নিশা এঘাৰমান বজাত কল্যাণে নিজৰ কোঠাৰ বিছনাত বহি হোৱাটছএপ কৰি আছিল। প্ৰথমে সি দেউতাক আৰু দ্বিতীয়বাৰত মাকলৈ হোৱাটছএপ কৰি জনাইছিল–

:মই চাকৰিটো পালোঁ। সন্ধিয়া সাত বজাত সিহঁতে ই-মেইল কৰি খবৰটো মোক দিছে, সিহঁত মানে কোম্পানীয়ে…

এই খবৰটো আৰু কাক কাক দিব পাৰি সি চিন্তা কৰিলে। হায়াৰ ছেকেণ্ডাৰীৰ ফাইনেল পৰীক্ষাত অলপতে বহিব লগা তাৰ একমাত্ৰ ভনীয়েক লীনাক এই খবৰটো সি জনাব জানো· হয়, তাইক জনাবই লাগিব, একেটা ঘৰতে মাক-দেউতাকৰ সৈতে থকা লীনাক সি খবৰটো নিদিলেও হয়, পিছে লীনা বৰ অভিমানী– দাদাই মোকহে ভাল খবৰটো নিদিলে বুলি লগে লগে ঠেহ পাতিব। সেয়ে লীনাৰ হোৱাটছএপতো খবৰটো পঠিয়াই কল্যাণে হোৱাটছএপৰ সলনি ফেচবুক কৰিবলৈহে ফেচবুকটো খুলি ল’লে, ঠিক সেই মুহূৰ্ততে কল্যাণে তাৰ কোঠাটোৰ বেৰখনৰ সিপাৰে থকা কোঠাটোত এটা আৰ্ত চিৎকাৰ শুনিবলৈ পালে, নিঃসন্দেহে এই চিৎকাৰটো কোনোবা নাৰী কণ্ঠৰেই হ’ব। কল্যাণে লগে লগে ৰুম ছাৰ্ভিচত থকা টেলিফোনটোৰ তলত থকা টেলিফোন গাইডখন খুলি ছিকিউৰিটী নিৰাপত্তাপক্ষীলৈ ফোন কৰি ক’লে–

:৪ ৰুম নম্বৰ ৫১৯, কাম্ ইমিডিয়েট্লী, ইট ইজ এন ইমাৰজেন্সী।

কল্যাণে নিজেও ফোনটো বিছনাতে থৈ চেণ্ডেলযোৰ পিন্ধি নিজৰ কোঠাৰ দুৱাৰখন খুলিয়েই ৫১৯ নম্বৰ কোঠাৰ দুৱাৰখনত ঢকিয়াবলৈ ধৰিলে। ইতিমধ্যে তিনিজন নিৰাপত্তাপক্ষীয়েও আহি সেইখিনি পালেহি। তেওঁলোক তিনিজনেও দুৱাৰ ঢকিয়াবলৈ ধৰিলে। অৱশেষত ৫১৯ নম্বৰ কোঠাটোৰ দুৱাৰখন খোল খালে, নৈশ পোছাক পিন্ধা দুজন যুৱকে দুৱাৰখন খুলি লগে লগেই পলাবলৈ চেষ্টা কৰিছিল যদিও নিৰাপত্তাপক্ষীয়ে সিহঁত দুয়োজনকে কৰায়ক্ত কৰিলে। তাৰে এজন যুৱকক কল্যাণৰ চিনাকি যেন লাগিল; সি এই যুৱকজনক আন ক’ৰবাত দেখিছে।
: তই ? তুমি ?
: তই ? তুমি ইয়াত যে ?
: সেই বদমাচ দুটাৰ এটা নিখিলেশ নহয়নে বাৰু ?
: তুমি নিখিলেশক কেতিয়াৰ পৰা চিনি পোৱা ? সি আমাৰ স্কুলত পঢ়া নাছিল, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত সি বাংগালুৰুলৈ পঢ়িবলৈ গৈছিল। তুমি তাক আগৰে পৰা জানা নেকি ?
: আগৰে পৰা নাজানিলেও কেইবছৰমানৰ আগৰ পৰা চিনি পাওঁ। বাৰু তুমি দিল্লীত কি কৰিবলৈ আহিছিলা·
: ইণ্টাৰভিউ এটা দিবলৈ। পুৱা ইণ্টাৰভিউ হৈ গ’ল। সন্ধিয়া সিহঁতে মোলৈ ই-মেইল দিয়াৰ কথা। পিছে ই-মেইল চাবলৈ সময়নো পালোঁ ক’ত ? নিখিলেশ আৰু ভেংকটৰ লগত পি জি, হোষ্টেল কেইটামান চাই ফুৰোঁতেই গ’ল। তাৰ পিছত হোটেললৈ উভতি অহাৰ পিছত…

–অনিন্দিতাৰ কথাবোৰ শেষ নহ’ল, তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে। তেতিয়াহে কল্যাণে মন কৰিলে অনিন্দিতাই নীলা জীনছৰ পেণ্টৰ ওপৰত পিন্ধা বগা টপটোৰ হাত এখন ফলা। এই কামটো নিশ্চয় নিখিলেশৰেই হ’ব।

উচুপনিৰ মাজতে অনিন্দিতাই ক’লে–
: তাক মই বিশ্বাস কৰিছিলোঁ জাননে ? কলেজত সি মোৰ সৈতে এনে ব্যৱহাৰ কৰা নাছিল।
কল্যাণৰ মুখেৰে বাহিৰ হ’ল–
: ধান্দাবাজহ্ল কলেজ কেম্পাছত ছোৱালীক এনে ব্যৱহাৰ কৰিলে কলেজৰ পৰা সি ছিঅ’ৰ খেদা খালেহেঁতেন বুলি সি ভালকৈয়ে জানে। সেই সুবিধাটো ল’বৰ কাৰণেই সি তোমাৰ লগত দিল্লী পালেহি। বাংগালুৰুৰ তোমালোকৰ কলেজখনলৈ যাওঁতে তাতেই পঢ়া মোৰ বন্ধু দুটামানে নিখিলেশৰ বিষয়ে ভালকৈ কোৱা নাছিল কিন্তু।
: ইচ্ তাৰ মানে তুমি দিল্লীত পঢ়ি থাকোঁতেও আমাৰ কলেজলৈ আহিছিলা। তথাপি মোক তুমি লগ নধৰিলা কিয়·
: তেতিয়া তুমি নিখিলেশৰ সৈতে অকুণ্ঠ প্ৰেমত। তোমালোক দুয়োটাকে কেইবাবাৰো একেলগে কেণ্টিন, মাৰ্কেটত ঘূৰি ফুৰা দেখিছিলোঁ।
: আৰু তথাপি তুমি…
: মই আকৌ লোকৰ সম্পদৰ ওপৰত চকু দিবলৈ যাম কিয়। মোৰোতো এটা আত্মসন্মান আছে।
: তুমি বাংগালুৰুৰ আমাৰ কলেজলৈ যে গৈছিলা, তাত তোমাৰ কোনোবাই পঢ়ি আছিল নেকি ?
: মোৰ বন্ধুৰ ভায়েক এটাই পঢ়ি আছিল, মোতকৈ দুবছৰে জুনিয়ৰ। মই পিছে আচলতে তাৰ খবৰ ল’বলৈ যোৱা নাছিলোঁ, বেলেগ এটা উদ্দেশ্যেহে গৈছিলোঁ।
: কোৱাচোন, কিয় গৈছিলা ?
: গম পাইছিলোঁ যে তুমি বাংগালুৰুৰ সেইখন কলেজতে পঢ়ি আছা। তোমাক লগ পাবলৈকে গৈছিলোঁ। পিছে…
: কল্যাণ, মোৰেই দুৰ্ভাগ্য। মানুহ চিনি পোৱাটো যে কিমান টান কথা। চোৱাচোন যোৱা তিনিটা বছৰৰ মোৰ বিশ্বাসখিনি কেনেকৈ পোন্ধৰ মিনিটমানতে হেৰাই গ’ল। ভগৱানেহে তোমাক মোৰ ওচৰলৈ আনি মোক ৰক্ষা কৰিলে…

–এইবাৰ অনিন্দিতাই বিছনাত পৰি হুকহুকাই কান্দিবলৈ ধৰিলে। কল্যাণে কৈ উঠিল–
: কান্দিবলৈ এৰা। ম’বাইলত তোমাৰ ই-মেইলটো খুলি চোৱা, চাকৰিটো পালানে নাই ?
কল্যাণৰ কথা শুনি অনিন্দিতাই কান্দিবলৈ এৰি উঠি বহিল। ভেনিটী বেগটো খুলি ৰুমাল এখন উলিয়াই তাই মুখখন, চকুহাল মচি ল’লে। তাৰ পিছত বেগটোৰ পৰাই স্মাৰ্টফোনটো উলিয়াই তাই বুটামবোৰ টিপি নিজৰ ই-মেইলটো খুলি চালে। খন্তেক পিছতে তাই চিঞৰি ক’লে–
: কল্যাণ, মই চাকৰিটো পাইছোঁ।
: কোন কোম্পানীত ?
: উইম্প্ৰ’।
: অ’ একেটা কোম্পানী দেখোন। ময়ো আজি উইম্প্ৰ’ত মোৰ চাকৰি হোৱাৰ খবৰটো পাইছোঁ। গুৰগাঁৱৰ অফিচটোত।
: হয় নেকি ? ময়োতো গুৰগাঁৱৰ অফিচতে চাকৰি পাইছোঁ। ইচ্ দিনটোৰ ভিতৰত এইটোৱেই একমাত্ৰ ভাল খবৰ।
: গতিকে অনিন্দিতা এতিয়া সকলো পাহৰি গৈ চাকৰিৰ কথা ভাবা। চোৱাচোন আমাৰ দুয়োটাৰে যে একেটা কোম্পানী আৰু একে ঠাইতে চাকৰি হ’ল। এইবাৰ অনিন্দিতাই কল্যাণৰ মুখলৈ চাই পঠিয়ালে। কল্যাণৰ এনে লাগিল যেন অনিন্দিতাই ইমান পৰে নিখিলেশে ঘটাব খোজা ঘটনাটোৰ মাজতেই বুৰ গৈ থকা বাবে তাই কল্যাণক যেন ভালকৈ মন কৰাই নাছিল।
: কল্যাণ, আমাৰ দুয়োটাৰে বাৰু আজি কিমান বছৰৰ পিছত দেখা হ’ল·
: পুৰা ছটা বছৰৰ পিছত।
: তুমি সময়ৰ হিচাপ ইমান শুদ্ধকৈ ৰাখিছা যে·
: কিছুমান বিশেষ কথাৰ বাবে সময়ৰ হিচাপ শুদ্ধকৈ ৰখা যায়। তাৰ পিছত কিবা এটা মনত পৰাৰ দৰে অনিন্দিতাই প্ৰশ্ন কৰিলে–
: এই, আমি দুটাই অথনিৰে পৰা কিয় ‘তুমি’ ‘তুমি’কৈ কথা পাতি আছোঁ· কvাছ ফ’ৰৰ পৰা কvাছ টেনলৈকে আমি দুটাই দেখোন ‘তই’ ‘তই’কৈ কথা পাতিছিলোঁ।
: তাৰ অৰ্থ হ’ল তই যে ইমান কান্দি-কাটি আছ, সি বুজায় যে তই এতিয়াও নিখিলেশৰে হৈ আছ। গতিকে মই ‘তোক’ ‘তুমি’ বুলিয়েই মাতি আছোঁ। এইবাৰ কল্যাণে অনিন্দিতাৰ কাষ চাপি তাইৰ মূৰৰ ওপৰত হাত এটা থৈ ক’লে–
: শুন অনি, কন্দা-কটা বাদ দি সকলো পাহৰি এতিয়াৰ পৰা এটা নতুন জীৱনৰ কথা ভাব। নতুন চাকৰিত জইন কৰি নিজৰ ভৰিৰ ওপৰত থিয় হৈ থকাৰ কথা ভাব। বুজিলিনে ? ভগৱানক ধন্যবাদ দে যে সি তোৰ একো ক্ষতি কৰিব নোৱাৰিলে। অনিন্দিতাই পুনৰ চকু মোহাৰি ক’লে–
: ঠিক আছে কাইলৈ আমি দুয়োটাই গুৰগাঁৱলৈ গৈ পিজি-পেয়িং গেষ্ট ৰখা ঘৰ বিচাৰিম।
কল্যাণে উMৰ দিলে–
: মোৰ সৈতে একেলগে দিল্লী বিশ্ববিদ্যালয়ত পঢ়া বন্ধু এজনে ইতিমধ্যে ই-মেইলত গুৰগাঁৱত পিজি এটা ঠিক কৰিছেই।
: ঠিক আছে ঘৰ নোপোৱালৈকে মই তোৰ ঘৰতে থাকিব পাৰিমনে ? মই তোক ৰন্ধা-বঢ়া কৰি খুৱাম।
: নালাগে তই মোক ৰন্ধা-বঢ়া কৰি খুৱাব। মোৰ লগতো তই থাকিব নালাগে। মোৰ বন্ধুটোৱে আৰু দুটামান পিজিৰ খবৰ পাইছে। তই তাৰে এটাত থাকিবি।
: কল্যাণ, তাৰ মানে তোৰ এতিয়াও মোৰ ওপৰত বিশ্বাস নাই· তই মোক ঘৃণা কৰি আছ নহয়নে·
: নাই অনি, সেইবোৰ একো কথা নাই। পিছত বাৰু দেখা যাব।
: পিছত মানে·
: ‘পিছত’ শব্দটোৰ অৰ্থ হ’ল– মোৰ মা-দেউতাৰ সন্মুখত আমি দুয়োটাই একেলগে বহি হোমৰ জুইকুৰাৰ পৱিত্ৰ গোন্ধ লোৱাৰ পিছত। মই কল্যাণহে–তোৰ সেই নিখিলেশ নহয়।
ইমান পৰে বিছনাখনত বহি থকাৰ পিছত অনিন্দিতা থিয় হ’ল। তাই আগবাঢ়ি আহি কল্যাণক পৰম বিশ্বাসেৰে আঁকোৱালি লৈ ক’লে–
: কল্যাণ, ময়ো এই মুহূৰ্তৰ পৰা তই তাহানি স্কুলত একেলগে পঢ়া ‘অনি’জনীয়েই হৈ থাকিম– এয়া তোক কথা দিলোঁ চিৰদিনৰ বাবে…।

-বন্দিতা ফুকন

LEAVE A REPLY

Please enter your comment!
Please enter your name here