বলীউডত তাৰকা দম্পতী

অভিনয় জগতত খোজ পেলোৱাৰ পিছত জনপ্রিয়তাৰ শীর্ষত উপৱিষ্ট হৈ ছবি তাৰকাৰ পিছৰ খোজটো হৈ পৰে বৈবাহিক জীৱন৷ সম্ভৱতঃ কেইগৰাকীমান অভিনেতা–ভিনেত্রীৰ বাহিৰে বলীউডৰ প্রায় কেইবাগৰাকী সফল তাৰকাৰ যুগ্ম জীৱনৰ লগৰী হৈ আহিছে বলীউডৰ নায়িকাসকলেই৷ তাৰ মাজতো ব্যতিক্রম অৱশ্যে আছে৷ অতি কম বয়সৰ ভিতৰতেই ছবি উদ্যোগত খোজ দি জনপ্রিয় হোৱাৰ পিছত ওলাই পৰে বহুতো গুজব৷ অনুৰাগী তথা গুজবকাৰীৰ অনুমান সত্য প্রমাণ কৰি আজিলৈকে বহু তাৰকাই ছবি উদ্যোগটোৰ নায়িকাকেই বিবাহ কৰাইছে৷ এটা কথা মন কৰিবলগীয়া, এজন অভিনেতাৰ যে এগৰাকী অভিনেত্রীৰে সম্পর্ক থকাৰ কথা ওলাই তেনে নহয়৷ বহুকেইগৰাকীৰ লগতো তেনে পূর্বানুমান কৰা হয়৷ তাৰ পূর্বানুমান মিছা হোৱাও দেখা যায়৷ উদাহৰণস্বৰূপে ছলমান খানৰ কথাকে কব পাৰি৷ সোণালী বেন্দ্রে, ঐশ্বর্য ৰায়, কেটৰিনা কাঈফ, ৰাছিয়াৰ এগৰাকী সুন্দৰীৰ সৈতে সম্পর্ক থকা বুলি গুজব ওলোৱাৰ পিছতো আজিলৈকে নিজৰ যুগ্ম জীৱনৰ সংগী বাছি নললে ছলমানে৷ পিছে বলীউডৰ তেনে বহু সফল দম্পতী আছে যাৰ কথা উনুকিয়াব বিচাৰিছোঁ৷

ৰজ্ঝজ্ঝচ্ছ্র চনত দুই চকুৰ মিলনেৰে প্রেমত মছগুল হৈ পৰিছিল বলীউডৰ অন্যতম দুই চর্চিত চাৰকা অজয় দেৱগণ আৰু কাজল৷ অজয়ৰ দেউতাক এজন প্রখ্যাত চিত্র নির্মাতা হোৱাৰ বিপৰীতে কাজলৰ মাতৃ আছিল এগৰাকী জনপ্রিয় অভিনেত্রী৷ দুয়োগৰাকী তাৰকাই একেলগে বহু ছবিত অভিনয়ো কৰিছে৷ ২০০১ চনৰ অস্কাৰ মনোনীত হোৱা লগান ছবিৰ ছেটত লগ পায় আমীৰ খানৰ দ্বিতীয় পত্নী কিৰণ ৰাওক৷ ইফালে ২০০২ চনত আমীৰৰ প্রথম পছন্দ ৰীণাকে তেওঁ ডিভোর্ছ দিয়ে৷ আনহাতে দুই বিপৰীত ধর্মৰ সত্তাক প্রতিনিধিত্ব কৰি হিন্দুধর্মী কিৰণে ইছলামধর্মী আমীৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ বর্তমান এওঁলোক আজাদ ৰাও খান নামৰ সন্তানৰ পিতৃ–মাতৃ৷ লক্ষণীয়ভাৱে প্রেমৰ বিশেষ চর্চাৰে চর্চিত নহলেও বচ্চন পৰিয়ালৰ বোৱাৰী হৈছিল ঐশ্বর্য৷ বলীউডৰ গডফাদাৰ হিচাপে পৰিচিত অমিতাভৰ বোৱাৰী তথা অভিনেত্রী অভিষেক বচ্চনৰ পত্নী ঐশ্বর্য বলীউডৰ শীর্ষৰ ভিতৰৰ অভিনেত্রী৷ বহুকেইখন জনপ্রিয় ছবিৰ নায়িকা ঐশ্বর্য, তাৰ বিপৰীতে অভিষেকৰো অভিনয় ক্ষেত্রখন খুব দীঘলীয়া৷ আগতে বিশ্ব সুন্দৰীৰ দৰে সন্মান ঐশ্বর্যৰ শিৰত আজিও জিলিকি আছে৷ যিটো ৰজ্ঝজ্ঝচ্ছ্র চনত দখল কৰে৷ কিন্তু লক্ষণীয় যে অভিষেকে প্রথমে কৰীশ্মা কাপুৰৰ সৈতে বিয়াত বহাৰ কথা আছিল, বিপৰীতে ঐশ্বর্যৰ বহু দীঘলীয়া প্রেমৰ সম্পর্ক আছিল ডাবাং বয় ছলমানৰ সৈতে৷ বর্তমান অভিষেক–ঐশ্বর্যৰ আৰাধ্যা নামৰ এটি কন্যা সন্তান আছে৷

 আনহাতে বলীউডৰ আন এক চর্চিত যুটি অক্ষয় কুমাৰ আৰু টুইংকল খান্না৷ অক্ষয় কুমাৰে বহুতৰ লগত এংগেজ হোৱাৰ খবৰ পোৱাৰ লগতে টুইংকল খান্নায়ো বহু বলীউড তাৰকাৰ লগত প্রেমৰ সম্পর্ক ৰাখিছিল বুলি চর্চা হয়৷ অৱশেষত ইণ্ঢেৰিৰ ডিজাইনাৰ তথা অভিনেত্রী টুইংকল খান্নাকে জীৱনসংগী কৰে অক্ষয়ে৷ বর্তমান তেওঁলোক দুটি সন্তানৰ পিতৃ–মাতৃ৷ উল্লেখ্য যে টুইংকলৰ পিতৃ বলীউডৰ প্রখ্যাত অভিনেতা ৰাজেশ খান্না আৰু মাতৃ সক্রিয় অভিনেত্রী ডিম্পল কাপাডিয়া৷ বলীউডৰ অন্যতম ধনী অভিনেতা অক্ষয় কুমাৰে  বর্তমান কানাডাৰ নাগৰিকত্ব লাভ কৰিছে যদিও বলীউডৰ ছবিত অভিনয় কৰি আছে৷ এটা কথা মন কৰিবলগীয়া যে বলীউডত নির্মিত অক্ষয় কুমাৰ অভিনীত বেছিসংখ্যক ছবিয়ে বাস্তৱসন্মত৷ আনহাতে প্রায় পাঁচ–ছয় বছৰীয়া প্রেমে সফল ৰূপ পাইছিল ৰণবীৰ সিং–দীপিকা পাডুকনৰ ক্ষেত্রত৷ ৰামলীলা, বাজীৰাও মস্তানীত অভিনয় সূত্রে অতি ওচৰ চাপি অৱশেষত প্রেমক বিবাহৰ ৰূপ দিছিল দুয়োজনে৷ দুয়োৰে ক্ষেত্রত প্রেমৰ বহুতো গুজব আছে যদিও সেয়া কাটি কৰি থৈ বিয়া হৈছিল দুয়োজন৷

 ইফালে পাটাউদী পৰিয়াল আৰু বিখ্যাত কাপুৰ পৰিয়ালৰৰ মাজত সম্পর্ক স্থাপিত হয় মনছুৰ আলী খানৰ পুত্র ছঈফ আলী খান আৰু বলীউডৰ ষ্টাৰ পৃথ্বিৰাজ কাপুৰৰ কন্যা কৰীণা কাপুৰৰ বিয়াৰ মাজেৰে৷ কৰীণাৰ আগতে ছঈফে অমৃতা সিঙক বিয়া কৰাইছিল যদিও তেওঁক ডিভোর্ছ দি কৰীণাক বিয়া পাতে৷ অমৃতা সিঙৰ দুটি সন্তানো আছে৷ বর্তমান ছঈফ–কৰীণাৰ জীৱনলৈ আহিছে টাইমূৰ আলী খান৷ আনহাতে বলীউড কিং, বাদশ্বাহ খ্যাত শ্বাহৰুখৰ প্রেম–বিবাহ কিছু সুকীয়া৷ ৰজ্ঝজ্জ্বচ্ছ্র চনত প্রথম লগ পাইছিল বর্তমানৰ হিন্দু পত্নী গৌৰীক৷ যদিও ১৯৯১ চনলৈ সেই সম্পর্কৰ বিষয়ে কাকোৱে জনাৰ সুবিধা দিয়া নাছিল কিং খানে৷ মুম্বাইৰ প্রখ্যাত ইণ্ঢেৰিৰ ডিজাইনাৰ তথা অভিনেত্রী গৌৰী হিন্দু ধর্মীয় হোৱাৰ বিপৰতে শ্বাহৰুখ ইছলাম ধর্মীয়৷ প্রেম চলি থকাৰ সময়ত দুয়োৱে দুয়োকে সুকীয়াকৈ প্রতিনিধিত্ব কৰিছিল৷ বর্তমান তিনি সন্তানৰ পিতৃ–মাতৃ শ্বাহৰুখ–গৌৰীৰ পুত্র–কন্যা বলীউডত ভুমুকি মৰাৰ সন্ধিক্ষণত৷ সেয়ে বহুতে কব খোজে The Familiy’s power will likely Continue.

You might also like
Leave A Reply

Your email address will not be published.