“মই তোমালোকৰ ঘৰলৈ ন-কৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল, তৰাৰ দেশলৈ।” (মমতাৰ চিঠি, হেম বৰুৱা)

অসমীয়া সমাজত বিবাহপাশত আবদ্ধ হৈ সাংসাৰিক জীৱনৰ পাতনি মেলা ন-কইনা এগৰাকী নতুন ঘৰ এখনলৈ আহোঁতে মনত সৃষ্টি হয় অনেক সংশয়। কিন্তু স্বামীৰ সান্নিধ্যই পিতৃগৃহ ত্যাগৰ পিছত তেওঁৰ সকলো দুখ-শোক নিৰসন কৰে। কোনোমতে পাহৰিব নোৱাৰিম বুলি ভবা কথাটোও পাহৰাই পেলায়। বিবাহক স্বৰ্গীয় সুখৰ অনুভূতি আখ্যা দিয়া হয়। যিসকল দম্পতীয়ে সুখী বৈবাহিক জীৱন অতিবাহিত কৰে, তেওঁলোকৰ সমান ভাগ্যৱান বিচাৰি উলিওৱা দুৰূহ। কিন্তু সুখৰ বিবাহিত জীৱন কটোৱা মুখৰ কথা নহয়। ইয়াৰ বাবে স্বামী-স্ত্ৰী উভয়ৰে মাজতে আত্মিক সম্পৰ্ক গঢ় লোৱাটো প্ৰয়োজনীয়।

একেলগে কটোৱা সুমধুৰ সময়

পাখিলগা কাঁড়ৰ দৰেই সময়ৰ গতি। সময়ে আমাক কোবাই যায়। ফুলশয্যাৰ নিশাক যিদৰে পাহৰিব নোৱাৰি সেইদৰে প্ৰথম সন্তান জন্মৰ ক্ষণটোকো জানো পাহৰিব পাৰি· যুগ্ম জীৱনৰ পাতনি মেলাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সোণালী সময়বোৰ মনগহনত স্থায়ী হৈ ৰয়। সেইবোৰেই হয়তো জীৱনক দিয়ে আমৃত্যু পৰিতৃপ্তি। আজিৰ বিলাসী জীৱনযাত্ৰাত পতি-পত্নীৰ মধুৰ সম্পৰ্কইহে দিব পাৰে প্ৰকৃত সুখ।

“তুমি বিয়াৰ নিশাৰ শয়ন পাটীৰ এপাহি ৰজনীগন্ধা…” গীতটোৱে ক্ষণিকলৈ হ’লেও আপোনাক স্মৃতিবিভোৰ কৰি নোতোলেনে বাৰু· নৱ-বিবাহিত দম্পতীৰ অনেক সপোন থাকে। নতুনকৈ বিয়া কৰাই অনা পত্নীয়ে পুৱা শুই উঠি স্নান কৰি অহাৰ পাছত তেওঁৰ সিক্তবসনা দেহজ সৌন্দৰ্যই বিমুগ্ধ কৰে সকলো স্বামীকে। চাকৰিয়াল স্বামীয়ে কাৰ্যালয়ৰ পৰা আহি সুন্দৰকৈ সাজি-কাছি থকা পত্নীয়ে সাদৰেৰে আগবঢ়াই দিয়া চাহকাপত চমুক দি অনুভৱ কৰা আনন্দৰ জানো তুলনা আছে· সম্পৰ্ক সম্পূৰ্ণ ব্যক্তি আধাৰিত যদিও হৃদয়ৰ অনুভূতিৰে তাক প্ৰতিনিয়ত জীপাল কৰি ৰাখিব পাৰি।

ব্যস্ততাপূৰ্ণ জীৱনযাত্ৰাত স্বামী-স্ত্ৰী উভয়ে চাকৰিয়াল হ’লেও সাংসাৰিক জীৱনৰ আৰম্ভণিতে সাপ্তাহিক ছুটী বা বন্ধৰ দিনত একেলগে ফুৰিবলৈ যোৱা, বজাৰ কৰা, ৰেস্তোৰাঁত মুখামুখিকৈ বহি আহাৰ গ্ৰহণ আদি বহু মুহূৰ্ত আছে, যিবোৰক সময়ৰ ফ্ৰেমত আবদ্ধ একোখনকৈ জীৱন্ত পেট্ৰইট আখ্যা দিব পাৰি। মিলনৰ শুভক্ষণত স্বামী বা স্ত্ৰীৰ মন পখিলা উৰাদি উৰে বুলি অসমীয়া গীত এটাত উল্লেখ আছে। সময়ৰ স’তে গজালি মেলি অহা হেঁপাহবোৰ সুঠাম হ’লে জীৱনে জয়ী অনুভৱেৰে চুপহি মেলি হাঁহে। কোনো এক অখ্যাত কবিয়েও তেওঁৰ কবিতাত অন্তৰ্ভুক্তি কৰিছে এই পংক্তি– “বিষাদৰো এক সুখৰ অতীত আছে, তোমাৰ এষাৰ মিঠা মাতে ওভতাই আনিব এৰি অহা মোৰ দিন সোণোৱালী।’

কিয় বিবাহপাশত আবদ্ধ হয় পুৰুষ-নাৰী ?

সামাজিক জীৱ হিচাপে মানুহে এজন সংগীৰ তাড়না অনুভৱ কৰে বাবেই আমাৰ সমাজত বিবাহ এক চিৰাচৰিত প্ৰথাত পৰিণত হৈছে। প্ৰেম আৰু আনন্দ অবিহনে এই মানৱী জীৱন অসাৰ। জীৱনত পৰিপূৰ্ণতা লাভ কৰিবলৈ বিবাহৰ আৱশ্যকতা অনস্বীকাৰ্য। পুৰুষ আৰু নাৰী ভেদে মনৰ ভিন্নতাৰ কাৰণেই বৈবাহিক সম্পৰ্কয়ো লাভ কৰে ভিন্নতা। কাঁইটৰ খোঁচ হৈ সম্পৰ্কই ৰক্তাক্ত কৰি যাব পাৰে কাৰোবাৰ বুকু। তথাপি মানুহে সম্পৰ্ক গঢ়ে। বিবাহপাশত আবদ্ধ হয়।

বৈবাহিক জীৱনৰ সৃষ্ট সমস্যাই সম্পৰ্কত ফাট মেলাবও পাৰে। বিবাহৰ কিছুদিন পাছতে পতি-পত্নীৰ মাজত সংঘাত সৃষ্টি হৈ উভয়ৰে জীৱনলৈ অমানিশাৰ অন্ধকাৰ নমাই অনাৰ দৃষ্টান্তও অনেক আছে। স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক বিবাহ-বিেচ্ছদৰ পৰ্যায় যাতে নাপায়গৈ সেই হেতুকে কেতবোৰ সাৱধানতা বা উপায় গ্ৰহণ কৰা বাঞ্ছনীয়।

(১) সমস্ত জীৱন বন্ধু হৈ কটাওক, কেৱল পতি-পত্নীৰূপে নহয়। বন্ধুত্বৰ অৰ্থ অতি গভীৰ। পতিয়ে পত্নীক আৰু পত্নীয়ে পতিক বন্ধু বুলি বিবেচনা কৰিব পাৰিব লাগিব। তেতিয়াহে সাংসাৰিক জীৱনত শান্তি বিৰাজ কৰিব।

(২) আপোনাৰ পত্নীয়ে যদি আপোনাৰ ওপৰত অভিমান কৰি আছে, তেন্তে তেওঁক কৌশলেৰে প্ৰশংসা কৰিবলৈ যত্ন কৰক। আপুনি তেওঁক বিশ্বাস জন্মাওক যে তেওঁ নহ’লে আপুনি অকলশৰীয়াকৈ জীয়াই থাকিব নোৱাৰে। তেওঁৰ প্ৰতি থকা আপোনাৰ নিঃস্বাৰ্থ প্ৰেম জাহিৰ কৰক। এইটোৱেই হৈছে আপোনাৰ বাবে ‘গুৰু মন্ত্ৰ’।

(৩) যৌথ বা একক পৰিয়ালেই হওক এখন ঘৰত স্বামী আৰু স্ত্ৰীৰ মাজৰ মিলামিচাই সমন্বয় সৃষ্টি কৰিব নোৱাৰিলে বিবাদ অনিবাৰ্য। স্বামীয়ে উপলব্ধি কৰিব লাগিব যে তেওঁ বিয়া কৰোৱা পত্নীগৰাকীৰ দৰে দ্বিতীয় এগৰাকী এই জনমত নাপায়। সেইদৰে পত্নীয়েও বৰ্তমানৰ স্বামীৰ দৰে দ্বিতীয় এজন স্বামী নাপায় বুলি অনুভৱ কৰিব লাগিব।

(৪) এজন স্বামীয়ে তেওঁৰ পত্নীয়ে ৰান্ধনিশালত কেনেদৰে খাদ্য প্ৰস্তুত কৰিব, খাদ্য তৈয়াৰ কৰোঁতে কিমান সময় লাগিব–এনেবোৰ বিষয়ত হস্তক্ষেপ নকৰাই ভাল। পত্নীগৰাকীয়েও স্বামীৰ কৰ্মক্ষেত্ৰ বিষয়ক বা ঘৰৰ চৌহদ, বাৰীখন তেওঁ কেনেদৰে প্ৰতিপালন কৰিব তাক লৈ মূৰ ঘমোৱাৰ অথবা হস্তক্ষেপ কৰাৰ প্ৰয়োজন নাই।

(৫) পতি বা পত্নীয়ে পৰপুৰুষ-পৰনাৰীৰ লগত পৰকীয়া প্ৰেম, যৌন সংসৰ্গ কৰা অনুচিত। এনে পাপাচাৰে দাম্পত্য জীৱন ধবংস কৰে।

(৬) স্বামীগৃহলৈ অহাৰ পাছত ন-কইনাই শহুৰেক-শাহুৱেকৰ প্ৰতিও শ্ৰদ্ধাশীল আৰু যত্নৱান হোৱা অতি জৰুৰী। শহুৰেক অথবা শাহুৱেকক নিজা পিতৃ-মাতৃৰ দৰে জ্ঞান কৰিব নোৱাৰিলে স্বামী ক্ষুণ্ণ হৈ সংসাৰত স্বভাৱিকতে জুই লাগিব।

(৭) যুগ্ম জীৱন আৰম্ভ কৰাৰ পাছত জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ লওঁতে স্বামী আৰু স্ত্ৰী একমত নহ’লে বৈবাহিক সম্পৰ্কৰ অৱনতি বা বিেচ্ছদ ঘটিলেও আচৰিত হ’ব লগা নাই।

(৮) “আমি দুয়ো এক আৰু আমাৰ মাজত কেনো পাৰ্থক্য নাই।” এটা দম্পতীয়ে প্ৰতিদিনে পুৱাই পাঁচবাৰকৈ এই বাক্যশাৰী আওৰোৱা ভাল।

পতি-পত্নীৰ মাজত সৰুসুৰা কাজিয়াৰ সূত্ৰপাত বৈবাহিক জীৱনত সাধাৰণ কথা। কিন্তু ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ যাতে নহয়, তাৰ প্ৰতি আগতীয়াকৈ সচেষ্ট হোৱা ভাল। স্বামী-স্ত্ৰীৰ আন্তৰিক প্ৰেমে বৈবাহিক সম্পৰ্কক নিটোল কৰি ৰাখে। জনমে জনমে এনে সম্পৰ্ক গঢ়ি উঠাৰ বাবে নেদেখাজনক অনেক দম্পতীয়ে প্ৰাৰ্থনা জনায়। দৰাচলতে এক অৰ্থৱহ আৰু সুখৰ বৈবাহিক জীৱন সকলোৰে কপালত লিখা নাথাকে। সদিচ্ছা আৰু কেতবোৰ নিদান মানি আপুনিও পিছে সুখী বৈবাহিক জীৱন এটা পাবলৈ নিজেই নিজৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে। আজিৰ পৰাই ইয়াৰ বাবে প্ৰচেষ্টা চলাওক। আপোনালৈ থাকিল শুভকামনা!!

LEAVE A REPLY

Please enter your comment!
Please enter your name here