জীৱন মাধুৰী নেওগ বৰা

বাৰাণ্ডাৰ পৰা নামি আহি লনখনত ভৰি দিয়েই বিজয়লক্ষ্মীৰ মনতো জুৰ পৰি গ’ল। চেঁচা মাটিৰ স্পৰ্শই তেওঁৰ দেহ-মনলৈ আনি দিলে এক নতুন অনুভূতি। সতেজতা অনুভৱ কৰাৰ লগতে পালে নতুন উদ্যম।

সদায় দেখি থকা সেউজীয়া দূবৰিৰ দলিচাখনেও যেন আজি নতুন ৰূপ লৈছে। চৌদিশে ফুলি থকা ৰং-বিৰঙৰ ফুলবোৰে যেন হালিজালি উলাহত হাঁহিছে। ফুলগছৰ মাজে মাজে থকা লাইটবোৰৰ পোহৰ নিষ্প্ৰভ কৰি নতুনকৈ লগোৱা ৰঙা-নীলা-সেউজীয়া লাইটৰ পোহৰে গোটেই চৌহদটোকেই মায়াময় কৰি তুলিছে। আহল-বহলকৈ লগাই থোৱা চামিয়ানাৰ তলত সজাই থোৱা হৈছে বিভিন্ন ধৰণৰ ভিন্ন ধৰণৰ চকী। কাষে কাষে একোখন সৰু সৰু মেজ। নাওখনৰ দৰে সজাই থোৱা কাষৰ চালিখনৰ তলত খোৱাবস্তু থোৱা বিভিন্ন  সামগ্ৰী। ‘অনন্ত-বিজয় প্ৰকাশন’ আৰু ‘মৰমী পঁজা’ দুয়োটা গৃহতে ওলোমাই দিয়া বিভিন্ন আলোকে চৌপাশ আলোকিত কৰি তুলিছে হেঁপাহত। পৰাগৰ তত্ত্বাৱধানত বৰ বিতোপনকৈ কৰা প্ৰস্তুতিবোৰ প্ৰায় শেষ হৈ আহিছে। কাইলৈ পুৱা হ’বলৈনো কেইঘণ্টা বাকী !

কাইলৈৰ পৰা পুৱাৰ পৰা ৰাতিলৈকে এই প্ৰাংগণ গিজগিজাই থাকিব মানুহেৰে। সৰু সৰু ল’ৰা-ছোৱালীৰ লৰা-ঢপৰা আৰু কল-কাকলিৰে মুখৰ হৈ থাকিব ‘মৰমী পঁজা’। কাইলৈ দিনটো সুকলমে পালন কৰিবৰ কাৰণে নেদেখাজনলৈ হাতযোৰ কৰি প্ৰাৰ্থনা জনালে বিজয়লক্ষ্মীয়ে। ফুলনিৰ মাজত ওখ এখন আসনত সজাই থোৱা অনন্ত বৰুৱাৰ ছবিখনলৈ চাই বিজয়লক্ষ্মীৰ মূৰ দোঁ খাই গ’ল কৃতজ্ঞতাত। তেওঁৰ ত্যাগ, পৰিশ্ৰম আৰু সৎ ব্যক্তিত্বৰ বাবেই কাইলৈ কৰিব খোজা অনুষ্ঠানটো তেওঁ আয়োজন কৰিবলৈ সাহস কৰিছে।

বিজয়লক্ষ্মীৰ জলজল-পটপটকৈ মনত আছে সেই দিনবোৰ। অনন্ত বৰুৱাই তেওঁক বিয়া কৰাই আনোতে এটি খেৰৰ জুপুৰি  আছিল এই মাটিখিনিৰ মাজভাগতে। চাৰিটা কোঠা থকা ঘৰটোৰ তিনিটা তেওঁঁলোকে ব্যৱহাৰ কৰিছিল। তুলনামূলকভাৱে ডাঙৰ আনটো কোঠাত আছিল এটা ছপাশালৰ যন্ত্ৰ। দিনে-ৰাতিয়ে এই ছপাশালটোত ব্যস্ত আছিল তেওঁৰ স্বামী অনন্ত বৰুৱা। লগত সহায় কৰিছিল অনন্তৰ শৈশৱৰে বন্ধু পদুমে। সীমিত সুবিধা থকা ছপাশালটো তেওঁ নিজেই চলাই অলপ অলপকৈ ছপা কাম কৰি উলিয়াইছিল। লাহে লাহে বিজয়লক্ষ্মীয়েও দুই-এটা কামত সহায় কৰি দিছিল। আখৰৰ সৰু সৰু ব্লকবোৰ জুপি জুপি চাই বাক্য সজোৱা কামটো তেওঁৰ বৰ ভাল লাগিছিল। পৰিশ্ৰমী অনন্তই পুৱাৰ পৰা ৰাতি এপৰলৈ কামত ব্যস্ত আছিল। মাজে মাজে ছপাকাম বিচাৰিও ইফালে-সিফালে যায়। অনন্তৰ সৰল ব্যক্তিত্ব, মধুৰ ব্যৱহাৰ আৰু সততাৰ বাবেই কেইবাজনো বিশিষ্ট লেখকৰ কিতাপ প্ৰকাশ কৰাৰ দায়িত্ব পাইছিল। সময় দিয়া মতে আৰু নিখুঁতভাৱে উলিওৱা তেওঁৰ ছপাকামৰ বাবে দিনে দিনে গ্ৰাহক বাঢ়িছিল। বাঢ়িছিল মান-যশ। দোপতদোপে উন্নতি কৰা অনন্তৰ সৰলচিতীয়া স্বভাৱটো কিন্তু একেই আছিল। অত্যাধুনিক যন্ত্ৰ-পাতিৰে তেওঁৰ ছপাশালটো তেতিয়া চহৰখনত লেখত ল’বলগীয়া। গ্ৰাহক বাঢ়িছিল বাবেই ব্যৱসায়ো বাঢ়িছিল। নতুন নতুন কৰ্মচাৰী বহুত থাকিলেও অনন্তই আগৰ দৰেই সকলো কাম নিজে কৰিছিল বা কাৰোবাক শিকাই লৈ তদাৰক কৰিছিল।

এনে স্বচ্ছল অৱস্থাৰ মাজতে ডাঙৰ হৈ অহা তেওঁলোকৰ চাৰিজন পুত্ৰ পিতৃ-মাতৃৰ দৰেই আছিল সহজ-সৰল আৰু বিনয়ী। তেওঁলোকৰ সৃজনী প্ৰতিভা আৰু বুদ্ধিমত্তাও অপৰিসীম। উচ্চ শিক্ষাৰে শিক্ষিত শান্তম আৰু প্ৰীতমে নিজে ইচ্ছা কৰি দেউতাকৰ প্ৰতিষ্ঠানটোত যোগ দিয়াত প্ৰতিষ্ঠানটোৱে বেলেগ মাত্ৰা পালে। এতিয়া গ্ৰন্থৰ সুন্দৰ বান্ধোন আৰু প্ৰীতমে কিতাপৰ নামৰ লগত ৰজিতা খুৱাই আঁকি দিয়া বেটুপাতৰ ছবিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অনন্ত বৰুৱাই চাৰিওজন পুত্ৰৰ বাবে একেলগে অথচ স্বাধীনভাৱে থাকিব পৰাকৈ চাৰিমহলীয়া আটকধুনীয়া গৃহ এটি নিৰ্মাণ কৰালে। বিজয়লক্ষ্মীয়ে গৃহটোৰ নাম দিলে ‘মৰমী পঁজা’।

সময়ত ডাঙৰ দুজন পুত্ৰ শান্তম আৰু প্ৰীতমৰ বিয়াও পাতি দিলে এইখন চোতালতে। উচ্চপদস্থ চৰকাৰী বিষয়াৰ উচ্চ শিক্ষিতা দুহিতা আছিল শান্তমৰ পত্নী। প্ৰীতমৰ পত্নী আছিল দেশে-বিদেশে নানা ব্যৱসায় থকা নামী সফল ব্যৱসায়ীৰ জীয়ৰী। দুয়োটা পৰিয়ালে উপযাচি তেওঁলোকৰ কন্যাৰ বাবে লৈ অহা বিয়াৰ প্ৰস্তাৱক ‘আগ্ৰহক নেওচা দিব নাপায়’ বুলি ভবা বৰুৱা দম্পতীয়ে সাদৰেৰে সন্মতি জনাইছিল। অৱশ্যে ল’ৰাহঁতৰ মতামত লৈহে। বিদূষী আৰু সুন্দৰী কন্যা দুগৰাকী মনোমত নোহোৱাৰ থলো নাছিল। দুদিন অগা-পিছাকৈ হৈ যোৱা শান্তম-প্ৰীতমৰ বিয়াৰ পাছত বহুদিনলৈ ঘৰখন উদুলি-মুদুলি হৈ আছিল। আলহী-দুলহীৰ উপৰি ন-মিতিৰৰ দুয়োখন ঘৰৰ পৰা মানুহৰ অহা-যোৱা চলিয়েই আছিল। তেওঁলোকেও নতুন জী-জোঁৱাইক লৈ অ’ত-ত’ত পাৰ্টী কৰি ব্যস্ত থকাত অনন্তই অকলেই প্ৰকাশনৰ কাম-কাজ চম্ভালিছিল। অৱশ্যে পদুমৰ অসুস্থতাৰ হেতু পৰাগে বহুত সহায় কৰি দিছিল। উলহ-মালহৰ মাজতে বিশেষ কাম নোহোৱাকৈয়ে এটা নহয়, দুটাকৈ বছৰ বাগৰি গৈছিল। ইয়াৰ মাজতে শান্তম আৰু প্ৰীতমৰ দুখন নতুন বিলাসী গাড়ী হ’ল। ঘৰৰ ব্যৱসায়ত নহ’লেও ক’ৰবাত কিন্তু দুয়োটা বৰ ব্যস্ত আছিল। প্ৰীতমে সঘনাই পত্নীক লৈ দিল্লী, মুম্বাই, ডুবাইলৈ কিয় আহ-যাহ কৰিছিল– বৰুৱা দম্পতীয়ে সোধা নাছিল। অনন্তৰ মতে নিজৰ পুত্ৰ হ’লেও তেওঁলোকৰো একোখন সুকীয়া সংসাৰ এতিয়া। নিজে নক’লে একো সুধিব নালাগে। বিজয়াই স্বাভাৱিক অন্তৰ্দৃষ্টিৰে পিছে দেখিছিল– ক’ৰবাত কিবা এটাৰ অভাৱ হৈছে। কৃত্ৰিম অপ্ৰয়োজনীয় অভাৱ। যিটো এই পৰিয়ালত নাছিল বাবেই সকলো সুখী আছিল। মুকলি মনৰ আছিল। বিজয়াই অনন্তক ক’ব খুজিও কোৱা নাছিল, কিজানি তেওঁ শাহু-বোৱাৰীৰ চিৰন্তন ঈৰ্ষা বুলি দুখ পায়। কোনেও কাকো ক’ব নোখোজা কথাবোৰ সেইদিনাহে স্পষ্ট হ’ল– যেতিয়া শান্তম-প্ৰীতম দুয়ো সপৰিয়ালে অসমৰ বাহিৰত থাকি অন্য ব্যৱসায় কৰাৰ কথা ক’লে। ‘কি ব্যৱসায়’ বুলি সুধিব খুজি অনন্ত ৰৈ গ’ল। নিজ পুত্ৰৰে মুখকেইখন বৰ অচিনাকি অচিনাকি লাগিল তেওঁৰ। হৃদয়ৰ তলিলৈকে দেখা পোৱা সেই সৰল মুখৰ ঠাইত এয়া যেন কপটতাই ঢাকি ৰখা মুখ।

প্ৰথমবাৰৰ বাবে তেওঁ এটা কথাই স্পষ্টকৈ বুজি পালে– জন্ম হোৱা ঘৰখনৰ শিক্ষা আৰু আদৰ্শই সৰুৰে পৰা সন্তানৰ ওপৰত যিমানেই প্ৰভাৱ পেলাওক লাগে, বাহ্যিক আড়ম্বৰপূৰ্ণ ভোগবাদী সমাজখনৰ ধুমুহাৰ গতিয়ে তাক নিমিষতে ধূলিস্যাৎ কৰি দিব পাৰে। নিবিচৰাকৈয়ে কিছুমান খবৰ মানুহৰ কাণত পৰাৰ দৰে বৰুৱা দম্পতীৰ কাণতো পৰিল। উচ্চপদস্থ শহুৰেকৰ দুৰ্নীতিৰ টকাৰে শান্তমে ব্যৱসায়ত নামিছে। এনে এটা ব্যৱসায় যি ব্যৱসায় কৰি বহুত ধনী হ’লেও সমাজত উচ্চ শিৰে থিয় হ’ব নোৱাৰে। তেনেকৈ প্ৰীতমেও শহুৰেকৰ চোৰাং ব্যৱসায়ত হাত উজান দিছে। ‘পৃথিৱীখন তেনেই সৰু হৈ গ’লেও মনবোৰতো সৰু হ’ব নালাগিছিল।’ –বিজয়লক্ষ্মীয়ে ভাবিলে যদিও এটা শব্দও উচ্চাৰণ নকৰাকৈ ‘মৰমী পঁজা’ৰ চতুৰ্থ আৰু তৃতীয় মহলাৰ মূল দুৱাৰ দুখন বন্ধ কৰি দিলে চাবিৰে। লগে লগে বন্ধ কৰি ল’লে পুত্ৰস্নেহত আৱেগিক হৈ পৰা হৃদয়ৰ দুৱাৰ দুখনো।

অন্য পিতৃ-মাতৃৰ দৰে বৰুৱা দম্পতীয়ে সন্তানক লৈ কেতিয়াও সপোন দেখা নাই। বাস্তৱত সন্তানে দিয়া খোজকেইটাহে তেওঁলোকে লক্ষ্য কৰে। নিৰীক্ষণ কৰে তেওঁলোকৰ অভিৰুচি, বুদ্ধিমত্তা আৰু পাৰ্গতালি ক’ত প্ৰকাশ পায়। সেইমতেই সন্তানৰ ৰুচি আৰু ইচ্ছা অনুসৰি আগবাঢ়ি যাবলৈ সুযোগ-সুবিধা দিয়ে।

সৰু থাকোঁতেই কেমেৰা এটা লাগে লাগে কৈ আমনি কৰি থকা ‘ঐনিতম’ক দেউতাকে এটা কেমেৰা কিনি দিছিল। কেমেৰাটো অনবৰত বুকুত সাবটি লৈ থকা ঐনিতমে ডাঙৰ হৈ ফটো তুলিবলৈ শিকাৰ পাছত গছ, ফুল, চোতাল, ঘৰ, মাক-দেউতাক, ককায়েক-ভায়েক, গৰু, কুকুৰ আটাইৰে ফটো তুলি ফুৰিছিল। স্থিৰ ফটো তুলি অভ্যস্ত হোৱাৰ পৰৱৰ্তী সময়ত দামী কেমেৰা, তাৰ পিছত ভিডিঅ’ কেমেৰাত দেউতাকৰ সহায় লৈ প্ৰেছৰ কৰ্মচাৰীয়ে কাম কৰা, মাকহঁতে কাম কৰা দৃশ্যবোৰ কেমেৰাত আবদ্ধ কৰি লৈ দেখুৱাইছিল সকলোকে। বেছ সুন্দৰ চিত্ৰপট বিচাৰিব জানে ঐনিতমে।

সেই ঐনিতম এদিন ‘গ্ৰাফিকছ ডিজাইন’ৰ ক’ৰ্ছ কৰিবলৈ মুম্বাইলৈ গৈছিল। প্ৰায়ে খা-খবৰ পাই থকা মাক-দেউতাকে লাহে লাহে মন কৰিলে ঐনিতমৰ অহা-যোৱা, খা-খবৰ লোৱাৰ সময়বোৰ সেৰেঙা হৈ আহিছে। ব্যস্ততা যিমান বাঢ়িছে উপাৰ্জনো সিমানেই বাঢ়ি গৈছে। অত্যাধুনিক ভিডিঅ’ কেমেৰা কেইবাটাও কিনাৰ উপৰি মুম্বাইৰ মাজমজিয়াতে ফ্লেট এটা কিনি লোৱা বুলি শুনি মাক-দেউতাকে যিমান আনন্দিত হ’ব লাগিছিল, সিমান আচৰিতহে হ’ল। চিন্তিতও হ’ল। ক’ৰ পৰা আহিল ইমান টকা। এই সহজ-সৰল প্ৰকৃতিক ভাল পোৱা ল’ৰাটো প্ৰলোভনৰ ধুমুহাজাকত বিধবস্ত হৈ পৰিছে নেকি· শুনিলে সেইটোৱেই হৈছে। পৰাগে কৰ্মচাৰী এজনৰ অসুখ দেখুৱাবলৈ মুম্বাইলৈ যাওঁতে দেখি-শুনি অহা কথাবোৰ ক’বও নোৱাৰে নকৈও নোৱাৰে। ঐনিতমৰ ফটো তোলাৰ চখ গৈ গৈ  ব্লু-ফিল্মৰ ব্যৱসায় পালেগৈ। কোনোবা যুৱতীৰ লগত ‘লিভ-টুগেদাৰ’ কৰে। …ব্লু-ফিল্মৰ নাম নুশুনা বিজয়লক্ষ্মীয়ে লিভ টুগেদাৰ কি বস্তু বুজি নাপালে। অনন্ত বৰুৱাই শব্দটো শুনিছে অৰ্থহে নাজানে। জনাৰ প্ৰয়োজনো বোধ কৰা নাই। ঐনিতমক তেওঁলোকে ঘৰলৈ ঘূৰাই অনাৰ কথাই ভাবিলে। আহিলে সুধিব– এই শব্দটোৰ লগত তাৰ নাম জড়িত হ’ল কেনেকৈ? ফিল্মৰ বিষয়ে সিনো জানে কি? পৰাগৰ পৰা এই ব্ল-ফিল্মৰ অৰ্থ জনাৰ পিছত ঐনিতমক ঘৰলৈ ঘূৰাই অনাৰ সময়েই নাপালে অনন্ত বৰুৱাই। এই অচিনাকি শব্দটোৱে তেওঁৰ বিবেকত ইমান জোৰে জোৰে খুন্দা মাৰিলে যে কোনো এটা দিনত মুহূৰ্ততে তেওঁ মাটিত ঢলি পৰিল। ঘটনাৰ আকস্মিকতাত ডাক্তৰ আহি মাথোঁ এটাই শব্দ ক’লে– ‘ব্ৰেইন হেমৰেইজ’।

সকলো শেষ হৈ যোৱাৰ পাছতো অনন্ত বৰুৱাই সততাৰে গঢ়ি থৈ যোৱা ‘মৰমী পঁজা’ৰ বেলকনিত অকলশৰে থিয় হৈ আছে বিজয়লক্ষ্মী। এই মৰমী পঁজা সততাৰ আলোকেৰে আলোকিত কৰি ৰাখিব তেওঁ। কোনো সুৰুঙাৰে তেওঁ আন্ধাৰ সোমাবলৈ নিদিয়ে। আন্ধাৰ সোমাব খোজা দুখন দুৱাৰ তেওঁ ইতিমধ্যে বন্ধ কৰিয়েই দিছে। তৃতীয় মহলাৰ মূল দুৱাৰখনো এইবাৰ তেওঁ গাৰ জোৰেৰে বন্ধ কৰি চাবিটো পকাই দিলে। গধুৰ বুকুখন তেওঁ জোকাৰি পেলালে। বুকুত ইমান দিনে ভৰি থকা চেনেহ-আৱেগবোৰ সিঁচৰতি হৈ পৰি গ’ল মৰমী পঁজাৰ প্ৰান্তে প্ৰান্তে। মনটো মুকলি কৰি বিজয়লক্ষ্মী নামি আহিল সৰু পুত্ৰ নিতমৰ লগতে একেলগে চাহ একাপ খাব বুলি। তলৰ মহলাৰ শেষ চিৰিটোত ভৰি দি দেখিলে হাতত গীটাৰখন লৈ নিতম, ইতিমধ্যে ওলাই গৈ গাড়ীত উঠিছে। বাৰাণ্ডাখনতে বহি তেওঁ অস্ত যাব খোজা বেলিটোলৈ চাই ৰ’ল। অস্ত যোৱাৰ সময়তো ইমান উজ্জ্বল সূৰ্যটো।

কানিমুনি পৰত নিতম আহিছে নেকি চাবলৈ তেওঁ আকৌ বাৰাণ্ডালৈ ওলাই আহিল। সি যোৱা বহুত পলমেই হ’লচোন। বিজয়লক্ষ্মীয়ে দেখিলে নিতম নহয়, বস্তিৰ মুনিহ-তিৰোতা কেইজনমানহে গেটখন মেলি সোমাই আহিছে। বোধহয় কাম বিচাৰি আহিছে। তেওঁ বাৰাণ্ডাৰ পৰা নামি চিৰিত থিয় হ’ল। মানুহখিনি তেওঁ থিয় হৈ থকা চিৰিটোৰ তলতে থিয় হ’ল। কিয় আহিছে সোধাৰ আগতেই এগৰাকী তিৰোতাই কিশোৰী এজনীৰ হাতখনত ধৰি তেওঁৰ ফালে আগুৱাই দিলে। গঢ়িত নাক-মুখৰ মিঠা বৰণৰ মৰম লগা ছোৱালীজনীৰ চুলিবোৰ আউলি-বাউলি। কান্দি কান্দি উখহি যোৱা চকুযোৰত পানীবোৰ এতিয়াও উপচি আছে। ছোৱালীজনীৰ বাহুত মৰমেৰে হাত থৈ কি হৈছে সুধিলে তেওঁ। কাষত ৰৈ থকা তিৰোতাগৰাকীয়ে ক’লেঃ  ‘তাই কথা ক’ব নোৱাৰে মাঈজী। কাণেৰেও নুশুনে। নাম তাইৰ চুমী।’ তিৰোতাগৰাকীৰ পৰাই বিজয়লক্ষ্মীয়ে জানিলে মাক-দেউতাক নোহোৱা ছোৱালীজনীয়ে জাৰণিত খৰি লুৰিবলৈ যাওঁতে ধৰ্ষণৰ বলি হ’ব লগা হ’ল। দৌৰি দৌৰি জাৰণিৰ মাজৰ পৰা কান্দি কান্দি ওলাই অহা ছোৱালীজনীৰ হাতৰ ইংগিতত তেওঁলোকে এখন ৰঙা গাড়ী সেই ঠাইৰ পৰা আঁতৰি যোৱাহে দেখিছিল। অভিযুক্ত কোন তেওঁলোকে নাজানে। এতিয়া উপায় বিচাৰিহে আহিছে তেওঁলোক।

বিজয়লক্ষ্মীৰ ষষ্ঠ ইন্দ্ৰিয় সজাগ হ’ল। ৰঙা গাড়ীহ্ল নিতমৰ ৰঙা গাড়ীখন নহয়তো। সিতো হাতত গীটাৰ লৈ হাবিয়ে-বননিয়ে ঘূৰি ফুৰিবলৈ বৰ ভাল পায়। কিন্তু সংগীত ভাল  পোৱা মনবোৰত ইমান জঘন্য চিন্তা আহিব পাৰে জানো· …মানুহখিনিক দুদিন পাছত আহিবলৈ কৈ তেওঁ চিন্তা কৰি জনাব বুলি ক’লে। বিজয়লক্ষ্মীয়ে ভিতৰলৈ গৈ অনন্ত বৰুৱাৰ ফটোখনৰ কাষত বহি ল’লে। তেওঁৰ লগতেইতো আলোচনা কৰিব লাগিব কথাবোৰ। যদি ক’ৰবাত কেনেবাকৈ নঘটিবলগীয়া কিবা…

ৰাতি ভাত খাই মাকক আজি মাত নলগোৱাকৈয়ে নিতম শুবলৈ যোৱা দেখি মাকে মানে বিজয়াই নিজেই তাৰ ওচৰলৈ উঠি গ’ল। ঘটনাটোৰ কথাবোৰ এটা এটাকৈ কওঁতে মাকে নিতমৰ মুখখন নিৰীক্ষণ কৰি থাকিল। ‘শুই থাকাগৈ। বস্তিৰ কথাবোৰক লৈ তুমি উদ্বিগ্ন কিয়’ বুলি কৈয়েই নিতমে মাকৰ স্থিৰ দৃষ্টিত যেন ধৰা পৰি গ’ল। নিতমে নিজৰ দোষ স্বীকাৰ কৰি ক’লে যে সি নিজেই গম নাপালে হঠাতে কি কৰি পেলালে। আৱেগৰ দুৱাৰ কেতিয়াবাই বন্ধ কৰি দিয়া মাকে বাস্তৱৰ সন্মুখত থিয় হৈ সুধিলে ছোৱালীজনীক বিয়া কৰাবলৈ ৰাজী নে নিতম। ইমানপৰে তলমূৰকৈ বহি থকা নিতম হঠাৎ থিয় হ’ল। কোমল মুখখন তাৰ কঠিন হৈ পৰিল। কি ডাঙৰ ভুল কৰিলেনো সি! কিয় কৰিব বিয়া সেই অশিক্ষিত কলা-বোবা বস্তিৰ ছোৱালীজনীক। এইবোৰ ‘আউটডেটেড’ আদৰ্শক লৈ মূৰ নঘমায় সি। কাইলৈকে ঘূৰি যাব দিল্লীলৈ। বাহিৰৰ গোটেই আন্ধাৰবোৰ যেন সোমাই আহিল কোঠাটোলৈ।

শেষৰ মহলাটোৰো মূল দুৱাৰখনত তলাটো লগাই দুদিন পাছত আহিবলৈ কোৱা বস্তিৰ মানুহখিনিৰ লগত বিজয়লক্ষ্মীয়ে কথা পাতিলে। উপায়ো দিলে। পিছৰ সপ্তাহত এই চোতালতে হ’ব লগা অনুষ্ঠানলৈ নিমন্ত্ৰণো জনালে।

এই অনুষ্ঠানটোৱেই কাইলৈ পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই প্ৰাংগণত। উপস্থিত থাকিব চহৰৰ গণ্যমান্য লোকসকল। মন্ত্ৰী-বিধায়কৰ উপৰি চৰকাৰী বিষয়াও। এই অনুষ্ঠানতে অনন্ত বৰুৱা-বিজয়লক্ষ্মী বৰুৱাৰ গোটেই জীৱনৰ কষ্টোপাৰ্জিত বিশাল সা-সম্পত্তিসমূহ হস্তান্তৰ কৰা হ’ব আইনগতভাৱে। প্ৰতিটো ঘৰৰ মহলাৰ  প্ৰতিটো কোঠাত থাকিব অনাথ শিশুসকলৰ উপৰি সিহঁতক পৰিচালনা কৰা মানুহখিনি। বৰুৱা দম্পতীৰ একমাত্ৰ সন্তান ৰূপে তেওঁলোকৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হ’ব এগৰাকী অনাথ কন্যা।

হাতত মাইক্ৰ’ফোন আৰু কেমেৰা লৈ গিৰগিৰকৈ এজাক সাংবাদিক সোমাই আহিল লনখনলৈ। কাইলৈৰ অনুষ্ঠানটোৰ আগতীয়া সংবাদ পৰিৱেশনৰ বাবে। চৌহদটোৰ কেউফালে ক্লিক ক্লিক শব্দ আৰু বিজুলীৰ দৰে উজ্জ্বল পোহৰ। বিজয়লক্ষ্মী বৰুৱাৰ পৰা যথেষ্ট বা-বাতৰি সংগ্ৰহ কৰাৰ পাছত আটাইবোৰ গৈ অনন্ত বৰুৱাৰ ফটোত ফুলৰ মালা সজাই থকা ছোৱালীজনীক ঘেৰি ধৰি ওপৰা-উপৰিকৈ প্ৰশ্ন কৰিলে। ‘তোমাৰ নামটো ?’ ‘আগতে ক’ত আছিলা’, ‘কেনে লাগিছে কাইলৈ আহিব লগা দিনটোৰ বাবে ?’ ‘হঠাৎ ইমান বিশাল সম্পত্তিৰ মালিক হৈ যাব আপুনি, কেনে লাগিছে ?’ ‘কি ক’ব অনুষ্ঠানটো আৰু বৰুৱা দম্পতীৰ বিষয়ে ?’ কেমেৰা আৰু ফ্লাছ লাইটৰ সন্মুখত ইমানবোৰ মানুহে ঘেৰি ধৰা দেখি বিমূঢ় হৈ পৰা ছোৱালীজনীৰ ওচৰলৈ আগবাঢ়ি গৈ এহাতেৰে সাবটি তাইক গাৰ কাষলৈ আনিলে বিজয়লক্ষ্মীয়ে। তাইক কেমেৰাৰ সন্মুখত সাবটি ধৰি থাকিয়ে তেওঁ লাহে লাহে স্পষ্ট মাতেৰে এটা এটাকৈ ক’লেঃ ‘নাম তাইৰ মৌচুমী। মৌচুমীয়ে কথা ক’ব নোৱাৰে। তাই কাণেৰেও নুশুনে।’…

LEAVE A REPLY

Please enter your comment!
Please enter your name here