সমগ্ৰ বিশ্বৰ ভিতৰত ইংলেণ্ডক ওখভূমিসমহ, বিশেষকৈ স্ক’টলেণ্ড অৱশিষ্ট মধুচন্দিকা উদ্যাপনৰ ঠাই সমূহৰ ভিতৰত মানুহৰ বিশেষ পচন্দৰ। কিন্তু তাত মধুচন্দ্ৰিকা পালন কৰাটো যথেষ্ট ব্যয়বহুল। অথচ আমাৰ কাষৰীয়া শ্ৰীলংকাতে ইংৰাজৰ বধ্যভূমিৰসদৃশ বীক্ষা আৰু ঝংকাৰৰ অভিজ্ঞতা আৰু ৰসআস্বাদন কৰিব পাৰোঁ।

“নুৱাৰা ইলিয়া”, শ্ৰীলংকাৰ কেন্দ্ৰীয় প্ৰদেশৰ এখন মন্ত্ৰমুগ্ধকৰ পাহাৰীয়া ঠাই, যিয়ে নিজস্ব সৌন্দৰ্যৰে ‘সৰু ইংলেণ্ড’ (little England) বুলি অধিকাৰ সাব্যস্ত কৰিব পাৰে। সমগ্ৰ উপত্যকাটো ঘন কুঁৱলীৰে আৱৰি ৰখা পাহাৰ, নিজৰা, সেউজীয়া ঘাঁহনি, শ্যামলী অৰণ্য, চাহ বাগিচা, চকুৰোৱা ফুলনি বাগিচা আৰু ঘূৰণীয়া ঘাঁহৰ বেৰাৰ মাজৰ শৃংখল জুপুৰী, ব্ৰিটিছ আৰ্হিৰ বাংলা ‘টিউটৰ’ৰ  হোটেল, ফুলৰ বাগান আৰু জীৱনৰ Idyllic pace ৰে সুশোভিত প্ৰাকৃতিক দৃশ্যৰাজিৰে সমৃদ্দ। ব্ৰিটিছৰ ৰাজকীয় পৰিৱেশেৰে প্ৰতিফলিত ‘নুৱাৰা’  প্ৰয়োজনীয় প্ৰচ্ছন্নতা আৰু উদ্দেশ্যপ্ৰণোদিত দৃশ্যাৱলীৰেও সমাদৃত।

সিংহলা ভাষাৰ শব্দ ‘নুৱাৰা ইলিয়া’ৰ অৰ্থ ‘পোহৰৰ চহৰ’। এই চাহৰ চহৰখনতে ‘অৰেঞ্জপিক’ তৈয়াৰ কৰা হয়। সাগৰ স্তৰৰ পৰা ৬১২৪ ফুট উচ্চতাত অৱস্থিত ‘নুৱাৰা’ চহৰখন আৱিস্কাৰ কৰিছিল নীল নদীৰ অভিযাত্ৰী চেমুৱেল বাৰ্কাৰে। ১৪৪৬ চনত আৱিস্কাৰ কৰা চহৰখন হৈ পৰিছিল ব্ৰিটিছ সামৰিক বিষয়া আৰু পৰিকল্পনাকাৰীসকলৰ মূখ্যদ্বাৰ। সেই সময়ত ব্ৰিটিছসকলে তৈয়াৰ কৰা ঘৰ আৰু হোটলৰ বেছিসংখ্যকেই বৰ্তমানেও সুস্থ বাতাৱৰণেৰে মূৰ দাঙি আছে। ব্ৰিটিছ সাম্ৰাজ্যৰ এই ঔপনিৱেশিক সজ্জাৰ বাহিৰেও বহু হোটেল বৰ্তমানে পৰ্যটকৰ সুবিধাৰ্থে অত্যাধুনিক সজ্জাৰে সজ্জিত কৰা হৈছে। অৱশ্যে ‘নুৱাৰা ইলিয়া’ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰেও আকৰ্ষিত পৰ্যটকসকল।

বিবাহিত যুগলে এখন সঠিক হোটেল সন্ধান কৰে। তেনে এখন উপযুক্ত ঠাই হৈছে ১৮৭৬ চনত তৈয়াৰ কৰা অত্যাধুনিক সা-সুবিধাযুক্ত ব্ৰিটিছ আৰ্হিৰ এটা পাহাৰীয়া ক্লাবঘৰ ‘লাক্সে’ (Luxe)। অ’ত ত’ত সিঁচৰতি হৈ থকা মটীয়া ৰঙৰ শিল, ব্ৰিটিছ ঔপনিৱেশিক আৰ্হিৰ দুখলপীয়া সজ্জা, ডাঙৰ কাঠৰ খটখটী, কঠিন কাঠৰ মজিয়া, জুইশাল আৰু পুৰাতনীয় আচবাব, চিকুন ফুলনিৰ মাজে মাজে বহাৰ সুবিধা থকা সকলো দিশৰ পৰা সুপৰিকল্পিতভাৱে সজ্জিত এই ক্লাবঘৰটো পাহাৰীয়া ক্লাবঘৰটোৰ মুঠ কোঠা ৪০ টা। দুটা দীঘলীয়া শাৰীত বিভক্ত কোঠাবোৰৰ ভিতৰত তিনিটা কোঠা পৰিয়াল থাকিব পৰাকৈ সঁজা। যদিও প্ৰত্যেক নিশাৰ থকাৰ ভাৰা ১০০০০ টকা, তথাপি সেয়া সেই অনুপাতে যথেষ্ট পৰিশীলিত আৰু সুসজ্জিত। পাহাৰীয়া ক্লাবঘৰটো ‘নুৱাৰা ইলিয়া গ’ল্ফ ক্লাবৰ কাষতে অৱস্থিত, যিটো ১৮টা বাটেৰে ১০০ একৰ মাটিত সিঁচৰতি হৈ আছে। ক্লাবঘৰটোৰ কাষতে আছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ চকুৰোৱা বাসগৃহ “কুইন কটেজ”। আন এটা কাষতে অৱস্থিত ‘টুউডৰ’ আৰ্হিত নিৰ্মিত সাধাৰণ ঘৰ ব্ৰিটিছসকলে চৰকাৰী তলৰ বিষয়াসকলৰ বাবে ব্যৱহাৰ কৰিছিল, যিটো বৰ্তমান শ্ৰীলংকাৰ এম পিসকলৰ বাসগৃহ।

মধুচন্দ্ৰিকা উদযাপনৰ আন এখন ৰুচিশীল হোটল হৈছে ‘গ্ৰেণ্ড হোলে’ যিয়ে কাম আৰু ব্যৱস্থাতে ইয়াৰ নামটোকে প্ৰতিফতি কৰে। ১৮ শতিকাত তৈয়াৰ কৰা এলিজাবেথৰ শাসনকালৰ জমিদাৰৰ ঘৰটো সেই সময়ৰ চেল’ন (শ্ৰীলংকাৰ পুৰণি নাম)ৰ পঞ্চম বৰ্গৰ এডৱাৰ্ড বাৰ্নিছে তেওঁৰ অৱসৰ বিনোদনৰ বাবে ব্যৱহাৰ কৰিছিল। ঘৰটো কাষৰীয়া গল্ফ ক্লাবত এবাৰ ঘূৰি অহাৰ পাছত বাহিৰৰ ল’নত হাতত একাপ উচ্চমানৰ চাহ লৈ বহিব পৰাকৈ সুবিধাযুক্ত আৰু প্ৰসিদ্ধ। বৰ্তমান সামৰিক আৰু আৰক্ষী প্ৰশাসনৰ যোগাযোগৰ কেন্দ্ৰস্থলী ৮২৮১ ফুট উচ্চতাৰ পিডুৰুটালাগালা শৃংগটো ‘নুৱাৰা ইলিয়া’ চহৰখনৰ গাতে লাগি আছে। বিভিন্ন প্ৰজাতিৰ ৰমণীয় ফুলেৰে সমৃদ্দ ‘হাকগালা ব’টানিকেল গাৰ্ডেন’, পৰ্যটকক বশ কৰিব পৰাকৈ সৌন্দৰ্যশালী গ্ৰী গ’বি হ্ৰদ, ১৮৭৩ চনত ব্ৰিটিছ ৰাজ্যপাল ছাৰ উইলিয়াম গ্ৰীগ’ৰিৰ দিনত নিৰ্মিত, ব’মবুৰু এল্লা’ নিজৰা, টাৰ্ফ ক্লাব, গেলৱে’ লেণ্ড ৰাষ্ট্ৰীয় উদ্যান,  ‘কোৱেণ্ট নান অয়া’ ৰেল ষ্টেচন, ভিক্ট’ৰিয়া পাৰ্ক আৰু পেড্ৰ’ চাহ বাগিচা হৈছে ‘নুৱাৰা ইলিয়া’ চহৰৰ সৌন্দৰ্যত সংযোজিত আন পৰ্যটনস্থলী।

‘নুৱাৰা ইলিয়া’লৈ বুলি যাত্ৰা কৰাই এটা স্বকীয় মন্ত্ৰমুগ্ধকৰ অভিজ্ঞতা। বাছ অথবা ৰে’লেৰে শ্ৰীলংকাৰ ৰাজধানী কলম্বো চহৰ সংযোগী ৰাস্তাৰে যাত্ৰা কৰিলে পাহাৰটো য’ৰ পাৰা আৰম্ভ হৈছে সেই সমগ্ৰ পথছোৱাতে ধুনীয়া পৰ্বত আৰু চাহ বাগিচাই আৰোহণৰ সময়ছোৱাত অবিছিন্ন নয়নভিৰাম দৃশ্যৰাজিৰ উপহাৰ দিব। সেই আৰ্জিত স্মৃতিয়ে জীৱনজুৰি আন্দোলিত কৰি ৰাখিব। যিসকল পৰ্যটক প্ৰথমবাৰৰ বাবে ‘নুৱাৰা ইলিয়া’ত ভৰি থৈছে, তেওঁলোকৰ বাবে চহৰখনৰ অভিজ্ঞতা স্বৰ্গতুল্য।

আপুনি যদি ‘নুৱাৰা ইলিয়া’লৈ যায়, তেতিয়া মই আপোনাক পাহাৰখনৰ ওপৰত থকা চহৰ হাপুটালিলৈও এবাৰ যোৱাটো সংমোদন জনাম। এই যাত্ৰাৰ লগত সংযোজিত কৰিব পাৰি ডামবাটেন চাহৰ কাৰখানাৰ দৰ্শনো। ১৯ শতিকাৰ শেষৰ ভাগলৈ ছাৰ থমাছ লিপটনে এই কাৰখানাটি সজাইছিল। কাৰখানাটো ঘূৰাৰ পিছত আপোনালোকে ‘লিপটন’ৰ আসন  বুলি এটি প্ৰেক্ষভূমি পাব, য’ৰপৰা এটা প্ৰোজ্জ্বল দিনত সমগ্ৰ উপত্যকাটো আৰু শ্ৰীলংকাৰ দক্ষিণ কুঁজটো স্পষ্টকৈ দেখিবলৈ পাব। এডিশ্ৰামৰ বেনেডিকটাইন মম অন্বেষণ কৰিলে ১৯৩১ চনত তৈয়াৰী লিড দুৰ্গৰ টুউডৰ আৰ্হি দেখিবলৈ পাব।

হিল ক্লাব, গ্ৰেণ্ড হোটেল, একেদৰে ছেইণ্ট এনড্ৰিউ হোটেল, গ্ৰেণ্ডৱে’ আৰু অৱাক ৰয় টি বাছ ৰামব’ডা (এখন হোটেল)ৰ যিকোনো এখনত এটা কোঠা ল’লেই আপুনি (সুন্দৰ দৃশ্যৰাজি) পৰ্বত, ফুলনি আৰু চাহ বাগানেৰে সমৃদ্ধ সুন্দৰ দৃশ্যৰাজি উপভোগ কৰিব পাৰিব। একাপ সুগন্ধযুক্ত শ্ৰীলংকাৰ চাহ খাই আপুনি চহৰখন ঘূৰি ফুৰিব পাৰে পুৱাৰ ভাগতে আৰু উভতাৰ পথত সোৱাদ ল’ব পাৰিব ব্ৰিটিছ আৰ্হিৰ এসাঁজ  আহাৰ। গোটেই দিনটো আপুনি জিৰণি লৈ পঢ়ি, ৰোমাঞ্চ কৰি, মাছ ধৰি, ঘোঁৰা চলাই, খোজকাঢ়ি পৰ্বত বগাই আপুনি গ্ৰহণ কৰি পাৰিব মন পছন্দৰ আবেলিৰ সাঁজ। গল্ফ খেলি কিছু ঘূৰি ফুৰি একাপ সুন্দৰ চাহ হাতত ল’ব পাৰে আৰু পিছৰ বেলালৈ কিছু পানীয়ৰ সোৱাদ লৈ পাহাৰীয়া ক্লাব ঘৰ অথবা গ্ৰেণ্ড হোটেলত বহি ৰাতিৰ আহাৰ গ্ৰহণ কৰিব পাৰে। ব্যস্তময় দিনটো এনেদৰেই উপভোগ্য আৰু সম্পূৰ্ণ হৈ উঠিব আপোনাৰ বাবে।

নুৱাৰা ইলিয়া ভ্ৰমণত টিউডৰ ষ্টাইলত ৰঙা ইটাৰে ১৮৯৪ চনত সজা ঘৰটো চাবলৈ নাপাহৰিব। এটা ঘড়ীৰ টাৱাৰে সুশোভিত ডাকঘৰটোৰ ওপৰৰ কোঠাকেইটা বৰ্তমান পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। আন এখ পৰ্যটনস্থলী হৈছে চাৰি হাজাৰ ফুট দ’ ‘ব’ল্ড ইণ্ড’ খাদ। এই খাদটো ‘হৰ্টন প্লেইন’ ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত। চহৰৰ পৰা কিছু দূৰৈৰ এখন এখন গাঁও সীমা ‘ইলিয়া’ত আছে আন এক দৰ্শনথলী সীতা দেৱীৰ এটি মন্দিৰ। লোকবিশ্বাস আছে ৰাৱণে সীতাক লংকালৈ নি সেই ঠাইখিনিতে বন্দী কৰি ৰাখিছিল।

পক্ষীপ্ৰেমীসকলৰ বাবে এক আকৰ্ষণীয় পৰ্যটনস্থলী হৈছে ‘ভিক্টোৰিয়া পাৰ্ক’। অনেক প্ৰজাতিৰ চৰাইৰ ৰাসস্থলী পাৰ্কখন। নুৱাৰা ইলিয়া ঘোঁৰা দৌৰ আৰু গল্ফ খেলৰ বাবে বিখ্যাত।

-জয়দ্বীপ মজুমদাৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here