প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম অবিহনে নিৰস জীৱন। প্ৰেমৰ সফল পৰিণতি বিবাহ। কিছুমানৰ বাবে এই পথ সুগম হয় আৰু কিছুমানে এই পথত সন্মুখীন হয় বহুতো বাধাৰ। তাতোকৈ অধিক কঠিন হয় যদিহে এই বিবাহ অসবৰ্ণ হয়। একবিংশ শতিকা গৰকাৰ পাছতো আমাৰ সমাজৰ বেছিসংখ্যক মানুহে অসবৰ্ণ বিয়াত একেবাৰতে সন্মতি প্ৰদান নকৰে। অৱশ্যে ইয়াৰ বাবে কাকো জগৰীয়া কৰিব নোৱাৰি, সেয়া সম্পূৰ্ণ এক ব্যক্তিগত প্ৰসংগ। বিবাহ প্ৰেমৰ মূল উদ্দেশ্য নহয়, কিন্তু বিবাহে প্ৰেমক অৰ্থ দিব পাৰে। জাতি-ধৰ্মই প্ৰেমৰ লক্ষ্মণৰেখা আঁকিব নোৱাৰে। আমাৰ সমাজত প্ৰচলিত প্ৰথা অনুযায়ী একে সম্প্ৰদায়ৰ মাজতহে বিয়া-বাৰুৰ দৰে সম্বন্ধবোৰ হ’ব নোৱাৰে। সমাজৰ ৰীতি-নীতিক একাষৰীয়াকৈ ৰাখি ইয়াৰ মাজতে এচামে সংসাৰ পতাৰ সাহসী সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ সমাজত এনে কিছু দম্পতী আছে, যিয়ে অসবৰ্ণ বিবাহৰ জৰিয়তে সুখৰ সংসাৰ নিয়াৰিকৈ পৰিচালনা কৰি সুখী দম্পতী হিচাপে সমাজত এক আদৰ্শ দাঙি ধৰিছে। আমাৰ বিয়া শিতানত এইবাৰ পাঠকলৈ যুগুতাইছোঁ অসমৰ মূকাভিনয় জগতখনত একছত্ৰী আসন দখল কৰি থকা শিল্পী মইনুল হক আৰু তেওঁৰ পত্নী ডঃ অঞ্জনাময়ী শইকীয়াৰ দাম্পত্য জীৱনৰ বিষয়ে।

গুৱাহাটীৰ আমবাৰীস্থিত মইনুল হকৰ বাসগৃহত উপস্থিত হৈয়ে প্ৰত্যক্ষ কৰিছিলোঁ খুব সুন্দৰ এক গৃহ শোভাৰ। বৰ আন্তৰিকতাৰে আমাক আদৰণি জনালে। আৰম্ভ কৰিলোঁ আমাৰ কথোপকথন। এমোকোৰা হাঁহিৰে মইনুল হকে আৰম্ভ কৰিলে। পত্নী অঞ্জনাময়ী শইকীয়াও আহি কাষতে বহিলহি।

ব্যক্তিগত জীৱনতো বেছি কথা চহকী মানুহ নহয় মইনুল হক। ধীৰ-শান্ত, স্বভাৱসুলভ এইজন শিল্পীও যে এজন দুৰ্দান্ত প্ৰেমিক হ’ব পাৰে ভাবিবই নোৱাৰি। সম্পূৰ্ণ পাঁচটা বছৰ প্ৰেমিক হৈ তাৰ পাছত এই প্ৰেমিক যুগলে বিবাহপাশত আবদ্ধ হয়। মূকাভিনয়ৰ জৰিয়তে ৰাইজৰ মাজত হাঁহিৰ খোৰাক বিলাই ফুৰা এইগৰাকী শিল্পীৰ জীৱন সংগীগৰাকী হ’ল নিজৰ নৃত্য প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় জগতত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা ওডিচী নৃত্য পটীয়সী অঞ্জনাময়ী শইকীয়া।

১৯৮৫ চনত মইনুল হকৰ মাইম একাডেমীত নৃত্য কৰিবলৈ আহিছিল অঞ্জনাময়ী শইকীয়া। সেয়া প্ৰথম সাক্ষাৎ।

তেতিয়া অঞ্জনাময়ী শইকীয়া সপ্তম শ্ৰেণীৰ ছাত্ৰী। বয়সো নিচেই ফুলকুমলীয়া। তেতিয়া চা-চিনাকি পৰ্ব হ’ল। তাৰ পাছত আৰু দুয়োৰে দেখা-সাক্ষাৎ নাই। ১৯৯১ চনতহে পুনৰ দুয়ো মুখামুখি হ’ল। কিছুদিন তেনেদৰেই পাৰ হ’ল। তেতিয়া অঞ্জনাময়ী উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। বুকুত সাহস বান্ধি মইনুল হকে দিলে প্ৰেমৰ প্ৰস্তাৱ। অঞ্জনাময়ীয়ে প্ৰথমে প্ৰস্তাৱ নাকচ কৰিছিল। ইয়াৰ প্ৰধান কাৰণ আছিল প্ৰথম কথা ধৰ্মৰ পাৰ্থক্য আৰু দ্বিতীয় কথা বয়সৰ যথেষ্ট ব্যৱধান। উল্লেখ্য যে দুয়োৰে মাজত বয়সৰ ব্যৱধান আছিল ১৫ বছৰ। স্বাভাৱিকতেই এনে অৱস্থাত এজনী ছোৱালীৰ বাবে এক ধনাত্মক সিদ্ধান্ত লোৱাটো নিশ্চয় সহজ নহয়। কিছু ভাবি-চিন্তি পাছত যেনিবা তেওঁ সন্মতি দিলে। প্ৰেম কৰিছিল যদিও তেওঁলোকৰ সম্পৰ্ক লাইলা-মজনুৰ দৰে নাছিল। প্ৰেম বিবাহ হৈছিল যদিও তেওঁলোকৰ প্ৰেম আজিৰ যুগৰ কৈশোৰৰ প্ৰেমৰ দৰে নাছিল। তেওঁলোকৰ প্ৰেমত মৰমৰ সমান্তৰালভাৱে স্থান পাইছিল সন্মান তথা শ্ৰদ্ধাই। পাছত যেতিয়া এই গোপন বিবাহৰ খবৰ ঘৰাঘৰি জনাজাত হ’ল, তেতিয়া মইনুল হকৰ পিতৃ ইশ্বাক আলী আৰু মাতৃ গুলজাৰ বেগমে কিন্তু তিলমানো আপত্তি নকৰিলে। কিন্তু অঞ্জনাময়ীৰ ঘৰখনে কিন্তু এই সিদ্ধান্ত সহজে মানি নল’লে।

শুভদিন ধাৰ্য কৰি মইনুল হকৰ বাসগৃহতে সামাজিকভাৱে অনুষ্টুপীয়াকৈ তেওঁলোকৰ নিকাহ হ’ল। নিকাহৰ সময়ত অঞ্জনাময়ীয়ে সম্পূৰ্ণ অসমীয়া পাটৰ সাজ পৰিধান কৰিছিল।

সময় উকলিল, সাংসাৰিক জীৱন আৰম্ভ হয় দুয়োৰে। সংসাৰ আৰু কেৰিয়াৰ দুয়োটা সমানে পৰিচালনা কৰিলে। বিয়াৰ কিছুদিন পাছতেই অঞ্জনাময়ীয়ে নৃত্যকলা প্ৰদৰ্শন কৰিবৰ বাবে অসমৰ বাহিৰলৈ যোৱাৰ এক সুযোগ লাভ কৰিলে। স্বামীয়ে এটা মুহূৰ্তও চিন্তা নকৰি পত্নীক সেই সুযোগ গ্ৰহণ কৰি যাবলৈ অনুমতি দিলে। আচলতে অনুমতি নহয়, পত্নীক একপ্ৰকাৰ উৎসাহ যোগালে যে কেৰিয়াৰৰ এই সুৱৰ্ণ সুযোগ তেওঁ গ্ৰহণ কৰা উচিত। নব্য দাম্পত্য জীৱনৰ প্ৰায় দুবছৰ তেওঁৰ পৰা পত্নী আঁতৰত থাকে।

মন কৰিবলগীয়া যে ডঃ অঞ্জনাময়ী শইকীয়া এগৰাকী নৃত্য পটীয়সী। ওডিচী নৃত্যত তেওঁ এক সন্মানীয় আসন দখল কৰিছে। লগতে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটী মেডিচিনৰ প্ৰবক্তা।

দুয়োগৰাকী এতিয়া নিজৰ নিজৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তি। পুত্ৰ ৰৌশন হকৰ সৈতে সুখৰ সংসাৰ তেওঁলোকৰ। ব্যক্তিগত জীৱনৰ কেইটামান প্ৰশ্ন দুয়োগৰাকীক একেলগে সুধিছিলোঁ–

দুয়ো ভিন্ন ধৰ্ম হোৱা হেতুকে কেতিয়াবা এই কথা লৈ দ্বিমত হয় নেকি ?

অঞ্জনাময়ী : বিয়াৰ পাছত এই প্ৰসংগ আমৰ ঘৰত আলোচনাই হোৱা নাই। যিহেতু এক বুজা-পৰাৰ মাজেদি দুয়ো এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে কিবা মনোমালিন্য ঘটাৰ প্ৰশ্নই নাহে।

মইনুল হক :নাই, কেতিয়াও এই কথা লৈ দ্বিমত হোৱা নাই।
কাজিয়া লাগেনে ?

দুয়ো টপৰাই উত্তৰ দিছিল : লাগে, হাই ন’টত।
কিন্তু নিজে নিজে শাম কাটে।
সামাজিক অনুষ্ঠানত অংশগ্ৰহণত কেতিয়াবা কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি·

মইনুল হক : কেতিয়াও একো অসুবিধাৰ সন্মুখীন হোৱা নাই। আমি একেলগে বহুতো অনুষ্ঠান পৰিৱেশন কৰিছোঁ। মন্দিৰেই হওক নাইবা আন কোনো উৎসৱ-পাৰ্বণকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দুয়ো একেলগে নিমন্ত্ৰণ লাভ কৰোঁ।

অঞ্জনাময়ী : নাই, কোনোদিন একো অসুবিধা হোৱা নাই। বৰঞ্চ ঘৰৰ ওচৰৰ সৰস্বতী পূজাখনত আমি দুয়ো নগ’লে নহয়। তদুপৰি বাৰোৱাৰী পূজা মণ্ডপত আমি দুয়ো একেলগে অনুষ্ঠান পৰিৱেশন কৰোঁ। আচলতে আমাৰ অসমীয়া সমাজখন ইমান গোড়া নহয়। বিয়াৰ সময়ত মোক সোধা হৈছিল যে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিম নে নাই। মই বিয়া হৈছোঁ যেতিয়া কৰিম বুলিয়েই কৈছিলোঁ।

কিন্তু এই কথা লৈ পাছত আমাৰ মাজত একো আলোচনাই নহ’ল। ঘৰত যেনেকৈ বিহু পাতে, ঠিক তেনেকৈ ঈদো উদ্যাপন কৰোঁ।

সংসাৰ পৰিচালনাৰ মূল চাবিকাঠী কি ?

মইনুল হক : বুজাবুজি তথা এজনে আনজনৰ সুখ-দুখৰ সময়ত সমভাগী হোৱা বিভিন্ন দিশত সমৰ্থন দিয়া ইত্যাদি কথাবোৰে সংসাৰখন নিয়াৰিকৈ চলাই নিয়াত সহায় হয়।

অঞ্জনাময়ী : আমাৰ মাজত সাংঘাতিক বুজাবুজি আছে। স্বামী হিচাপে মোক প্ৰতিটো কথাতে ছাপ’ৰ্ট দিয়ে। মোক উৎসাহ আৰু প্ৰেৰণা দিয়ে। মই ভাবোঁ এইখিনিয়েই সংসাৰ চলাবৰ কাৰণে দৰকাৰী।

তেওঁলোকৰ দাম্পত্য জীৱনে সুদীৰ্ঘ ২৩টা বছৰ অতিক্ৰম কৰিলে। আচলতে সংসাৰ এখন পৰিচালনা কৰিবলৈ স্বামী-স্ত্ৰী হ’ল মূল চালিকাশক্তি। এজন আনজনৰ পৰিপূৰক। মইনুল হক আৰু ডঙ্ম অঞ্জনাময়ী শইকীয়া আমাৰ সমাজৰ বাবে নিশ্চয় আদৰ্শ। জীৱনৰ প্ৰতি তেওঁলোকৰ চিন্তা খুব ধনাত্মক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here