প্ৰেমক লৈ যদি এখন ৰচন লিখিব লগা হয়, পোপ্ৰথমে মই এখন চহৰৰ কাহিনীয়ে লিখিব খুজিম। কিছুমান সময়ক যেনেদৰে একান্তই নিজৰ বুলি কোৱা যায়, কিছুমা চহৰো হৈ থাে নিজৰ বুলি দাবী কৰিব পৰা অনুভূতিৰে আচ্ছন্ন। বহু দূৰণিত থাকিও সেই চহৰৰ প্ৰতি অনুভৱ কৰা যায় কেতিয়াবা বুকু ভগা হাহাকাৰ।

অৱশ্যে এয়াও সঁচা যে, প্ৰিয় চহৰ সদায় প্ৰেমৰ চহৰ নহ’বও পাৰে। কিন্তু প্ৰেমৰ চহৰ সদায় প্ৰিয় হৈ থাকে কেতিয়াবা হেঁপাহ আৰু কেতিয়াবা হাহাকাৰৰ নানাৰঙী ঋতুৱে তাত চুবুৰী সাজি থাকে। এনে চুবুৰীহোৰে চহৰখনৰ ফুলবোৰলৈ মনত পেলাই–যিবোৰ ফুলৰ চোলা পিন্ধা চহৰখনৰ বহু বদনাম থাকে। চহৰখন চৌখিন বা বিলাসী হৈ থাকে–যি জাক ফুল যেন বতাহৰ বাবে।

জীৱনৰ আটাইতকৈ কোমল-চঞ্চল-উতনুৱা সময়খিনি আছিলো বাবেই যোৰহাট কি মোৰ প্ৰিয় চহৰ ? যোৰহাটেই কি সেইখন চহৰ–য’ত মই প্ৰথম স্বাধীনতাৰ উত্তাপ পাইছিলো আৰু ৰাতিবোৰ কেনেকৈ হৈ উঠে বনৰীয়া, শিকিছিলোঁ? ৰিক্সাত উঠি সুহুৰিয়াই সুহুৰিয়াই চহৰখনৰ মানচিত্ৰ পঢ়ি থকা সময়বোৰ–ষ্টেডিয়ামৰ উদং চিৰিত বহি, থৰ লাগি আকাশ চোৱা আবেলিবোৰ–ৰং সনা ফাকুৱা, মম জ্বলোৱা দেৱালী এইবোৰৰ অযুত স্মৃতিৰ বাবেই কি বাৰে বাৰে যোৰহাট বুলিলে মই শিহঁৰিত হওঁ ? ৰোমাঞ্চিত হওঁ ?

আচলতে যোৰহাট সেইখন চহৰ–আজি অতদিনৰ পাছতো মোৰ এনে লাগে, মই যাম বুলি তাত কোনোবা অধীৰ আগ্ৰহ-অপেক্ষাৰে ৰৈ আছে। এনে লাগে তাত সেই আবদাৰ এতিয়াও আছে–
“ব’লা, ‘দীপক’ত ম’মো’ খাম আজি।”
“ব’লা, কলেজৰ পাৰ চোলাধৰালৈ খোজকাঢ়ো আমি।”
“ঐ ৰিক্সা… ৰ’বা–ঐ আহানা, স্মৃতিগোপালত নতুন অসমীয়া চিনেমা লাগিছে।”

এনে আলাপ-সংলাপৰ সান্নিধ্য সৌৰভৰ পাছত এখন চহৰ কেনেকৈনো নিস্তৰংগ-নিস্তেজ হৈ থাকে· ষ্টিট লাইট নথকা আলিবাটবোৰো কথাৰ পোহৰত আলোকিত হৈ পৰে।

আমি কুঁৱলীৰ মাজেৰে খোজকাঢ়ো। লেডাৰৰ জেকেটত লিপিট খাই পৰে ডিচেম্বৰৰ শীত। বতাহে চুলি আৰু কামিজ উৰুৱাই নিয়া সময়বোৰক আমি ফাগুন নাম দি জোকাওঁ। অথচ আমি জানো, প্ৰেমত পৰিলে সকলো মানুহৰ বুকুত শীতৰ কঁপনি থাকে। বসন্তৰ ৰাগী লগা বতাহ-বৰ্ষাৰ গান যেন বৰষুণ থাকে। প্ৰেমত সেইবাবেই নাথাকে ঋতুৰ হিচাপ নিকাচ। তাৰ পিছতো…তাৰ পিছতো আমি কথা পাতো–এতিয়া কি মাহ ? ফাইনেল পৰীক্ষালৈ আৰু কিমানদিন বাকী কলেজত বন্ধুবোৰে জোকায়–‘কাপ প্লেট তঁহত।’ আমি কওঁ–‘আমি বন্ধু।’ কবিতাৰ ক্লাছত জ্যোতিৰেখা বাইদুেৱে হাঁহি হাঁহি গাই থৈ যায় ‘কুছ কুছ হোতা হ্যে’ৰ সংলাপ–‘বন্ধুত্বই প্ৰেম, প্ৰেমেই বন্ধুত্ব।’ বীৰেনদাৰ কেণ্টিনৰ নীলা পৰ্দাখন গুচাই মই একান্তমনে আকাশখনলৈ চাওঁ। আৰু গালত হাত থৈ কোমল, স্বচ্ছ, লাজুকীয়া কাহিনীয়ে কেম্পাছ উখল-মাখল হৈ থাকে। নাটকৰ ক্লাছত উৎসুক মুখবোৰে তধা লাগি শুনে, স্বামিম বাইদেৱে পঢ়ুওৱা সুকান্ত-হীৰামনিৰ সম্পৰ্কৰ জটিল আখ্যান। এদিন বাইদেউক সুধো–এজন মানুহৰ লগতে গোটেই জীৱন কেনেদৰে থকা যায় আচলতে ? ?

আমি ৰাজমাও পুখুৰীৰ পাৰত প্ৰায়ে বহো–এপুখুৰী পানীত থমথমীয়া আবেলিতো ডুব যায়। সন্ধ্যাতৰা ওলাই আকাশত। আমি বহিয়ে থাকো। শব্দহীন প্ৰেমৰ চহৰ। তাৰ পিছতো আমি মুখ ফুটাই ভালপোৱাৰ কথা নকওঁ। নে আমি হীৰুদাক মনত ৰাখো–প্ৰেম নিৰ্জনতাৰ প্ৰতীক !!

প্ৰেমত একো নাথাকে–দাবী, চৰ্ত, অহংকাৰ, ত্যাগ, ক্ষমা, বুজাপৰা, এইবোৰ একো নাথাকে। একো নাথাকে বাবেই সেয়া প্ৰেম। চৰ্তহীন, স্বাৰ্থহীন, নিৰ্লোভ ভালপোৱা। সেই চহৰে মোক অন্ততঃ এই কথা শিকায়। প্ৰেমে মানুহক সাহস আৰু সকাহ দিয়ে। কান্দিবলৈ এখন কান্ধ দিয়ে। আপোন কোনো নথকা বুলি নিঃস্ব হৈ পৰা সময় এখিনিত এবুকু উম দিয়ে। অথচ প্ৰেমৰ চহৰ হৈ উঠে কাৰোবাৰ বাবে প্ৰতাৰক অথবা বিশ্বাসঘাতকো। জয়শ্ৰী অহা নাছিল এসপ্তাহ কলেজ–তাই প্ৰত্যাখা কৰা আকোঁৰগোজ ল’ৰাটোৱে তাইৰ মুখত এছিড ঢালি দিয়াৰ ভাবুকি দিছিল। কলেজৰ শেষৰ বছৰত একেবাৰে ভাগি পৰিছিল মোৰ বন্ধু ময়ুৰ। তাৰ দেউতাক ঢুকাইছিল ফাইনেল পৰীক্ষাৰ দুমাহ আগত–এমাহ আগত তাৰ লগত থকা সম্পৰ্কটো ভাঙিছিল হিমাশ্ৰীয়ে। বৰ সহজ উত্তৰ এটা তাইৰ পৰা আহিছিল–মোৰ তেওঁক ভাল নলগা হৈ আহিছে। হায়দৰাবাদৰ হোষ্টেলত বন্ধুৱে ৰ’ডেৰে কোবাই হত্যা কৰিছিল ধ্ৰূৱক–মোৰ সেই চহৰৰ প্ৰিয় বান্ধৱী লীৰ প্ৰেমিক আছিল যি। বৃষ্টিক তাইৰ প্ৰেমিকে বিশ্বাসঘাটকতা কৰিছিল–যি প্ৰেমিকৰ বাবেই ডুমডুমাৰ পাৰ তাই পঢ়িবলৈ আহিছিল সেই চহৰলৈ। সেই প্ৰেমিকে চহৰখনত গল্প উৰুৱাই ফুৰিছিল–কথাৰে কাপোৰ খুলিছিল এসময়ত হাতত হাত থোৱা ছোৱালীজনীৰ। প্ৰতম আৰু কৌশিকৰ বন্ধুত্ব ভাগিছিল–হায়াৰ চেকেণ্ডাৰী পঢ়ি থাকোতেই দুয়োটাই একেজনী ছোৱালীৰ চকুত নিজক বিচাৰি পাইছিল।

আৰু আছিল কাব্য। কাব্যাঞ্জলি। যাক মই ‘এটাপ্ৰেমৰ গল্প’ লিখিছিলো। ঋষিৰাজ নামৰ তবলাবজোৱা এক সুদৰ্শন ব্ৰাহ্মণ যুৱকলৈ কজেৰ তিনিটা বছৰ তাই অব্যক্ত অনুৰাগ পুহি ৰাখিছিল। জাত-পাতৰ ওখ জেওৰাখন পাৰ হৈ তাৰ ওচৰলৈ যোৱাৰ সাহস নাছিল তাইৰ। তাতকৈও বেছিকৈ হয়তো বাধা দিছিল প্ৰত্যাখিত হোৱাৰ ভয় আৰু নতজানু নোহোৱাৰ জেদে। প্ৰেমৰ নামত গঢ়ি উঠা-গঢ়ি নুঠা কিছু বিচিত্ৰ সম্পৰ্ক দেখুৱাইছিল চহৰখনে। প্ৰেমৰ চহৰে।

তাৰপিছতো শোক আৰু হাঁহিৰ এই বিপৰীত অভিব্যক্তিয়ে চহৰখনক কোবাই থকাৰ পাছতো, যোৰহাট মোৰ বাবে প্ৰেমৰ চহৰ হৈ থাকিল। কিয়নো বৰপাত্ৰ আলিৰ কাষৰ সৰা সোণাৰু এপাহ যোৰহাটতেই মই ডায়েৰীত সাঁচিছিলোঁ। ভাবিছিলোঁ–এইপাহ ফুল এই ফুলাম সময়ৰ স্মৃতি হ’ব। প্ৰতিশ্ৰুতিহীন সম্পৰ্ক এটাৰ সোঁৱৰণী হ’ব। চহৰখন এৰি যোৱাৰ সময়ত, হোষ্টেলৰ আগৰাতি বহুতলৈকে মনত পেলাই কান্দিছিলোঁ। কেৱল তেৱেঁই নহয়, বহুজনে–এৰা, বহুজনে ইে চহৰত মোক প্ৰেমৰ পৰিভাষা বুজাই থৈ গৈছিল। যিবোৰ মানুহৰ গাত গা লগাই, কান্ধত হাত থৈ আৰু কেতিয়াও সময় কটোৱা নাযাব।

এজন মানুহৰ লগত গোটেই জীৱন একেলগে থাকিব নোৱাৰিম বুলি ভবা এই পূব আৰোপিত ধাৰণাৰ বাবেই তেওঁৰ লগতো একেলগে থকাৰ কথা ভবা নহ’ল। তাৰ পিছতো কিন্তু সেই গোপন বিশ্বাস থাকি গ’ল–এই চহৰত যেন মোলৈ আজিও কুঁৱলী পিন্ধি থকা গছবোৰ, ঘৰবোৰ, নিতাল মাৰি থকা বাটবোৰ আৰু ৰোমাঞ্চিত হওঁ।

বুজি পাওঁ–এই চহৰ কিয় মোৰ প্ৰিয় চহৰ।

তেজ-মঙহৰ পুতলাবোৰ তেজত লুতুৰি-পুতুৰী হৈ পৰি ৰোৱা বিধবস্ত চিৰিয়াৰ ছবি দেখি মাথোঁ সেই অলীক কামনা কৰোঁ–প্ৰতিখন চহৰ, বিশ্বৰ প্ৰতিখন চহৰ প্ৰেমৰ চহৰ হওঁক।

অধিকাৰৰ বাবে যুদ্ধ লাগে। যুদ্ধ জৰুৰী। কিন্তু প্ৰেম এনে এক মুগ্ধকৰ অনুভূতি–নিৰ্বিবাদে, নিঃচৰ্তে যি সৰ্বস্ব অধিকাৰ, আনক সঁপি দিব পাৰে। যুগে যুগে প্ৰেম সেইবাবেই বন্দিত-বৰেণ্য। যুদ্ধতকৈ শ্ৰেষ্ঠ।

-পঞ্চানন হাজৰিকা

LEAVE A REPLY

Please enter your comment!
Please enter your name here