বৰ্তমান সময়ৰ নানা আধুনিক ফেশ্বনৰ লগত ফেৰ মাৰি অসমীয়া অসমীয়া নাৰীৰ অতি মৰমৰ সাজ চাদৰ মেখেলা ন ৰূপত ভূমুকি মাৰিছে। এটা সময় আছিল যে যি সময়ত আধুনিকতাৰ পোহৰ দেখা কিছু নাৰীয়ে পৰম্পৰাৰ সাজ-পোছাক বাদ দি ভাৰতীয় ফেশ্বনৰ সাজ পিন্ধি নিজকে সজাই পৰাই ৰাখিছিল। টেলিভিছন, চলচ্চিত্ৰৰ বহুল প্ৰচাৰৰ ফলত টিভিত দেখা নায়ক-নায়িকাই পিন্ধা কাপোৰবেৰে সাধাৰণ নাৰী পুৰুষৰ মন ভৰাই তুলিছিল। শাৰী, চেলোৱাৰ, কুৰ্তা, পুৰুষৰ পায়জামা, পট্লুং পেণ্ট আদি পিন্ধাটো ফেশ্বন হৈ পৰিছলি। নাৰী সকলে শ্বিভলেছ ব্লাউজ, ঘটি হাতৰ ব্লাউজ, অলপ দীঘল হাতৰ ডিঙিত কলাৰ থকা ব্লাউজৰ লগত শাৰী পিন্ধাটো এসময়ত জনপ্ৰিয় হৈ পৰিছিল। আমাৰ অসমৰ নাৰী সকলক আছিল তাঁতা সুত বোৱাত কাজী তিৰোতা। মুলা গাভৰুৰ একে ৰাতিৰ ভিতৰতে স্বামীক কৱচ কাপোৰ তাঁতত বৈ দি যুদ্ধলৈ পঠোৱাৰ কথা কোনে নাজানে। তেনে কাজী তিৰোতা অসম মুলুকত বাৰ বছৰ বাৰ মাহে তাঁত শালত ব’বলৈ কাপোৰ লগোৱা থাকেই। উজনি-নামনিৰ ভেদ নাই। সকলো ঠাইৰে তিৰোতাৰে তাঁতশালখন বুকুৰ আপোন।

এসময়ত তাঁতশালৰ কাম নজনা গাভৰুক বোৱাৰী কৰি অনাও হোৱা নাছিল। ছোৱালীৰ গুন বখানিবলৈ যাওঁতে তাঁতশালৰ কাম জনা নজনাৰ তুলনা দিয়া হৈছিল। সময় সলনি হোৱাৰ লগে লগে অসমীয়া নাৰীয়ে তাঁতশালত কাপোৰ বোৱা কাম কমাই কৰিবলৈ ল’লে। মেচিলত খৰতকীয়াকৈ অত্যাধুনিকভাৱে বোৱা কাপোৰ পিন্ধি সাজোন-কাচোন কৰা অসমীয়া নাৰীয়ে কিন্তু চাদৰ মেখেলাজোৰ এলাগী কৰি নাৰাখিলে। ভিন্ন উৎসৱ, সকাম, বয়িা, সবাহত চাদৰ মেখেলা পিন্ধাটো অপৰিহাৰ্য। পাট মুগা, টচ মুগা, এড়ী মুগা, নুনি, কপাহী আদি কাপোৰৰ সমান্তৰালকৈ বৰ্তমান আমাৰ মাজত জননপ্ৰিয় হৈছে ষ্টেপল  কটন (পখিনি), কেঁচা পাট, ঘিচা পাট, লুধিয়ানা পাট আদি মেটেৰিয়েলেৰে তৈয়াৰী চাদৰ মেখেলা। বৰ্তমান অনলাইন শ্বপিঙৰ দিনত ঘৰতে বহি চাদৰ মেখেলাৰ ব্যৱসায় কৰাটোও সহজ। শুৱালকুছিৰ পাট মুগাৰ বাবেও উজনি অসৰম বিভিন্ন ঠাইৰ বজাৰ এখনো আছে। বৰ্তমান শুদ্ধ নিৰূপণৰ মাপ থকাৰ বাবে  ঠগ খোৱাৰ সম্ভাৱনাও কমিছে। প্ৰাকৃতিক ৰং, ৰাসায়নিক ৰঙৰ সমাহাৰত আটকধুনীয়া চাদৰ মেখেলা এতিয়া অসমৰ নগৰ চহৰ গাঁও সক লোতে জনপ্ৰিয়। পূৰ্বে চাদৰ মেখেলাৰ যি আদৰ আছিল সেয়া এতিয়াও একেই থকা যেন লাগে। ঘৰত যি পিন্ধিয়েই নাথাকক কিয় বাহিৰ ওলাই বিয়া, সবাহ, পূজাত উপস্থিত থাকোতে অসমীয়া নাৰীয়ে ভিন্ন ডিজাইনৰ কাপোৰ পিন্ধে। বৈদ্যুতিন মাধ্যমৰ ভিন্ন অনুষ্ঠানেও চাদৰ মেখেলাজোৰক আদৰি লোৱাত যুৱতী-নাৰী সকলক উৎসাহিত কৰিছে।

চাণ্ডেৰী চিল্কৰ সহজতে কেৰি কৰিব পৰা আউট ফিটত চাদৰ মেখেলা অন্যতম। কনষ্ট্ৰাট চাদৰ মেখেলা, হেভি ডিজাইনৰ ব্লাউজ, তাৰ লগত মিলাই জুৱোলাৰী পিন্ধাটো এতিয়া খুবেই জনপ্ৰিয়। গুৱাহাটীত কেইবাখনো বুটিকত চাদৰ মেখেলাৰ ব্যৱসায়ে জনপ্ৰিয়তা লাভ কৰিছে। অসমৰ চাদৰ মেখেলা বিশ্ব দৰবাৰত জিলিকিছে। দেশ বিদেশৰ ফেশ্বন শ্ব’ত মোহময়ী মডেলে অসমৰ পাট মুগাৰ চাদৰ মেখেলা পিন্ধি ৰেম্পত খোজ কাঢ়িছে। সৌ সিদিনা ‘লেকমি ফেশ্বন উইকত বিপাশা বসু, প্ৰীতি জিণ্টাৰ দৰে অভিনেত্ৰীক চাদৰ মেখেলা পিন্ধা দেখা গ’ল। অসমৰ বাহিৰত এখন বয়িাত অনা অসমীয়া কইনাই বিবাহৰ মুহূৰ্তত পিন্ধিলে চাদৰ মেখেলা। এইবোৰ দেখি শুনি ভাৱ হয় যে তাহানিৰ প্ৰচলিত ব্যাকাংশ ছাঁতে শুকুৱা, মুঠিতে লুকুৱা আমাৰ কাপোৰ সাজ প্ৰকৃততে সৰ্বগ্ৰহণযোগ্য। পূৰ্বৰ হস্তচালিত তাঁতশালত বোৱা কাপোৰ বোৰৰ ওজন বেছি আছিল। উজ্জ্বলতাত তুলনামূলকভাৱে কম আছিল। বৰ্তমান কাৰিকৰী বদ্যিাৰ উত্তৰণৰ লগে লগে যান্ত্ৰিক তাঁতশালত বোৱা চাদৰ মেখেলা পাট মুগা চয়িেই নহওক কিয় পাতল হোৱাৰ বাবে সহজেই পিন্ধিব পাৰি। ‘পিউৰাফাইড’ সূতাৰে তৈয়াৰী বাবে চিকমিকনিত চকুত লগা। এতিয়া চাদৰ মেখেলা পিন্ধাটো এক ফেশ্বন। বিবাহিতা অবিবাহিতা সকলো নাৰীয়ে চাদৰ মেখেলা পিন্ধি Îট্ৰণ্ডি লুক এটা দিয়াৰ চেষ্টা কৰে। পুৰণি ডিজাইনৰ ব্লাউজ হেভি ৱৰ্কৰে পিন্ধাৰ Îট্ৰণ্ড এটা এতিয়া বৰকৈ চলিছে। দীঘলহাতৰ ব্লাউজৰ ফেশ্বন যেন এতিয়া আকৌ উভটি আহিছে। জনজাতীয় আৰ্হিৰ চাদৰ মেখেলাৰো সুকীয়া বজাৰ এখন নথকা নহয়। শেহতীয়াকৈ ব্যক্তিগতভাৱে চলোৱা এক সমীক্ষাত অসমৰ ৯৫ শতাংশ মহিলায়েই চাদৰ মেখেলা পিন্ধি ভাল পায় বুলি জানিব পৰা গৈছে। অসমৰ বিভিন্ন জনগোষ্ঠীৰ সুকীয়া সাজপাৰ আছে। এইবোৰৰ কাৰুকাৰ্য সুন্দৰ। তাৰ মাজতো সমগ্ৰ অসমীয়া নাৰীয়ে নিজৰ সাজোন কাচোনত চাদৰ মেখেলা পৰিদান কৰাতো পৰম্পৰাগত আওতাত পৰে। অসমীয়া গহনা চাদৰ মেখেলাৰ পৰিধানে সোণত সুৱগা চৰায়। গাম্ভীৰ্যপূৰ্ণ এনে সাজপাৰে নাৰীক সুকীয়া মৰ্যাদা দিয়াৰ লগতে ‘ফেশ্বনেল ট্ৰেণ্ডি লুক’ এটাৰো অধিকাৰী কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here