…অসমৰ নাট্য জগতত মহাপুৰুষ গুৰুজনাই যি এক মহীয়ান চিন্তাৰ পাতনি মেলিছিল, সেই চিন্তাক পিছলৈ সাৰ-পানী যোগাইছিল ৰূপকোঁৱৰৰ সৃষ্টিসমূহে। ব্ৰজনাথ শৰ্মা, ফণী শৰ্মা আদিয়ে অসমীয়া নাট্য় জগতখন চহকী কৰিছিল তেওঁলোকৰ চিন্তাৰ কৌশললেৰে। সামাজিক বিষয় লৈ মৌলিক নাট সৃষ্টিৰে অসমীয়া সমাজ জীৱনলৈ যিসকলে এক জাউতিযুগীয়া অৱদান আগবঢ়ালে, তেওঁলোকৰ ভিতৰত সত্য প্ৰসাদ বৰুৱা, সাৰদাকান্ত বৰদলৈ, মহেন্দ্ৰ বৰঠাকুৰ, ডঃ ভবেন্দ্ৰ নাথ শইকীয়া, ডঃ অৰুণ শৰ্মা আদি অন্য়তম। বৰ্তমান সময়ত অনেকজনে এই চেষ্টা অব্যাহত ৰাখিছে যদিও বাহাৰুল ইছলাম, ডঃ সীতানাথ লহকৰ, লিয়াকত আলী, নৰেন পাটগিৰি, গুণাকৰ দেৱ গোস্বামী, সপোনজ্য়োতি ঠাকুৰ, পংকজজ্য়োতি ভূঞা আদিৰ নাম উল্লেখনীয়। বহুতো নৱ্য নাট্য সৃষ্টিৰ আলোকেৰে পোহৰাই ৰাখিছে। অসমীয়া নাট্য জগতত ভ্ৰম্যমাণ থিয়েটাৰৰ ভূমিকাৰ কথা নক’লে আধৰুৱা হৈ ৰ’ব। ভ্ৰম্যমাণ নাট্য জগতখনে ডঃ ভবেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, ভবেন বৰুৱা, সেৱাব্ৰত বৰুৱা, হেমন্ত দত্ত, মৃদুল চুতীয়া, চম্পক শৰ্মাৰ দৰে…Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here