সাধাৰণ ৰোগৰ পৰা উপশম পাবলৈ কেইজনমান ব্যক্তিয়ে আমালৈ কিছু প্ৰশ্ন আগবঢ়াইছিল। তাৰে একাংশ তেওঁলোকৰ হৈ আমি আগবঢ়াইছো ডাঃ অশ্বিনী বেজবৰুৱালৈ।

১) প্ৰশ্নঃ মোৰ নাকটো প্ৰায়ে বন্ধ হৈ থাকে, উশাহ ল’বলৈ কষ্ট হয়। ডাক্তৰক দেখুৱাইছিলোঁ। এলাৰ্জী আছে বুলি ক’লে, ঔষধ দিলে। কিন্তু ভাল নাপালোঁ। এটা পৰামৰ্শ বিচাৰো।

ৰঞ্জু ডেকা/ ৩০ বছৰ/ নলবাৰী

উত্তৰঃ যদিহে ডাক্তৰে এলাৰ্জী আছে বুলি কৈছে তেন্তে ধূলি, ঠাণ্ডা পিৰৱেশ, ধোঁৱা আদিৰ পৰা আঁতৰি থকাটো ভাল। মেন্থল (Menthol Steam) ষ্টিম (Steam) লৈ চাব পাৰে। ভাল নাপালে এন  ENT Specialistৰ পৰামৰ্শ লোৱাটো ভাল, কাৰণ কেতিয়াবা nasal septum Deviation (DNS) থাকিব পাৰে।

২) প্ৰশ্নঃ পিঠিত বগা চোম পৰিছে। খজুৱাই থাকে। কি লগালে ভাল পাম ?

বিনীতা বৰুৱা/ ৩০ বছৰ / দুলীয়াজান, ডিব্ৰুগড়

উত্তৰঃ বোধহয় আপোনাৰ  Fungal infection (Tinea versicolor) হৈছে, গতিকে আপুনি Selenium Sulfide থকা lotion বা shampoo দৈনিক, ২ সপ্তাহ ব্যৱহাৰ কৰিব পাৰে। ভাল নাপালে এজন চৰ্মৰোগ বিশেষত্জ্ঞৰ পৰামৰ্শ ল’ব।

৩) প্ৰশ্নঃ মোৰ কৰঙনৰ চুকত অসহ্য খজুৱতি হৈ আছে। জালিম লোচন লগালে ্লপ ভাল পাওঁ। মই সদায় সেই ঠাইখিনি পৰিষ্কাৰ কৰি ৰাখোঁ। শুকান কাপোৰ পিন্ধো। আপোনাৰ পৰামৰ্শ বিচাৰোঁ।

বিবেক গোস্বামী/১৮ বছৰ/যোৰহাট

উত্তৰঃ আপোনাৰ Fungal infection হ’ব পাৰে, গতিে আপুনি KETOCONAZOLE/TERBINAFINE OINTMENT দিনে দুৱাৰকৈ ২ সপ্তাহ লগাব পাৰে। ঠাইখিনি শুকান কৰি ৰাখিব লাগে। KETO-CONAZOLE containing dusting powder ব্য়ৱহাৰ কৰিব পাৰে।

৪) প্ৰশ্নঃ মোৰ মূৰৰ এটা ফালে বিষ হয়। ডাক্তৰক দেখুৱালোঁ। ক’লে প্ৰচণ্ড মাইপ্ৰেন। চকুটোও বিষায়। মাইগ্ৰেইনৰ পৰ কিদৰে উপশম পাম।

নৃপেন চলিহা/২২ বছৰ/তিনিচুকীয়া বৰদলৈ নগৰ

উত্তৰঃ সুষম আহাৰ (Healthy diet), regular exercise, দৈনন্দিত সময়ত শোৱা, অত্য়ধিতক চাহ, কফী, মদ, বেছি মানসিক চিন্তাৰ পৰা আঁতৰি থাকিব পাৰিলে বহু সময়ত ঔষধ নোখোৱাকৈ Migrain headacheৰ পৰা আৰাম পোৱা যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here