ৰীতেশ অজিত ছাৰিয়া

বাস্তু শাস্ত্ৰ যথাৰ্থতে এক পৌৰাণিক বিজ্ঞান। ভাৰতত ৰজা-মহাৰজাৰ শাসনকালতো প্ৰচলন থকা জ্যোতিষ বিদ্যা, হস্তবিদ্যা প্ৰভৃতিৰ দৰেই বাস্তু শাস্ত্ৰয়ো জনজীৱনলৈ আগবঢ়াইছে গুৰুত্বপূৰ্ণ অৱদান। এই শাস্ত্ৰৰ বিধানসমূহ ইমান বহুলভাৱে ব্যাখ্যা কৰা হৈছে যে যিসকল লোকে ইবিলাক প্ৰকৃতৰূপে পৰিপালন কৰে তেওঁলোক বিপদ-বিঘিনিৰ পৰা হাত সৰাত ফলপ্ৰসূ হয়। গৃহ নিৰ্মাণ প্ৰণালী আৰু স্থাপত্য বিদ্যাৰ এক বিশেষ আয়তৰ লগত জড়িত হৈ আছে বাস্তু শাস্ত্ৰ। স্থান-কাল আৰু পাত্ৰৰ ওপৰত নিৰ্ভৰ কৰিহে বাস্তুৰ বিধান কাৰ্যকৰী হয়। সি যি নহওক, তলত বাস্তু সম্পৰ্কীয় কেইটামান প্ৰশ্নৰ যথোচিত উত্তৰ আগবঢ়াইছে বাস্তুবিদ ছাৰিয়াই।

প্ৰশ্নঃ আমাৰ ঘৰত মই যিকোনো লাগতিয়াল কাম কৰিবলৈ হাতত ল’লেই প্ৰতিটো কামতে বাধাৰ সৃষ্টি হয়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ কি উপায় আছে ? (ববিতা ভূঞা, নাজিৰা, শিৱসাগৰ)

বাস্তুবিদৰ সমাধানঃ যিবোৰ পৰিয়ালৰ বাসগৃহৰ উত্তৰ-পূব দিশটো অলপ সংকুচিত হৈ থাকে, তেনে পৰিয়ালৰ সদস্য এজনৰ যিকোনো লাগতিয়াল কামৰ ক্ষেত্ৰতে বাধা আহি পৰে। বাস্তুশাস্ত্ৰত সবাতোকৈ ডাঙৰ সমস্যাটোৱেই হৈছে গৃহৰ উত্তৰ-পূব দিশ সংকুচিত হৈ থকাটো। তেনেস্থলত গৃহস্থই তেওঁৰ গৃহৰ এই দিশটো আন তিনিওটা দিশৰ সমকক্ষ কৰি দিলেই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব।

প্ৰশ্নঃ  মোৰ বিয়া হোৱাৰ দুবছৰ হ’ল। আঠ মাহৰ আগেয়ে আমাৰ শোৱনি কোঠা সলনি কৰিলোঁ। একেটা গৃহতে নতুন কোঠাত নিশা যাপন কৰাৰ পাছৰে পৰা মই বিমৰ্ষতাত ভুগিছোঁ। ইয়াৰ পৰা মুক্তি পাম কেনেকৈ ? (ইন্দ্ৰাণী গগৈ, হাতীগাঁও, গুৱাহাটী)

বাস্তুবিদৰ সমাধানঃ  আপোনালোকৰ বাসগৃহৰ শোৱা কোঠাটো যদিহে দক্ষিণ-পশ্চিম দিশৰ ফালে অলপ আগবঢ়োৱা আছে (ছবিত দেখুওৱাৰ দৰে), তেনেহ’লে ৩ৰ পৰা এমাহৰ ভিতৰত সেই শয়ন কক্ষত থকা পৰিয়ালৰ সদস্য বিমৰ্ষতাত ভোগাৰ উপৰি ১২ পৰা ১৮ মাহৰ মাজৰ সময়ছোৱাত আৰ্থিক অনাটনৰো সন্মুখীন হয়। ইয়াৰ পৰা উদ্ধাৰ পাবলৈ হ’লে কোঠাৰ আগবঢ়াই থোৱা অংশটোত এখন পকী বেৰ নিৰ্মাণ কৰি দিয়ক। এনে কৰিলে ৪৫ৰ পৰা ৯০ দিনৰ ভিতৰত আপোনাৰ মনৰ পৰা বিমৰ্ষতা নোহোৱা হ’ব।

প্ৰশ্নঃ আমাৰ পৰিয়ালৰ আটাইবোৰ সদস্যৰে কম-বেছি পৰিমাণে গেষ্ট্ৰিক আৰু পিত্তৰ অসুখ আছে। গৃহত বাস্তুৰ দোষৰ বাবেই আৰু¸ এনে হৈছে নেকি· কিয়নো বিভিন্ন চিকিৎসা গ্ৰহণ কৰিও আমি আজিকোপতি সুফল লাভ কৰিব পৰা নাই। (হৰেণ চন্দ্ৰ নাথ, অভয়াপুৰী, বঙাইগাঁও)

বাস্তুবিদৰ সমাধানঃ  আপোনাৰ গৃহটোৰ উত্তৰ-পশ্চিম দিশত ৰান্ধনীশাল থকা হেতুকেই পৰিয়ালৰ সমুদায় সদস্যই গেষ্ট্ৰিক আৰু পিত্তৰ অসুখত দীৰ্ঘদিন ধৰি ভুগি আছে। আপুনি তাৎক্ষণিকভাৱে আখলৰ স্থান সলনি কৰক। দেখিব ৫ৰ পৰা ৭দিিনৰ ভিতৰত পৰিয়ালৰ অধিকাংশ সদস্যৰে অসুখ ক্ৰমাৎ হ্ৰাস হৈ আহিব। গৃহৰ দক্ষিণ-পূব অথবা উত্তৰ-পূব কোণতহে সদায় ৰান্ধনীশাল থাকিব লাগে।

প্ৰশ্নঃ মফচলীয় চহৰত বাস কৰিলেও আমাৰ পৰিয়ালটো হৈছে যৌথ পৰিয়াল। একেটা পাকঘৰতে সকলোৱে ৰন্ধা-বঢ়া কৰে। পৰিয়ালৰ কনিষ্ঠজনৰ পৰা পৰিয়ালৰ জ্যেষ্ঠ সদস্যজনলৈকে প্ৰত্যেকৰে খং-ৰাগ বেছি। প্ৰায়ে কাজিয়া আৰু অশান্তিৰ সূত্ৰপাত হয়। শান্তিৰ বাতাৱৰণ ঘূৰাই অনাৰ বাবে বাস্তুমতে কিবা দিহা আছে নেকি?(নিৰ্মালি চেতিয়া পাটৰ, হয়বৰগাঁও, নগাঁও)

বাস্তুবিদৰ সমাধানঃ মোৰ অনুমান আপোনালোকে বাস কৰা গৃহটোৰ স্নানাগাৰ আৰু শৌচাগাৰ এনেকুৱা এটা দিশত আছে যিটো দিশত থকাটো একেবাৰেই অনুচিত। স্নানাগাৰ আৰু শৌচাগাৰৰ দিশ অথবা অৱস্থানৰ সমান্তৰালকৈ থকা ৰান্ধনীশালৰ স্থান পৰিৱৰ্তন কৰক। নতুবা বৰ্তমান যি স্থানত স্নানাগাৰ-শৌচাগাৰ আছে সেই স্থান ত্যাগ কৰি সঠিক স্থানত স্নানাগাৰ আৰু শৌচাগাৰ নতুনকৈ নিৰ্মাণ কৰাওক। বাস্তু অনুযায়ী অগ্নি থাকিব লগা স্থানত যদিহে স্নান কৰা হয়, তেন্তে তেনে গৃহৰ সদস্যসকলৰ মাজত অশান্তি হোৱাটো স্বাভাৱিক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here