অসমৰ ক্ৰীড়া জগতত শেহতীয়া এক গৌৰৱময় বতৰা। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাঁতোৰবিদ হিচাপে ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছে এলভিছ আলী হাজৰিকাই। এই সাফল্য অৰ্জনেৰে এলভিছ আলী হাজৰিকাই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ এক নতুন উৎসাহৰ সৃষ্টি কৰিছে। সাঁতোৰক লৈয়ে বুকুত অলেখ সপোন লৈ বিশ্বজয় কৰিব খোজা আকৰ্ষণীয় ক্ৰীড়াসুলভ ব্যক্তিত্বৰ গৰাকী এলভিছ আলী হাজৰিকাই আমাৰ সৈতে হোৱা বাৰ্তালাপতো মনৰ দৃঢ়তা, সংকল্প সুন্দৰকৈ প্ৰতিফলন কৰিছে। সাঁতোৰক সাধনা বুলি আগবঢ়া এলভিছ হাজৰিকাৰ অলেখ সংকল্প, সপোন সন্মুখত।

মাথোঁ চাৰি বছৰ বয়সতে জয়সাগৰ সাঁতুৰি পাৰ হোৱা এলভিছ আলী হাজৰিকাই প্ৰথমটো উল্লেখনীয় সফলতা হিচাপে ৰজ্ঝজ্জ্বজ্ঝ চনত বাংগালুৰুত অনুষ্ঠিত ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। যথেষ্ট সংগ্ৰাম, কষ্ট, অনুশীলনেৰে আগবঢ়া হাজৰিকাৰ যাত্ৰা বৃত্তিধাৰী সাঁতোৰবিদ হিচাপে ক্ৰমাৎ গঢ় লৈছিল। ১৯৯১ চনত ছাউথ এছিয়ান গেমছত তেওঁ চেম্পিয়ন হয়, সাঁতোৰৰ কেৰিয়াৰত এই সন্মানক তেওঁ ব্যক্তিগতভাৱে সৰ্বোচ্চ সফলতা বুলি অভিহিত কৰে।

‘পানী দেখিলেই জঁপিয়াই পৰিছিলোঁ, পৰিয়ালত সাঁতোৰৰ কোনো পৰিৱেশ নাছিল, নিজাকৈয়ে সপোন লৈ আগবাঢ়ি গৈছিলোঁ।’ –অনুপ্ৰেৰণা, এলভিছ হাজৰিকাৰ বাবে বিশেষকৈ কোনো নাছিল শৈশৱত। তেওঁ নিজৰ সংকল্প, প্ৰচেষ্টাকে সাৰথি কৰিয়েই অনুশীলনত ব্ৰতী হোৱা বুলি আমাক জনায়। পানী, সোঁতৰ ওপৰতে ওপঙি আগুৱাব খোজাটো তেওঁৰ শৈশৱৰ পৰাই এক দুৰ্বাৰ হাবিয়াস।

সাঁতোৰৰ লগতে শৰীৰ চৰ্চাৰো ঘৰুৱাভাৱে অভ্যাস কৰা, খাদ্যাভ্যাসৰ ক্ষেত্ৰত কঠোৰভাৱে নিয়মিত এলভিছ হাজৰিকাই সাঁতোৰৰ কেৰিয়াৰত এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ৮৮টা সোণ, ১২ টা ৰূপ, ৰাষ্ট্ৰীয় পৰ্যায়ত ৬টা সোণ, চাৰিটা ৰূপ, ছটা ব্ৰঞ্জকে আদি কৰি ভাৰতীয় আৰক্ষী ক্ৰীড়া, বিশ্ব আৰক্ষী ক্ৰীড়াতো যথেষ্টসংখ্যক পদক লাভ কৰিবলৈ সক্ষম হৈছে। লগতে তেওঁ গঢ়িছে সাঁতোৰৰ ক্ষেত্ৰত ২৮ টাকৈ ভাৰতীয় অভিলেখ।

‘ইংলিছ চেনেলৰ পানী ভীষণ ঠাণ্ডা, ভীষণ লুণীয়া, সাঁতোৰাৰ অভ্যাস কৰোঁতে বমি নহ’বলৈ টেবলেট খাই ল’বলগীয়া হৈছিল। পানীৰ সংস্পৰ্শই আঙুলিৰ ছালবোৰো এৰাবলৈ আৰম্ভ কৰিছিল’– ইংলিছ চেনেল সাঁতোৰোতে সন্মুখীন হোৱা প্ৰত্যাহবানবোৰ নেওচি মাত্ৰ ১০ ঘণ্টা ১৫ মিনিট সময় লৈ ২৯ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰিছিল এলভিছ হাজৰিকাই। যিকোনো প্ৰত্যাহবানক নেওচি দৃঢ় হৈ আগুৱাব খোজা এলভিছ হাজৰিকাই যোৱা ৩ জুন তাৰিখে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ কৃতিত্বৰ গৰাকী হয়।

সাঁতোৰৰ পৰৱৰ্তী লক্ষ্য সম্পৰ্কত গোপনীয়তা অৱলম্বন কৰা এলভিছ হাজৰিকাই অসমৰ ক্ৰীড়াক্ষেত্ৰত নতুন প্ৰজন্মৰ যথেষ্ট সুন্দৰ ভৱিষ্যৎ আছে বুলিও আশাবাদী। চৰকাৰী পৃষ্ঠপোষকতা, আন্তঃগাঁথনিৰ উন্নতিয়ে সাঁতোৰ তথা অসমৰ অন্যান্য ক্ৰীড়ালৈ সজীৱতা আনিছে বুলি তেওঁ প্ৰত্যয়েৰে উপলব্ধি কৰে। চৰকাৰী পক্ষৰ সাহায্য, প্ৰেৰণা, পৃষ্ঠপোষকতাই তেওঁক ব্যক্তিগতভাৱে উদ্গনি যোগোৱা বুলিও এলভিছ হাজৰিকাই আমাৰ সৈতে হোৱা বাৰ্তালাপত উল্লেখ কৰে।

এলভিছ হাজৰিকাই অসমৰ ক্ৰীড়া সম্ভাৱনাক লৈ কৰা চিন্তাও অলেখ আশাজনক। চহৰ-নগৰ, স্প’ৰ্টছ কমপ্লেক্স আদিত শাৰীৰিক ব্যায়াম হিচাপে আৰম্ভ হোৱা সাঁতোৰ ক্ৰীড়াবিধক উপযুক্ত পদ্ধতিৰে আগবঢ়াই নিব পাৰিলে অলেখ নতুন প্ৰতিভা পোহৰলৈ আহিব বুলি তেওঁ বিশ্বাসী। শক্তিশালী সংকল্প, অনুশীলন, পৰিস্থিতিৰে যুদ্ধ কৰাৰ মানসিকতাই সফল ক্ৰীড়াবিদ গঢ়িব পাৰে বুলি তেওঁ বিশ্বাস কৰে।

সোণমণি ৰায়

LEAVE A REPLY

Please enter your comment!
Please enter your name here