……কেৰিয়াৰ প্লেনিং আৰম্ভ কৰাৰ পূৰ্বে মানুহ এজনে কেৰিয়াৰ ষ্টেজ বা জীৱিকাৰ অন্তঃদশাৰ বিষয়ে জানি ল’ব লাগে। এই সম্পৰ্কে ১নং চিত্ৰত দেখুওৱা হৈছে। আমাৰ দেশৰ পৰম্পৰা অনুসৰি ১৮ ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত মানুহে এটা চাকৰি বা ব্যৱসায়ত হাত দিব লাগে। সেই দেখি ১৮-২০ বছৰ বয়স হোৱাৰ,

(ক) ০-১৮ বছৰ — অনুসন্ধান দশা

(খ) ৮-৩৫ বছৰ — প্ৰাৰম্ভিক কেৰিয়াৰৰ কাল

(গ) ৩৫-৫০ বছৰ — মধ্য় কেৰিয়াৰৰ দশা

(ঘ) ৫০-৬০ বছৰ — অৱসৰী দশা

(চ) ৭১… বছৰ — কৰ্ম জীৱনৰ পৰা অৱসৰ

ওচৰা-উচৰিতে আমি কামত ধৰিব লাগে। কিন্তু শিক্ষা আৰু অৰ্থনীতিৰ পৰিবৰ্তন হোৱা দেখি আজিকালি আমি ২৪-২৫ বছৰ বয়সলৈকে কলেজ-বিশ্ববিদ্যালয় আদিত পঢ়ি থাকিব লাগে। ৩৫ বছৰ বয়সপৰ্যন্ত মানুহ এজনে চাকৰি বা ব্য়ৱসায়ত থিতাপি লয়। ইচ্ছা কৰিলে তেওঁ চাকৰি সলাব পাৰে। ব্যৱসায়টো ভাল নালাগিলে বা লাভ নহ’লে মানুহ এজনে বিকল্প ব্যৱস্থা ল’ব পাৰে। ৩৫ বছৰ বয়সৰ পিছত সাধাৰণভাৱে মানুহ এজনক বিয়া হয়। তেওঁ সন্তানৰ পিতৃ বা মাতৃ হয়। বয়সিয়াল মা-দেউতা, শহুৰ-শাহু আদিক চোৱাচিতা কৰিব লাগে। কৰ্মক্ষেত্ৰত দাবী-দাবাৰ উপৰি তেওঁ পাৰিবাৰিক দায়িত্ব পালন কৰিব লাগে। এইখিনি সময়ত কেৰিয়াৰত উন্নতি কৰিব পাৰিলে খুবেই ভাল।……Read more

LEAVE A REPLY

Please enter your comment!
Please enter your name here