বৰ্ণালী এছ ডেকা

আমেৰিকাৰ পৰা প্ৰকাশ পোৱা দুঃসাহসিক ক্ৰীড়াৰ জনপ্ৰিয় আলোচনী ‘Outside Adventure’ ৰ সাংবাদিক জন ক্ৰেক’য়েৰৰ প্ৰখ্যাত গ্ৰন্থ ‘ইন ট্যু দ্য থিন এয়াৰ’ত বৰ্ণিত হৈছে ১৯৯৬ চনত মাউণ্ট এভাৰেষ্টত আৰোহণৰ সময়ত অহা বিধবংসী ধুমুহাত জীৱন আহুতি দিয়া ৮ জনকৈ পৰ্বতাৰোহী আৰু তেওঁলোকৰ সংগীৰ মৰ্মন্তুদ কাহিনী।

এনে ঘটনাৰ কথা শুনিয়েই গাৰ নোম শিয়ৰি উঠে। কিন্তু আচৰিত যেন লাগিলেও এয়া সত্য। কিন্তু এনে সত্য ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত সাধাৰণ ব্যক্তিৰ কথা বাদেই দিলোঁ, পৰ্বতাৰোহণৰ প্ৰতি প্ৰবল হাবিয়াস থকা পৰ্বতাৰোহীয়েও এক ছেকেণ্ডৰ বাবে চিন্তা কৰিব। এভাৰেষ্টত ঘটা উক্ত ঘটনাৰ কথা জানি নিঃসন্দেহে ওখ শৃংগত আৰোহণ কৰাৰ সাহস হয়তো বহু পৰ্বতাৰোহীয়ে গোটাব নোৱাৰিব। কিন্তু তাৰ মাজতো এচাম এনে ব্যক্তি আছে, যিয়ে হয়তো বিপদসংকুল পথত জীৱন যুদ্ধ কৰি তৃপ্তি পায়। ২০১৩ চনৰ মে’ মাহৰ ২৪ তাৰিখ। সেইদিনাই বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হৈ ২০ মিনিট সময় কটাইছিল অসমৰ পৰ্বতাৰোহী মনীষ কুমাৰ ডেকাই। গুৱাহাটী হাতীগড় চাৰিআলি নিৱাসী মনীষ কুমাৰ ডেকাই এভাৰেষ্ট আৰোহণৰ বিপদসংকুল পথ অতিক্ৰম কৰি নিজৰ লক্ষ্য প্ৰাপ্তিৰ আনন্দৰ লগতে অসমবাসীলৈ কঢ়িয়াই আনিছিল গৌৰৱ। কিন্তু পৰ্বতাৰোহণৰ নিচা তেওঁৰ মগজুত এনেদৰে কিলবিলাই আছে যে বৰ্তমান তেওঁৰ লক্ষ্য ছেভেন ছামিট জয়ৰ।

কি এই ছেভেন ছামিটঃ ছেভেন ছামিট অৰ্থাৎ সাত শিখৰ। ৭খন মহাদেশৰ ৭টা ওখ শৃংগক ইংৰাজীত ছেভেন ছামিট হিচপে অভিহিত কৰা হয়। উত্তৰ আমেৰিকাৰ ডেনালি, দক্ষিণ আমেৰিকাৰ আৰ্জেণ্টিনাস্থিত সবাতোকৈ উচ্চতম শৃংগ এক’কগুৱা (আৰ্জেণ্টিনা-চিলিৰ সীমান্তত অৱস্থিত), অষ্ট্ৰেলিয়া মহাদেশৰ কৰস্কো, আফ্ৰিকা মহাদেশৰ কিলিমাঞ্জাৰো, ইউৰোপ মহাদেশৰ ৰাছিয়া-জৰ্জিয়া সীমান্তৰ এলব্ৰছ আৰু এছিয়াৰ তিববত-চীন সীমান্ত এলেকাত থকা চ’য়’ক ছেভেন ছামিট বুলি জনা যায়।

উল্লেখ্য যে এই সাতখন মহাদেশক বাদ দি বাকী পাঁচখন মহাদেশৰ পাঁচটা সুউচ্চ শৃংগত তেওঁ আৰোহণ কৰি এক বিশ্বাভিলেখ ইতিমধ্যেই সৃষ্টি কৰিছে। উক্ত ৫টা শৃংগ আৰোহণ কৰাৰ সময়ত কোনটো আটাইতকৈ বেছি দুৰ্গম তথা কেনেধৰণৰ প্ৰত্যাহবানৰ সন্মুখীন হৈছিল বুলি সোধা এক প্ৰশ্নত তেওঁ কয়–

মনীষ কুমাৰ ডেকাঃ  মই সম্পূৰ্ণ ব্যক্তিগত উদ্যোগত নেপালৰ টেছে, হিমাচলৰ ‘পাপচুৰা’, উত্তৰাখণ্ডৰ সৰ্বাধিক উচ্চতাৰ পৰ্বত শৃংগত অভিযান চলোৱাৰ পাছতহে বিশ্বৰ পাঁচখনকৈ মহাদেশৰ সৰ্বোচ্চ শৃংগবোৰত আৰোহণ কৰি সাফল্য আৰ্জিছোঁ। এণ্টাৰ্কটিকাৰ সৰ্বাধিক বৰফ পৰা শৃংগত বগাবলৈ এতিয়াও বাকী আছে। তথাপি পৰ্বতাৰোহণৰ দীঘলীয়া সময়ত মই লাভ কৰা অনিৰ্বচনীয় অভিজ্ঞতা আচলতে ভাষাৰে বুজাব নোৱাৰি। তাক কেৱল অনুভৱহে কৰিব পাৰি। উক্ত ৫টা শৃংগৰ আটাইকেইটাই কঠিন আছিল যদিও তাৰ ভিতৰত সকলোতকৈ কঠিন বাধা পাইছিলোঁ। মন কৰিবলগীয়া যে প্ৰতিকূল বতৰৰ বাবে তেওঁ বিশ্বৰ ষষ্ঠখন মহাদেশৰ সৰ্বোচ্চ শৃংগটোত আৰোহণ কৰিব নোৱাৰিলে। উত্তৰ আমেৰিকাৰ ‘ডেনালি’ত অভিযান চলাব নোৱাৰি অভিযান আধাতে সামৰি প্ৰত্যাৱৰ্তন কৰাৰ কথাও আমাৰ সন্মুখত সদৰী কৰে।

আনহতে এভাৰেষ্ট ছামিট আৰোহণ কৰাৰ সময়ত মৃত্যুমুখৰ পৰা কথমপি ৰক্ষা পোৱা ডেকাই সমগ্ৰ ঘটনা আমাৰ আগত এনেদৰে বৰ্ণনা কৰে– ‘এদিন পুৱা ৪.৩০ মান বজাত মই অক্সিজেনৰ চিলিণ্ডাৰ হাতত লৈ কেম্পৰ বাহিৰলৈ ওলাই আহিছিলোঁ। তাৰ পূৰ্বৰ দুটা নিশা কটাইছিলোঁ ভয়ংকৰ ডেথ জ’নত। বেছি সময় তাত কটোৱাটো শৰীৰৰ বাবে ভাল কথা নহয়। মোৰ হাতত থকা সৰু কেমেৰাটোৰ লেন্স জুম কৰি শিখৰলৈ আৰোহণ কৰি থকা আমাৰ দলটো অন্তিম লক্ষ্যস্থানৰ দিশে গৈ থকা দেখি মনটো বৰ ভাল লাগিছিল। কিন্তু অতি উল্লসিত হৈ মই কেম্পৰ বাহিৰলৈ ওলাই ফটো তোলাত লাগিলোঁ। হাতৰ গ্ল’ভ্ছ খুলি ১০ মিনিটমান বাহিৰত থিয় হৈ থকাৰ বাবেই মোৰ হাতত ফ্ৰষ্টবাইট হ’ব ধৰিলে। লাহে লাহে হাতৰ আঙুলিবোৰ বিষাবলৈ ধৰিলে। ফ্ৰষ্টবাইটৰ কথা মনলৈ অহাৰ লগে লগে মই চুঁচৰি টেণ্টৰ ভিতৰত প্ৰৱেশ কৰি দুখন হাত মোহাৰি গৰম কৰিছিলোঁ। হাতৰ তত্ নোহোৱা হৈছিল। বহু সময় যুঁজাৰ পাছত হাতলৈ চেতনা ঘূৰি আহিছিল। মোৰ গ্ল’ভ্ছ খোলাৰ পৰিণাম মাৰাত্মক হ’লহেঁতেন। চিৰজীৱনৰ বাবে মোৰ হাত দুখন অকামিলা হৈ জীৱনলৈ সংশয় নমাই অনাৰ পূৰ্ণ সম্ভাৱনা ঈশ্বৰ কৃপাত সেইদিনা নস্যাৎ হ’ল।

“Climbing is the king of sports” –কথাষাৰ বোধহয় পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিল। এনে দুঃসাহসিক ক্ৰীড়াশৈলীৰ অভ্যাসৰ সময়ত প্ৰত্যেক দিনাই আমাৰ শৰীৰৰ ৪ হাজাৰ কেলৰি অতিৰিক্তভাৱে নষ্ট হয়। তেনেস্থলত এজন পৰ্বতাৰোহীক নিয়মিত উচ্চ প্ৰ’টিনযুক্ত খাদ্যৰ প্ৰয়োজন। আৰ্থিক অনাটনে ব্যক্তি এজনৰ ইচ্ছা থাকিলেও সফল পৰ্বতাৰোহী হোৱাত হেঙাৰ সৃষ্টি কৰে। নতুন প্ৰজন্মৰ আৰোহীসকলক আগবঢ়াই নিবলৈ ব্যক্তিগতভাৱে তেওঁ চেষ্টা চলাই আছে। ভৱিষ্যতে সৰ্বাধিক তুষাৰ পৰা আলাস্কা শৃংগত আৰোহণ কৰাৰ পৰিকল্পনা আছে বুলিও তেওঁ মত প্ৰকাশ কৰে।

পৃথিৱীৰ ৮,০০০ মিটাৰতকৈ ওখ দুটাকৈ পৰ্বত শৃংগ আৰোহণ কৰা তথা বিশ্বৰ ৫খন মহাদেশৰ ৫টা ওখ শৃংগ আৰোহণ কৰা মনীষ কুমাৰ ডেকা অসম তথা উত্তৰ-পূবৰ একমাত্ৰ আৰোহী। নিজৰ একান্ত নিৰৱচ্ছিন্ন সাধনা, বছৰজোৰা পৰিকল্পনা, চেষ্টা, ধৈৰ্য তথা দৃঢ় মনোবলৰ বাবে মনীষ ডেকাই আজি শিখৰত আৰোহণ কৰি নিজৰ সপোন বাস্তৱায়িত কৰিছে। সঁচাকৈয়ে জীৱন এক নুবুজা সাঁথৰ। এই জীৱনত নোপোৱাক পাবলৈ, আনে নকৰা কাম কৰিবলৈ অনেকেই হাবিয়াস কৰে। আকাশক চুবলৈও কোনো কোনোৱে সপোন ৰচে। মানুহে কল্পনা কৰিব নোৱাৰা শাৰীৰিক, মানসিক কষ্ট তথা জৱনৰ মায়া ত্যাগ কৰি পৰ্বতাৰোহণৰ দৰে কাৰ্য কৰিবলৈ এচামে ঢাপলি মেলে। অন্যতম এভাৰেষ্ট বিজয়ী জিম হুইটেকাৰক এনে দুঃসাহসিক অভিযানৰ প্ৰতি থকা আগ্ৰহৰ কাৰণ সোধাত তেওঁ মাত্ৰ সমিধান দিছিল– Because it is true.

মনীষ ডেকাৰ এই পৰ্বতাৰোহণৰ প্ৰতি থকা একাগ্ৰতা অব্যাহত থাকক। সাত শিখৰ জয়ৰ স্বপ্ন পূৰণ হওক। আমাৰ ফালৰ পৰা থাকিল শুভকামনা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here