…চহৰৰ কলেজ এখনত কাম কৰে ৰতিকান্তই। চকীদাৰৰ। কলেজখনৰ নাইট চকীদাৰ সি। দিনৰ দিনটো  চেঙেলীয়া ল’ৰা-ছোৱালীৰে গিজগিজাই থকাৰ পিছত যেতিয়া খৰালিৰ নদীৰ নিচিনাকৈ কলেজখন শান্ত হে পৰে, তেতিয়াৰ পৰাই কাম আৰম্ভ হয় ৰতিকান্তৰ। নহয় নহয়, ঠিক তেতিয়াৰ পৰাই নহয়- তেতিয়াৰ পৰাহে কলেজখনত কাম আৰম্ভ হয় ৰতিকান্তৰ, যেতিয়া গছবোৰে নিজৰ ছাঁ সামৰি থোৱাৰ পিছত ঘৰমুৱা হয় চৰাই… ফুলশয্য়াৰ নিশা ৰতিকান্তৰ আঙুলিৰ পৰশ লগাৰ লগে লগেই জানকীৰ মুখখনে যিটো ৰং লৈছিল… বেলিটোৱে ঠিক তেনেকুৱা ৰং লোৱাৰে পৰাই। গোটেই নিশা উজাগৰে থাকি ৰতিকান্তই কলেজখন পহৰা দিয়ে গৰাকীক।… কলেজ কৰ্তৃপক্ষই ৰতিকান্তৰ বাবে এটা কোঠা। অন্তত বাঁহৰ বেৰত গোবৰেৰে লেপি থোৱা তাৰ গাঁৱৰ ঘৰটোতকৈ কিছু পৰিমাণে উন্নত এটা কোঠা। ইচ্ছা কৰিলে ৰতিকান্তই পুত্ৰ-কন্যাৰ লগতে জানকীকো আনি ইয়াতে সুমুয়াই থ’ব পাৰেথি। কিন্তু ৰতিকান্তৰ ভয় লাগে- চহৰৰ হাৱা লাগি যদি…। তদুপৰি তাৰ গাঁৱৰ ঘৰখনৰ কথাও আছে. বৃদ্ধা মা, গৰুকেইটা আৰু মাটি কেইবিঘাৰ কথাও আছে। জানকীহঁতক যদি চহৰলৈ লৈ আহে গাঁৱৰ ঘৰখন, তাৰ সা-সম্পত্তি চাব কোনে ? সকলোচোন উচন হ’ব। মানুহে হাঁহিব, চহৰৰ হাৱা লাগি…Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here