগাকৈ ? মনৰ সোৱাদ ! এতিয়াহে চকুত পৰিল তাইৰ খোলা খিৰিকীকেইখন। জপাবলৈ বুলি যাওঁতেই দেখিলে তলত দেখোন সেয়া কোনোবা ৰৈ আছেহি। ভঙা-ছিঙা ছাতিটো লৈ বৰষুণত তিতি কোন সেয়া ? খিৰিকীকেইখন জপাই লৰালৰিকৈ তাই তললৈ নামি আহিল। তাইক দেখাৰ লগে লগেই ছোৱালী যেন লগা মানুহ এজনী ওচৰলৈ আহিল। আৰু তাই কিবা সোধাৰ আগতেই ক’লেহি–

: মই আপোনাক মাতিছিলোঁ বাইদেউ। আপুনি শুনা নাছিল চাগে’।

: হয় নেকি ? আপোনাক ক’ৰবাত দেখা যেন লাগিছে।
কিন্তু ধৰিব পৰা নাই। বাৰু এনেকৈ বৰষুণত তিতি থাকিব নালাগে। ভিতৰলৈ ব’লকচোন।

: নালাগে ভিতৰলৈ। আপুনি মোক চিনি নাপাব। মই আপোনাৰ বস্তুবোৰ দিবলৈকেহে আহিছোঁ।

: মোৰ বস্তু ? বাৰু তেনে বাৰাণ্ডালৈকে আহকচোন। বৰষুণ এৰালৈকে ৰ’ব বাৰু। এইবাৰ মানুহজনী আহিল। বাৰাণ্ডাত থকা চকীতে বহিল। আইৰিনে আনি দিয়া গামোচাৰে গাটো মচি ল’লে। ইতিমধ্যে তাই ভালকৈ চিনাকি দিলে। আইৰিনৰ ঘৰৰ দাঁতিকাষৰতে তাইৰ এখন লেডিজ টেইলৰিং আছে। সেই বাটেৰেই আইৰিনে দৈনিক অফিচলৈ অহা-যোৱা কৰে।

: আপোনাৰ কেইযোৰমান চাদৰ-মেখেলা চিলাই কৰিবলৈ দিছিলে নহয়। কামখিনি কৰা হ’ল। মই লৈয়েই আহিলোঁ।

: এই বৰষুণত তিতি নানিলেও হ’ল হয়। কাইলৈ মিনিয়ে লৈ আনিলেহেঁতেন। তাইৰেই হাতত দি পঠিয়াইছিলোঁ মই।

: মই কাৰো ঘৰলৈ কাপোৰ দিবলৈ নাযাওঁ। কিন্তু আপোনাৰ ঘৰটো সিদিনা আপুনি পঠিয়াই দিয়া ছোৱালীজনীয়ে দেখুৱাই দিছিল। সেয়ে বেছি দূৰ নহয় বাবে নিজেই লৈ আহিলোঁ।

: কিন্তু এই বৰষুণত তিতি তিতি ?

: আচলতে মোক পইচাৰ প্ৰয়োজন হৈছিল বাইদেউ। মোৰ জ্ঝ মহীয়া কণমানি এজনী আছে। তাইৰ অসুখ। ভাবিছোঁ কাইলৈ পুৱাই ডাক্তৰক দেখুৱাম। পিছে হাতত পইচা নাই। তাইৰ কথাখিনি শুনি ছোৱালীজনীৰ অসুখৰ খবৰ এটা লৈ আৰু পইচাখিনি দি আইৰিনে তাইক ঘৰত থৈ অহাৰ ব্যৱস্থা কৰি দিলে। বৰষুণ এৰালৈকে তাই ৰ’ব নোৱাৰে। ছোৱালীজনীৰ জ্বৰ। তাই যোৱাৰ পিছতহে আইৰিনৰ মনটো খুন্দিয়াই থাকিল। তাই দি থৈ যোৱা কাপোৰৰ পেকেটটো লৈ আইৰিনে ভাবিলে– হয়চোন। তায়েইতো সেই মানুহজনী। নতুনকৈ লেডিজ টেইলৰিংখন খুলিছে। হয়, আইৰিনেই পঠিয়াইছিল মিনিক তাইৰ ওচৰলৈ। কাপোৰ চিলাবলৈ তাইক পঠিওৱাটো আইৰিনৰ মাত্ৰ এটা বাহানা আছিল। আচলতে তাইৰ বিষয়ে আইৰিনৰ জানিবলৈ মন আছিল। যিটো পৰিৱেশত তাই জীৱন যাপন কৰি আছে, সেয়া জানো সম্ভৱ· আইৰিনে অফিচলৈ অহা-যোৱা কৰা পথটোৰ কিনাৰতেই মানুহজনীৰ ঘৰ। টেইলৰিংখন খোলা বৰ বেছি দিন হোৱা নাই। অফিচলৈ অহা-যোৱা কৰোঁতে আইৰিনৰ চকুত পৰিছিল বেছিভাগ তাই কেঁচুৱাটোক কোলাত লৈ আগফালে বহি থাকে। পিন্ধনত লেতেৰা চুৰিদাৰবোৰ। ঘৰটোৰ কোনো আঁৰ-বেৰ নাই। জেকা, শেলুৱৈ পৰা যেন ঘৰটো। সেই ঘৰটোত যে কোনো মানুহে বসবাস কৰিব পাৰে বিশ্বাস কৰিবলৈ টান হয়। আনহাতে ঘৰটোৰ ওচৰে-পাঁজৰে মানুহৰ বসতিও আছে। আওহতীয়া ঠাইখিনিৰ নাতিদূৰত দুখনমান প্ৰখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠানো আছে। ঘৰটোৰ এফালে মেটেকাৰে ভৰ্তি সৰু পুখুৰী এটা আৰু আনফালে এনেই পৰি ৰোৱা মাটি কিছুমান। কোনেও দখল নধৰাকৈ আছে। তাতেই কচুৱনি এখন উঠিছে। পিছে অত্যন্ত লেতেৰা পৰিৱেশ। জাবৰ-জোঁথৰেৰে ভৰা মাটিখিনি মিউনিচিপালিটীয়ে নিষ্কাশিত দ্ৰব্য পেলাবলৈ অধিগ্ৰহণ কৰা যেনহে লাগে। পিছফালৰ তৰ্জাৰ বেৰেৰে সজা বাথৰুম আগফালৰ মূল পথৰ পৰাই দেখা পোৱা যায়। চূণ লিপা বেৰকেইখন জহো-খহো নহ’লেও কিছু কিছু অংশত ৰংবোৰ এৰি যোৱা যেন হৈছে। ঘৰটো তললৈ বহি যোৱা যেনো হৈছে। এনে লাগে যেন বৰষুণ আহিলেই ঘৰটোত পানী সোমাবহি। মুঠতে একেবাৰেই অস্বাস্থ্যকৰ পৰিৱেশ এটা। এনে পৰিৱেশত থাকিলে কেঁচুৱাৰ অসুখ নহৈ পাৰেনে ? আইৰিন আচৰিত হয়। ঘৰটোৰ পিছফালেই প্ৰকাণ্ড বিল্ডিং এটা। বহুকেইখন মাৰ্কেট আছে তাত। আশ-পাশৰ পৰিৱেশো খুবেই উন্নত। সন্মুখত ব্যস্ত ঘাইপথ। সেই পথেৰেই আইৰিনে নিতৌ অফিচলৈ অহা-যোৱা কৰে। তেনেস্থলত ঘৰটোৰ এই অৱস্থা কিয় ?

চাবলৈ গ’লে ঘৰটো থকা মাটিখিনিৰ মূল্যও যথেষ্ট হ’ব। কোনেনো বাৰু এই কদৰ্য পৰিৱেশত ঘৰটো থৈ দিছে· আৰু এনেকৈ থোৱাৰ কাৰণেইবা কি· কথা এটা জানিবলৈ মন গ’লে নজনালৈকে মনত শান্তি নোপোৱাটো আইৰিনৰ পুৰণি অভ্যাস। অফিচলৈ অহা-যোৱা কৰোঁতে সদায় দুবাৰকৈ ঘৰটো পাৰ হৈ যাব লাগে। বহু দিন ঘৰটো বন্ধ অৱস্থাতে আছিল। মাজে মাজেহে দুৱাৰ-খিৰিকীবোৰ খোল খাইছিল। পিছে কাকো দেখা নাপাইছিল তাই। কিছুদিন পিছত বাৰাণ্ডাখনত এমহীয়া-দুমহীয়া শিশু এটি লৈ মানুহ এগৰাকী প্ৰায়ে বহি থকা হ’ল। আৰু তাৰে দুমাহ মান পিছত ‘জোন লেডিজ টেইলৰিং’ বুলি এখন হৰ্ডিং আঁৰি থোৱা দেখা পালে। গোটেই কথাবোৰ নাভাবোঁ বুলি ভাবিলেও তাইৰ মনলৈ আহি থকা হ’ল। প্ৰশ্নই আৱৰি থকা মনটোক শান্ত কৰিবলৈকে তাই মিনিক মানুহজনীৰ ওচৰলৈ দুযোৰমান চাদৰ-মেখেলা চিলাবলৈ পঠিয়াইছিল। যিটো পৰিৱেশত টেইলৰিংখন আছে, তাত কাপোৰ চিলাবলৈ কোৱা দেখি মিনি আচৰিত হৈছিল। আনকি তাই তালৈ যাবলৈও অমান্তি হৈছিল। আইৰিনে ভাবিছিল কাপোৰখিনি আনিবলৈকে তায়েই যাব। সুবিধা বুজি কথাবোৰ জানিবলৈ চেষ্টা কৰিবহি। কিন্তু মানুহজনীয়ে আজি নিজেই দি গ’লহি কাপোৰকেইযোৰ। প্ৰশ্নবোৰৰ অন্ত নপৰিল।

লাহে লাহে কথাটো আইৰিনৰ মনৰ পৰা পাতলিবলৈ ধৰিলে। অফিচলৈ অহা-যোৱা কৰোঁতে ঘৰটোৰ সন্মুখীন হয় যদিও কথাবোৰৰ কোনো আঁতিগুৰি নাপাই তাতেই মনটো থমকি ৰয়। প্ৰাত্যহিক ব্যস্ততাত তায়ো বিষয়টোৰ পৰা এৰা দি চলিব ধৰিলে।

কিছুদিন পিছৰ কথা। সন্ধিয়া সময়ত আইৰিনে কিতাপ এখন পঢ়ি আছে। তেতিয়ালৈ তাইৰ উপন্যাসখন পঢ়া হৈছিলগৈ। সময় পালেই কিতাপ পঢ়ি সুখ বুটলি তাই ভাল পায়। কিছুমানৰ কাৰণেতো তাই কিতাপৰ পোক। কিন্তু সংসাৰত সোমোৱাৰ পিছত ঘৰৰ দায়িত্ব বাদ দি তাই কোনোদিনে কিতাপৰ মাজত সোমাই থকা নাই। সকলো কৰি থান-থিত লগাই আজৰি হৈহে তাই কিতাপ পঢ়েহি। সেই সময়টো বেছিভাগ সন্ধিয়া সময়েই হয়গৈ। অৱশ্যে অফিচ নাথাকিলে আন সময়তো কেতিয়াবা পঢ়া-শুনা নোহোৱা নহয়। হঠাৎ কলিং বেল বাজিল। তাই বুজিলে এয়া নিশ্চয় তাইৰ স্বামী প্ৰয়াগেই হ’ব। তেওঁ অহাৰ সময় হৈছেহি। প্ৰয়াগ আহিয়েই ছোফাখনত বহি পৰিল। তাই পানী এগিলাছ আনি দিলেহি। তেওঁক মুখ-হাত ধুবলৈ কৈ চাহ কৰিবলৈ যাব খোজোঁতেই প্ৰয়াগে ক’লে– ‘বহাচোন। চাহ পিছত খাম। কথা এটা হ’ল নহয় আজি।’

: কি হ’লনো ?

: আচলতে কথাটো আজিৰ নহয়। বহু দিন আগৰেই। আজি আৰু কথাটো নতুনকৈ আৰম্ভ হৈছে।

: কি কথানো বাৰু· ভালকৈ বুজাই কোৱাচোন।
অফিচৰ পৰা আহিয়েই আৰম্ভ কৰা কথাটো নিশ্চয় গুৰুত্বপূৰ্ণই হ’ব। নহ’লে এনেকৈ প্ৰয়াগে সাধাৰণতে কথাত নধৰে।

: ন-দহ মাহ আগতে এজন বৃদ্ধ লোকৰ মৃতদেহ তেওঁৰ নিজৰ বাসগৃহতেই মৃত্যুৰ পাঁচ দিন পিছত যে উদ্ধাৰ কৰা হৈছিল তোমাৰ মনত আছেনে ?

: আছেতো। তুমিয়ে কৈছিলা নহয়হ্ল মানুহজনে যে অকলে বাস কৰিছিল ঘৰটোত আৰু কোনেও যে বহু দিনলৈ গম পোৱা নাছিল তেওঁৰ মৃত্যু হোৱা বুলি ?

: উম সেয়াই। সেই ঘটনাটোৱেই আজি আকৌ নতুন ৰূপ লৈছে। মানুহ কিমান নিদাৰুণ হ’ব পাৰে আজি নিজ চকুৰে চাই আহিলোঁ।

: কেনেকৈ বাৰু কোৱাচোন !

: কি বুলিনো কওঁ ! কি বুলিনো আৰম্ভ কৰোঁহ্ল কিছুমান কথা শব্দৰে বুজাব নোৱাৰি। ভাষা হেৰাই যায়। এজন মানুহৰ কাহিনী। তেওঁ এগৰাকী অভিযন্তা আছিল। চৰকাৰী বিভাগত কাম কৰিছিল। ল’ৰা দুটা হাইস্কুলত থাকোঁতে তেওঁৰ পত্নী ঢুকাইছিল। নিজৰ চাকৰি, ল’ৰা দুটাৰ পঢ়া-শুনা, সকলো দায়িত্ব তেওঁ সুচাৰুৰূপে পালন কৰি গৈছিল। কিছুমানে তেওঁক দ্বিতীয় বিবাহৰ কথা নোকোৱাকৈ থকা নাছিল। কিন্তু ল’ৰা দুটাৰ কথা ভাবি তেওঁ সেই বিষয়টোৰ পৰা আঁতৰি থাকিল।

তেওঁৰ দুয়োটা পুত্ৰ এতিয়া সুপ্ৰতিষ্ঠিত। দুয়োজনে অসমৰ বাহিৰত থাকি চাকৰি কৰে। নিজ নিজ পৰিয়াল লৈ দুয়ো সুখী। গোটেই জীৱন সন্তানৰ কথা চিন্তা কৰি পাৰ কৰি দিয়া মানুহজনক সময় দিবলৈ দুই পুত্ৰৰ আহৰি নাই। মানুহজন কেনেকৈ চলিছে চাবলৈ সিহঁতৰ ইচ্ছা নাযায়। দেউতাকে মোটাকৈ পেন্সন পায়। সেই পইচা সিহঁতে খোজা নাই। গতিকে খুব অভিলাষেৰে দেউতাকে চলিব পাৰে। আৰু অসুখ-বিসুখ হ’লে সহায় কৰিবলৈ সিহঁততো আছেই। তেন্তে দেউতাকৰনো দুখ কিহৰ ? দেউতাকে দীঘলকৈ হুমুনিয়াহ এৰে। অভিলাষ কি দেউতাকেও নজনা নহয়। পিছে সেই অভিলাষ তেওঁ জানো বিচাৰিছিল ? এসময়ত স্মৃতিকাতৰতাই মানুহজনক কাবু কৰি পেলাইছিল। এৰি অহা সময়বোৰে তেওঁক হাতবাউলি মাতিছিল। সন্তান দুটাৰ পঢ়া-শুনা, সংস্থাপন আদিৰ কথা ভাবোঁতেই সময়বোৰ গ’ল। পত্নীৰ লগত থকা মধুৰ স্মৃতিবোৰ সুঁৱৰিবলৈ তেওঁ দেখোন আজৰিয়েই নহ’ল। তেন্তে এতিয়াই নেকি সেইকণ আজৰি সময় ? এৰা, সকলো দায়িত্ব শেষ। সকলো কৰ্তব্য শেষ। সন্তান দুটিক মানুহ কৰিম বুলি পত্নীক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব নোৱাৰিলেও ল’ৰা দুটাই কিন্তু নিজকে সুপ্ৰতিষ্ঠিত আৰু সুমানুহ বুলিয়ে ভাবে। গতিকে সেইফালৰ পৰাও দায়িত্ব শেষ বুলিয়ে ভাবে তেওঁ। এয়াই সুবৰ্ণ সময়। পত্নীৰ লগত কথা পাতি সময় পাৰ কৰাৰ সময়। যিটো পৈতৃক ঘৰত তেওঁলোকে যুগ্ম জীৱনৰ আৰম্ভ কৰিছিল, কিন্তু পিছলৈ মাক-দেউতাকৰ মৃত্যুৰ পিছত সেই ঘৰত তলা মাৰি নতুন ঠাইত ঘৰ সজাইছিল, সেই পৈতৃক ঘৰলৈ যোৱাৰ সময়। নতুন ঘৰটোত সন্তান দুটিৰ স্মৃতিহে আছে। কিন্তু পুৰণি ঘৰটোত পিতৃ-মাতৃ, পত্নীৰ কাহানিও মচ খাব নোখোজা স্মৃতিৰে ভৰি আছে। সেই ঘৰলৈ তেওঁ পুনৰ যোৱাৰ সিদ্ধান্ত ল’লে। নতুন ঘৰটো দুয়োটা সন্তানৰ নামত লিখি দিলে। আনকি তেওঁৰ ডেৰ বিঘা মাটিৰ সৈতে থকা পৈতৃক ঘৰটোৰ কেৱল চাৰিটা কোঠালিৰ ঘৰটো নিজৰ কাৰণে ৰাখি বাকীখিনিও সিহঁতৰ নামত লিখি দিলে। আৰু সংসাৰৰ সকলো কঠিনতা ত্যাগ কৰি তেওঁ ব্যস্ত হৈ পৰিল তেওঁৰ সোণসেৰীয়া অতীতৰ সৈতে, য’ত তেওঁৰো আছিল নিজাকৈ এজনী মানুহ– কথাবোৰ কৈ কৈ প্ৰয়াগ ৰৈ গ’ল। ছোফাখনতে মূৰটো পেলাই দি অলপ আৰামকৈ বহি ল’লেহি। আইৰিনৰ মুখত মাত-বোল নাই। উৎসুকতাৰে প্ৰয়াগৰ মুখলৈ চাই ৰ’ল। আচলতে কিছুমান কাহিনী, কাহিনী যেন নালাগে। জীয়া জীৱনৰ দলিল যেন একো একোটা কাহিনী। যেন একো একোখন পৃষ্ঠা জীৱনৰ। পাতবোৰ উলিয়াই যোৱা আৰু পঢ়ি যোৱা। প্ৰয়াগৰ এনে লাগিছে যেন এখন কিতাপ মেলি লৈছেহি তেওঁ আৰু কথাবোৰ বুকুত ভৰাই লৈছে। সেইবোৰ কথাকে আইৰিনক কৈ আছেহি। চকুৰ আগত জিলিকি থকা কথাবোৰহ্ল অলপ আগতে দেখি অহা অমানৱীয় কাৰবাৰবোৰ।

: মানুহজনে কাম কৰা ল’ৰাজনৰ লগত পুৰণি ঘৰটোলৈ গুচি গৈছিল। সেই ঘৰটোৰ অৱস্থা ভালে নাছিল। ভাল নাছিল মানে বসবাসৰ উপযোগী নাছিলেই। কিন্তু সাতাশী বছৰীয়া মানুহজনৰ ঘৰ-দুৱাৰ নতুনকৈ সজাৰ মানসিকতা নাছিল। সেই ঘৰটোকে অলপ চাফ-চিকুণ কৰোৱাই তাতেই থাকিবলৈ ল’লে। সেই ঘৰটোতে স্মৃতিৰ সুবাস বিচাৰি প্ৰাত্যহিকতাক মাত্ৰ গুৰুত্ব দি অন্যান্য সকলো বিলাসিতা ত্যাগ কৰি তেওঁ জীৱনটো আগলৈ টানি নি থাকিল। দিনচেৰেকৰ পিছত চেন্নাইৰ পৰা সৰু ল’ৰা আহিল। দেউতাকৰ সিদ্ধান্ত মানি লৈ সি তাৰ ব্যস্ত জীৱনৰ বৰ্ণনা কৰি গ’ল। যোৱাৰ আগতে সি ঘৰটোৰ পিছফালে থকা মাটিখিনিত চাৰিটা ফ্ল’ৰৰ এটা বিল্ডিং সজাৰ পৰিকল্পনা দেউতাকক জনাই থৈ গ’ল। সি যোৱাৰ পিছতেই মানুহজনৰ গাত অসুখ লাগিল। সেই যে অসুখে লগ দিলে আৰু ভাল নহ’ল।

মানুহজনে ঘৰটোৰ পিছফালে বিল্ডিং সজাৰ হাই-হুৰুমি-হাহাকাৰ দেখা পালে । কিন্তু বিল্ডিঙটো ঠিক পূৰ্ণ হোৱাৰ লগে লগেই তেওঁ জীৱনৰ শেষ পৃষ্ঠাত স্বাক্ষৰ কৰিলে। বন্ধু-বান্ধৱবোৰ নোহোৱাই হৈছিলগৈ। যি দুই-এজন আছিল, তেওঁলোকৰ লগতো সংযোগ নোহোৱাৰ দৰেই হৈছিল। দুৰ্ভাগ্যক্ৰমে, সেই সময়তেই কাম কৰা ল’ৰা ৰতনৰ মাক ঢুকাইছিল। সি তাৰ ঘৰত আছিলগৈ। আৰু মানুহজনে সেই নিজান পৰতেই শেষ নিশ্বাস ত্যাগ কৰিলে। কিন্তু ৰতন নথকা বাবে আৰু অন্য মানুহৰ ঘৰখনলৈ আহ-যাহ কমি যোৱাই তেওঁৰ মৃত্যুৰ কথা কোনেও গম নাপালে। তিনি-চাৰি দিন মান পিছত ঘৰটোৰ পৰা ওলোৱা দুৰ্গন্ধই ওচৰ-পাঁজৰৰ মানুহক আমনি কৰিলেহি। তেওঁলোকৰ মাজৰ দুজনমানে সন্দেহবশতঃ ভেণ্টিলেটৰৰ ওপৰেৰে চাই মানুহজনৰ মৃতদেহটো দেখা পালে। লগে লগে পুলিচক খবৰ দিয়া হ’ল। পুলিচে আহি দৰ্জা ভাঙি মৃতদেহটো উলিয়াই আনিলে। পোকে কিলবিলাই ফুৰিছিল তেওঁৰ দেহত। এৰা, মৃতদেহতহ্ল অবিশ্বাস্য সেই দৃশ্যহ্ল অসহনীয় সেই একাকীত্বহ্ল নিথৰ চকুৰ সেই দৃষ্টিহ্ল সেই যন্ত্ৰণাহ্ল আইৰিনে মেলা মুখেৰে প্ৰয়াগলৈ চাই থাকিল। ইতিমধ্যে এক অবুজ কাতৰতাই তাইক চেপি-খুন্দি কোঙা কৰিবলৈ যো-জা চলাইছিল। সকলো থাকিও যেতিয়া মানুহ নিঃসংগ হৈ পৰে, তেওঁৰ দৰে নিঃকিন আৰু কোন হ’ব পাৰে ?

বিশ্বাস কৰিবানে আইৰিন ? পোষ্টম’ৰ্টেমৰ পিছত পুলিচৰ হতুৱাই তেওঁৰ শেষকৃত্য সমাপন কৰা হৈছিল। দুয়োজন পুত্ৰৰ এজনৰো ব্যস্ত জীৱন চক্ৰৰ পৰা ওলাবলৈ এধানমানো আহৰি নোলাল। সেইজন পিতৃক অন্তিমবাৰলৈ চাবলৈ দুয়োৰে বুকু দুখন মোচৰ নাখালে, যিয়ে অকল পিতৃ নহয়, মাতৃৰ মমতাৰেও সিহঁতক আৱৰি ৰাখিছিল। সিহঁত দুয়োৰে সন্মতি লৈ মানুহজনক শেষ বিদায় জনোৱা হৈছিল। জুইৰ লগত বিলীন হৈ গৈছিল দুনয়ন প্ৰতীক্ষা… এবুকু হতাশা আৰু হুমুনিয়াহ… কাহিনীটো চাগে ইয়াতেই অন্ত হোৱা হ’লে ভাল আছিল। পিছে কাহিনীৰ এছোৱা থাকি গ’ল। নিষ্ঠুৰতা আৰু নিৰ্মমতাৰ সাক্ষী হৈ ৰ’লোঁ আমি। মাকৰ সকাম শেষ কৰিয়েই ৰতন আহি ওলাইছিলহি। ইতিমধ্যে সি মানুহজনৰ মৃত্যুৰ বাতৰি পাইছিল। চকুপানী টুকি টুকি সি কৈছিল, মানুহজনে হেনো শেষৰ ফালে অদ্ভুত আচৰণ কৰা হৈছিল। অত্যন্ত খিংখিãীয়া হৈ পৰিছিলগৈ। তাকো হকে-বিহকে গালি পাৰিছিল। কেতিয়াবা কান্দিছিল। যিটো ঘৰত তেওঁ বাস কৰিছিল, সেই ঘৰটো হেনো তাৰ নামত কৰি দিছিল। অৱশ্যে কথাটো মিছা নাছিল। মানুহজনৰ উকীলজন আহিও একে কথাকেই কৈছিল। তেওঁক চোৱা-চিতা কৰাৰ স্বীকৃতি আছিল সেয়া। ঘৰটো তলা মাৰি সি গাঁৱৰ ঘৰলৈ যোৱাৰ দুদিন পিছতেই তালৈ ফোন গ’ল– ঘৰটো পৰিয়াল এটাই ভাৰালৈ বিচাৰিছে– কেঁচুৱাৰ কলকলনিত আজি সেই ঘৰ মুখৰ।

ধূপ-চাকিৰ শান্ত-পৱিত্ৰ গোন্ধে সেই ঘৰৰ চৌদিশ সুগোন্ধাই তোলে। আৰু তেওঁৰ মৃত্যুৰ আঠ মাহ পিছত তেওঁৰ দুই পুত্ৰ উপস্থিত। দেউতাকে বাস কৰা সেই জৰাজীৰ্ণ ঘৰটোৰ প্ৰতি সিহঁতৰ কোনো হাবিয়াস নাই। কিন্তু সিহঁতে আৰম্ভ কৰা বিল্ডিংটোৰ সন্মুখত থাকি ঘৰটোৱে আপদ লগাইছে। গতিকে ৰতনক মাটিখিনিৰ উচিত মূল্য দি সিহঁতে কিনি ল’ব খোজে। কিন্তু ৰতন নাচোৰবান্দা। তাৰ মালিকে যোৱা বাৰ বছৰে তেওঁক কৰা শুশ্ৰূষাত সন্তুষ্ট হৈ তাক সেই মাটিখিনি মৰমতে দিছে। সেই মৰমক সি উলাই কৰিব নোৱাৰে। তাক মাটিখিনিৰ বিনিময়ত পইচা নালাগে।

মাটিখিনি তেওঁৰ মৰমৰ চিন হিচাপে সি ৰাখি থ’ব খোজে। সেই লৈ দুয়োপক্ষৰ মাজত কথাৰ যুদ্ধ। অৱশেষত ৰতনে পুলিচৰ হস্তক্ষেপ বিচাৰিলে। আৰু আমি আজি সেই ঘটনাৰ সাক্ষী হ’লোঁ। কি আচৰিতহ্ল ল’ৰা দুটাৰ মনত দেউতাক বা তেওঁৰ স্মৃতিৰ প্ৰতি তিলমানো শ্ৰদ্ধা নাই। সিহঁতক মাত্ৰ মাটিখিনি লাগে। আনকি দেউতাকৰ মাটি সিহঁতে পইচা দি কিনিবলৈও সাজু। এই কাৰণেই সন্তান বিচাৰেনে মানুহে· কথাবোৰ কৈ কৈ প্ৰয়াগ ৰৈ গ’ল। যেন আগুৱাবলৈ আৰু বাট নাই। ক’বলৈ এষাৰিও কথা নাই।

সন্ধিয়া আইৰিনে গোসাঁইঘৰত জ্বলোৱা ধূপ-চাকিৰ মিশ্ৰিত সুবাস এটা কোঠাটোত বিয়পি পৰিছিল। আইৰিনৰ চকু দুটা সেমেকি উঠিছিল। মনত অলেখ কথাই অগা-দেৱা কৰিছিল।

: আমাৰ যে ইমান বছৰৰ পিছতো সন্তান হোৱা নাই, ভালেই হৈছে নেকি বাৰু প্ৰয়াগ ?
এপলক স্থিৰ দৃষ্টিৰে তাইলৈ চাই ৰ’ল প্ৰয়াগে। এৰা, আঠ বছৰেইতো হৈ গ’ল সিহঁতৰ বিয়াৰ।

: কিছুমান কথাৰ ভাল-বেয়া বুলি একোৱেই নাথাকে দেখোন আইৰিন। আমি যে বিয়া হ’লোঁ, অকল সন্তানপ্ৰাপ্তিৰ বাবেইতো নহয়। অথচ যদি আহিবলগীয়া আছে সেই সন্তানক অত্যন্ত মৰমেৰে আঁকোৱালি নল’ম জানো ?

: সন্তান থাকিও যদি নিঃসন্তানৰ দৰে দিন পাৰ কৰিব লাগে, তেন্তে সন্তানৰ কি প্ৰয়োজন ?

: প্ৰয়োজন আছে। নিশ্চয় আছে। তুমি-ময়ো আমাৰ মা-দেউতাৰ সন্তান নহয় জানো ? আমি বাৰু তেওঁলোকক নিঃসংগ কৰিছিলোঁ নেকি· সকলো সন্তান একে নহয় আইৰিন। নিৰাশাৰ মাজতো আশাৰ ৰেঙনি দেখা মানুহ আমি। জীৱন থকালৈকে আশাও জীয়াই থাকিব। সৃষ্টি অবিহনে সংসাৰখনৰ কি হ’ব ?
আলি-কেঁকুৰিটোত ৰৈ থাকিল আইৰিন। সংবেদনশীল মনটোৱে কিয় বাৰু তাইক শান্তিত থাকিবলৈ নিদিয়ে ? আনৰ দুখ-শোকবোৰকে কিয় বাৰু তাই নিজৰ বুলি প্ৰতিপালন কৰে· প্ৰয়াগো আনৰ দুখত দুখী। কিন্তু সেই দুখবোৰ, বুকু বিন্ধি যোৱা সেই কথাবোৰ তেওঁ গাত পিন্ধি নলয়। তেন্তে তাই কিয় নোৱাৰে· কিয় নোৱাৰে তাই আনৰ দৰে সহজ হ’বলৈ ? মনলৈ আহিল বৰষুণত তিতি তাইৰ ঘৰৰ পদূলিত থিয় হৈ থকা মানুহজনীলৈ। গেলি-পচি যোৱা মৃতদেহ এটা যিটো ঘৰত বহু দিন ধৰি আবদ্ধ হৈ আছিল, সেই ঘৰটোতেই মানুহজনীয়ে সোণৰ সংসাৰখন থিতাপি লগোৱাৰ কথা ভাবিছিল। দুৰ্গন্ধই গেলাই পেলোৱা কোঠাটোত মানুহজনীয়ে দহটকীয়া পেকেটৰ ধূপ জ্বলাইছিল, কেঁ চুৱা উমলাইছিল।

তাই নাজানিছিল ধনৰ অভাৱত গিৰিয়েকে তাইক ক’ত আনি ৰাখিছেহি। আজি চাগে তাই সকলো গম পালে। থুনুকাতো নহয় তাইৰ বিশ্বাস· কাঁচৰ খাৰুবোৰৰ দৰে ভাঙিতো নাযায় সিহঁতৰ প্ৰেমৰ সৌধ· যি প্ৰেমে সাহস দিছিল তাইক পিতৃগৃহৰ ধন-ধান-স্নেহৰ মোহ এৰি আহিবলৈ। কেৱল তেওঁকেই বিশ্বাস কৰিবলৈ, যাৰ হাতত তাই আঢ়ৈ বছৰ আগতে নিজৰ হাত থৈছিলহি। ‘মই জীৱনমুখী মানুহ। জীৱনৰ প্ৰতি মোৰ অসম্ভৱ ভালপোৱা।’ নিজেই নিজক কৈছিল এদিন আইৰিনে। কিন্তু জীৱনৰ দৰেই মৃত্যুও চিৰসত্য। মৃত্যুৰ পৰা পলাব নোৱাৰি। ঠিকেই। জীৱনতেই মৃত্যু আছে, যিদৰে মৃত্যুতো আছে জীৱন। মৰিশালিটো মৰুভূমি নহয়। তাতেও ফুলে তৰু-তৃণ। দুইটা দুয়োৰে পৰিপূৰক। জীৱন মানেই হাঁহি-কান্দোনৰ খেল। পুৱাৰে পৰাই আইৰিনৰ মনটো বেয়া। বিশিষ্ট অসমীয়া নাট্যকাৰ-চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা আৰু নাই। তেওঁ গ’লগৈ নেদেখা দেশখনলৈ। ‘হিয়া দিয়া নিয়া’ মুক্তি পাওঁতে তাই কৈশোৰ গচকিচেহে মাত্ৰ। প্ৰেম-ভালপোৱাৰ টান বুজা হোৱাগৈ নাই। কিন্তু চিনেমাখন চাই কিমান যে ভাল লাগিছিল। সোনকালে ডাঙৰ হ’বলৈ মন গৈছিল। প্ৰেমৰ প্ৰতি প্ৰেম জন্মিছিল।

গানবোৰে বুকুৰ দলিচাত ফুলপুলি হৈ উমলিছিল। এয়াই চাগে তেওঁৰ সফলতা। নামহীন বিষণ্ণতাত ডুব গৈ টিভিত দেখুৱাই থকা তেওঁৰ জীৱন-বৃত্তান্ত চাই আছিল আইৰিনে। এনেতেই ব্ৰেকিং নিউজ আহিল–‘কৃষ্ণসাৰ মৃগ হত্যাত দোষী সাব্যস্ত ছলমান খানক দুদিনৰ মূৰত চৰ্তসাপেক্ষে জামিন প্ৰদান’ নিমিষতে জঁপিয়াই উঠিলে তাই। ছলমান যে তাইৰ প্ৰথম প্ৰেম। ভালকৈয়ে মনত আছে তাইৰ বিয়া ঠিক হোৱাৰ পিছত এদিন প্ৰয়াগৰ লগত ৰেষ্টুৰেণ্টত বহি আছিল। তাই কৈছিল– ‘এতিয়াই এটা কথা কৈ থওঁ , মই কিন্তু ছলমান খানক সৰুৰে পৰাই ভাল পাওঁ। আপুনি বেয়া পালে নহ’ব’। তেওঁ হাঁহি মাৰি কৈছিল– ‘তুমি দেখোন সৰু হৈয়েই আছা। এইবোৰো ক’ব লগা কথানে ?’

তাইৰ তেওঁলৈ খং উঠিছিল। কৈছিল, ‘আপুনি নুবুজিব। মইহে জানো তেওঁক কিমান গভীৰভাৱে ভালপাওঁ।’– ‘তুমি আজীৱন তেওঁক ভাল পাই থাকিবা। মোতকৈও বেছিকৈ ভাল পাবা হ’বনে ?’ তেওঁৰ কথাত আচৰিত হৈ তাই কৈছিল– ‘সেই ভালপোৱা আপোনাৰ লগত তুলনা নহয়। সেয়া অলপ বেলেগ ধৰণৰ। তেওঁৰ পত্নী-প্ৰেয়সী অথবা ভগ্নী হোৱাৰ হেঁ পাহ মোৰ কেতিয়াও নাই। এই ভালপোৱা কেনেকুৱা মই বুজাব নোৱাৰিম।’ আইৰিনৰ গালখনত চিকুটি তেওঁ কৈছিল– ‘মই বুজি পাওঁ অ’। ইমানকৈ ক’ব নালাগে।’ ঘৰৰ পৰা ঠিক হোৱা বিয়াখনত প্ৰথমবাৰৰ বাবে হিয়াখন ডুলিছিল প্ৰয়াগৰ মৰমত। এৰা, এয়াই জীৱন। এফালে সুখ আনফালে দুখ। বুজি নাপাওঁ হাঁহিম নে কান্দিম। কোনটো অনুভৱত বেছিকৈ বুৰ যাম ? মিলাব নোৱাৰা অংকত উৱাদিহ নোপোৱা হয় মনটোৱে। আচলতে ঈশ্বৰেই দিয়ে জীয়াই থকাৰ উঁহ। জীয়াই থকাৰ সমল। মায়া চাগে ইয়াকেই কয়। মায়াৰ পৰিধি ভঙাৰ সাহ সকলোৰে আছে জানো· আইৰিন আগতকৈও বেছি পৰিপক্ব হয়। জীৱনৰ প্ৰতি স্পৃহা জন্মে। এই যে পদূলিমুখৰ শেৱালিজোপা, তাৰ তলসৰা ফুলবোৰ বুটলিবলৈ তাইৰ নতুনকৈ হেঁপাহ জন্মে। গছপুলি দুটামান বেছিকৈ ৰুবলৈ তাই ভাল পোৱা হয়। জীৱনটোৱেই চোন একো একোখন কিতাপ। জীৱনৰ জীয়া অভিজ্ঞতাৰে পূৰ্ণ হয় একো একোটা পৃষ্ঠা। উকা উকা সেই পৃষ্ঠা, সময়ৰ গতিত ফুলাম হয় এটি-দুটি বৰ্ণৰে। লাহে লাহে ভৰি আহে এটা এটাকৈ অন্য পৃষ্ঠাবোৰো। সময়ে জানে। হিচাপ ৰাখে। গোটেই পৃষ্ঠাবোৰ ভৰি পৰিব নে থাকি যাব উকা হৈ। সময় মায়াময় ! মায়াময় ! সেই একেটা পথেৰেই আইৰিনে অফিচলৈ অহা-যোৱা কৰে। ঘৰটো একেই আছেহি। ৰতনে চাগে ঘৰটো অলপ মেৰামতি কৰোৱাই লৈছে। আগতকৈ কিছু পৰিচ্ছন্ন লাগিছে। বাৰাণ্ডাতে আঁৰি থোৱা ‘জোন লেডিজ টেইলৰিং’ৰ হৰ্ডিংখনো একেই আছে। আইৰিনে ভবাৰ দৰে মানুহজনীয়ে তাইৰ গিৰিয়েকৰ অসমৰ্থতা নুবুজাকৈ নাথাকিল। সেইটো ঘৰতেই এতিয়া তাইৰ সপোনে বাহ সাজে। ছোৱালীজনীক মানুহ কৰি তোলাৰ আশাই পাহ মেলে। দুপইচা আৰ্জনৰ বাবে টেইলৰিংখন বহলোৱাৰ কথা ভাবে। এৰা, শ্মশানত জিলিকা সিহঁতৰ প্ৰেমৰ পদুমপাহ চিৰদিন অম্লান হৈ থাকক। আইৰিনৰ জীৱনত সিহঁতেও এটা পৃষ্ঠা জুৰি ৰওক। সিহঁতৰ সপোন ফলিয়াওক। আইৰিনে মনে মনে কামনা কৰে। নতুন উপন্যাস এখন মেলি লয় আইৰিনে। কেনে হ’ব বাৰু উপন্যাসখন· ভাবি চাবলৈ মন নাযায় তাইৰ। যিয়েই নহওক, তাই ল’ব খোজে কিতাপ পঢ়াৰ আমেজ। পান কৰিব খোজে মধুসুধা। ভৰাই তুলিব খোজে জীৱনৰ অন্য এটি পৃষ্ঠা। পুৱাৰ স্নিগ্ধতা চুহি তাই সোমাই পৰে অনন্য এখন পৃথিৱীত। কৃত্ৰিমতাৰ পৰা দূৰত, যান্ত্ৰিকতাৰ পৰা দূৰত অৱস্থান কৰে সেই পৃথিৱীত, য’ত বাস কৰে অনুভৱী অজস্ৰ প্ৰাণ। ভৰুণ গৰ্ভ এটা প্ৰতিপাল কৰা স্বপ্নাকুল অন্তৰ এখন তাইৰো আছে। মাজৰাতি সাৰ পাই ধৰফৰাই উঠা কলিজাটিক তায়েইতো আথে-বেথে সান্ত্বনা দিয়ে। প্ৰতিটো পুৱাৰ পোহৰে দুডাল গুলপীয়া ৰেখা তাইকো দেখুৱাব বুলি সৰু চৰাই পোৱালি এটাৰ দৰে স্বপ্ন তায়ো সযতনে পুহি ৰাখে।
এয়াইতো জীৱন। এৰা, এয়াই জীৱন। লুকা-ভাকু, লুকা-ভাকু, মায়া-মোহ, মোহ- মায়া। জীৱন জীৱন খেল। হেঁপাহৰ, সপোনৰ…. যিয়ে ভৰাই তোলে জীৱন পুথিৰ এখিলা এখিলা পৃষ্ঠা…।

অংগনা ভট্টাচাৰ্য

2 COMMENTS

  1. Nice
    Agoloiku jate iat koi val ata sority aru val ata kahini jugut kribo para tar axa raxilu

LEAVE A REPLY

Please enter your comment!
Please enter your name here