শিক্ষানুষ্ঠান এটালৈ ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া পৰিপাটিকৈ শিক্ষানুষ্ঠানৰ দ্বাৰা স্বীকৃত সাজপাৰ অৰ্থাৎ ইউনিফৰ্ম পিন্ধি আহে, তেতিয়া শিক্ষানুষ্ঠানটোৰ বাহ্যিক আৰু আভ্যন্তৰীণ পৰিচিতি তথা চৰিত্ৰই এক নতুন মাত্ৰা লাভ কৰে। ই শিক্ষানুষ্ঠানখনক বহিঃবিশ্বৰ স’তে চিনাকি কৰাই দিয়ে আৰু শিক্ষানুষ্ঠানখনৰ শৃংখলা বৰ্তাই ৰখাত অৰিহণা যোগায়। একেধৰণৰ সাজপাৰ পৰিধান কৰি অহাৰ পৰিপ্ৰেক্ষিতত জাতি, বৰ্ণ, ধৰ্ম, অঞ্চল তথা আৰ্থিক ভিন্নতাৰ পাছতো ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একধৰণৰ সমতাৰ ভাব সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ আৰ্থিক বৈষম্য প্ৰদৰ্শন কৰাৰ সুযোগ নাথাকে। সেয়েহে শিক্ষানুষ্ঠানলৈ ইউনিফৰ্ম পৰিধান কৰি অহাৰ কেতবোৰ প্ৰাসংগিকতা আৰু ইতিবাচকতা নুই কৰিব নোৱাৰি।

কিন্তু ইউনিফৰ্মৰ স’তে বৃহত্তৰ সমাজৰ আৰ্থিক-সামাজিক-লিংগগত বৈষম্যৰ প্ৰশ্নটোও জড়িত হৈ আছে। লিংগগত বৈষম্য এইক্ষেত্ৰত অত্যন্ত প্ৰকট। উদাহৰণস্বৰূপে অসমৰ ৰাজহ বিদ্যালয়সমূহত এতিয়ও ছাত্ৰীসকলে মেখেলা-চাদৰ পৰিধান কৰি আহে। এয়া তেওঁলোকৰ ইউনিফৰ্ম। পৰম্পৰাগতভাৱে এই সাজপাৰ চলি আহিছে। পৰিৱৰ্তিত চিন্তা-চেতনা আৰু লিংগ চিন্তাই তাক সলনি কৰিব পৰা নাই। স্কুলীয়া ছাত্ৰীৰ কাৰণে ই অত্যন্ত অসুবিধাজনক। অথচ ছাত্ৰসকলৰ ইউনিফৰ্মৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰা হৈছে। কেৱল ছাত্ৰীৰ ক্ষেত্ৰতেই নহয়– শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত এতিয়াও যথেষ্ট অশিথিলতা অৱলম্বন কৰা হয়। শিক্ষয়িত্ৰীসকলে মেখেলা-চাদৰ পৰিধান কৰি যোৱাটো বাধ্যতামূলক– শিক্ষকসকলৰ ক্ষেত্ৰত এনে বাধ্যবাধকতা পৰিলক্ষিত নহয়। অৰ্থাৎ ইউনিফৰ্মৰ ক্ষেত্ৰত এতিয়াও লিংগ বিভাজন অত্যন্ত স্পষ্ট।

শিক্ষাৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ইউনিফৰ্ম একোটা শিক্ষানুষ্ঠানৰ কেৱল পৰিচয় হৈ ৰোৱা নাই–ই শিক্ষানুষ্ঠানবোৰৰ আভিজাত্য প্ৰদৰ্শনৰ এক আহিলা হৈ পৰিছে। ফলত একোখন বিদ্যালয়ে নিজাকৈ ইউনিফৰ্মৰ কাপোৰৰ গুণাগুণ নিৰ্ধাৰণ কৰি দিছে; জোতা-মোজা কোন কোম্পানীৰ হ’ব সেইটোও নিৰ্ধাৰণ কৰি দিয়ে। পৰিণতিত ইউনিফৰ্মৰ দাম যথেষ্ট বৃদ্ধি পায়। কেৱল সেয়ে নহয়– ইউনিফৰ্ম কোন দোকানৰ পৰা কিনিব তাকো নিৰ্ধাৰণ কৰি দিয়ে। ফলত ইউনিফৰ্মৰ দাম বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ইউনিফৰ্মক লৈ একচেটিয়া বজাৰ এখনো সৃষ্টি হয়। নিৰ্দিষ্ট দোকানত ইউনিফৰ্ম কিনিবলগীয়া হোৱা হেতুকে অভিভাৱকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়– নিৰ্দিষ্ট ইউনিফৰ্মযোৰৰ কাৰণে দীৰ্ঘদিন অপেক্ষাও কৰিবলগীয়া হয়।

বিভিন্ন আন্তৰ্জাতিক সংস্থাই শিক্ষানুষ্ঠানত ইউনিফৰ্ম বাধ্যতামূলক কৰাৰ বিৰোধিতা কৰে। এনে সংস্থাই আঙুলিয়াই দিছে যে কেৱল এযোৰ বা দুযোৰ কাপোৰ থকা এটা শিশুৰ ক্ষেত্ৰত ইউনিফৰ্ম বাধ্যতামূলক কৰিলে তেনে শিশুক অভিভাৱকে শিক্ষানুষ্ঠানৰ পৰা আঁতৰাই আনিব। তেওঁলোকৰ বাবে শিশুক শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰাটো আৰ্থিকভাৱে বলে নোৱৰা কথা হ’ব।

এই আটাইবোৰ কথা ফঁহিয়াই চালে দেখা যাব যে শিক্ষানুষ্ঠানত ইউনিফৰ্ম বাধ্যতামূলক কৰাটো যিমান সহজ আৰু ইতিবাচক ভাব হয়, সি আচলতে তেনে কথা নহয়। ইয়াৰ স’তে লিংগ, আভিজাত্য, ব্যৱসায় আৰু অভিভাৱকৰ উপাৰ্জন ক্ষমতা– আদি অজস্ৰ প্ৰশ্ন জড়িত হৈ আছে। তদুপৰি আন বহুতো প্ৰত্যাহবান আছে। এতিয়া গোটেই বিশ্বজুৰি ধৰ্ম অথবা গোষ্ঠীৰ ভিত্তিত প্ৰচুৰ জনজাগৰণ হৈছে। এনে জনজাগৰণৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানসমূহত বিশেষ ধৰ্ম অথবা গোষ্ঠীৰ ঐতিহ্য আৰু চৰিত্ৰ প্ৰতিফলিত কৰিব পৰা সাজপাৰ পিন্ধাটো বাধ্যতামূলক কৰি তোলাৰ প্ৰৱণতা বৃদ্ধি পাইছে। শিক্ষাৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত শিক্ষানুষ্ঠানসমূহৰ মাজত অসমতা বৃদ্ধি পাইছে। এনে অসমতা প্ৰদৰ্শনৰো অন্যতম আহিলা হৈ উঠিছে শিক্ষানুষ্ঠানবোৰৰ ইউনিফৰ্ম।

এনে পৰিস্থিতিত আমি শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্ম বাধ্যতামূলক কৰাটো সমৰ্থন কৰিম নে নকৰিম। ই আমাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰত্যাহবানমূলক প্ৰশ্ন। কিন্তু পৰিৱৰ্তিত পৰিস্থিতিয়ে বিশেষকৈ দ্ৰুত নগৰীকৰণ আৰু বৰ্ধিত অপৰাধপ্ৰৱণতাই যিধৰণৰ প্ৰত্যাহবান সৃষ্টি কৰিছে, তেনে পৰিস্থিতিত শিক্ষানুষ্ঠানসমূহত বিশেষকৈ বিদ্যালয় পৰ্যায়ত ইউনিফৰ্ম অপৰিহাৰ্য হৈ উঠিছে। এনে ইউনিফৰ্মৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহত অপৰাধীৰ প্ৰৱেশত বাধা দি ৰখা তথা ছাত্ৰ-ছাত্ৰীসকলক অকতৃÇত্বশীলভাৱে বাহিৰলৈ ওলাই যোৱাত বাধা দি ৰাখিব পৰা যাব। কিন্তু এনে ইতিবাচকতা সকলোৰে বাবে সহজলভ্য কৰি তোলাৰ লগতে ইউনিফৰ্ম যাতে একোখন বিদ্যালয়ৰ আভিজাত্য আৰু বৈষম্য প্ৰদৰ্শনৰ আহিলা হৈ উঠিব নোৱাৰে, তাৰ বাবে চৰকাৰৰ যথেষ্ট কৰণীয় আছে।

(ক) ইউনিফৰ্মৰ ক্ষেত্ৰত থকা লিংগ বৈষম্য দূৰ কৰিব লাগিব। ছাত্ৰী তথা শিক্ষয়িত্ৰী উভয়ৰ ক্ষেত্ৰতে এনে ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক কৰিব নালাগে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ চালচলনত অসুবিধা হয় আৰু পুৰুষতান্ত্ৰিকতাৰ কতৃÇত্ব অব্যাহত থাকে। পৰিৱৰ্তিত পৰিস্থিতিৰ স’তে খোজ মিলাব পৰাকৈ তেওঁলোকৰ ইউনিফৰ্ম সলনি হ’ব লাগে।

(খ) শিক্ষাৰ অধিকাৰ আইনৰ আধাৰত ভাৰতবৰ্ষৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় পৰ্যায়ত বিনামূলীয়া ইউনিফৰ্ম পোৱাৰ যি ব্যৱস্থা আছে, তাক সম্পূৰ্ণকৈ বলৱৎ কৰিব লাগে। এনে ইউনিফৰ্মৰ স’তে যাতে বিশেষ অঞ্চলৰ সংস্কৃতিৰ সামঞ্জস্য থাকে। অথচ ছাত্ৰ-ছাত্ৰীৰ চালচলনত অসুবিধা নহয়, সেইটো নিশ্চিত কৰিব লাগে।

(গ) ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ইউনিফৰ্মৰ ক্ষেত্ৰত চৰকাৰৰ নিৰ্দিষ্ট নিৰ্দেশনা লাগে। তাৰ ভিতৰত তলত দিয়া কথাকেইটাই গুৰুত্ব পাব লাগে।

(ঘ) বিদ্যালয়সমূহে ইউনিফৰ্মৰ আৰ্হি নিৰ্মাণ কৰিব লাগে, কিন্তু বিদ্যালয়ে নিজাকৈ ইউনিফৰ্ম যোগানৰ যাতে ব্যৱস্থা কৰিব নোৱাৰে– তাৰ পৰিৱৰ্তে অভিভাৱকে নিজাকৈ ইউনিফৰ্ম ক্ৰয় কৰিব পাৰে, সেইটো নিশ্চিত কৰিব লাগে। যিসকল অভিভাৱকে বিদ্যালয়ৰ পৰা ইউনিফৰ্ম ক্ৰয় কৰিব খোজে, তেওঁলোকেহে সেই সুবিধা লাভ কৰিব লাগে।

(ঙ) ইউনিফৰ্মৰ নামত একচেটিয়া বজাৰ যাতে গঢ়ি উঠিব নোৱাৰে, সেইটো নিশ্চিত কৰিব লাগে।

(চ) ইউনিফৰ্মৰ নামত বিশেষ ব্ৰেণ্ডৰ প্ৰচাৰ-প্ৰসাৰৰ প্ৰৱণতাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব লাগে।
ইউনিফৰ্ম একোটা শিক্ষানুষ্ঠানৰ পৰিচয় আৰু নিৰাপত্তাৰ আধাৰ হ’ব লাগে। আভিজাত্যৰ প্ৰতিযোগিতাৰ বাহক হ’ব নালাগে। উচ্চ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত ইউনিফৰ্ম বাধ্যতামূলক হ’ব নালাগে।

ড: অখিল ৰঞ্জন দত্ত

LEAVE A REPLY

Please enter your comment!
Please enter your name here