….মানুহৰ হৃদয়ত ভাবৰ গুণগুণনি উঠে। আৱেগত মন উতলা হয়। ফাগুনৰ মুকলি পথাৰখনলৈ চালেই কিবা যেন ৰিঙা ৰিঙা উদাস উদাস ভাব, ৰিং মাৰি দিবৰ মন যায়। উকিয়াই উকিয়াই কিবা এটা গাবৰ মন যায়। মনোমুগ্ধকৰ বিচিত্ৰ আৰু বৈচিত্ৰ্যময় প্ৰকৃতিৰ সৌন্দৰ্যত ব্যাকুল হৈ যিসকলে প্ৰকৃতি-প্ৰশস্তিৰ গীত লিখিছিল, সেইসকলৰ ভিতৰত আগৰণুৱা আছিল বনকোঁৱৰ আনন্দিৰাম দাস। জন্ম ১৯০৯ চন। সেই চনত বিষ্ণুপ্ৰসাদ ৰাভায়ো জন্মগ্ৰহণ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ শৈশৱ আৰু কৈশোৰ কাল তেতিয়াৰ বংগদেশত অতিবাহিত হৈছিল। কুৰি শতিকাৰ প্ৰথম দশকত আন দুজন ক্ষণজন্মা পুৰুষ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা (জন্ম-১৯০৩) আৰু পাৰ্ৱতি প্ৰসাদ বৰুৱা (জন্ম-১৯০৪)। এই তিনিওগৰাকী মহান প্ৰতিভাধৰ পুৰুষে অসমীয়া সাহিত্য, সংগীত, নাটক, বোলছবি আৰু সামাজিক ক্ষেত্ৰলৈ অসামান্য বৰঙণি আগবঢ়াইছিল।…. Read More

LEAVE A REPLY

Please enter your comment!
Please enter your name here