মেডিকেল কলেজ হোষ্টেলৰ আনঅফিচিয়েল ষ্ট’ৰী টেলাৰগৰাকী-ডাঃ সান্ত্বনা বৰদলৈ

আঘোণৰ সেমেকা গধূলি মহানগৰীৰ আমণিত কোলাহলক ভেঙুচালি কৰি সগৰ্বে মূৰ দাঙি থকা এটা আটকধুনীয়া গৃহ। গুৱাহাটী উজানবজাৰৰ এই গৃহটোৰ ওপৰতলাৰ সন্মুখত আছে নয়নজুৰোৱা ঘাঁহনিৰ সৈতে গছ-লতিকা আৰু ফুলৰ বাগিচা। ৰম্যপুৰীত গৃহটোৰ গৃহকৰ্মীও এগৰাকী অনন্য সাধাৰণ নাৰী। যাৰ ব্যক্তিত্বত প্ৰতিভাত হয় স্বকীয় নাৰীসত্তা। কোনোদিনে আত্মপ্ৰচাৰ নিবিচৰা এইগৰাকী নাৰীৰ বিষয়ে জানিবলৈ, তেওঁৰ ভিতৰৰ প্ৰমূল্যক বুজিবলৈ কাষ চাপিছিলোঁ তেওঁৰ। সৰলচিত্তে তেওঁ কৈ যোৱা কথাবোৰৰ আধাৰতে যুগুত কৰা হৈছে এই শিতান–

প্ৰয়াত সুপ্ৰভা দেৱী, কুন্তলা ডেকাৰ পাছত অসমৰ তৃতীয়গৰাকী মহিলা চলচ্চিত্ৰ পৰিচালক ৰূপে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা সফল নাৰীগৰাকী পেছাত চিকিৎসক। ১৯৯৬ চনত মামণি ৰয়ছম গোস্বামীৰ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসখনৰ কাহিনীভাগক লৈ তেওঁ পৰিচালনা কৰা ‘অদাহ্য’ ছবিখনে কঢ়িয়াই আনিছিল ৰাষ্ট্ৰীয় পুৰস্কাৰ। ‘অদাহ্য’ পৰিচালনাৰ কুৰি বছৰৰ ব্যৱধানত পুনৰ ছবিজগতৰ লগত সাঙোৰ খাই পৰি ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ উজলি উঠে। তেওঁৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে ২০১৭ চনত মুক্তি লাভ কৰা ‘মাজ ৰাতি কেতেকী’য়ে শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰাই নহয়, বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱতো বহুলভাৱে সমাদৃত হয়। এফালে গভীৰ ‘জীৱনবোধ’ৰ প্ৰত্যাশা আৰু আনফালে মানৱীয়তাৰ স্খলন এই দুয়োটা দিশৰ অৱস্থিতিৰে ছবিখন যথাৰ্থতে চেলুলয়ডৰ কেনভাছত অঁকা এখন জীৱন্ত পেইণ্টিং! এনে এখন উৎকৃষ্ট কলাত্মক ছবি পৰিচালনা কৰা অনন্যা নাৰীগৰাকীয়েই হৈছে ডাঃ সান্ত্বনা বৰদলৈ। অনাতাঁৰ নাটৰ শিল্পী আৰু এগৰাকী আবৃত্তিকাৰ ৰূপেও যাৰ খ্যাতি সৰ্বজনবিদিত। ছবি পৰিচালকৰূপে তেওঁৰ যি কৃতিত্ব, তাৰ বিপৰীতে ব্যক্তিগত জীৱনত চিকিৎসক হিচাপেও যথেষ্ট সুনাম আছে। পুৰণি গুৱাহাটীৰ সম্ভ্ৰান্ত এলেকা উজানবজাৰতে শৈশৱ আৰু যৌৱন অতিবাহিত কৰা সান্ত্বনা বৰদলৈয়ে জয়ন্ত বৰদলৈৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পৰৱৰ্তী সময়তো একে স্থানতে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়।

‘এটা সময়ত মই বৰ খঙাল প্ৰকৃতিৰ আছিলোঁ জানা। খঙৰ ভমকত স্থান-কাল পাত্ৰ নোচোৱাকৈ বেয়া কথাও কৈছোঁ। এতিয়া বয়সৰ কাৰণে তেজ ঠাণ্ডা হ’ল।’ –বিনয়েৰে বাইদেৱে কৈছিল। তেওঁৰ মতে, বৰ্তমান কম্পিউটাৰ যুগত মানুহৰ জীৱনশৈলী সলনি হ’লেও ভাল-বেয়া অথবা ভুল আৰু শুদ্ধ কৰ্মৰ সংজ্ঞা খুব এটা সলনি হোৱা নাই। ‘আমাৰ দিনত লিভিং টুগেদাৰ, প্ৰি-মেৰিটেল ছেক্স এইবোৰ ভাবিব নোৱৰা কথা আছিল। আজিৰ প্ৰজন্মৰ যুৱক-যুৱতীয়ে সাফল্যৰ সোপান বগাবলৈ ইজনে সিজনক সন্মান কৰিব লাগিব।’সান্ত্বনা বৰদলৈৰ জীৱনলৈও প্ৰেম আহিছিল সংগোপনে। তেওঁ প্ৰথম যিজন ব্যক্তিৰ প্ৰেমত পৰিছিল, তেওঁৰ লগত বিবাহপাশত আবদ্ধ নহ’ল। দুয়োৰে মাজত মতামতৰ ভেদাভেদ সৃষ্টি হোৱাত বৈবাহিক জীৱন সুখৰ নহ’ব বুলি পূৰ্বধাৰণা কৰি সঠিক সিদ্ধান্তই লৈছিল বাইদেৱে।  শিক্ষা জীৱনত অতি মেধাসম্পন্ন সান্ত্বনা বৰদলৈ প্ৰি-ডিগ্ৰী (তাহানিৰ পি ইউ, আজিৰ উচ্চতৰ মাধ্যমিক) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰি মেডিকেল কলেজৰ হোষ্টেলত থাকিবলৈ লয়। জটিল পাঠ্যক্ৰম আৰু অধ্যয়নৰ ব্যস্ততাৰ মাজতো সাপ্তাহিক বন্ধৰ দিনত হোষ্টেলত আৱাসীৰ মাজত তেওঁৰ আছিল এক সুকীয়া পৰিচিতি। তৎমুহূৰ্ততে সাজি লৈ এটা ৰোমাণ্টিক গল্প কৈ দিব পৰা ‘আনঅফিচিয়েল ষ্ট’ৰী টেলাৰ’ত পৰিণত হৈছিল তেওঁ। সহপাঠীৰ মাজতো এনেদৰেই আৰ্জিছিল জনপ্ৰিয়তা। তেওঁৰ মাজত নিহিত হৈ থকা এই বিশেষ গুণটোৰ বীজ পিছে অংকুৰিত হৈছিল শৈশৱতে।

ফ্লেচবেকত শৈশৱৰ ছবি

গুৱাহাটীৰ উজানবজাৰত বাস কৰা বিক্ৰী বিভাগৰ কৰ বিষয়া ৰবীন্দ্ৰলাল-বীণাপাণি বৰুৱা দম্পতীৰ 6টা সন্তানৰ আটাইকেইটাই পঢ়া-শুনাৰ উপৰি গীত-মাত প্ৰভৃতিৰ চৰ্চাতো আগৰণুৱা আছিল। সান্ত্বনা বৰদলৈয়েও (বিবাহৰ পূৰ্বে বৰুৱা) সংগীতৰ আদিপাঠ লৈছিল বায়েক শিখা দত্তৰ পৰা। পঢ়াশলীয়া কালত শনি আৰু দেওবাৰে নিয়মীয়াকৈ গৈছিল মইনা পাৰিজাতলৈ। দেওবাৰৰ দিনটোত পৰিয়ালৰ সদস্যৰ উপস্থিতিত ভায়েক-ভনীয়েকহঁতৰ মাজত এটা মজাৰ খেল চলিছিল। সেই খেলত ভাগ লৈ সান্ত্বনা বাইদেৱে এটা সাধু কৈ নিজেই সেই সাধুটোৰ বিভিন্ন চৰিত্ৰত একক অভিনয় কৰি সকলোকে চমকিত কৰিছিল। ‘পগলা ৰজা’ৰ সাধুৰ কথন আৰু অভিনয়েৰে দূৰৈৰ সম্বন্ধীয় ব্যক্তি, আত্মীয়-স্বজনৰ পৰাও ভূয়সী প্ৰশংসা বুটলিছিল সেই সময়ৰ কণমানিজনীয়ে। ৰবীন্দ্ৰলাল বৰুৱাৰ ঘৰখনত যি সাংস্কৃতিক পৰিৱেশ বিৰাজ কৰিছিল, তাৰ প্ৰভাৱপুষ্ট হৈ শৈশৱতে আবৃত্তি কৰিবলৈও শিকিছিল বাইদেৱে।

ঘৰৰ সমীপতে থকা কুমাৰ ভাস্কৰ নাট্য মন্দিৰত জীৱেশ্বৰ চক্ৰৱৰ্তী, ঈশান বৰুৱা, শৈল বৰুৱাৰ দৰে নামজ্বলা অভিনেতাৰ অভিনয় প্ৰত্যক্ষ কৰি নাটকৰ প্ৰতিও তেওঁৰ ধাউতি বাঢ়ে। সেয়া যোৱা শতিকাৰ ’৬০ৰবদশকৰ একেবাৰে শেহৰ ভাগৰ কথা। ১৯৭১ চনত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কিছুদিনৰ পিছতে তেওঁ নিজেও নাটকত অভিনয় কৰিলে। নাটখন হৈছে ‘পিগমেলিয়নৰ এডাপটেচন’। অসমীয়া ভাঙনিৰ নাট্যৰূপত কৰা অভিনয় আজিও চকুৰ আগত ভাহি আহে। পিছে সেইখন আছিল অনাতাঁৰ নাট।

অনাতাঁৰ শিল্পীৰ জীৱন

এগৰাকী সু-গায়িকা বায়েক শিখাৰ লগত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সংগীত বিভাগত অ’ডিচন দিবৰ বাবে গৈছিল সান্ত্বনা বৰদলৈ। কিন্তু যিহে হ’ল, ক’বলৈকে লাজ লাগে। দেৱেন শৰ্মাৰ সন্মুখত নাৰ্ভাছ কৰি কণ্ঠ পৰীক্ষা দিওঁতে স্কেলেই নিমিলিল। ফলাফল শূন্য। মানে ফেইল কৰিলে। সেইসময়ত আকাশবাণীৰ নাট বিভাগত কৰ্মৰত মহেন্দ্ৰ বৰঠাকুৰে ক’লে–‘নাটকত অভিয়নৰ বাবে এটা অ’ডিশ্যন নিদিয়া কিয় ? ’ বৰঠাকুৰৰ কথাষাৰ তেওঁৰ গাত লাগিল। অ’ডিচন দিলে আৰু উত্তীৰ্ণও হ’ল। সেইদিন অৱধি বাইদেৱে পিছলৈ কাহানিও উভতি চাব লগা হোৱা নাই। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত নীৰেন বৰুৱা, ধীৰু ভূঞা, ধবজেন দাস, মীৰা দাসকে প্ৰমুখ্য কৰি অনেকৰ লগত নাটক কৰিলোঁ। ঘন হাজৰিকাৰ ‘সুৰংগৰ শেষত’ নাটখন তেওঁৰ বাবে স্মৰণীয় হৈ ৰ’ল। নীলু চক্ৰৱৰ্তীৰ লগত কৰা প্ৰডাকচনৰ কামবিলাকে তেওঁক অত্যন্ত তৃপ্তি দিলে।

‘এজাক জোনাকীৰ জিলমিল’ নাটখনৰ কথা মনত পৰিলে এই বয়সতো তেওঁ আৱেগিক হৈ পৰে। আকাশবাণীত পাছলৈ নাটক কৰোঁতে ৰুণু দেৱী, মলয়া গোস্বামীক যিদৰে পালে, তদনুৰূপে জীৱেশ্বৰ চক্ৰৱৰ্তী, তচদ্দুক ইউছুফ আদি বলিষ্ঠ অভিনেতাৰ লগতো সহঃ অভিনয়ৰ সোৱাদ ল’লে। আকাশবাণীয়ে তেওঁক এতিয়াও যেন হাতবাউলি মাতে!

–‘ৰেডিঅ’ৰ নাটকে যিটো ষ্টিমুলেট কৰে, শ্ৰোতাৰ কল্পনাৰ জগতখনৰ পৰিধি ব্যাপ্ত কৰিব পাৰে। টেলিভিচনৰ কাৰ্যসূচীয়ে সেইটো আনি দিব নোৱাৰে।’ সঁচাই এক অপ্ৰিয় সত্য ব্যক্ত কৰিছিল সান্ত্বনা বৰদলৈয়ে।

–‘আজিকালি ইণ্টাৰনেটৰ পৰা বুটাম টিপিয়ে যে তাৎক্ষণিকভাৱে নজনা বিষয় এটা ডাউনলোড কৰিব পাৰি, ই বৰ ভয়ানক ব্যৱস্থা। মানুহৰ অধ্যয়নৰ অভ্যাস, সৃষ্টিশীলতাক ই ক্ৰমাৎ নস্যাৎ কৰাৰ উপক্ৰম হৈছে।’

পৰিপাটিকৈ ৰখা ঘৰখনৰ সৌম্য পৰিৱেশত গভীৰ আত্মপ্ৰত্যয়েৰে বাইদেৱে বাৰ্তালাপ কৰোঁতে উপলব্ধি কৰিছিলোঁ অতুল্য ব্যক্তিত্বৰ নাৰীগৰাকীৰ মাজত লুকাই থকা সত্তাক। নিউ আৰ্ট প্লেয়াৰ্ছৰ হৈ ইবচেনৰ ‘ৱাইল্ড ডাক’ৰ অসমীয়া ৰূপান্তৰ ‘বনহংস’ত কৰা অভিনয়ৰ প্ৰসংগ তেওঁ উল্লেখ কৰিছিল। যিজন বিশিষ্ট নাট্যকাৰে নাটক আৰু অভিনয়ৰ পথাৰখনত খোজ দিবলৈ সান্ত্বনা বৰদলৈক অনুপ্ৰাণিত কৰিছিল, তেওঁ হৈছে প্ৰয়াত যুগল দাস।

‘মাজ ৰাতি কেতেকী’ৰ সাফল্যৰ পাছত সম্প্ৰতি নতুন ছবি এখনৰ চিত্ৰনাট্য ৰচনাৰ কাম আৰম্ভ কৰিছে এইগৰাকী সফল নাৰীয়ে। অৱশ্যে তেওঁৰ সেইখন সম্পূৰ্ণ কৰিবলৈ ছমাহ মান সময়ৰ প্ৰয়োজন হ’ব। দীঘলীয়া বন্ধৰ সময়ছোৱাত ভ্ৰমণ কৰি ভীষণ স্ফূৰ্তি পায় বাইদেৱে। নতুন বছৰটোত নতুন স্থানলৈ ভ্ৰমণৰ বাবে যোৱাৰ আশাও মনতে পুহি ৰাখিছে।

নিজৰ বিষয়ে যৎকিঞ্চিত
ঃআপুনি এগৰাকী চলচ্চিত্ৰ পৰিচালিকা ৰূপে সফল নে চিকিৎসক ৰূপে ?
–ছবি পৰিচালক হিচাপে যিখিনি আয়ত্ত কৰিছোঁ, চিকিৎসক হিচাপেও সেইখিনি পাইছোঁ।
ঃ আবৃত্তিকাৰ ৰূপে পৰিচিতি অৰ্জন কৰিবলৈ ক’ৰবাত প্ৰশিক্ষণ লৈছিল নেকি ?
–আবৃত্তিৰ প্ৰশিক্ষণ লোৱা নাই, চিকিৎসক হোৱাৰহে প্ৰশিক্ষণ আছিল।
ঃপ্ৰশিক্ষণ অবিহনে ছবি পৰিচালনাত হাত দিলে কেনেকৈ ?
–আমাৰ ঘৰখন বিশেষকৈ শৈশৱতে বাইদেউহঁতৰ প্ৰভাৱৰ বাবেই নিজৰ অজানিতেই এদিন ছবি পৰিচালক হ’লোঁ।
ঃআপোনাৰ প্ৰিয় খাদ্য ?
–মাছ-মাংস খাই ভাল নাপাওঁ। মিঠাতেল, নিমখ সানি কণী পিটিকা আৰু ভাতেই মোৰ প্ৰিয়।
ঃ ৰান্ধনিশালত আপুনি নিজেই ৰন্ধা-বঢ়া কৰে নে আনৰ সহায় লয় ?
–পৰাপক্ষত নিজেই ৰান্ধনি হওঁ।
ঃ আজৰি সময়ত কি কৰি ভাল পায় ?
–এটা সময়ত কিেচ্ছন গাৰ্ডেন কৰিছিলোঁ। মোৰ ৪টা কুকুৰ আছে। সিহঁতৰ লগতো সময় কটাওঁ।
ঃ আপোনাৰ কোনো ৰোল মডেল ?
–তেনে বিশেষ ব্যক্তি নাই যদিও ভূপেনদাক (হাজৰিকা) শ্ৰদ্ধা কৰোঁ আৰু আজীৱন কৰি যাম।
ঃ প্ৰিয় অভিনেতা বা অভিনেত্ৰী ?
–নিৰ্দিষ্টকৈ কোনো নাই। ছবি এখনৰ প্ৰডাকচনতহে মই গুৰুত্ব দিওঁ।
ঃ জীৱন আৰু জিজ্ঞাসা সম্পৰ্কে অভিমত ?
–আই এম অল দ্য টাইম ট্ৰায়িং টু লাৰ্ন।

1 COMMENT

  1. ভাল লাগিল৷ নজনা কথাবোৰ জানিলোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here