সুন্দৰ; তোমাৰ খোজৰ সাঁচত মোৰ সপোন সাঁচি থ’লোঁ। ভালপোৱাৰ দিকচৌ বাটেৰে গুচি যোৱা এজন স্বনামধন্য কবিৰ স্বৰচিত এটি গীতৰ এই কলিটো মনলৈ আহেনে বাৰু ? সপোনবোৰনো কেনেকুৱা ?  সপোন যিয়েই নহওক কিয়, চিত্ৰকলা চৰ্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰা অসমৰ এজন প্ৰখ্যাত চিত্ৰশিল্পীয়ে তেওঁৰ স্ব-গৃহটো পৰিৱৰ্তিত কৰিছিল ইন্দ্ৰলোকলৈ। পুৰাতন বিভিন্ন শিল্পকৰ্ম, আটকধুনীয়া কাঠৰ আচবাবেৰে পৰিপূৰ্ণ গৃহটোৰ প্ৰতিটো অংশতেই যেন বিৰাজ কৰে ইন্দ্ৰালয়ৰ পৰিৱেশ। গৃহৰ ভিতৰচ’ৰাত যি এবাৰ প্ৰৱেশ কৰিছে, তেওঁ ক্ষণিকৰ বাবে হ’লেও আপোনপাহৰা হৈ অনুভৱ কৰে এক মায়াৰাজ্যৰ অনুভূতি। আঢ়ৈশ বছৰ পুৰণি জেকব চেয়াৰ, আফ্ৰিকাৰ পৰা অনা সামগ্ৰীৰে তৈয়াৰী ভাস্কৰ্য, তৈলচিত্ৰ– কি নাই ইয়াত· দেশৰ ভিন্ন প্ৰান্তৰ শিল্পী, সাহিত্যিক, চেলিব্ৰেটীৰ পদাৰ্পণ ঘটা ৮৫বছৰ পুৰণি এই গৃহটো আছে নগাঁও চহৰৰ মাজমজিয়াৰ ভোলা বৰুৱা পথত। অসম ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থানৰ কাষতে থকা ‘আহাৰ’ ৰেস্তোৰাঁৰ বৰ্তমানৰ স্বত্বাধিকাৰীৰ পিতৃ প্ৰয়াত শিল্পী প্ৰণৱ বৰুৱাৰ বাসগৃহটো তেওঁৰ উত্তৰাধিকাৰী তথা পৰিয়ালৰ লোকসকলে আজিও এনেদৰে আপডাল কৰি ৰাখিছে, যাক স্বচক্ষে নেদেখিলে বৰ্ণনা কৰা কঠিন।

জীৱনজোৰা সাধনাৰে চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰখনলৈ প্ৰভূত অৱদান আগবঢ়োৱা প্ৰণৱ বৰুৱাই ২০০২ বৰ্ষত জীৱনৰ মায়া এৰি অজান মুলুকলৈ গুচি যায়। ২২ ফেব্ৰুৱাৰী শিল্পীজনৰ জন্মদিন। প্ৰত্যেক বছৰে এই দিনটো ৰাজ্যজুৰি ‘ৰং-তুলিকাৰ দিন’ হিচাপে উদ্যাপন কৰি অহা হৈছে। সেইদিনাই উত্তৰ-পূৰ্বাঞ্চলৰ এজন আগশাৰীৰ চিত্ৰশিল্পীক প্ৰদান কৰা হয় প্ৰণৱ বৰুৱা শিল্পী বঁটা। প্ৰণৱ বৰুৱাৰ সৃষ্টিশীল হাতৰ যাদুকৰী পৰশেৰে প্ৰাণ পায় উঠা তেওঁৰ সপোনৰ ইন্দ্ৰালয়ৰ বাটচ’ৰাতে আছে বহি লৈ দোলন দিব পাৰ কাঠৰ আচবাব। এটা পিতলৰ পাত্ৰত পানী ভৰাই তাৰ ওপৰত ৰখা হৈছে বিবিধ পুষ্প। প্ৰাত্যহিক পানী আৰু ফুল সলনি কৰা হয়। আহকচোন এইবাৰ প্ৰৱেশ কৰোঁ গৃহৰ ভিতৰচ’ৰাত।

প্ৰথম কোঠাটোৰ বেৰত পেইণ্টিং আৰু পৰিপাটিকৈ ৰখা আচবাবৰ উপৰি কোঠাৰ শোভা বৰ্ধন কৰিছে কেতবোৰ ভাস্কৰ্যই। ডাইনিং ৰুমত সজোৱা হৈছে বিভিন্ন পুতলা। ৰখা হৈছে এখন আইনা। শোৱনি কোঠাৰ সৌন্দৰ্যও চকুত লগা। লক্ষণীয় যে দেশৰ স্বাধীনতাৰ পূৰ্বেই নিৰ্মাণ কৰা পৌৰাণিক গৃহটোৰ বেৰবোৰ ইকৰাৰে গাঁঠি গাঁথনিৰ ওপৰত চিমেণ্ট ঢালাই কৰি চিৰি বাটাম দি সজা সত্ত্বেও আজিকোপতি অক্ষত হৈ আছে। যথাৰ্থতে উপযুক্ত তত্ত্বাৱধানৰ বাবেই ম্লান হোৱা নাই ইয়াৰ সৌন্দৰ্য। প্ৰণৱ বৰুৱাৰ সপোনৰ ঘৰটো একবিংশ শতিকাৰ দ্বিতীয় দশকৰ শেষাৰ্ধতো পুৰণি সাঁচতে অতীজৰ গৌৰৱ বহন কৰি মূৰ দাঙি থকাৰ আঁৰৰ অন্যতম কৃতিত্বৰ ভাগী হৈছে শিল্পীগৰাকীৰ পত্নী আৰতি বৰুৱা। আমি ‘ইন্দ্ৰালয়’ আখ্যা দিয়া অসম আৰ্হিৰ গৃহটোৰ পাছফালে গাতে লাগি আছে এটা পকী অট্টালিকা। অট্টালিকাৰ ওপৰ মহলাত থকা দৃষ্টিনন্দন ফুলনিখনৰ উপৰি ভিতৰৰ কোঠাসমূহত বিৰাজ কৰিছে অনুপম সৌন্দৰ্য। সিবিলাকত বৰুৱাৰ ভালেসংখ্যক শিল্পকৰ্ম নান্দনিকভাৱে সজাই ৰখা হৈছে। দেশী-বিদেশী পৰ্যটকৰ বাবেও দুয়োটা গৃহকে দৰ্শনীয় স্থান বুলি নিৰ্দ্বিধাই ক’ব পাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here