কাঞ্জীভৰাম শাৰী

ৰুবী বৰদলৈ

কাঞ্জীভৰাম শাৰী ছয় গজ দৈর্ঘ্যৰ উজ্জ্বল ৰং, জকমকীয়া গুণাৰ পাৰী তথা আকর্ষণীয় আঁচলৰ এই শাৰীবোৰে পৰিধান কৰোঁতাক প্রদান কৰিব পাৰে সৌন্দর্যৰ লগতে অনন্য গ্লেমাৰ ৷ ৰেচম নগৰী বা ছিল্ক পেৰাডাইজ নামে অভিহিত তামিলনাডুৰ এখন সৰু নগৰ কাঞ্চীপুৰমৰ পৰা উৎপাদিত জকমকীয়া, কলাত্মক তথা উচ্চমানৰ এই শাৰীসমূহে সমগ্র ভাৰতবর্ষৰ উপৰি বিশ্বব্যাপী খ্যাতি অর্জন কৰিব পাৰিছে ৷ নগৰখনৰ নামৰ লগত সামঞ্জস্য ৰাখি এই শাৰীবোৰৰ নাম কাঞ্চীপুৰম শাৰী আছিল যদিও ব্রিটিছ আমোলত এই নামৰ পৰিৱর্তন ঘটি কাঞ্জীভৰাম শাৰী নামেৰেও বিখ্যাত হয় ৷ আজিৰ পৰা প্রায় ৪০০ বছৰ পূর্বে ৰজা কৃষ দেৱ ৰাইৰ ৰাজত্বৰ কালৰে পৰা দেৱাংগ আৰু চালিগৰ সম্প্রদায়ৰ লোকসকলে এই শাৰীসমূহ উৎপাদন কৰাত বিশেষ আগভাগ লৈ আহিছে আৰু বর্তমান এই চহৰখনৰ প্রায় সত্তৰ শতাংশ বাসিন্দাৰে জীৱিকাৰ প্রধান উৎস হৈ আছে ৷

বৰ বিশেষ আধুনিকতাৰ পৰশ নলগা এই শাৰীসমূহ আজিপর্যন্ত বয়ন শিল্পীসকলে পৰম্পৰাগতশৈলীৰে হাতশালতে তৈয়াৰ কৰি আহিছে ৷ পৰম্পৰাগত প্রক্রিয়া মতে গা অংশ, পাৰী আৰু আঁচল ঘাইকৈ এই তিনিটা ভাগত বিভক্ত শাৰীৰ এই অংশসমূহ প্রথমে পৃথক পৃথকভাৱে প্রস্তুত কৰি পিছত সিহঁতক মিহি ইণ্টাৰলকৰ সহায়ত জোৰা দি পূর্ণাংগ ৰূপ দিয়া হয় ৷ চুবুৰীয়া ৰাজ্য কর্ণাটকৰ পৰা অনা নুনী পাটৰ সূতা আৰু চুৰাটৰ পৰা অহা গুণা বা জৰীসমূহেহ হৈছে শাৰীখন প্রস্তুত কৰাৰ বাবে প্রয়োজনীয় প্রধান সামগ্রী ৷ শাৰীখনৰ গা অংশ এই চিকমিকীয়া পাটসূতাত বৈ উলিওৱা হয় তথা ৰূপৰ মিহি তাঁৰৰ ওপৰত সোণ পানী চৰোৱা চুৰাট নির্মিত জৰীৰ সহায়ত ইয়াৰ পাৰীসমূহ প্রস্তুত কৰা হয় ৷ গা অংশ আৰু পাৰীবোৰৰ মাজৰ কালাৰ কন্ট্ৰাষ্টেহ হৈছে কাঞ্জীভৰাম শাৰীৰ অন্যতম বৈশিষ্ট্য ৷ আঁচলৰ ক্ষেত্রতো উচ্চমানৰ কলাকৃতি আৰু হাতৰ মিহি কাৰুকার্যই ইয়াক প্রদান কৰে এক সুকীয়া বৈশিষ্ট্য লগতে গ্লেমাৰ ৷ বয়ন শিল্পীসকলে আঁচলত ঘাইকৈ চিত্রিত কৰে ৰামায়ণ আৰু মহাভাৰতৰ বিভিন্ন চিত্রৰূপ তথা বিশিষ্ট চিত্রকৰ ৰাজা ৰবি বর্মাৰ চিত্রকলাসমূহ ৷ প্রায় ১২৯টা মন্দিৰ থকা এই টেম্পল চিটীৰ বিভিন্ন মন্দিৰ তথা বিখ্যাত কামাক্ষী মন্দিৰত খোদিত মূর্তিসমূহকো শাৰীখনৰ ঘাই মটিফ হিচাপে ব্যৱহাৰ কৰে ৷ তদুপৰি শাৰীৰ বুটাৰ বাবে ব্যৱহাৰ হয় ভাটৌচৰাই, ময়ূৰ, পদুম ফুল আৰু খৰিকাজাঁইৰ চানেকি ৷ বুটা বচাৰ উপৰি এইশাৰীবোৰ ব্রকেড বা ষ্ট্রাইপড আদি পেটার্নটো প্রস্তুত কৰা হয় ৷

এই শাৰীসমূহৰ কালাৰ কম্বিনেচন বা ডিজাইনসমূহ অতিশয় চিত্তাকর্ষক হোৱাৰ উপৰি ইয়াৰ গুণগত মানো উচ্চস্তৰৰ ৷ মূল্যৱান নুনী সূতাৰ এই হস্তনির্মিত শাৰীখনৰ পাৰীবোৰত কৰা সোণ–ৰূপৰ ব্যৱহাৰে ইয়াক অতি মূল্যৱান কৰি তোলে ৷ যি কাৰণতে এখন শুদ্ধ কাঞ্জীভৰাম শাৰীৰ মূল্যই তিনি হাজাৰ টকাৰ পৰা লাখৰ ঘৰো চুব পাৰে ৷ কিন্তু আকাশলংঘী মূল্য সত্ত্বেও কোনোগুণে কমা নাই এই শাৰীৰ আদৰ ৷ কাঞ্জীভৰাম শাৰীৰ প্রতি বিশেষ দুর্বলতা প্রদর্শন কৰা তামিলনাডুৰ প্রাক্তন মুখ্যমন্ত্রী জয়াললিতা, অভিনেত্রী ৰেখা বা বিদ্যা বালানৰ উপৰি শাৰী–প্রীতি থকা যিকোনো মহিলাই ইয়াৰ অধিক মূল্যকো আওকাণ কৰি নিজকে এবাৰ অনন্যা ৰূপে এই শাৰীত চাবলৈ কুণ্ঠাবোধ নকৰে ৷ কাৰণ এই শাৰীখনে বহন কৰে এক গাম্ভীর্যপূর্ণ সৌন্দর্য, সুকীয়া মর্যাদা আৰু স্বকীয় ঐতিহ্য ৷

You might also like
Leave A Reply

Your email address will not be published.