ৰুচক চর্চা

ৰূপালী পর্দাত একেলগে সুনীল–সঞ্জয়

সুনীল ছেট্টী আৰু সঞ্জয় দত্তৰ অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ ৷ দীর্ঘ সময়ৰ পিছত বলীউডৰ এই দুগৰাকী অভিনেতাক এইবাৰ ৰূপালী পর্দাত দেখা যাব একেলগে ৷ এই কথা প্রকাশ কৰিছে খোদ সুনীল ছেট্টীয়ে নিজেই ৷ এক সাক্ষাৎকাৰৰ সময়ত তেওঁ প্রকাশ কৰে যে দীর্ঘসময়ৰ পিছত সঞ্জু বাবা আৰু মই একেলগে কাম কৰিম ৷ জানিব পৰা মতে এই ছবিখন হব এখন কমেডী ৷

 

প্রিয়ংকাৰ ঘৰলৈ নতুন আলহী

বিবাহৰ ৩ বছৰ পিছত অভিনেত্রী প্রিয়ংকা চোপ্রা আৰু নিক জোনাছৰ ঘৰলৈ আহিল নতুন আলহী ৷ চাৰোগেচীৰ জৰিয়তে মাতৃত্ব অর্জন কৰে প্রিয়ংকাই ৷ অৱশ্যে কন্যা নে পুত্র সন্তান এই বিষয়ে এতিয়াও তেওঁলোকে প্রকাশ কৰা নাই ৷

ছামান্থাৰ আইটেম ছঙৰ মাননি

এগৰাকী দক্ষিণৰ জনপ্রিয় অভিনেত্রী ৷ নাম সামান্থা আক্কিনেনী ৷ সদ্য মুক্তিপ্রাপ্ত আল্লু অর্জুন অভিনীত ছবি পুষ্পাত এটা আইটেম ছঙত দেখা গৈছিল ছামান্থাক ৷ আপুনি জানি আচৰিত হব যে এই এটা নৃত্যৰ বাবে ৫ কোটি টকা মাননি লৈছে ছামান্থাই ৷

নৱাজুদ্দিনৰ বিলাসী ঘৰ

এটা সময়ত মুম্বাইলৈ গৈ কান্দিবলগীয়া হৈছিল নৱাজুদ্দিন ছিদ্দিকীয়ে ৷ কেৰিয়াৰৰ আৰম্ভণিতে কোনোখন ছবিত যদি ৩০ ছেকেণ্ড আনখনত কেতিয়াবা ১ মিনিটৰ বাবে ভুমুকি মৰাৰ সুযোগ পাইছিল তেওঁ ৷ কিন্তু লাহে লাহে সলনি হৈছিল এইগৰাকী অভিনেতাৰ ভাগ্য ৷ সেই নৱাজুদ্দিন ছিদ্দিকীয়ে মুম্বাইত এতিয়া নির্মাণ কৰিছে ছলমান–শ্বাহৰুখত আকর্ষণীয় ৰাজপ্রাসাদ ৷ জানিব পৰা মতে এই ঘৰটো নির্মাণ কৰোঁতে ৩ বছৰ সময় লাগিছে ৷

মৌনি–সুৰজৰ বিয়া

বিবাহপাশত আবদ্ধ হল বেংগলৰ মোহময়ী অভিনেত্রী মৌনি ৰয় ৷ ২৭ জানুৱাৰীত মৌনি ৰয়ে প্রেমিক সুৰজ নাম্বিয়াৰৰ সৈতে বিবাহত বহে ৷ উল্লেখ্য যে প্রথমে দক্ষিণ ভাৰতীয় ৰীতি–নীতিৰে আৰু পিছত বেংগলী প্রথাৰে বিবাহকার্য সম্পন্ন হয় মৌনি আৰু সুৰজৰ ৷

You might also like
Leave A Reply

Your email address will not be published.