ৰেচিপি

ৰুবী দত্ত

খুতৰা শাকঔটেঙাৰে মাছৰ আঞ্জা

আঞ্জাৰ প্রণালীঃ

ভাঙোন মাছ চাৰিটা বাছি কাটি ধুই চাফা কৰি নিমখহালধি সানি ভাজি নমাই থব ৷ ঔটেঙাটো কাটি অলপ পানী দি কুকাৰত দুটা চিটি মাৰি সিজাই লব ৷ খুতৰা শাককেইডাল ধুই মিহিকৈ কাটি লব ৷ এতিয়া মাছ ভজা তেলতে কেঁচাজলকীয়া মেথি গুটি ফুৰণ দি শাকখিনি দিব আৰু জোখত নিমখহালধি দি কম জুইত সিজালৈকে ভাজি তাৰ পিছত সিজাই লোৱা ঔটেঙাৰ লগতে পানীখিনিও দি প্রয়োজন হলে আৰু অলপ দি উতল আহিলে ভাজি ৰখা মাছ দিব আৰু ভালকৈ উতলাই নমাই ভাতৰ লগত সোৱাদ লওক ৷

চেংমৰা শাকৰ লগত কুকুৰাৰ মাংস

ৰেচিপিলৈ যোৱাৰ আগতে মই বয়োজ্যেষ্ঠসকলৰ পৰা শুনা কথাকেইটামান কৈ লব বিচাৰিছোঁ ৷ চেংমৰা শাকৰ বিষয়ে ৷ ঔষধি গুণেৰে ভৰপূৰ এই শাকবিধ ৷ চেংমৰা কেঁচুমূৰীয়া বা পাইলছৰ বাবে খুব উপকাৰী৷ তাৰ কোমল থোৰটোৰ ৰস তিনি চাৰি চামুচকৈ খালে এই ৰোগৰ পৰা উপশম পাব পাৰি ৷ কেঁচাকৈ নাখাই তৰকাৰী কৰিও যদি আমি সপ্তাহত দুই তিনি দিন খাই থাকিব পাৰোঁ ৷ তাৰ পৰাও সুফল পোৱা যায় পেটৰ কাৰণেও ভাল ৷ বদহজম, গেছ আদিৰ কাৰণেও উপকাৰী ৷ তেজৰ হিমগ্লবিন বঢ়াতো চেংমৰাই সহায় কৰে ৷ চকুৰ দৃষ্টিশক্তি বঢ়ায় স্নায়ু সবল কৰে ৷ সকলোতকৈ গুৰুত্বপূর্ণ কথাটো হল মহিলাসকলৰ মাহেকীয়া সমস্যা, মাহেকীয়া হোৱাৰ সময়ত হোৱা পেটৰ বিষৰ বাবে চেংমৰা খুবেই উপকাৰী ৷

এতিয়া আহিছোঁ ৰেচিপিলৈ

মাংস ২৫০ গ্রাম ধুহ লব ৷ চেংমৰা চুঁচ গুচাই কাটি লব ৷ মাংস বনোৱাৰ দৰেই সকলো মচলা, আদা, নহৰু, জিৰা, জালুক, ধনিয়া গুড়ি ব্যৱহাৰ কৰি প্রথমে মাংসখিনি আধা সিজালৈ ভাজি লব ৷ তাৰ পিছত শাকখিনি দি ভালকৈ লৰাই অলপ ঢাকোন মাৰি সিজিব দিব ৷ ভালকৈ সিজিলে অলপমান পানী দি উতলাই ঘন হৈ আহিলে নমাই থব ৷ চেংমৰা আমি যতেই পাওঁ আনি অন্য নহলেও তৰকাৰী হিচাপেও যদি খাবলৈ লওঁ বহুতখিনি উপকৃত হব পাৰিম ৷ 

বিলাহীকাজুকিচমিচ্ চিতল মাছৰ গ্রেভী

  • মাছ চাৰি টুকুৰা
  • মিহিকৈ কাটি লোৱা পিঁয়াজ দুটা  
  • বিলাহী পেষ্ট দুটা বিলাহীৰ
  • কাজু দহটা
  • মগজ দুহ চামুচ
  • কিচমিচ পাঁচটা
  • আদানহৰু পেষ্ট এক চামুচ
  • কেঁচা জলকীয়া
  • নিমখহালধি
  • জিৰা, ধনিয়া, জলকীয়া গুডি, কাশ্মীৰী জলকীয়া গুডি
  • মান ধনিয়া

প্রণালীঃ  প্রথমে নিমখহালধি সানি মাছ  কেইটুকুৰা ভাজি লব আৰু সেইখন কেৰাহীতে আৰু অলপ তেল দি পিঁয়াজ কেঁচা জলকীয়া দি বাদামী ৰং হোৱাকৈ ভাজিব ৷ আদানহৰু পেষ্ট দি কেঁচা গোন্ধ যোৱালৈ ভাজি বিলাহী পেষ্ট দিব আৰু লগতে গুড়ি মচলানিমখ হালধি দি তেল এৰালৈ ভাজি অলপ পানী দিব আৰু মগজ কাজুৰ পেষ্ট বনাই লৈ সেহখিনি দি ভালকৈ লৰাই ভাজি লোৱা  মাছ দি ভালকৈ  উতলিবলৈ দিব ৷ তৰকাৰীখন ঘন হৈ আহিলে ধনিয়া দি নমাই পৰিৱেশন কৰিব ৷

চেংমৰা পুৰা মাংসৰ পিটিকা

পিটিকাৰ উপকৰণঃ

  • চেংমৰাৰ থোৰ ৫৬ডালমান
  • হাড় নথকা ব্রহলাৰ মাংস ৬ টুকুৰা
  • বিলাহী এটা
  • কেঁচা জলকীয়া আৰু শুকান জলকীয়া তিনিটাকৈ
  • সৰু পিঁয়াজ এটা
  • খুন্দি লোৱা আদানহৰু আধা চামুচ
  • নিমখ, তেল
  • গোল নেমু
  • মান ধনিয়া

প্রণালীঃ  প্রথম চেংমৰাখিনি ছুচ গুচাই টুকুৰা কৰি ধুহ ভাপত সিজাই লব ৷ আনফালে নিমখ আৰু জালুকৰ গুড়ি সানি ৰখা মাংসখিনি আৰু লগতে বিলাহীটো চাৰিফাল কৰি এডাল শলাত খুঁচি লৈ গেছত পুৰি লব ৷ শুকান আৰু কেঁচা জলকীয়া, নহৰুও পুৰি লব ৷ এখন কেৰাহীত এক চামুচ তেল দি পিঁয়াজ আৰু আদানহৰুখিনি ভাজি লব ৷ এতিয়া পুৰি লোৱা মাংসখিনি হাতেৰে ভালকৈ মোহাৰি লৈ তাতে চেংমৰা, পুৰা বিলাহী, জলকীয়া, নহৰু, ভজা পিঁয়াজ, আন্দাজ মতে নিমখ, কুটি লোৱা মানধনিয়া সকলো দি ভালকৈ পিটিকি শেষত দুহ তিনি টোপাল নেমুৰ ৰস আৰু কেঁচা মিঠাতেল অকণ দি সানি গৰম ভাতৰ লগত খাব ৷ কি যে সোৱাদ ৷ 

পুৰি লোৱা বেঙেনাবিলাহীৰে মাছৰ আঞ্জা

উপকৰণঃ

  • পুৰি লোৱা বেঙেনা এটা
  • পুৰি লোৱা বিলাহী এটা
  • মাছ চাৰি টুকুৰা
  • আদানহৰু পেষ্ট এক চামুচ
  • জিৰা আৰু জলকীয়া গুডি আধা চামুচকৈ
  • নিমখহালধি আন্দাজ মতে
  • তেল বনাবৰ বাবে
  • অলপ কেঁচা ধনিয়া
  • কেঁচা মটৰ পাঁচছয় চিৰা
  • পিঁয়াজ ডাঙৰ এটা
  • কেঁচা জলকীয়া দুটা

প্রণালীঃ কেৰাহীত তেল গৰমাই মাছ ভাজি উঠাই থব৷ সেই তেলতে কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া দি ভাজি আদানহৰু পেষ্ট দিব ৷ কেচ ভাব যোৱালৈ অলপ ভাজিব ৷ তাৰ পিছত বেঙেনাখিনি পিটিকি তাতে দি লগত মটৰো দি নিমখহালধি গুড়ি মচলা দি অলপ সময় ভাজি বিলাহীখিনি পিটিকি দি দিব আৰু অলপ সময় ভাজি গৰম পানী দিব তৰকাৰীৰ জোখত উতল অহাত মাছ দি ভালকৈ উতলাব ৷ তৰকাৰী জোখত হলে নমাই ধনিয়া অলপ কাটি দি তাৰ পিছত গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব ৷

বাঁহগাজ বুটৰে ব্রইলাৰ মাংস

  • মাংস ৩০০ গ্রাম  
  • আদানহৰু পেষ্ট এক চামুচ
  • পিঁয়াজ দুটা
  • জিৰাগুডি এক চামুচ
  • জালুকৰ গুড়ি আধা চামুচ
  • নিমখহালধি আন্দাজ মতে
  • খৰিচা দুই টেবুল চামুচ
  • কাবুলি বুট এক মুঠি কোমলাই ৰখা
  • কেঁচা জলকীয়া চাৰিটা

প্রণালীঃ মাংসখিনি ভালকৈ ধুই তাতে সকলো মচলা আদানহৰু, জিৰাজালুকৰ গুড়ি, নিমখহালধি, মজলীয়া পিঁয়াজ দুটা কাটি লোৱা দি ভালকৈ সানি অলপ ঢাকোন দি ৰাখিব ৷ তাৰ পিছত কেৰাহী গৰম কৰি তেল দিব ৷ তেল গৰম হলে মাংসখিনি দিব ৷ খুব ভালকৈ লৰাই জুহ কমাই ঢাকোন দিব৷ দুইএক হেতা পানী দি মাজে মাজে ঢাকোন আঁতৰাই লৰাই থাকিব ৷ তাৰ মাজতে কুমলাহ ৰখা বুট দুই মুঠিও যোগ কৰিব ৷ মাংস প্রায় সিজা যেন হলে বাঁহগাজ খৰিচাখিনি দিব, লগতে কেঁচা জলকীয়াকেহটাও ফালি দি আকৌ অলপ সময় ভাজি সুন্দৰ এটা গোন্ধ আহিলে নমাই থব ৷ ওপৰত কেঁচা জলকীয়া ফালি দি গৰমে গৰমে পৰিৱেশন কৰিব ৷

ফোনঃ  ৬০০০০৮১৭৪৫

You might also like
Leave A Reply

Your email address will not be published.