হাৰ্টৰ বাবে খাদ্য খাওক, কিন্তু মনত ৰাখিব যাতে খাদ্যৰ বাবে হাৰ্ট নষ্ট নহয়। পুৰণি কালৰ পৰা মানুহৰ খাদ্যৰ ক্ষেত্ৰত প্ৰকৃতিৰ লগত এক নিবিড় সম্পৰ্ক আছে। বিশেষকৈ খাদ্যাভ্যাসৰ ক্ষেত্ৰত মানুহে সদায় প্ৰকৃতিৰ পৰাই বিভিন্ন প্ৰয়োজনীয় খাদ্য আহৰণ কৰি আহিছে। বাৰীত থকা বিভিন্ন ফলমূল যেনে– ৰবাব টেঙা, আমলখি, মধুৰি আম, কলাজামু ইত্যাদিৰ পৰা মানুহে ভিটামিন ‘চি’ আহৰণ কৰে। কিন্তু আজিকালি দেখা যায় মানুহে এইবোৰ ফলমূল পোনপটীয়াকৈ খাবলৈ এৰি বিভিন্ন পেকেজিং খাদ্য, ফলৰ ৰস আদি খাবলৈ আৰম্ভ কৰিছে , যাৰ ফলত খাদ্যই প্ৰকৃতিগত গুণাগুণ হেৰুৱাই পেলাইছে আৰু ইয়াৰ পৰাই মানুহৰ হাৰ্ট, ডায়বেটিছ, মেদবহুলতা, প্ৰেছাৰ আদিৰ সমস্যাই দেখা দিছে। এইবোৰ সমস্যা অকল যে নিৰ্দিষ্ট বয়সত দেখা দিয়ে এনে নহয়, ই সৰুকালৰ পৰা বয়সস্থ লোকলৈকে সকলোৰে ক্ষেত্ৰত দেখা দিয়ে।

বিপদ অহাৰ আগতে ব্যৱস্থা লওক :

দৈনন্দিন জীৱনশৈলীৰ লগত তাল মিলাই যদি আমি প্ৰকৃতিগত আহাৰ গ্ৰহণ কৰোঁ, তেতিয়াহ’লে হাৰ্ট, প্ৰেছাৰ, ডায়েবেটিছ আদি বেমাৰৰ পৰা হাত সাৰিব পৰা যায়।

ৰেডিমেড পেকেজিং বা বেকাৰীৰ খাদ্য কমকৈ গ্ৰহণ কৰা উচিত। পেকেজিং খাদ্যত ছডিয়াম আৰু ট্ৰেন্সফেট বেছি থাকে। ফলত হাৰ্টৰ ডেছেলবোৰত চৰ্বি জমা হোৱাৰ সম্ভাৱনা থাকে।

মাছ হাৰ্টৰ বাবে ভাল। কাৰণ মাছৰ pufa আৰু mufa থাকে। কিন্তু যদি আমি মাছ বেছি তেলত মৰমৰীয়াকৈ ভাজি খাওঁ, তেন্তে ই হাৰ্টৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

খাদ্যৰ ক্ষেত্ৰত ৰন্ধন প্ৰক্ৰিয়াটো বিশেষভাৱে মন দিয়াটো উচিত। পৰা পৰ্যন্ত তেলৰ ব্যৱহাৰ কমকৈ কৰাটো ভাল। মিঠা তেল আৰু ৰিফাইন ১৪৩ পৰিমাণত মিহলাই ব্যৱহাৰ কৰিলে হাৰ্টৰ কাৰণে ফলপ্ৰসূ হয়। বতৰৰ তাজা ফল-চবজি খালে হাৰ্ট সুস্থ ৰখাত সহায়ক হয়।

ড্ৰাই ফুড্ছ আৰু নাট্ছ হাৰ্টৰ কাৰণে উপকাৰী। কিন্তু খাওঁতে এটা সীমাবদ্ধতাৰ ভিতৰত খোৱা উচিত। এবাৰ ভাজি ৰৈ যোৱা তেল পুনৰ ব্যৱহাৰ কৰা অনুচিত। ই হাৰ্টৰ কাৰণে ক্ষতিকাৰক হ’ব পাৰে। কণী স্বাস্থ্যৰ কাৰণে ভাল। কিন্তু এজন মানুহে দিনত এটাতকৈ অধিক কণী খোৱাটো স্বাস্থ্যসন্মত নহয়। অৱশ্যে শাৰীৰিক অনুশীলন কৰা ব্যক্তিৰ কাৰণে অলপ বঢ়ালেও কোনো কথা নাই।

ঘি আৰু বাটাৰ উঠি অহা বয়সৰ কাৰণে ভাল , কিন্তু চল্লিশৰ ওপৰত বয়সৰ মানুহৰ কাৰণে ইয়াৰ পৰিমাণ কমাই অনাটো ভাল। ঠিক তেনেকৈ নিমখৰ পৰিমাণটোও কমাই খোৱাটো ভাল।

সুস্থ হাৰ্ট এটা পাবৰ বাবে সদায় শাৰীৰিক ওজন ঠিক ৰখাটো বাঞ্ছনীয়। শাৰীৰিক ওজন ঠিক ৰাখিবৰ বাবে নিত্য ব্যায়াম, যোগাভ্যাস কৰা উচিত। সৰু ল’ৰা-ছোৱালীক টিভি, ম’বাইলৰ পৰা যিমান পাৰে আঁতৰাই ৰাখি খেলা-ধূলাত অধিক সময় দিয়াৰ অভ্যাস কৰাব লাগে।

-টিনাবেবী বৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here