শেহতীয়াকৈ বলীউডৰ বহুলভাৱে চৰ্চিত ছবি হৈছে পেডমেন। আচলতে নাৰীৰ কিছু গোপন অধ্যায় মুকলিকৈ দেখুৱাইছিল অথবা দেখুৱাবলৈ সাহস কৰিছিল ছবিখনৰ পৰিচালক আৰ বালাকৃষ্ণনে। ছবিখনত আছিল প্ৰতিগৰাকী নাৰীয়ে মাহটোৰ কেইটামানদিন ভোগা কিছু সমস্যা আৰু লগত জড়িত কিছু নীতি-নিয়ম ইত্যাদিক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনীভাগ আগবাঢ়িছিল। ছবিখনৰ মূল ভূমিকাত আছিল অক্ষয় কুমাৰ আৰু সোনম কাপুৰ। উক্ত ছবিখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ আদায় কৰিছিল সাৱিত্ৰীয়ে। গ্ৰামাঞ্চলত যুৱক-যুৱতী তথা মহিলাসকলক উক্ত দিনকেইটাত কিদৰে নিজৰ যত্ন ল’ব লাগে ইত্যাদিক সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত সাৱিত্ৰীৰ যি প্ৰয়াস, তেনে এক বলিষ্ঠ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকী অসমৰ জীয়ৰী।

ব্যক্তিত্ব কিমান সুউচ্চ হ’লে চুব পাৰি সফলতাৰ আকাশ। সীমাহীন বাধা নেওচি জগত জিনি আগবাঢ়ি যাব পৰাজনেহে নিশ্চয় সাফল্যৰ জয়গান গাব পাৰে। বিদগ্ধ পণ্ডিতৰ মতে তুমি যি কামেই নকৰা মাথোঁ নিয়াৰিকৈ কৰিবা। নিজৰ কৰ্মৰ প্ৰতি দায়বদ্ধ হ’বা, দেখিবা সাফল্যই তোমাক হাতবাউলি মাতিছে। সাফল্যগাথাৰ এইবাৰ শিতানত পাঠকক জনাবলৈ ওলাইছোঁ বৰ্তমান মুম্বাইৰ এগৰাকী ব্যস্ত অভিনেত্ৰী তথা অসম জীয়ৰী উৰ্মিলা মহন্তৰ কথা। উৰ্মিলা মহন্ত বৰ্তমান বলীউডৰ ছবিজগতৰ এক পৰিচিত নাম। নিজৰ একমাত্ৰ সাধনা আৰু চিনেমাৰ প্ৰতি সৰুৰে পৰা থকা দুৰ্বাৰ হাবিয়াসে যেন টানি নিছিল তেওঁক অভিনয় জগতলৈ। এইগৰাকী বলিষ্ঠ অভিনেত্ৰীৰ জন্ম হৈছিল অসমৰ সোণাপুৰ অঞ্চলত। পিতৃ গিৰিধৰ মহন্ত আৰু মাতৃ কমলা মহন্তৰ কন্যা উৰ্মিলা মহন্ত। সোণাপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি ক্ষেত্ৰীস্থিত ডিমৰীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া চমুকৈ এফ টি আইৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে।

শৈশৱৰ পৰাই বিভিন্ন নাটক আদিত অভিনয় কৰি প্ৰশংসা বুটলিবলৈ উৰ্মিলা যিমানেই ডাঙৰ হৈ আহিল সিমানেই অভিনয়ৰ প্ৰতি দুৰ্বলতা বৃদ্ধি পালে। সময় বাগৰিল। পৰৱৰ্তীকালত দূৰদৰ্শনত সম্প্ৰচাৰিত ধাৰাবাহিক মাৰ্ডাৰ, তেজীমলা আদিত অভিনয় কৰিছিল। ইয়াৰ সমান্তৰালভাৱে তেওঁ বহুতো চুটি ছবিত অভিনয় কৰি সমালোচক তথা চিত্ৰেপ্ৰমী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল। উল্লেখ্য যে তেওঁ অভিনয় কৰা ‘আলিয়া’ শীৰ্ষক চুটি ছবিখনে ২০১২ চনত মুম্বাইত অনুষ্ঠিত আন্তঃৰাষ্টীয় চলচ্চিত্ৰ মহোৎসৱত সমালোচকৰ বিশেষ বঁটা লাভ কৰে। ইয়াৰ উপৰি গোৱাত অনুষ্ঠিত আন্তঃৰাষ্টীয় চলচ্চিত্ৰ মহোৎসৱত উৰ্মিলা মহন্তই প্ৰত্যক্ষ কৰে তামিল চলচ্চিত্ৰ পৰিচালক বালাজী শক্তি ভেলে। কিন্তু কেৱল প্ৰত্যক্ষ কৰিয়েই উৰ্মিলাক ছবিত কাম কৰিবলৈ সুযোগ দিয়া নাছিল। কেইবাটাও পৰ্যায় নিৰ্বাচন প্ৰক্ৰিয়া অতিক্ৰম কৰি প্ৰায় দুবছৰৰ পিছত শক্তি ভেলেৰ থ্ৰিলাৰ ছবি ‘ভেজহাক্কু ইন্’ত কাম কৰিবলৈ সুবিধা পায়। উক্ত ছবিখনত তেওঁ শ্লাম এলেকাত বাস কৰা এগৰাকী বনকৰা মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। চিনেমাখন ছবিজগতত বহুলভাৱে চৰ্চিত হোৱাৰ লগতে উৰ্মিলাৰ চৰিত্ৰটোৰ কথাও সমালোচকৰ দৃষ্টিগোচৰ হয়। ইয়াৰ পিছত পৰিচালক অজিতা সুচিত্ৰা ৱীৰাৰ ‘ৰুষ্টম কি দাস্তান’ নামৰ ছবিখনত সহঃ অভিনয় কৰে। উক্ত ছবিখনে দ্বাদশসংখ্যক অ’ছিয়ানছ চিনেফেন ফেষ্টিভেল অৱ এছিয়ান এণ্ড আৰব চিনেমাত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। শেহতীয়াকৈ উক্ত চলচ্চিত্ৰখন অস্কাৰ বঁটাৰ বাবেও মনোনীত হৈছিল। ইয়াৰ উপৰি ১৯১৪ বৰ্ষত বাংলা ছবি ‘চিৰদিনেই তুমি আমাৰ’, হিন্দী ছবি পৰেচানপুৰ, অকিৰা আৰু শেহতীয়াকৈ বলীউডৰ বহুচৰ্চিত ছবি ‘পেডমেন’ৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে। এই সকলোবোৰৰ মাজতে কিন্তু তেওঁ বহুকেইখন অসমীয়া ছবিত অভিনয় কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইখনমান ছবি হ’ল– অন্তৰীপ, কথানদী, বকুল, টিআৰপি ইত্যাদি। ইয়াৰ ভিতৰত বকুল চিনেমাখনৰ বাবে তেওঁ ২০১৬ বৰ্ষৰ পাটনা আন্তঃৰাষ্টীয় ছবি মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু ২০১৬ বৰ্ষৰ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ শিল্পীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। এইগৰাকী অভিনেত্ৰীক অভিনয়ৰ ক্ষেত্ৰত সুধিছিলোঁ কেইটামান প্ৰশ্ন:

প্ৰশ্ন: এগৰাকী অসমীয়া যুৱতী হিচাপে বলীউডত নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিমান সংঘৰ্ষ কৰিবলগীয়া হৈছিল ?
উত্তৰ: সংঘৰ্ষ এতিয়াও শেষ হোৱা নাই। চলিয়েই আছে। আৰু বহু কষ্ট কৰিব লাগিব।

প্ৰশ্ন: অসমৰ ছোৱালী হৈয়ো বলীউডত প্ৰতিষ্ঠা হ’বলৈ কিমান কষ্ট কৰিবলগীয়া হৈছিল ?
উত্তৰ: বলীউড জগতখন বহুত বেলেগ। তাতে খুব প্ৰফেচনেল মানুহবোৰ। প্ৰথম কথা বলীউডত প্ৰতিষ্ঠা হ’বলৈ ভাষাৰ দখল থাকিব লাগিব। বিশেষকৈ হিন্দী আৰু ইংৰাজী। এইটো থাকিলে কিছুদূৰ সহজ হয় বুলি মই ভাবোঁ।

প্ৰশ্ন: শেহতীয়াকৈ অক্ষয় কুমাৰ আৰু সোনম কাপুৰৰ সৈতে পেডমেনত আপুনি এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছিল। অভিজ্ঞতা কেনেকুৱা ?
উত্তৰ: খুবেই ভাল অভিজ্ঞতা। অক্ষয় আৰু সোনম কাপুৰ খুব সহজ-সৰল ব্যক্তি। সহঃ অভিনেতা, অভিনেত্ৰীক যথেষ্ট সুযোগ দিয়ে। অক্ষয় কুমাৰে সাংঘাতিক নিয়মানুৱৰ্তিতা বজাই ৰাখে। মই বহুত ভাগ্যৱান যে এওঁলোকৰ সৈতে কাম কৰিবলৈ সুযোগ পাইছোঁ।

প্ৰশ্ন: সফলতাৰ মাপকাঠীডাল কিদৰে জুখিব ?
উত্তৰ: মই ভাবোঁ সফল হ’বলৈ বহু বাকী। তথাপি নিজৰ মন পছন্দৰ কাম কৰিবলৈ যদি সুযোগ পাওঁ আৰু নিজে নিজৰ এটা পৰিচয় বনাব পাৰোঁ। তেতিয়া নিশ্চয় ভাল লাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here