বতাহজাক আৰু জোৰেৰে বলিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে বিদায়ী বেলিটিয়ে পশ্চিমফালে আকাশখনত হেঙুলীয়া কিবা এটা এৰি থৈ গৈছে। সেই হেঙুলীয়াখিনিৰ কিছু অংশ ফেনিল টাৱাৰে ঢৌবোৰে সশৰীৰেৰে পিন্ধি লৈ সোণোৱালী গীত এটি আওৰাইছে। গুচি গৈছে দূৰ-দূৰণিলৈ। সাউকতে আকৌ উভতিও আহিচে। হাঁহিটিও এতিয়া সেন্দুৰীয়া হৈ উঠি ক্ৰমান্বয়ে মৰহিবলৈ আৰম্ভ কৰিছে। এতিয়াৰে পৰা আধা পোহৰ, আধা আন্ধাৰৰ অলপ সময় হয়তোবা নিৰ্বাক, নিমাত হৈ পৰিব। এই ডুবু ডুবুকৈ কিছুমান শব্দ, শব্দমালাই চাটিফুটি কৰি উঠিব। আকৌ তৎক্ষণাতে এক জাকজমকতাই সেয়া আদৰি ল’ব। এইটোৱেই নিয়ম।

নিয়ম। মোৰো কিছুমান নিয়ম আছে। কিছুমান আকৌ নিয়মৰ বাহিৰত। যা হওক এতিয়া খোজটোৱে অলপ বেগেৰে মোক লৈ যাব খুজিছে। হৰিমন চাৰ্কলৰ ওচৰৰ ৰাস্তাটোৰে খচকি গৈ থাকোঁতে ক’ৰবাৰ পৰা ভাহি অহা চুফীগানৰ অস্ফূটন কলি এটা শুনা পোৱা গৈছে। কোনোবাই চাগৈ শেষ হ’ব খোজা সন্ধিয়াটোৰ চঞ্চলতাখিনিক বিৰাজ কৰিছে। চেন্ট্ৰেল লাইব্ৰেৰীৰ সন্মুখৰ ষ্টেপবোৰত মানুহবোৰ বাহিৰলৈ লৈছে। ক্লান্ত মুখ, ক্লান্ত চকু, ক্লান্ত ওঁঠ। তাৰ মাজতো সন্ধিয়াৰ ষ্টিটলাইটৰ পোহৰৰ দৰে কিছু চিন্তা আৰু ভাৱনাই আৱৰি ধৰিছে, চৌদিশৰ এনে এক বাতাবৰণৰ মাজতে সকলোৱে নিজকে এক উজ্জীৱিত বেশেৰে চিনাকি দিছে। কোনো কোনোৱে সন্মিলিতভাৱে বহি লৈ ৰসিক ভাষণ এটিৰে বাকীসকলক আপ্লুত কৰি এক অনস্বীকাৰ্য কৃতিত্ব অৰ্জনৰ হেতু সাৱলীলভাৱে ভিন্ন ভংগীমাৰে কথা কৈ আপোনভোল হৈ পৰিছে। কোনোবাই অকলশৰীয়াকৈ একাষে বহি লৈ প্ৰিয়জনৰ লগত এক দূৰভাষিক সংযোগ এটাত অতিশয় ব্যস্ত হৈ পৰিছে। কাৰোবাৰ পঢ়ুৱৈ চকুযুৰিক কিতাপ এখনে নিজে মেল খাই এক ৰুচিবোধৰ জোখাৰে কথা কিছুমান কৈ যাব খুঁজিছে। টিভি ষ্টেচনত কেইটামান দীঘলীয়া উকিৰে এইমাত্ৰকে গুচি যাবলৈ উদ্যত হৈ পৰা হাৰবাৰ লাইনৰ ট্ৰেইনখনে কাৰোবাৰ মনলৈ কিছুমান উত্তেজনাময় সম্ভাৱনা আৰু দুঃচিন্তাৰ জোৱাৰ কঢ়িয়াই আনি ভৰি দুখনিক আৰু বেগী হ’বলৈ উত্তেজিত কৰি তুলিছে।

বেগ। বহুত বেগা-বেগিকৈ চলিও শেষত কিবা এটা হেৰুৱাও। মোৰ খোজটোৱেও এতিয়া অজানিতে আগতকৈ কিছু বেগ পিন্ধি লৈ ঢাপলি মেলিব খুজিছে। কাৰাঞ্জালৈ যোৱা শেষৰখন নাও এইমুহূৰ্ততে এৰিব। নাই দৌৰিছে–শংকা আৰু সংশয় মিহলি ভাৱনাৰে উশাহ ঘূৰাই দৌৰিছো। ব’টপুল পাবলৈ আৰু অলপ দূৰ। দৌৰাদৌৰিকৈ গৈ থাকোঁতে মনটোৱে কথা কিছুমান ভাবি ভাবি গৈ থাকে।

কথা। কথাৰ শেষ নাই। ধেই কথা। কথাতে বাঢ়ি যায় কথা। কাঠৰ তক্তাৰে পাৰি দিয়া বেঞ্চখনত মোৰ দৰে বহি পৰা আৰু কেইজনমান যাত্ৰীৰ দুচকুত দিনযোৰ ক্লান্তিৰ প্ৰতিচ্ছায়া সহিব নোৱাৰি নাওখনে এতিয়া কাৰাঞ্জাৰ ফালে আগুৱাব লাগিছে। এটা শব্দ হৈছে। ইঞ্জিনৰ। পানীৰ বুকুত নিৰ্বিৰোধে নাওখন চলি যাওঁতে কিছুমান দুখ-কষ্ট পানীয়ে সহ্য কৰিছে। কিছু অংশ পৰা নাই। তাৰ ফলতো কিছুমান শব্দ হৈছে। সেই শব্দবোৰে মনলৈ কথা কিছুমান মাতি আনিছে। লাহে লাহে কথাবোৰ বাঢ়ি গৈ চাৰিওফালে হেন্দালী ধৰিছে। সেই কথাবোৰ এতিয়া ৰঘুমলা হৈ আগুৰি ধৰিব খুজিছে।

ৰঘুমলা। নিজে দি লোৱা নাম। এটা আপত্তিজনক নাম। ভাল লাগিলেও তাত এটা আপত্তি আছিল। সদায়েই।
শেষত হৈ নামটো ৰঘুমলাহে ৰাখিলা। মানে লোকৰ মূৰত খোৱা।
–ভুল বুজিছা। তেনে অৰ্থত ৰখা নাই।
–আজি বুজাই দিলা-মই সদায়েই বেলেগৰ ওপৰতে নিৰ্ভৰশীল।
–এতিয়াযে এই সকলোখিনি আবৰি ধৰিছা, সেয়ে তোমাক ৰঘুমলা বুলিছোঁ।

ৰঘুমলা। সঁচাকৈয়ে মোক ৰঘুমলাৰ দৰে আঘুৰি ধৰিছিল। নিজম সময়ে প্ৰতিক্ষমে তাইৰ উপস্থিতিকে প্ৰত্যাশা কৰিছিল। কেতিয়াবা উমি উমি জ্বলি উঠা তুঁহ জুই একুৰা হৈ জকমকাই উঠিছিল শেষ বিন্দুত। ভাৱনাই সপোন চৰাই এটি হৈ প্ৰতিমুহূৰ্ততে উদ্বাউল হৈ পৰিছিল।

সপোন। সপোনৰো সপোন থাকে। সপোনতে সপোনৰ শৃঙ্খল। ৰঘুমলাক সদায়ে কিছুমান সপোনে আগুৰি ধৰিছিল। সপোনৰ উদং তলি এখনত ভ্ৰমিবলৈ আৰম্ভ কৰিছিলো। কেতিয়াবা উৰিছিলো চিলা হৈ…।

চিলা। চিলা উৰিছে। চিলা। ৰঙা, নীলা, বেঙুনীয়া–ৰঙীণ চিলা। মই ৰঘুমলাক চিলা হৈ উৰুৱাইছিলো। তাই চিলা উৰুৱাব নাজানে। উৰিবলৈ ভাল পায়। এই কোমল হাঁহিয়ে ওঁঠযুৰিক পিন্ধি লৈছিল। হাঁহিৰ ফ্লাইঅভাৰ।

ফ্লাইঅভাৰ। এটি সংযোগী ব্যৱস্থা। হাতৰ মাজত হাত। স্পৰ্শত এক শিহৰণ। নৈখনেও কিবা এটা গুণগুনাই আছিল। বতাহত গানৰ আলাপ। ওৰে সময় নিজৰ লগতে কথা কিছুমান পাতি পাতি অভিৰাম হাঁহি একোটা প্ৰসৱ কৰি থকাটোকে অভিপ্ৰায় আছিল। ভাৱনাতে দেও দি উপস্থিতিকো আওকান কৰি অৱচেতনৰ চিনাকি বাটটোৰে আকৌ এবাৰ ঢাপলি মেলিব খোজোঁতেই সেই মাতষাৰে পৃথিৱীলৈ নমাই আনিলে–“আমি যিমানেই নিবিচাৰোঁ, সেয়া মাথোঁ এক স্বপ্নহে।’…“স্বপ্নতেই ভ্ৰমি থাকিব পাৰি। স্বপ্নৰ কি শেষ আছে।”…“কিন্তু…”। ৰঘুমলাৰ মুখৰ পৰা অস্ফুতভাৱে “কিন্তু” এটা ওলাই আহিছিল।

কিন্তু। কিন্তু কিয় হ’ল বা এই ঘটনা। এনেকুৱা ঘটনা সাধাৰণতে বিৰল। এয়া অঘটন। গাড়ীখন আহি ঠিক সেই ঠাইতে ৰৈছিল। ঘটং। দুৰ্ঘটনাৰ এখ শব্দ। গাড়ীখনৰ ভিতৰৰ পৰা মৃতদেহ এটা প্ৰথমে শূন্যলৈ জঁপিয়াই, অলপ সময় শূন্যতে ওপঙি, হুমুনিয়াহ মাত এষাৰো নাপাই অৱশেষত ৰাস্তাৰ কাষতে পৰি ৰ’ল। নিৰ্ভয়ৰ হৰ্ণ বজাই গাড়ীখন গুচি গ’ল। মানুহবোৰে জুম বান্ধিলৈ। চাৰিওফালে হৈ-চৈ।

হৈ-চৈ। মনৰ ভিতৰতো। চকু দুটাই বিচাৰি ফুৰে কিবা এটা। শূন্যত। তাতোতকৈ বেগেৰে মনটো উৰি গৈ দূৰ দিগন্তত কিবা এটা টনা-আজোঁৰাত শেষ হয় দিন। দিনৰ পিছত দিন। ভাৱনাৰ বৰষুণ সৰে। বৰষুণ। ৰঘুমাল জীপাল হৈ উঠিছিল। যিমানেই তিতিছিল, সিমানেই শুকাইছিল। বুকুৰ ভিতৰতো কিবা এটা মৰহিব খুজিছিল। বৰষুণজাক আহি থকাহেঁতেন মৰহি নগ’লহেঁতেন। নাহিল। উকিটো দীঘল হৈ পাহৰণিৰ গৰ্ভলৈ সোমাই যাব খুজিছিল।

উকি। দীঘল উকিটোৱে ধনশিৰি বুকু ফালি উজনিমুৱা ৰে’লখনক উজাই যাবলৈ অনুমতি দি গৈছিল। মোৰ শৈশৱলৈ উভতি যাবলৈকো ইয়েই একমাত্ৰ পথ। ক’ত আবেলি, ক’ত গধূলি…ক’ত ৰাতি সপোনে তাচপাত হৈ খেলেষ ৰংবোৰ নিমিলেহে নিমিলে।

নিমিলে। দুজন। দুজন মানুহ হুবহু কেতিয়াও নিমিলে। ৰঘুমলাৰ লগত মিলি গৈছিলোঁ। ব্যস্ত সময়, সন্মুখৰ পৃথিৱীৰ ওচৰত কিছুমান উপমাৰে জীৱনক সজাবলৈ আৰম্ভ কৰিছিলোঁ।

উপমা। উপমাৰ শেষ নাই। জিকি যোৱাটো বা হাৰি যোৱাটোক উপমাৰে আনন্দ বা বিষাদৰ ভাৰ গ্ৰহণ কৰিবলৈ সহজ।

সহজ। সেইটোৱেই সহজ উপায়। মানি লোৱাটো। মানি লৈছিলোঁ। ৰঘুমলাইও ফৰিং হোৱাৰ সপোন এটা গৰকি এদিন ক’ত ভাৱনাত ডুব যোৱা মুখখনি ওৰণি এখনৰ তললৈ টানি নিছিল। অনিচ্ছসত্ত্বেও। আঁতৰি অহাৰ অনুশীলন কৰিলোঁ। ভাওনাৰ ট্ৰেজিক চৰিত্ৰ এটাৰ দৰে একে কিছুমান কথাকে ভাবি থাকিলোঁ।

ভাওনা। সকলোতেই। ভাও জুৰি জুৰি গীত গাও। নাচো। মতলীয়া হৈ। ভাগৰত টোপনি যাওঁ। টোপনিতে আকৌ ৰঘুমলাই, কথাবোৰে ৰঘুমলা হৈ আবৰি ধৰে। মনৰ ভিতৰতে জুকিয়াই থকা কবিতাটো পাহৰিলো। শব্দবোৰ হেৰাই গ’ল।

হেৰাল। বহুত কিবাকিবি। কেনেকৈ নাজানিলোঁ। এখোজ-দুখোজকৈ বহুখোজ ল’লে। সকলোৱে। ময়ো। ৰঘুমলাইয়ো আগুৱালে সিমানেই। কিন্তু কিবা এটা ৰৈ গ’ল। ৰৈ গ’ল মনৰ ভিতৰতে ক’ৰবাত। ৰৈ গ’ল। কথাবোৰ ৰৈ গ’ল। শেষ নহ’ল। কিবা এটা সলনি হোৱা কথাবোৰ ৰৈ গ’ল। সময়বোৰ গৈ থাকিল। একেদৰেই। গৈ থাকিল।

গৈ থাকিল। আকাশত এজাক বগলী। পশ্চিমফালে গৈ থাকিল। ঘৰমুৱা গতি। ভাৱনা। নিশাটো শেষ হ’লেই ঘূৰি আহিব আকৌ। এতিয়া জিৰণি।

জিৰণি। জিৰণি নাই। একোৰে। মনবোৰ উৰি উৰি গৈ থাকে। ক’ৰবাত ঠেকা খাই উভতি অহাৰ বাটেৰে আন এটা দিশলৈ গুচি যায়। কথাবোৰ কেতিয়াবা কবিতা হৈ ফুটি উঠে। গান হৈ বাজে।

গান। ভাল লাগে। সকলোৰে। সংগীত বেয়া পোৱা মানুহ নায়েই। সংসাৰ মৰুত গীত সৰোবৰস্বৰূপ। গীতে আনি দিয়ে জীৱনৰ মন্ত্ৰণা, শীততে বসন্ত। বাল লাগে। হয়, ভাল লাগিচে গানৰ কথা। নচিকেতাৰ গান–দিন বদলেৰ স্বপ্ন আমি বেচেই অনেক দাম–সঁচাকৈ।

সঁচা। সঁচাবোৰ সঁচাই। অলৰ-অচৰ। তিনিআলিৰ জৰীজোপাৰ দৰে। মিছাবোৰ কিন্তু মিছা নহয়। চঞ্চল, ভাবুক। সঁচাৰ সপক্ষেই চব। সেয়ে চাগৈ সঁচাকৈয়ে নাওখনে দীঘলীয়া শব্দ এটা কৰি এতিয়া কাৰাঞ্জা বটপুল পালেহি। ঘৰ পাবলৈ মাথোঁ ৰিং এটাৰ বাট।

বাট। যেনি-তেনি। জীৱনৰে। যিমানেই বগালেও শেষ নহয়। গৈ থাকে। ৰৈ ৰৈ। তথাপিও শেষ নহয়। মানি লওঁ। মানি লওঁ। চব কথা। লাইটতো এতিয়া নুমাই দিও। এতিয়া শুই পৰিব লাগিব। ৰাতিপুৱালে অফিচৰ ফাইলকেইটাই নিৰ্বিৰোধে নিঃসংকোচে গাত জঁপিয়াই পৰিব। নিস্তেজ শৰীৰটো শেতেলীত মেলি দিও। টোপনি আহিব। দিনটোৰ ভাগৰখিনিৰ কোলাত। কিন্তু কথাবোৰ নুশুব। সিঁহতৰ টোপনি নাই। ৰঘুমলা হৈ মোক আগুৰি ধৰিব।

ৰঘুমলা। ৰঘুমলাও এতিয়া শুব। আজান দিয়াৰ পৰতেই সাৰ পাব। কিবা এটাৰ ভৰত শৰীৰটোৱে কেকাই উঠিব। কাহিলীপুৱাতে চোতালত ৰামধেনু আঁকিব। ৰংহীন। ৰসহীন। নিৰসতা বৰ কষ্টকৰ–ক’ত আছ। ৰঘুমলাই, কথাবোৰে ৰঘুমলা হৈ আগুৰি ধৰিছে।

ৰঘুমলা। অ’ ৰঘুমলাকো চাগৈ কথাবোৰে এতিয়া ৰঘুমলা হৈ আবৰি ধৰিছে।

সাগৰ সৌৰভ

LEAVE A REPLY

Please enter your comment!
Please enter your name here