মিলান কুন্দেৰাৰ “আনবেয়াৰবল লাইটনেছ অফ বিয়িং” উপন্যাসখনৰ মূল বিষয়বস্তু প্ৰেম। কিন্তু কুন্দেৰাৰ এইখন উপন্যাসে নৰ-নাৰীৰ সম্পৰ্কৰ জটিল অনুবন্ধবোৰক এক সৰলৰৈখিক পৰিক্ৰমাৰ মাজত সীমাবদ্ধ কৰি ৰখা নাই। নাৰী-পুৰুষৰ প্ৰেম তথা দৈহিক আদান-প্ৰদানৰ পাৰ্বণসমূহৰ প্ৰেক্ষাপটত সমাহাৰ ঘটিছে বহু নৈতিক তথা দাৰ্শনিক প্ৰশ্নৰ। আৰম্ভণিতেই কুন্দেৰাই দাৰ্শনিক ফ্ৰেডৰিক নীৎসেৰ ‘শাশ্বত ওভতনি যাত্ৰা’ৰ ধাৰণাৰ উল্লেখ কৰে। নীৎসেৰ মতে অতীতৰ অভিজ্ঞতাৰ ব্যাপ্তিলৈ উভতি যোৱাৰ আকাংক্ষাই এক শাশ্বত আগ্ৰহৰ জন্ম দিয়ে সেই অভিজ্ঞতাৰ পুনৰুত্থানৰ বাবে। কুন্দেৰাৰ মতে তেনে এক সম্ভাৱনা যদি বাস্তৱ হৈ পৰে, সেয়া কিন্তু এক শংকাৰ কাৰণ। তেনেহ’লে আমি এক চিৰন্তন জড়তাৰ মাজত আবদ্ধ হৈ পৰিম। সেয়ে নীৎসেৰ এই শাশ্বত ওভতনি যাত্ৰাৰ ধাৰণা বৰং এক গধুৰ মনস্তাত্ত্বিক বোজা। তেন্তে আমাৰ মুক্ত বৈভৱৰ উৎস ক’ত ? তেওঁৰ মতে লঘুত্ব। কিন্তু আকৌ সেই নতুনত্বই পূৰ্ণতা পায় তেতিয়াই হৈ পৰে ‘সত্তাৰ অসহনীয় লঘুত্ব’ আৰু তেতিয়াই ই উদ্ভাসিত হয় এক কাব্যিক পূৰ্ণতাত। কুন্দেৰাৰ মতে পৃথিৱীৰ প্ৰায় প্ৰতিগৰাকী কবিয়েই ঠিক সেই সময়তেই তেওঁলোকৰ প্ৰেমৰ কবিতাবোৰ লিখি পেলাইছিল। অৰ্থাৎ ওভতনি যাত্ৰাৰ সম্ভাৱনীয়তা প্ৰায় অসম্ভৱ বাবেই কবিসকলৰ এই বিকল্প প্ৰচেষ্টা।

কিন্তু প্ৰেম অকল কবিসকলৰেই বিশেষ অধিকাৰ নহয়, প্ৰেম এজন সাধাৰণ ব্যক্তিৰ বাবেও এক মহাকাব্যিক অভিজ্ঞতা। সাধাৰণসকলৰ ক্ষেত্ৰত প্ৰেমৰ উপসংহাৰ ঘটে মিলন তথা বৈবাহিক বান্ধোনৰ নিশ্চয়তাত। সেয়া মেলোড্ৰামেটিক, একধৰণৰ স্বস্তি। ফলত পত্নীৰ সেই অহৰহ অভিযোগ, ‘স্বামীয়ে মোৰ ওপৰত কবিতা নিলিখে কিয় ?’

গৌড়ীয় কীৰ্তনৰ পৰম্পৰাক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিলে নৰোত্তম দাস ঠাকুৰে। ১৬ শতিকাৰ শ্ৰীচৈতন্যৰ পৰম ভক্তগৰাকীয়ে গৌড়ীয় কীৰ্তনত ৰাধাক এক বিশেষ স্থান দিয়ে। ৰাধা আৰু শ্ৰীকৃষ্ণৰ প্ৰেমক ভক্তিমাৰ্গৰ আংগিকেৰে এক অনবদ্য আধ্যাত্মিক ৰূপ দিয়ে। সেই প্ৰেমৰ বৰ্ণনাত ৰাধা আৰু কৃষ্ণৰ সহজাত মিলনতকৈ তেওঁলোকৰ দূৰত্বৰ গভীৰতা অনুৰণিত হয়। সেয়ে নৰোত্তম ঠাকুৰৰ কীৰ্তনৰ গুৰুত্বপূৰ্ণ অংশটো হ’ল ‘পূৰ্বৰাগ’ বা মিলনৰ পূৰ্বৰ সেই আৱেগিক অভিজ্ঞতা। মিলনৰ পাছৰ মুহূৰ্তটো হ’ল ‘অনুৰাগ’। কৃষ্ণ আৰু ৰাধাৰ প্ৰেম কিয় ইমান শাশ্বত তথা অনন্ত কালৰ বাবে আকৰ্ষণীয় হৈ থাকিল ? কিহৰ বাবে ৰাধা আৰু কৃষ্ণৰ প্ৰেম আমাৰ আধ্যাত্মিক আত্মবিলীনৰ পৰম আদৰ্শ ? ৰাধা-কৃষ্ণ কেৱল আধ্যাত্মিক বা দাৰ্শনিক কাৰণৰ বাবেই নহয়, বৰং চিৰাচৰিত লোকজীৱনৰ নিবিড় সত্তাৰ সৈতে সাঙোৰ খাই থকা আমাৰ একান্তই আপোন উদাহৰণ। প্ৰতিমা পাণ্ডে বৰুৱাৰ লোকগমনৰ সেই দুৰন্ত প্ৰেমিকজন শ্যাম কালা। লোকগীতৰ প্ৰেমৰ বৰ্ণনাত বিৰহ তথা প্ৰেমিক-প্ৰেমিকাৰ দূৰত্ব এটি প্ৰধান আৱেগিক অনুভূতি। সেই দূৰত্ব তথা একপ্ৰকাৰৰ অসফল প্ৰেমৰ উৎকণ্ঠাই আকৰ্ষণীয় কৰি তোলে সেই সম্পৰ্ক আৰু সেই প্ৰেমিক-প্ৰেমিকা হালক।

ভাৰতৰ বোলছবিৰ ইতিহাসত অন্যতম ছুপাৰহিট ছবিখন আছিলে প্ৰমথেশ বৰুৱাই ১৯৩৫ চনত নিৰ্মাণ কৰা ছবি ‘দেৱদাস’। ‘দেৱদাস’ৰ জনপ্ৰিয়তাই প্ৰমথেশ বৰুৱাক ভাৰতৰ প্ৰথমজন ‘ষ্টাৰ’ হিচাপে জনপ্ৰিয় কৰি তোলে। ছবিখনে প্ৰমথেশ বৰুৱাকো ভাৰতীয় বোলছবিৰ প্ৰথমজন ট্ৰেজিক হিৰো হিচাপে প্ৰতিষ্ঠা কৰে। শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ ‘দেৱদাস’ উপন্যাসৰ নায়কগৰাকীক প্ৰেমৰ নিদাৰুণ ব্যৰ্থতাই চিৰন্তনভাৱে অমৰত্ব প্ৰদান কৰিলে। প্ৰমথেশ বৰুৱা নিজেও হৈ পৰিল এক ‘অসফল প্ৰেম গাথা’ৰ এক অমৰ ব্যক্তিত্ব। পৰৱৰ্তীত প্ৰমথেশ বৰুৱা আৰু ছবিৰ নায়িকা যমুনা দেৱীৰ বাস্তৱ জীৱনৰ প্ৰেম তেতিয়াৰ ছবিজগতৰ এক উল্লেখযোগ্য ঘটনা। একে সময়তে সেই প্ৰেম কাহিনী গৌৰীপুৰৰ ৰাজপৰিয়ালত এক সংকটৰ কাৰণো হৈ পৰিছিল। পৰৱৰ্তীত প্ৰমথেশ বৰুৱাই যমুনা দেৱীক বিয়া কৰায়। তাৎপৰ্যপূৰ্ণভাৱে সেই প্ৰেম কাহিনীৰ যেন তাতেই পৰিসমাপ্তি ঘটিল। প্ৰমথেশ বৰুৱাৰ বাস্তৱ জীৱনত ট্ৰেজিক নায়িকা হৈ পৰিল তেওঁৰ প্ৰথমগৰাকী বিবাহিত পত্নী মাধুৰীলতা বৰুৱা। সেই সময়ত প্ৰমথেশ বৰুৱাই পত্নী মাধুৰীলতা দেৱীলৈ লিখা চিঠিবোৰ হৈ পৰিল প্ৰেমৰ আন এক ভাষ্য। প্ৰমথেশ বৰুৱা আৰু যমুনা দেৱীৰ (‘দেৱদাস’ বোলছবিৰ পাৰো) বাস্তৱ প্ৰেমৰ কাহিনীত ‘দেৱদাস’ বোলছবিৰ সেই নিদাৰুণ ব্যৰ্থতা নাই। আছে বৰং এক পৰিসমাপ্তি। যদি বাস্তৱ জীৱনত প্ৰমথেশ বৰুৱা আৰু যমুনা দেৱীৰ মাজত সেই কৰুণ ব্যৱধান চিৰায়িত হ’লহেঁতেন, তেন্তে তেওঁলোক হয়তো হৈ পৰিলহেঁতেন প্ৰেমৰ লোককথাৰ এটি অমৰচৰিত্ৰ।

‘ষ্টাৰ্ছ ফ্ৰম এনাদাৰ স্কাই’ ছাদাত হাছান মােণ্টাৰ ৰোমন্থনমূলক গ্ৰন্থ। সৰু গ্ৰন্থখনত ছাদাত হাছান মােণ্টাৰ বোম্বেৰ ছবিজগতৰ কেইবাজনো ব্যক্তিৰ সৈতে থকা তেওঁৰ অভিজ্ঞতা আৰু সম্পৰ্কৰ বিষয়ে লিখিছে। মােণ্টাৰ গদ্য ৰচনাসমূহৰ ভিতৰত এইখন এখন অন্যতম উল্লেখযোগ্য কিতাপ। কিতাপখনত অশোক কুমাৰ, প্ৰাণ আদি বহুতো শিল্পীৰ সৈতে থকা তেওঁৰ সম্পৰ্ক আৰু অভিজ্ঞতাৰ বিষয়ে লিখিছে। কিতাপখনৰ এটা অধ্যায় নাৰ্গিছৰ ওপৰত। নাৰ্গিছৰ বিষয়ে তেখেতে বহুত কথাই লিখিলে, কিন্তু আশ্চৰ্যজনকভাৱে তেওঁ এবাৰো ৰাজ কাপুৰৰ নাম উল্লেখ নকৰিলে। নাৰ্গিছ আৰু ৰাজ কাপুৰৰ প্ৰেমৰ সম্পৰ্কৰ এটি উষ্ম নৈসৰ্গিক মাত্ৰা আছে। নাৰ্গিছ আৰু ৰাজ কাপুৰক ৰূপালী পৰ্দাত প্ৰত্যক্ষ কৰাটো হৈ পৰিছিল এটি অসম্ভৱ সপোনাৰ সাক্ষী হৈ ৰোৱা। পৰ্দাত যিমানেই সিহঁতৰ মিলন নহওক, বাস্তৱত তেওঁলোকৰ মাজৰ সেই নিদাৰুণ দূৰত্ব, সেয়ে বোলছবিৰ কাহিনীৰ মেলোড্ৰামেটিক সমাপ্তি হ’লেও তেওঁলোকৰ প্ৰকৃত আখ্যান যেন এটি অন্তহীন বিফল পৰিক্ৰমা। সুনীল দত্ত আৰু নাৰ্গিছৰ সফল পৰিসমাপ্তিত সত্তাৰ অসহনীয় বোজা নাই বা কৃষ্ণৰ বিহবল পূৰ্বৰাগ।

ভাৰতীয় ছবি জগতৰ কিংবদন্তি শিল্পীসকলৰ সম্ভৱতঃ আটাইতকৈ উল্লেখযোগ্য প্ৰেমৰ আখ্যান হ’ল অমিতাভ বচ্চন আৰু ৰেখাৰ প্ৰেম কাহিনী সত্তৰৰ দশকৰ মাজভাগত। বিশেষকৈ ‘শ্বোলে’ বোলছবিৰ পিছে পিছেই ধৰ্মেন্দ্ৰ আৰু হেমামালিনীৰ প্ৰেম কাহিনী আছিল ভাৰতৰ একপ্ৰকাৰ জাতীয় প্ৰেম কাহিনী ‘নেচনেল লাভ ষ্ট’ৰী’। তেতিয়া ধৰ্মেন্দ্ৰ আৰু হেমামালিনীৰ প্ৰেমৰ গল্প, গুজৱ আৰু এখনৰ পাছত এখন এই যুটিৰ হিট ছবি। সেই অদম্য প্ৰেম কাহিনীৰ চৰ্চাৰ যতি পৰিল যেতিয়া দুয়ো আশীৰ দশকৰ প্ৰথম ভাগতেই বিবাহপাশত আবদ্ধ হ’ল আৰু হৈ পৰিল আদৰ্শ পতি আৰু পত্নী। তথাপিতো বিয়াৰ ঠিক আগে আগে বা বিয়াৰ ঠিক পিছতেই এটা গুজৱ প্ৰচাৰ হৈছিল প্ৰায় সমগ্ৰ দেশ বিয়পি– সেয়া হ’ল ধৰ্মেন্দ্ৰ আৰু হেমামালিনীক হেনো ধৰ্মেন্দ্ৰৰ পুত্ৰই গুলীয়াই মাৰি পেলালে। সেই সময়ত টিভি বা টেলিফোনৰ বহুল প্ৰচাৰ একেবাৰেই নাছিল। নাছিল কোনো ছ’চিয়েল মিডিয়া। তথাপি যে কেনেকৈ এনে এটা খবৰ চাৰিওপিনে বিয়পি পৰিছিল ? এতিয়াও মনত আছে প্ৰায় প্ৰথমবাৰৰ বাবে বাৰে বাৰে ৰেডিঅ’ত বাতৰিটো শুনাৰ চেষ্টা কৰিছিলোঁ। পিছদিনাখন বাতৰিকাকতত বাতৰিটো ওলাল নেকি চাইছিলোঁ। সেয়া বাৰু এটা বিখ্যাত প্ৰেম কাহিনীক অমৰত্ব প্ৰদান কৰাৰ আমাৰ অৱদমিত মনস্তাত্ত্বিক  আকাংক্ষাৰ প্ৰতিফলন নেকি ?

অমিতাভ বচ্চন আৰু ৰেখাৰ প্ৰেম কাহিনীৰ এক আছুতীয়া মাত্ৰা থাকি গ’ল। অমিতাভ আৰু ৰেখাৰ প্ৰেম কাহিনীৰ কোনো স্পষ্ট অবয়ৱ নাই, নাথাকিল কোনো গতানুগতিক পৰিসমাপ্তি। কোনেও স্পষ্টকৈ নক’লে যে তেওঁলোক ইজনে সিজনক ভাল পায় বুলি। কিন্তু তথাপিতো তেওঁলোকৰ প্ৰেম গোপন হৈ নাথাকিল। ধৰ্মেন্দ্ৰ আৰু হেমামালিনীৰ প্ৰেমৰ প্ৰায় সমান্তৰালভাৱেই অমিতাভ আৰু ৰেখাৰ কাহিনী আগবাঢ়িছিল। অমিতাভ-ৰেখা হৈ পৰিছিল বলীউডৰ জনপ্ৰিয় যুটি। বিশেষকৈ ‘মুকদ্দৰ কা ছিকন্দৰ’, ‘খুন পছিনা’, ‘কছমে ৱাদে’, ‘ছুহাগ’, ‘মিঃ নটৱৰলাল’ আদি সফল ছবিসমূহত অমিতাভ-ৰেখাৰ উদ্বেলিত অভিব্যক্তিয়ে দুয়োৰে মাজৰ সেই ৰমন্যাসিক ৰসায়নক লুকুৱাই ৰাখিব নোৱাৰিলে। ঠিক সেই সময়তেই যশ চোপ্ৰাই সেই বিখ্যাত ছবিখন নিৰ্মাণ কৰে– ‘চিলচিলা’ (১৯৮১)। অমিতাভ বচ্চন আৰু ৰেখাৰ প্ৰেম কাহিনীৰ বাবে জনমানসত এনে এটা ধাৰণা প্ৰকট হৈ পৰিল যে অমিতাভ-ৰেখাৰ বিবাহ অৱশ্যম্ভাৱী। আৰু ঠিক তেতিয়াই এই কাহিনীৰ ট্ৰেজিক হিৰোইনগৰাকী হৈ পৰে জয়া ভাদুড়ী বচ্চন। বিশিষ্ট লেখক তৰুণ ভাদুড়ীৰ প্ৰতিভাৱান জীয়ৰী ইতিমধ্যে অমিতাভৰ সৈতে কেইবাখনো বোলছবিৰ সফল নায়িকা। জয়া ভাদুড়ীৰ অমিতাভৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাটো যেন এক অনাবিল প্ৰেমৰ এটা সুন্দৰ পৰিণতি। লেখক তৰুণ ভাদুড়ীৰ জীয়েকৰ কবি হৰিবংশ ৰায় বচ্চনৰ বৰপুত্ৰৰ সৈতে বিয়া, সেয়া যেন স্বাভাৱিক সামাজিক বিবাহ বন্ধন। কিন্তু ‘চিলচিলা’ ছবিখনে যেন সেই লয়ৰ বিঘ্ন ঘটালে। ছবিখন আছিল অমিতাভ, জয়া আৰু ৰেখাৰ মাজত হোৱা এই জটিল সম্পৰ্কৰ চিত্ৰৰূপ। ছবিখনত যশ চোপ্ৰাই অমিতাভৰ কণ্ঠেৰেই আবৃত্তি কৰালে সেই বিখ্যাত কবিতাফাঁকি। সংগীতত থাকিল দুগৰাকী প্ৰখ্যাত দ্ৰুপদী সংগীতজ্ঞ, বাঁহীবাদক হৰিপ্ৰসাদ চৌৰাছিয়া আৰু সন্তুৰ বাদক শিৱ কুমাৰ শৰ্মা। অমিতাভে আবৃত্তি কৰিলে–

মই আৰু মোৰ শূন্যতা
প্ৰায়েই আমি সেই কথাকেই পাতোঁ
তুমি থাকিলে কেনেকুৱা লাগিলেহেঁতেন বাৰু·
তুমি থাকিলে চাগে’ এনেকুৱা হ’লহেঁতেন বা আন কিবা।
তুমি থাকিলে তোমাৰ হাঁহিৰে গোটেইখন ভৰপূৰ কৰি দিলাহেঁতেন।
বা আন কিবা কথাত কান্দিয়েই পেলালাহেঁতেন
তুমি থাকিলে কেনেকুৱা লাগিলেহেঁতেন বাৰু ?

প্ৰেমৰ এই অনুমানত আছে সেই শাশ্বত ওভতনি যাত্ৰাৰ অসম্ভৱতাৰ স্বীকাৰোক্তি। ছবিখনৰ পিছে পিছে ৰেখা আৰু অমিতাভক একেলগে আৰু বিশেষ দেখা নগ’ল। কিন্তু ‘কুলী’ ছবিত অমিতাভ যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হ’ল মানুহ যেন আকৌ বিহবল হ’ল ৰেখাক চাবলৈ। ৰেখাৰ উৎকণ্ঠাক প্ৰত্যক্ষ কৰিবলৈ। প্ৰায় প্ৰতিখন কাকত-আলোচনীয়ে প্ৰকাশ কৰিলে মন্দিৰে মন্দিৰে ৰেখাৰ প্ৰাৰ্থনা কৰাৰ ছবি। অমিতাভক চাবলৈ ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীও আহিছিল। বাংগালুৰু আৰু পাছত ব্ৰিছক্যান্তি হাস্পতাল লোকাৰণ্য, কিন্তু নাহিল ৰেখা। ৰেখা আৰু অমিতাভৰ দুৰন্ত প্ৰেম যেন মন্থৰ হৈ আহিল। ৰেখাই বিয়াও কৰিলে। কথিত আছে ৰেখাই সুদৰ্শন নায়ক বিনোদ মেহৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। পাছত ব্যৱসায়ী মুকেশ আগৰৱালাক বিয়া কৰায়। দুয়োগৰাকীয়েই অকালতে ঢুকাই থাকিল। কিন্তু ৰেখা হৈ পৰিল সৌন্দৰ্যৰ এক নিৰন্তৰ অৱবাহিকা। ৰেখাৰ যেন আৰু কেতিয়াও বয়স নহ’ল। কিবা যেন যাদুদণ্ডৰে ৰেখাৰ ৰূপ শাশ্বত হৈ পৰিল। গৰিমামণ্ডিত জীৱন পৰিক্ৰমাৰে অমিতাভ আৰু ৰেখা দুয়ো অপৰিসীম সম্ভ্ৰমৰ পাত্ৰ। তথাপি সিহঁতৰ সম্পৰ্কৰ সেই অনন্ত দূৰত্ব তথা অতীত অভিজ্ঞতাক উপসংহাৰলৈ টানি অনাৰ কোনো সম্ভাৱনাৰ অনুপস্থিতিয়ে অমিতাভ-ৰেখাৰ প্ৰেমক এক অভিনৱ মাত্ৰা প্ৰদান কৰিলে। এই শাশ্বত বিচ্ছেদৰ নিশ্চয়তাত আছে ‘সত্তাৰ অসহনীয় লয়, যাৰ আস্তাচলতেই আছে কাব্যৰ বিশাল ব্যাপ্তি, এক বিৰামহীন পূৰ্বৰাগ।

জ্যোতিৰ্ময় প্ৰধানী

LEAVE A REPLY

Please enter your comment!
Please enter your name here