…সেইদিনা এলাৰ্ম দিয়া ঘড়ীটো আৰু ভাল কৰিবলৈ দিয়া নহ’ল। ফিজিক্সৰ ক্লাছত নোটবুকত একো লিখা নহ’ল। হোষ্টেললৈ উভতি গৈ প্ৰশান্তই কাকো এটা শব্দও নকলে। আনকি বিজয় আৰু তপনকো। কিন্তু সেই ৰাতিয়েই হোষ্টেলত  অন্য় কোতবোৰ ঘটনা ঘটিল। একউত্তেজনাৰ পৰিৱেশ। সেই সময়খিনিত চলি থকা অসমীয়া-বঙালী সংঘাত তুংগত উঠিছে। ‘বঙালীক খেদিব লাগে, কাৰো সাহস নহ’ল। প্ৰদীপ জাতীয়তাবাদী বীৰ। বহুতেই তাক বাঃ বাঃ দিছে।

প্ৰশান্তৰ মনটো কেনেবা লাগিল। বঙালী বন্ধুৱে ৰাতিয়েই ৰেডিংপত্ৰ বান্ধি গুচি গ’ল। পিছদিনাৰ পৰা বাতৰিকাকতত কেৱল হিংসাৰ খবৰ। মেিডকেল কলেজৰ বঙালী ছাত্ৰ এজনক হোষ্টেলতে মূৰত মৰিয়াই হত্যা কৰা হৈছে।…Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here