এলি আহমেদ

মাজনিশা অৰুণিমা বৰুৱাই তলৰ ভাড়াঘৰকেইটাৰ মানুহখিনিৰ চিঞৰ-বাখৰত সাৰ পাই বিছনাৰ পৰা নামি দুৱাৰখন খুলি তিনিমহলীয়া বাৰাণ্ডাৰ পৰা তললৈ চাই পঠিয়ালে। এন্ধাৰ নিশা। অৰুণিমা বৰুৱাই খুঁটাটোৰ ছুইচ ব’ৰ্ডখনৰ ছুইচটো অন কৰি চোতালৰ সোঁমাজত পুুতি থোৱা খুঁটাটোত ওলমি থকা লাইটটো জ্বলাই বাৰাণ্ডাৰ ৰেলিংডালত পেটটো হেঁচা মাৰি লগাই তললৈ চাই ক’লে–

:এই নিশা তোমালোকৰ কি হৈছে, ইমান চিঞৰ কিয়· চিঞৰ-বাখৰ মোৰ ভাল নালাগে। নিজৰ নিজৰ কোঠালৈ যোৱা।

এনেতে কোনোবা এগৰাকীয়ে ক’লে–

:বাইদেউ, চালেহাক আপোনাৰ ঘৰলৈ লৈ যাওক। মাকে চালেহাক ঘৰত সোমাবলৈ দিয়া নাই। মাকে চালেহাক উধাই-মুধাই গালি পাৰিছে। ঘৰৰ পৰা উলিয়াই দুৱাৰ মাৰি ঘৰৰ ভিতৰত সোমাই গ’ল।

অৰুণিমা বৰুৱাই মানুহৰ জুমৰ মাজত চালেহাক চিনি পাবলৈ চেষ্টা কৰি ডাবিৰ সুৰত ক’লে–

:তাত থিয় হৈ ৰৈ আছ কিয়· ওপৰলৈ উঠি আহ।

চালেহাই খটখটিকেইটা খুব ধীৰে-স্থিৰে বগাই আহি ওপৰ পালেহি। অৰুণিমা বৰুৱাই খুলি থোৱা দুৱাৰখন বন্ধ কৰি ভিতৰলৈ সোমাই অৰুণিমা বৰুৱাৰ কোঠা পালেহি। অৰুণিমা বৰুৱাই ইতিমধ্যে বিছনাত শুই চকু দুটা মুদি মুদিয়েই ক’লে–

:এই ৰাতিখন তই ক’ৰ পৰা আহিলি· তই ক’লৈ গৈছিলি?
চালেহাই মুখেৰে একো নামাতিলে। অৰুণিমা বৰুৱাই ক’লে–

: কিবা খাই আহিছ নে নাই· নাই খোৱা যদি পাকঘৰলৈ যা, যি আছে খাই লগৈ।
অৰুণিমা বৰুৱাই শুই শুয়েই নিজৰ কোঠাৰ লাইটৰ ছুইচ অফ কৰি ক’লে–

: মাৰৰ কোঠাৰ লাইটটো জ্বলাই তাতে শুই থাকগৈ। আজি মাৰ ওপৰলৈ নাহে। তোৰ আববাৰ ফালৰ কোনোবা আহিছে। অসুখ দেখুৱাবলৈ। মাৰ তেওঁলোকৰ লগত তলৰ ঘৰটোতে আছে। অৰুণিমা বৰুৱাই মাকক তলত এটা ঘৰ দিছে।
অৰুণিমা বৰুৱাৰ কথাখিনি শুনি শুনিয়েই চালেহাই কোঠাটোলৈ সোমাই গ’ল। বহুত পুৰণা স্মৃতি চকুত ভাহি পৰিল চালেহাৰ। চালেহা কেঁচুৱা থাকোঁতেই পিতৃহাৰা হয়। বিধৱা মাক শ্বৰিফাক অৰুণিমা বৰুৱাই ঘৰৰ পৰা আনি লগত ৰাখিলেহি। অৰুণিমা বৰুৱা আৰু চালেহাহঁতৰ পৰিয়ালটো একেটা চৌহদত থকা দুখন ঘৰ। চালেহাহঁত আজোককাকৰ উপৰিপুৰুষৰ পৰিয়ালটোৰ অৰুণিমা বৰুৱাৰ আজোককাকৰ আজোককাক ওপৰ পুৰুষৰ কোনোবা এজনে খেতি-বাতিৰ কামত লগাই চালেহাহঁতৰ পৰিয়ালটোক নিজৰ কৰি লৈছিল। তেতিয়াৰে পৰা এতিয়ালৈকে একেটা চৌহদতে দুখন ঘৰ। যেন দুয়োখন ঘৰ দুয়োখন ঘৰৰ পৰিপূৰক।

অৰুণিমা বৰুৱাই চাকৰিৰ বদলিসূত্ৰে গুৱাহাটীলৈ আহিবলগীয়া হোৱাত বৰ অকলশৰীয়া অনুভৱ কৰিলে। এগৰাকী নিজৰ মানুহৰ বৰ প্ৰয়োজন অনুভৱ কৰিলে। স্বামীৰ মৃত্যুৰ পিছত কণমানি চালেহাক লৈ শ্বৰিফা মাকহঁতৰ ঘৰতে আছিল। একেটা চৌহদতে থকা শ্বৰিফাক দুয়োখন ঘৰে অৰুণিমাৰ লগতে থাকিবলৈ পঠিয়াই দিলে। সেই দিন ধৰি শ্বৰিফা অৰুণিমা বৰুৱাৰ ঘৰতে আছে। কোনো হীন ভাব নাই। কোনো ৰাগ-জাল নাই। নক’লে চিনি নোপোৱা দুটা সম্প্ৰদায়ৰ এই মানুহ দুগৰাকী এটা টকাৰ দুটা পিঠি। চালেহা হ’ল কেন্দ্ৰবিন্দু। চালেহাক পঢ়াই-শুনাই শিক্ষিত কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত অৰুণিমা বৰুৱাৰ সচেতনতা মন কৰিবলগীয়া। অবিবাহিতা অৰুণিমা বৰুৱাই মাতৃত্বতকৈ অধিক দায়িত্ব বহনেৰে চালেহাৰ পঢ়া-শুনাৰ যতন লোৱা দেখি কেতিয়াবা শ্বৰিফাই চালেহাক সকীয়াই থাকে– ভালকৈ পঢ়া-শুনা কৰি অৰুণিমা মাহীৰ মনত শান্তি দিবলৈ। বৰ অশান্তিত বিছনাখনত পিঠিটো পেলাই চালেহাই কথাবোৰ ভাবিলে। ভাবিলে তাই পুৱা মাকৰ আগত কেনেকৈ মুখামুখি হ’ব। অৰুণিমা আইতাক নোকোৱাকৈ তাই কেনেকৈ ইমান এটা ডাঙৰ কাম কৰিলে· এই দুগৰাকী সৎ মানুহৰ আগত চালেহাই ইমান কথা কেনেকৈ লুকুাই থ’লে ?

অলেখ প্ৰশ্নৰে চালেহাৰ মূৰটো ভৰি পৰিল। মাক শ্বৰিফাই চালেহাৰ প্ৰতিটো কথাতে মাত মাতে। প্ৰতিটো খোজতে সন্দেহ কৰে। কিন্তু অৰুণিমা বৰুৱাক কথাবোৰ ক’বলৈ সাহ নকৰে। হেজাৰ হওক শ্বৰিফাৰ এটা নীচাত্মক ভাব থকাটো স্বাভাৱিক। পঢ়ি থকা কিতাপখনৰ পৰা মূৰটো দাঙি অৰুণিমা বৰুৱাই কৈছিল–

: তাই শিক্ষিতা ছোৱালী, তাই ভুল নকৰে।
শ্বৰিফাই চালেহাৰ শিক্ষাৰ পৰিমাণটো বুজি উঠি কৈছিল–

: বহু শিক্ষিতা ছোৱালীয়ে ভুল কৰে।
শ্বৰিফাৰ কথাত অৰুণিমা বৰুৱাই ক’লে–

: ভুল নকৰিলে শুদ্ধ হ’বলৈ শিকিব কেনেকৈ ?
শ্বৰিফাই ক’লে–

: তাই কুতুব নামৰ ল’ৰা এটাক ভাল পায়।
: পাব পাৰে, গাভৰু ছোৱলী। তাই মোক কৈছে।
অৰুণিমা বৰুৱাই কিতাপৰ পাতখিলা লুটিয়াই শ্বৰিফালৈ চালে। শ্বৰিফাই পকাতে বহি ক’লে–
: ল’ৰাটোক আমি জানিব লাগিব, চাব লাগিব।

: নালাগে। আমি এতিয়া ল’ৰা চাই, জানি একো লাভ নাই। তাই পঢ়া-শুনা কৰা ছোৱালী, তাইৰ বাছনি ভুল নহয়। তাই এজন ল’ৰাক ভাল পায়, সেয়াই যথেষ্ট। মই অতি শীঘ্ৰে চালেহাৰ বিয়াখন পাতি দিম। সমস্যা লৈ জীয়াই থাকিবলৈ মই ভাল নাপাওঁ। তই মন বান্ধ শ্বৰিফা, দুখ নকৰিবি। চালেহাৰ জীৱনটো গতি লাগক। ল’ৰাই ভাল ব্যৱসায় কৰে। দেখাত ধুনীয়া, শিক্ষিতও। মই কুতুবক বেয়া পোৱা নাই।

অৰুণিমা বৰুৱাই ঘৰলৈ গৈ বৰ ধুমধামেৰে বয়-বস্তু, আ-অলংকাৰ দি ৰাইজক ভোজ-ভাত খুৱাই চালেহাৰ বিয়াখন পাতিলেগৈ। গাঁৱৰ ৰাইজে অৰুণিমা বৰুৱাক শলাগিলে। খুব কম কথা কোৱা কুতুবুদ্দিনে হাঁহি হাঁহিয়েই সকলোকে সম্ভাষণ জনালে। গাঁৱৰ ৰাইজে কুতুবুদ্দিনৰ ধৰ্মীয় নিয়ম-নীতিবোৰ শলাগিলে।

শ্বৰিফাৰ কিন্তু মন মুকলি নহ’ল। শ্বৰিফাই কুতুবুদ্দিনক কোনোমতে সহজভাৱে ল’ব নোৱাৰিলে। কুতুবৰ প্ৰতিটো কথা আৰু কামত শ্বৰিফাৰ সন্দেহ ভাব এটা আহি পৰে। কুতুবুদ্দিনৰ কোনো কথাই বুজি নাপায়। কুতুবুদ্দিনৰ পৰিয়ালৰ কোনো মানুহৰ লগতে চা-চিনাকি নোহোৱাকৈ হৈ যোৱা বিয়াখন একপক্ষীয় বিয়া যেন লগা হ’ল। শ্বৰিফাই ভাবিলে, কুতুবুদ্দিনে চাগে’ ঘৰৰ অমতত চালেহাক বিয়া কৰাইছে। এয়া হ’লেতো চালেহা স্বামীৰ পৰিয়ালৰ পৰা সদায়েই বঞ্চিত হৈ থাকিব।

আৰু বহুত কথা ভাবিলেই শ্বৰিফাই। কুতুবৰ লগত কথা-বতৰা পাতি ভাল নাপায় শ্বৰিফাই। মাত-কথাবোৰ বুজি নাপায়। শ্বৰিফাই তেনেকুৱা ভাষা কোনোদিনেই শুনা নাই। অৰুণিমা বৰুৱাই শ্বৰিফাক বুজায়–

: তইনো কিমান বাহিৰলৈ ওলাইছ ? পৃথিৱীত কিমান ভাষা আছে। আমাৰ উজনিৰ পৰা নামনিলৈ কিমান যে থলুৱা ভাষা আছে। আমি প্ৰতিটো ভাষাকে সন্মান জনাব লাগে।
অৰুণিমা বৰুৱাৰ কথা শুনি শ্বৰিফাই ভাবিলে, এদিন কুতুবুদ্দিনক অৰুণিমাৰ ওচৰলৈ আনি কথা পতাই দিব লাগিব। কিন্তু সেয়া নহ’লগৈ। বিয়াৰ পিছত গাঁৱৰ পৰা আহিয়েই কুতুবুদ্দিনে চালেহাক লৈ ভাড়াঘৰলৈ গ’ল যি গ’লেই, কুতুবুদ্দিন নহাই হ’ল। চালেহাও খুব কম অহা হ’ল। চালেহা বৰ ব্যস্ত হৈ পৰিল। চালেহাৰ আগৰে পৰা প্ৰতিবাদী মন এটা আছিল। স্কুল-কলেজত পঢ়া দিনৰে পৰা চালেহাই অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ সপক্ষে মাত মাতি আহিছে। তাৰ ৰক্ষা-প্ৰতিৰক্ষাৰ বাবে মাত মাতি আহিছে। সাজে-পোছাকে চালেহা এগৰাকী নিখুঁত অসমীয়া গাভৰু হৈ এতিয়া বোৱাৰীৰ জীৱন-যাপন কৰিছে যদিও চালেহা ৰৈ থকা নাই। এন আৰ চিৰ কামত ঘূৰি ঘূৰি দেশৰ পৰা বিদেশী বহিষ্কাৰৰ বাবেও যথেষ্ট কাম কৰিছে, মাত মাতি আহিছে। চালেহা এতিয়া এগৰাকী আদৰ্শ মহিলা। সভাই-সমিতিয়ে চালেহাৰ বক্তৃতা শুনি মানুহে বিদেশী খেদা আন্দোলনৰ বাবে উত্ৰাৱল হৈ পৰিছে।

এনে ব্যস্ততাৰ মাজতে হঠাতে এদিন চালেহা আহি মাকক ক’লেহি, কিছুদিনৰ বাবে তাই বয়-বস্তু লৈ আহি মাকৰ ঘৰতে থাকিবহি। ঘৰৰ মালিকে তাত এটা ফ্লেট সাজিব। নতুন ভাড়াঘৰ এটা পোৱা নাই, পালে যাবগৈ।

শ্বৰিফাই হা-না কিবা কোৱাৰ আগতেই সকলো বয়-বস্তু লৈ আহি চালেহা মাকৰ ঘৰত সোমালেহি। মাকে খৰখেদাকৈ অৰুণিমা বৰুৱাক ক’লেগৈ।
অৰুণিমা বৰুৱাই ক’লে–

: এইটোনো সুধিবলগীয়া কথানে· সেইটো তোৰ ঘৰ।
: নহয় মানে, উলিয়াই দিয়া ছোৱালীয়ে ভাৰে-ভেটিয়ে আকৌ আহি ঘৰত থাকিবলৈ লোৱা কথাষাৰ ভাল নহয়।

: এইটোনো কি বেয়া কথা। চালেহাৰ কিবা অসুবিধা হৈছে। সুবিধা হ’লে যাবগৈ নহয়। তোৰনো কি অসুবিধা হ’ব। তই ওপৰলৈ গুচি আহ।

শ্বৰিফা সদায় অৰুণিমাৰ লগত ওপৰ মহলাতেই থাকে। সেই সময়ছোৱাত দেশৰ পৰা বিদেশী খেদাৰ ঘোৰ আন্দোলন চলিল। চালেহাৰ ৰাতি-দিন একে হ’ল। কুতুবুদ্দিল ধলপুৱাতেই ওলাই গৈ নিশা এপৰত ঘৰলৈ অহা হ’ল। দুয়োৰে ব্যস্ততা শ্বৰিফাই অৰুণিমা বৰুৱাৰ ওপৰ মহলাৰ পৰা চাই থাকে। সিহঁত দুয়ো ঘৰ নোসোমোৱালৈকে শ্বৰিফা বেগমে আগফালৰ দুৱাৰখন নামাৰেই। তলৰ ভাড়াঘৰৰ ভাড়াতীয়াই চালেহাক দেখিলেই তলমূৰ কৰে। ঘৰত সোমাই পৰে। কুতুবুদ্দিনক দেখিলে ৰ লাগি চায়। ভাড়াঘৰকেইটাত বিভিন্ন ঠাইৰ ভাষা-ভাষীৰ লোক আছে। প্ৰত্যেকেই নিজৰ ধৰ্ম-কৰ্ম বজাই নিজৰ নিজৰ সাজ-পাৰ পিন্ধে, নিজৰ খাদ্য খায়, নিজৰ ভাষাৰে কথা পাতি বৰ মুকলিমূৰীয়াকৈ থাকে। ঘৰৰ মালিক অৰুণিমা বৰুৱাৰ কোনো বাধ্যবাধকতা নাই। অৱসৰৰ পাছত কিতাপ অধ্যয়নেই ধ্যান হৈ পৰিছে অৰুণিমা বৰুৱাৰ।

এনেস্থলত বাটেদি যোৱা এটা শোভাযাত্ৰাৰ ধবনিত অৰুণিমা বৰুৱাই বাৰাণ্ডালৈ আহি দেখিলে, সকলোৰে আগত হাতত পতাকা লৈ চালেহাই বিদেশী খেদা আন্দোলনৰ শোভাযাত্ৰাটো আগুৱাই লৈ গৈছে। কুতুবুদ্দিনে ঘৰৰ পিৰালিৰ পৰা এই দৃশ্য চাই চাই হাত জোকাৰি চালেহাক শুভেচ্ছা জনায় আছে, এয়াই প্ৰেৰণা। অৰুণিমা বৰুৱাই কাষতে ৰৈ থকা শ্বৰিফালৈ চাই সুধিলে–
: তোৰ ভাল লগা নাই· জীয়েৰে ইমান এটা ডাঙৰ আন্দোলনৰ আগ-ভাগ লৈছে, তই অনবৰতে তাইক বেয়া পাই থাক কিয়· যা, মোলৈ চাহ একাপ আনগৈ।

অৰুণিমা বৰুৱাই শোভাযাত্ৰাটো চায়েই থাকিল। চালেহাই শোভাযাত্ৰাটো আগুৱাই লৈ যোৱা প্ৰত্যেকটো খোজতে ভাবিলে–দেশৰ পৰা বিদেশীহঁতক খেদি পঠাবই লাগিব। ইংৰাজৰ দৰে পৰাক্ৰমী জাতি এটাক শাসনচ্যুত কৰি খেদি পঠোৱা অসমীয়াই কিয় চুৰকৈ, মনে মনে অহা বিদেশীহঁতক খেদি পঠাব পৰা নাই। এই প্ৰশ্নৰ উত্তৰ চালেহা হ’ব নোৱাৰে। ইমান ডাঙৰ ভুল, ইমান ডাঙৰ দেশদ্ৰোহী কাম চালেহাই কৰিব নোৱাৰে, নকৰে।

সেইদিনা নিশা চালেহাই কুতুবুদ্দিনৰ বুকুত মূৰ গুঁজি ক’লে–

: তুমি মোক ভুল নুবুজিবা কুতুব। মই নিজতকৈ দেশক ভাল পাওঁ। দেশৰ বাবে মই সকলো কৰিব পাৰোঁ। মৰিবও পাৰোঁ। তুমি মোক সহায় কৰা কুতুব। মই তোমাক ভাল পাওঁ আৰু ভাল পাওঁ বাবে মই তোমাৰ স’তে সংসাৰ কৰি ওৰেটো জীৱন একেলগে থাকিবলৈ বিচাৰিছিলোঁ, নোৱাৰিলোঁ। মই নিজক ফাঁকি দিব নোৱাৰোঁ কুতুব। মই দেশক ফাঁকি দিব নোৱাৰোঁ। মই মোৰ দেশত তোমাক ৰাখিব নোৱাৰোঁ। তুমিও মোৰ দেশত থাকিব নোৱাৰা। তোমাৰ এখন দেশ আছে। তুমি মোৰ দৰে তোমাৰ দেশক ভাল পাবলৈ শিকা। তুমি পঢ়া-শুনা জনা শিক্ষিত ডেকা ল’ৰা, তোমাক তোমাৰ দেশৰ প্ৰয়োজন আছে। তুমি তোমাৰ দেশক ভাল পাবলৈ শিকা কুতুব। দেশ তোমাৰ মাতৃ, আই। আনৰ মাতৃ আনৰ দেশ কেতিয়াও নিজৰ হ’ব নোৱাৰে। কিন্তু মনত ৰাখিবা, আমাৰ প্ৰেম, ভালপোৱা আমাৰেই। ইয়াক অৱমাননা নকৰিবা। প্ৰেমে ধৰ্ম নিবিচাৰে, দেশ-বিদেশ বিচাৰ নকৰে। প্ৰত্যেক দেশৰে সংবিধান আছে। সংবিধানবিৰুদ্ধ কাম মই কৰিব নোৱাৰোঁ। আমাৰ প্ৰেম-ভালপোৱা আৰু সংসাৰখন দেশৰ বাবে নিঃস্বাৰ্থ হ’ব লাগিব।

চালেহাই কুতুবুদ্দিনৰ বুকুত মূৰ গুঁজি অনৰ্গল কৈ গ’ল কথাখিনি। তাৰ পিছত কুতুবৰ হাতখন টানি লৈ চালেহাই নিজৰ মূৰৰ ওপৰত হেঁচা মাৰি ধৰি ক’লে– কোনেও গম নোপোৱাকৈ পুৱাই তুমি যোৱাগৈ তোমাৰ দেশলৈ। দেশৰ বিচাৰত তুমি বিদেশী। মই মোৰ দেশ এৰি ক’লৈকো নাযাওঁ কুতুব। তুমিয়েই পাৰা যদি আইনৰ সহায় লৈ মোক মাজে-সময়ে চাই যাবাহি। মই তোমাৰ হৈয়েই থাকিম।

চালেহাৰ কথাত এষাৰো মাত নিদিয়াকৈ ধলপুৱাতেই কুতুবুদ্দিন ঘৰৰ পৰা ওলাল নিজৰ দেশলৈ। তেতিয়া অৰুণিমা বৰুৱাৰ ঘৰৰ খিৰিকী-দুৱাৰ বন্ধ। চোতালৰ ভাড়াঘৰবোৰো নিমাত-নিতাল। চালেহাই কুতুবুদ্দিনৰ হাতখন ধৰি ধৰি আগুৱাই গৈ থাকিল। ইফালে সিফালে চালে, নাই, চহৰৰ ৰাজ অট্টালিকাবোৰৰ দুৱাৰ-খিৰিকী বন্ধ। এয়া প্ৰভাত ভ্ৰমণৰ বহু আগৰ সময়। চালেহা আৰু কুতুব চিনাকি মানুহৰ চকুত নপৰাকৈ বাছত উঠিলগৈ।

গৈ গৈ বাছখন এক নিৰ্দিষ্ট ঠাইত ৰৈ গ’ল। চালেহাই কুতুবুদ্দিনৰ হাতখনৰ আঙুলিকেইটা মুঠি মাৰি ধৰিলে। চালেহাৰ নাম লিখা আãঠিটো চালেহাৰ হাতৰ তলুৱাত সোমাই পৰিল। কুতুবুদ্দিনে চালেহাৰ হাতৰ মুঠিৰ পৰা হাতখন আঁতৰাই আনি আãঠিটো খুলি চালেহালৈ আগবঢ়াই দিলে–

: কুতুব, তুমি এয়া কি কৰিছা ?

কুতুবুদ্দিনৰ পৰা আãঠিটো লৈ পুনৰ কুতুবুদ্দিনৰ আঙুলিত পিন্ধাই দি হাতখনত চুমা এটা খাই চালেহাই হুকহুকাই কান্দি দিলে। কুতুবুদ্দিনে চালেহাৰ মূৰত হাতখন থৈ ক’লে–

: আমি যায় চালেহা।
কুতুবুদ্দিন গৈ নিজৰ দেশৰ মাটিত ‘তচলিম’ এটা কৰি চালেহালৈ চাই ক’লে–
‘অলবিদা চালেহা’।

ওৰেটো নিশা কাণত লাগি থকা কুতুবুদ্দিনৰ কণ্ঠস্বৰে চালেহাক হুকহুকাই কন্দুৱাই পেলালে। চালেহাই কোঠাটোৰ পৰা ওলাই গৈ ওপৰ মহলাৰ পৰা তলৰ মহলালৈ চালে।
কুতুবহীন ঘৰটোৰ বাৰাণ্ডাত কুতুবে পুহিবলৈ অনা ভাটৌ চৰাইটো মাত শিকাৰ আগতে সঁজাৰ ফাঁকেৰে উৰি গুচি গ’ল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here